• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সমুখত অপাৰেচন ল’টাছৰ প্ৰত্যাহ্বান: আজি সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব হেমন্ত চোৰেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2022 12:04 pm
Jharkhand Crisis
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ দোহাই দি অভিলাসী অপাৰেচন ল’টাছ অভিযান কাৰ্যকৰী কৰাৰ চেষ্টাত ব্ৰতী বিজেপিৰ প্ৰত্যাহ্বানে সৃষ্টি কৰা শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ঝাৰখণ্ডৰ শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম) নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ।

বিজেপিৰ এই অপাৰেচন ল’টাছ অভিযান ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ সন্মুখত আজিৰ এই সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষা যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Apply Now

শাসনাধিষ্ঠ ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম) নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ ধাৰাবাহিকভাৱে দুৰ্নীতিৰ অভিযোগ তুলি আহিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল বিজেপিয়ে।

মুখ্যমন্ত্ৰী চোৰেনে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি শিলৰ খনিৰ লীজ নিজৰ নামত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ৰঘূবৰ দাসে।

ইয়াৰ দ্বাৰা চোৰেনে নিৰ্বাচনৰ নিয়ম উলংঘা কৰিছে বুলি অবিযোগ কৰি হেমন্ত চোৰেনক বিধায়ক হিচাপে অযোগ্য ঘোষণাৰ দাবী তুলিছিল বিৰোধী দলটোৱে। লগতে মুখ্যমন্ত্ৰী চোৰেনক নৈতিকতাৰ ভিত্তিত পদত্যাগ কৰিবলৈ দাবী জনাইছে বিজেপিয়ে।

সমসাময়িকভাৱে বিজেপিয়ে শাসকীয় দলটোৰ বিধায়কক দলত্যাগৰ বাবে প্ৰৰোচিত কৰা চৰকাৰ উৎখাত কৰাৰো চেষ্টা চলায়। চৰকাৰ পতনৰ আশংকাত মিত্ৰজোঁটৰ চৰকাৰৰ ৩১ গৰাকী বিধায়কক কংগ্ৰেছ শাসিত ছত্তীশগড়লৈ পলুৱাই পঠাব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

মুখ্যমন্ত্ৰী চোৰেন তথা শাসনাধিষ্ঠ চৰকাৰে বিজেপিয়ে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰ আৰ্হি অনুসৰণ কৰি ঝাৰখণ্ডতো এনে ৰাজনৈতিক সংকটৰ সৃষ্টি কৰি শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলক দলত্যাগৰ বাবে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এনে ৰাজনৈতিক অস্থিৰতাৰ মাজতে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে আজি ঝাৰখণ্ড বিধানসভাৰ এখন বিশেষ এদিনীয়া অধিৱেশনত আস্থা ভোটত অৱতীৰ্ণ হ’ব। ইতিমধ্যে এই উদ্দেশ্যে কলি শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকল ছত্তীশগড়ৰ পৰা এক বিশেষ বিমানত ৰাজ্যৰ ৰাজধানী ৰাঁচীত উপস্থিত হৈছে।

আস্থা ভোটত অৱতীৰ্ণ হোৱাৰ পূৰ্বে কালি হেমন্ত চোৰেনে কালি বিধায়কসকলৰ সৈতে এখন বৈঠকো আহ্বান কৰিছিল।

ইফালে নিৰ্বাচন আয়োগেও ইতিমধ্যে ৰাজ্যখনৰ ৰাজ্যপালৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰিছে। যিকোনো সময়তে ৰাজ্যপালে শাসকী চৰকাৰ তথা চোৰেনৰ সন্দৰ্ভত সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত শাসকীয় মিত্ৰজোঁটৰ ৪৯ জন বিধায়ক। অৰ্থাৎ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ৪১ গৰাকী বিধায়কৰ সমৰ্থন চোৰেনৰ সৈতে আছে।

এই ৪৯ গৰাকী বিধায়কৰ ভিতৰত ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৩০ জন, কংগ্ৰেছৰ ১৮ জন আৰু ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) এজন বিধায়ক আছে। আনহাতে প্ৰধান বিৰোধী দল বিজেপিৰ আছে ২৬ জন বিধায়ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd