নিৰ্বাচনৰ মাজতে হিংসাজৰ্জৰ কাশ্মীৰ!গুলীবিদ্ধ পৰ্যটক দম্পতী; বিজেপি নেতাকো হত্যা উগ্ৰপন্থীৰ

নিৰ্বাচনৰ মাজতে কাশ্মীৰৰ দুটা অঞ্চলত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণসংঘটিত হৈছে। খোজকাঢ়ি গৈ থকা অৱস্থাত গুলীবিদ্ধ হ’ল এহাল পৰ্যটক দম্পতী। আন এক ঘটনাত স্থানীয় বিজেপি নেতাক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। ঘটনা দুটাৰ আশে-পাশে অঞ্চলটোত সৃষ্টি হৈছে এক নতুন আতংকৰ পৰিবেশ।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ পহলগাঁৱৰ সমীপত শনিবাৰে সংঘটিত হয় এই ঘটনা। অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ চোৰাংচোৱাগিৰি চলি থকাৰ পাছতো তাত এহাল পৰ্যটক দম্পতীক গুলীয়াই হত্যা কৰাৰ পাছত পুনৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

জানিব পৰা মতে, ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ফাৰহা আৰু টবৰেজে কাশ্মীৰ ভ্ৰমণলৈ গৈছিল। শনিবাৰে সন্ধিয়া উগ্ৰপন্থীৰ হঠাৎ গুলীচালনাত আহত হয় ফাৰহা। পত্নীক বচাবলৈ চেষ্টা কৰিবলৈ গৈ টবৰেজকো গুলী কৰা হয়।বৰ্তমান দুয়ো স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

শ্বপিয়ানৰ হুৰপোৰা অঞ্চলত সংঘটিত হয় আন এক ঘটনা। শ্বেখ আজাজ আহমেদ নামৰ এজন বিজেপি নেতাক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে।ইয়াৰ পূৰ্বে ৫ মে’ত জম্মু-কাশ্মীৰৰ পুঞ্চেত উগ্ৰপন্থীয়ে বায়ুসেনাৰ এখন বাহনত আক্ৰমণ চলাইছিল।য’ত এজন জোৱানৰ মৃত্যু আৰু বায়ুসেনাৰ চাৰিজন জোৱান গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে, ২৫ মে’ত অনন্তনাগ-ৰাজৌৰী সমষ্টি ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনলৈ যাব। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ আশে-পাশে অঞ্চলটোত নতুন আতংক বিয়পি পৰিছে। পৰ্যটকৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। ঘটনাৰ পাছতে ইতিমধ্যে সেনাই অভিযান আৰম্ভ কৰিছে।