• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমবাৰলৈ ৰাজহুৱা আত্মপ্ৰকাশ তালিবানৰ শীৰ্ষ নেতা হাইবাতুল্লা আখুন্দজাদাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2021 3:30 pm
Taliban supreme leader Haibatullah Akhundzada
303
VIEWS
Share on FacebookShare on Twitter

তালিবানৰ একক সৰ্বোচ্চ নেতা হাইবাতুল্লা আখুন্দজাদাই দক্ষিণৰ কান্দাহাৰ চহৰত আজি প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰে।

আখুন্দজাদাৰ মৃত্যুৰ খবৰ ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ মাজতে তেওঁৰ আত্মপ্ৰকাশে এনে উৰাবাতৰি খণ্ডন কৰিছে।

‘আমিৰ উল মোমিনীন’ৰ নেতা হিচাপে পৰিচিত আখুন্দজাদাক তালিবানৰ আগষ্টত দেশখন অধিগ্ৰহণ কৰাৰ পিছতো ৰাজহুৱাভাৱে দেখা পোৱা নাছিল, যাৰ ফলত তেওঁৰ অৱস্থিতিক লৈ জল্পনা-কল্পনাৰ জন্ম হৈছিল।

আখুন্দজাদাৰ সৈতে উপস্থিত থকা এজন জ্যেষ্ঠ তালিবান নেতাই সংবাদ সংস্থা ৰয়টাৰক কৈছিল যে সৰ্বোচ্চ নেতাজনে শনিবাৰে কান্দাহাৰৰ এখন ধৰ্মীয় বিদ্যালয় জামিয়া দাৰুল আলুম হাকিমিয়া পৰিদৰ্শন কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সেনা বাহিনী প্ৰত্যাহাৰ কৰাৰ পিছত ছেপ্টেম্বৰত ইছলামবাদী গোটটোৱে ইয়াৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ পিছৰে পৰা অন্তৰ্ধান হৈছিল তালিবানৰ শীৰ্ষ নেতাজন।

তালিবানৰ ৰাজনৈতিক, ধৰ্মীয় আৰু সামৰিক বিষয়ৰ ওপৰত চূড়ান্ত কৰ্তৃত্ব বৰ্তাই ৰখা আখুন্দজাদাই ২০১৬ চনৰ পৰা গোটটোৰ সৰ্বোচ্চ নেতাৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে।

তালিবানৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ দ্বাৰা প্ৰচাৰিত এটা অডিঅ’ ৰেকৰ্ডিঙত প্ৰকাশ পোৱা অনুসৰি শনিবাৰে তেওঁ দাৰুল উলুম হাকিমাহ মাদ্ৰাছা পৰিদৰ্শন কৰি তালিবান সৈনিক আৰু শিষ্যসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়।

ৰেকৰ্ডিঙটোত আখুন্দজাদাই কয়, “আল্লাই আফগানিস্তানৰ নিপীড়িত লোকসকলক পুৰস্কৃত কৰক যিসকলে ২০ বছৰ ধৰি কাফের আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিছিল। ইয়াত মোৰ উদ্দেশ্য হৈছে আপোনাৰ বাবে প্ৰাৰ্থনা কৰা আৰু আপুনি মোৰ বাবে প্ৰাৰ্থনা কৰা”।

১০ মিনিটৰ ৰেকৰ্ডিংত তেওঁ তালিবান শ্বহীদ, আঘাতপ্ৰাপ্ত যুঁজাৰু আৰু তেওঁলোকে আফগানিস্তানৰ ইছলামিক আমিৰাত বুলি কোৱা পুনৰ নিৰ্মাণৰ ‘ডাঙৰ পৰীক্ষা’ত জড়িত বিষয়াসকলৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে।

“আমি প্ৰাৰ্থনা কৰোঁ আহক যাতে আমি এই ‘ডাঙৰ পৰীক্ষা’ৰ পৰা সফলতাৰে ওলাই আহো। আল্লাই আমাক শক্তিশালী হৈ থকাত সহায় কৰক।” তেওঁ কয়।

অনুষ্ঠানটোত কঠোৰ নিৰাপত্তা আছিল আৰু কোনো আলোকচিত্ৰ বা ভিডিঅ’ প্ৰকাশ পোৱা নাই।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd