NORTHEAST NOW (Assamese)

জ্ঞান বৃক্ষ টিভিত নিয়মীয়া পাঠদান চলিব অসমৰ শিক্ষাৰ্থীৰ

May 23, 2020 7:44 pm · কল্পজ্যোতি শইকীয়া
হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

অসমৰ স্কুলীয়া শিক্ষাৰ্থীসকলে জ্ঞান বৃক্ষ নামৰ এক টেলিভিছন চেনেলৰ জৰিয়তে লকডাউনৰ মাজতো নিয়মীয়াকৈ পাঠ গ্ৰহণ কৰিব পাৰিব।

অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিশেষ টেলিভিছন চেনেল মুকলি কৰা হৈছে।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই বিশেষ জ্ঞান বৃক্ষ টিভি চেনেলটো মুকলি কৰে।

“শিক্ষাৰ্থীসকলে এই চেনেলযোগে পাঠ্যপুথিৰ বিষয়বস্তু অধ্যয়ন কৰিব পাৰিব। এই চেনেল কেবল টিভিত বিনামূলীয়াকৈ উপলব্ধ হ’ব,” মন্ত্ৰী শৰ্মাই কয়।

এই বিশেষ চেনেলৰ জৰিয়তে শিক্ষাৰ্থীসকলক শৈক্ষিক দিনপঞ্জী অনুসৰি পাঠদান আগবঢ়োৱা হ’ব।

“এই চেনেলটোক স্কুল বুলি ছাত্ৰ-ছাত্ৰীসকলে ধৰি ল’ব লাগে।  সকলো শ্ৰেণীৰে পৰ্যায়ক্ৰমে এঘণ্টা বা দুঘণ্টাকৈ পাঠ্যক্ৰম আগবঢ়োৱা হ’ব,” মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয় যে বিজ্ঞান, গণিত আৰু ইংৰাজী শিকাবলৈ বিশ্ব বিদ্যা youtube চেনেলযোগে  ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ  শিক্ষা প্ৰদান কৰা হৈছিল।

ইয়াৰোপৰি, দীক্ষা এপৰ যোগেদিও ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ শিক্ষাৰ্থীয়ে অনলাইন শিক্ষা গ্ৰহণ কৰিছিল বুলি তেওঁ জনায়।

মন্ত্ৰী শৰ্মাই লগতে কয় যে Guidance portal নামৰ আন এক এপৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধ্যয়ন কৰিব পাৰিব।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অহা ২৭ মে’ৰ পৰা অসমৰ শিক্ষাৰ্থীসকলে পাঠ্যপুথি ল’ব পাৰিব।

তেওঁ কয়, “এপ্ৰিলৰ ১ তাৰিখৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ কৰাকলৈ আমি ৰাইজৰ মন্তব্য বিচাৰিলো। সেই বিষয়ত আমাৰ আলোচনা চলি আছে। জুনৰ প্ৰথমটো সপ্তাহত সেই সিদ্ধান্ত লোৱা হ’ব।”

Related News