পশু খাদ্য কেলেংকাৰীৰ পৰ্দা ফাঁচ কৰা প্ৰাক্তন আমোলা প্ৰধান মন্ত্ৰীৰ নতুন উপদেষ্টা হিচাপে নিযুক্ত

Amit Khare

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পশুখাদ্য কেলেংকাৰীৰ পৰ্দা ফাঁচ কৰা প্ৰাক্তন আমোলা অমিত খাৰেক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। খাৰেই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

তথ্য আৰু সম্প্ৰচাৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব অমিত খাৰক অহা দুবছৰৰ বাবে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।

১৯৮৫ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা খাৰেই ৩০ ছেপ্টেম্বৰত শিক্ষা মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ২০১৯ চনৰ ডিচেম্বৰৰ পৰা শিক্ষা মন্ত্ৰালয়ৰ সচিব হিচাপে কৰ্মৰত আছিল। তেওঁ পূৰ্বে ২০১৮ চনৰ মে’ মাহৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

খাৰে দীৰ্ঘদিন ধৰি কেন্দ্ৰৰ শীৰ্ষ আমোলা পদত সুনামেৰে কাম কৰি আহিছে। কেন্দ্ৰই ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈকে খাৰেক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দি নিজৰ স্বচ্ছ প্ৰতিচ্ছবি প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰিছে।

মঙলবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে এক বিবৃতিত কয়, “অমিত খাৰেক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ চুক্তিৰ ভিত্তিত ভাৰত চৰকাৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব। বৰ্তমানৰ বাবে তেওঁক দুবছৰীয়া কাৰ্যনিৰ্বাহকৰ বাবে পৰৱৰ্তী অধিসূচনা জাৰী নোহোৱালৈকে এই পদত নিযুক্তি দিয়া হৈছে।”

উল্লেখ্য যে প্ৰদীপ কুমাৰ সিনহাই এই বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছিল। সিনহা প্ৰায় ডেৰ বছৰ ধৰি মোডীৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি আছিল। অৱশ্যে তেওঁৰ পদত্যাগৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ব্যক্তিগত কাৰণৰ দোহাই দি তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছিল।

বৰ্তমান নতুন উপদেষ্টা হিচাপে নিযুক্তি দিয়া অমিত খাৰেই বিহাৰত পশুখাদ্য কেলেংকাৰী উন্মোচন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰশাসনিক বিষয়াজনে পূৰ্বে ৰাঁচী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।