অস্থিৰ শ্ৰীলংকা! দেশজুৰি বিক্ষোভৰ মাজতে মাজনিশা ঘোষণা কৰা হ’ল জৰুৰী অৱস্থা

মাজনিশাৰ পৰাই শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেই। তীব্ৰ আৰ্থিক সংকটৰ সময়ত দেশজুৰি বিক্ষোভৰ মাজতে শ্ৰীলংকা চৰকাৰে ল’লে এই সিদ্ধান্ত। যোৱা ১ এপ্ৰিলৰ পিছত দ্বিতীয়বাৰ এই নিৰ্দেশ কাৰ্যকৰী হ’ব দ্বীপৰাষ্ট্ৰখনত।

তীব্ৰ আৰ্থিক সংকটৰ বাবে ৰাজাপক্ষে চৰকাৰকে দায়ী কৰি ইয়াৰ পদত্যাগৰ দাবীত  উত্তাল হৈ পৰিছে শ্ৰীলংকা। শুকুৰবাৰৰ পৰা দেশজুৰি ধৰ্মঘট আৰম্ভ হৈছে। শিক্ষাৰ্থীকে ধৰি বিভিন্ন সংগঠন তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে কৰ্মবিৰতি পালন কৰিছে।

লগতে পঢ়ক:  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা

শুকুৰবাৰে বিক্ষুব্ধ শিক্ষাৰ্থীসকলে সংসদত প্ৰৱেশৰ চেষ্টা চলায়। শ্ৰীলংকান আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি তেওঁলোকক অঁতৰাই পঠিয়ায়।

দেশখনে ১৯৪৮ চনত স্বাধীনতা লাভ কৰাৰ পিছত এনে চৰম আৰ্থিক দুৰ্দশা পূৰ্বে কেতিয়াও হোৱা নাছিল। গোটাবায়া চৰকাৰে দেশখনক ইতিমধ্যে দেউলীয়া ঘোষণা কৰিছে।

দেশখনত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধন, কৃষি সাৰকে ধৰি কেইবাবিধো পণ্য সামগ্ৰীৰ দাম সাধ্যৰ বাহিৰত। সেয়াই নহয়, ঔষধৰ দামেও জনজীৱনক সন্ত্ৰস্ত কৰি ৰাখিছে।

লগতে পঢ়ক: ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা! কিমান কঠিন হ’ব তেওঁৰ এই কৌশলী অভিযান?

প্ৰায় এমাহ ধৰি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ পদত্যাগৰ দাবীত তেওঁৰ কাৰ্যালয়ৰ বাহিৰত বহু প্ৰতিবাদকাৰীয়ে শিৱিৰ পাতি প্ৰতিবাদ চলাই আহিছে। কিন্তু এনে প্ৰতিবাদৰ মাজতো অটল হৈ ৰৈছে ৰাষ্ট্ৰপতি ৰাজাপক্ষে। তেওঁ কোনো কাৰণতে পদত্যাগ কৰিবলৈ আগ্ৰহী নহয়।