NORTHEAST NOW (Assamese)

সিদ্ধু মুছেৱালা হত্যাকলৈ ক্ষোভৰ মাজতে পঞ্জাৱ চৰকাৰৰ পৰা নিৰাপত্তাকলৈ উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে

May 31, 2022 10:18 am · এন ই নাও নিউজ, গুৱাহাটী

পাঞ্জাৱী গায়ক আৰু কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাক লৈ ক্ষোভৰ মাজতে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ চৰকাৰক শেহতীয়াকৈ সুৰক্ষাধাৰীসকলৰ নিৰাপত্তা প্ৰত্যাহাৰ বা কৰ্তন কৰাৰ ভিত্তি ব্যাখ্যা কৰিবলৈ কৈছে।

বাতৰি অনুসৰি, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজ মোহন সিঙৰ আদালতে সোমবাৰে পঞ্জাৱ চৰকাৰক ব্যক্তিগতই হওঁক বা অন্য কাৰণতে নিৰাপত্তা প্ৰত্যাহাৰ বা কৰ্তন কৰাৰ সিদ্ধান্তৰ ভিত্তি ব্যাখ্যা দিবলৈ কৈছে।

পঞ্জাৱ আৰক্ষীয়ে তেওঁৰ লগতে ৪২০ জন লোকৰ নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰাৰ এদিন পিছতে গায়ক সিদ্ধু মুছেৱালাক দেওবাৰে সন্ধিয়া পঞ্জাৱৰ মানচা জিলাত গুলীয়াই হত্যা কৰা হৈছিল।

লগতে পঢ়ক: Vladimir Putin: পুটিনৰ জীৱনকাল আৰু মাত্ৰ ৩ বছৰ; অন্ধ হ’বলৈ আগবাঢ়িছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি! চাঞ্চল্যকৰ খৱৰ

আদালতে চৰকাৰক লগতে নিৰাপত্তা প্ৰত্যাহাৰৰ তথ্য কেনেকৈ ৰাজহুৱা হ’বলৈ পালে তাৰো বাখ্যা বিচাৰিছে। ন্যায়াধীশ ৰাজ মোহন সিঙে তথ্য প্ৰদানৰ বাবে দুদিনৰ সময়সীমা বান্ধি দিছে।

ন্যায়াধীশ ৰাজ মোহন সিঙে স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰৰ প্ৰতিবেদনখন বন্ধ খামত দাখিল কৰিব লাগিব।

উচ্চ ন্যায়ালয়ে পঞ্জাৱৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অ’ পি চোনিয়ে তেওঁৰ অধিবক্তা  মধু দয়ালৰ জৰিয়তে দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত এই পৰ্যৱেক্ষণ দাঙি ধৰে।

লগতে পঢ়ক: Cake on Mona Lisa portrait: বৃদ্ধাৰ ছদ্মবেশত প্ৰৱেশ; বিশ্বৰ প্ৰসিদ্ধ চিত্ৰশিল্প মনালিছাৰ পেইন্টিঙত কেক সানিলে যুৱকে!

চোনিয়ে অন্যান্য বিষয়ৰ লগতে তেওঁৰ “জেড” কেটেগুৰিৰ নিৰাপত্তা উঠাই দিয়া তথা নিৰাপত্তা কৰ্মী প্ৰত্যাহাৰৰ যোৱা ১১ মে’ৰ নিৰ্দেশটো বাতিল কৰাটো বিচাৰিছিল।

Related News