চৌপাশে দুৰ্গোৎসৱৰ অপাৰ উদ্দীপনা। এখুজি-দুখুজিকৈ ধৰালৈ নামি আহিছে শীত। তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজল ধৰা ধানৰ সোণালী আভা। ইফালে, আমোলমোল শেৱালিৰ গোন্ধে সকলোৰে মন-প্ৰাণ কৰি তুলিছে মতলীয়া।
ঠিক এনে এক প্ৰাণোৎজ্জ্বল পৰিবেশৰ মাজতে আকৌ আহিল অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ কাতি বা কঙালী বিহু। দুৰ্গোৎসৱৰ ৰং-ৰহইচৰ মাজত সকলো উটি-ভাহি থকাৰ মাজতে সন্তৰ্পনে অহা এই বিহুটিক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াৰ মাজত চৰম ব্যস্ততা।
কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে বিহুটিক পাতিবলৈ যেন সকলো সাজু হৈ উঠিছে। চহা জীৱনৰ লগত কাতি বিহুৰ আছে এক নিবিড় সম্পৰ্ক।
কৃষকসকলৰ সমানে সমানে বিহুটিক আদৰিবলৈ পিছ পৰি থকা নাই গাঁৱৰ জীৱৰী-বোৱাৰী সকলো। তেওঁলোকে আগচোতালত ৰুৱা তুলসীৰ তল চাফ-চিকুন কৰি বোকা-পানীৰে মচি সজাই-পৰাই তুলিছে।
পৰম্পৰা অনুসৰি সেইদিনা প্ৰতিজন অসমীয়াৰ আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতিপথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ লগতে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে জ্বলাব আকাশ বন্তি।
তদুপৰি এই বিহুৰ আন এক আনুষংগিক পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পোতাৰ বিপৰীতে জাকে জাকে যুৱক-যুৱতী আৰু মহিলাসকলে পথাৰলৈ গৈ হাঁহি-তামাচাৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিলৈ দলিঙাই দি আনন্দত আত্মহাৰা হৈ পৰিব।
ইফালে, কণ কণ ল’ৰা-ছোৱালীয়ে তুলসীৰ তলত নাম গোৱাটো আন এক পৰম্পৰা। মুঠৰ ওপৰত এতিয়া দুৰ্গাপূজাৰ পাৰভগা উৎসাহ-উদ্দীপনাৰ সমান্তৰালকৈ প্ৰতিজন অসমীয়া প্ৰস্তুত হৈছে প্ৰাণৰ উৎসৱ কাতি বিহু উদযাপনৰ নিমিত্তে।