• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্ঞান বৃক্ষ টিভিত নিয়মীয়া পাঠদান চলিব অসমৰ শিক্ষাৰ্থীৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 23, 2020 7:44 pm

2 min read

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

52.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ স্কুলীয়া শিক্ষাৰ্থীসকলে জ্ঞান বৃক্ষ নামৰ এক টেলিভিছন চেনেলৰ জৰিয়তে লকডাউনৰ মাজতো নিয়মীয়াকৈ পাঠ গ্ৰহণ কৰিব পাৰিব।

অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিশেষ টেলিভিছন চেনেল মুকলি কৰা হৈছে।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই বিশেষ জ্ঞান বৃক্ষ টিভি চেনেলটো মুকলি কৰে।

“শিক্ষাৰ্থীসকলে এই চেনেলযোগে পাঠ্যপুথিৰ বিষয়বস্তু অধ্যয়ন কৰিব পাৰিব। এই চেনেল কেবল টিভিত বিনামূলীয়াকৈ উপলব্ধ হ’ব,” মন্ত্ৰী শৰ্মাই কয়।

এই বিশেষ চেনেলৰ জৰিয়তে শিক্ষাৰ্থীসকলক শৈক্ষিক দিনপঞ্জী অনুসৰি পাঠদান আগবঢ়োৱা হ’ব।

“এই চেনেলটোক স্কুল বুলি ছাত্ৰ-ছাত্ৰীসকলে ধৰি ল’ব লাগে।  সকলো শ্ৰেণীৰে পৰ্যায়ক্ৰমে এঘণ্টা বা দুঘণ্টাকৈ পাঠ্যক্ৰম আগবঢ়োৱা হ’ব,” মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয় যে বিজ্ঞান, গণিত আৰু ইংৰাজী শিকাবলৈ বিশ্ব বিদ্যা youtube চেনেলযোগে  ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ  শিক্ষা প্ৰদান কৰা হৈছিল।

ইয়াৰোপৰি, দীক্ষা এপৰ যোগেদিও ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ শিক্ষাৰ্থীয়ে অনলাইন শিক্ষা গ্ৰহণ কৰিছিল বুলি তেওঁ জনায়।

মন্ত্ৰী শৰ্মাই লগতে কয় যে Guidance portal নামৰ আন এক এপৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধ্যয়ন কৰিব পাৰিব।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অহা ২৭ মে’ৰ পৰা অসমৰ শিক্ষাৰ্থীসকলে পাঠ্যপুথি ল’ব পাৰিব।

তেওঁ কয়, “এপ্ৰিলৰ ১ তাৰিখৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ কৰাকলৈ আমি ৰাইজৰ মন্তব্য বিচাৰিলো। সেই বিষয়ত আমাৰ আলোচনা চলি আছে। জুনৰ প্ৰথমটো সপ্তাহত সেই সিদ্ধান্ত লোৱা হ’ব।”

Recent News

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

Imran-1

অৰুণাচলৰ পৰা অপহৃত দুই অইলৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত ভিডিঅ’ প্ৰেৰণ আলফাৰ

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd