• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘যোৱা ৫ বছৰে অসমত নাই প্ৰতিবাদ, আৰক্ষীৰ গুলীত মৃত্যু হোৱা নাই কোনো প্ৰতিবাদকাৰীৰ’ ; কোন এই মিথ্যাচাৰী?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 22, 2021 9:57 pm
SHAH-NADDA-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰ শাসক-বিৰোধীৰ ষ্টাৰ কেম্পেনাইৰে ভৰি পৰিছে। ভোটাৰৰ মন ভুলোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে এই ষ্টাৰ কেম্পাইনাসকলে।

এই দৌৰত সবাটোতকৈ আগত আছে শাসকীয় দল বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে আদি কৰি বিজেপিৰ বহু কেন্দ্ৰীয় মন্ত্ৰী তথা শীৰ্ষ নেতাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণ কৰিবলৈ চালাকি কথাৰে ভুলোৱা দেখা গৈছে।

Apply Now

এই ষ্টাৰ কেম্পেইনাৰসকলে ভোটাৰক কেৱল চালাকি কথাৰে ভুলোৱাতেই সীমাৱদ্ধ হৈ থকা নাই, চূড়ান্ত মিথ্যাচাৰেৰো আশ্ৰয় লোৱা দেখা গৈছে।

সোমবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মিথ্যাচাৰৰ চূড়ান্ততম সীমাও অতিক্ৰম কৰা দেখা গ’ল।

সোমবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰে পৰা যোৱা পাঁচটা বছৰত অসমৰ ক’তো কোনো ধৰ্ণা-প্ৰতিবাদ-আন্দোলন হোৱা নাই আৰু আৰক্ষীৰ গুলীত মৃত্যু হোৱা নাই এজনো লোকৰ।

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই নিৰ্বাচনী প্ৰচাৰ সভাত কয় যে অসমৰ বিজেপি নেত্বতাধীন চৰকাৰৰ দিনত যোৱা পাঁচ বছৰে সান্ধ্য আইন জাৰি কৰিবলগীয়া কোনো পৰিস্থিতিৰেই সৃষ্টি হোৱা নাই।

বিজেপিৰ এই দুই ৰাষ্ট্ৰীয় নেতাই কোৱাৰ দৰে সঁচাকৈয়ে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিন অসমত আইন শৃংখলাজনিত কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল নে? হোৱা নাছিল কোনো প্ৰতিবাদ-আন্দোলন-ধৰ্ণা আদিৰ? সঁচাই আৰক্ষীৰ গুলীত যোৱা পাঁচ বছৰে অসমত কোনো লোকৰ মৃত্যু হোৱা নাছিল নে?

হয়, সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ দিনতেই অসমৰ ইতিহাসত প্ৰথমবাৰ প্ৰায় ১০ দিনৰো অধিক ইন্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল, জাৰি কৰা হৈছিল ১৪৪ ধাৰা। অচল হৈ গৈছিল জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে ‘৮০ৰ অসম আন্দোলনৰ প্ৰচ্ছায়া দেখা পাইছিল অসম আন্দোলনৰ সাক্ষী অসমৰ বয়োজ্যেষ্ঠ নাগৰিকসকলে।

ৰাজপথত জ্বলা টায়াৰৰ ক’লা ধোঁৱাই আকাশ ছানি ধৰিছিল। চহৰ-নগৰ-গাঁৱৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বজাৰ-সমাৰ আদি হৈ পৰিছিল সম্পূৰ্ণৰূপে বন্ধ।

‘কা’ বিৰোধী আন্দোলনে এসপ্তাহৰো অধিক দিন অসমৰ জন-জীৱন সম্পূৰ্ণপৰূপে স্তব্ধ কৰিছিল। আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে নিমৰ্মভাৱে গুলী আৰু লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু পানী হিলৈ প্ৰয়োগ কৰিছিল।

ইমানেই নহয় আৰক্ষীয়ে পাঁচজনকৈ প্ৰতিবাদী যুৱকক গুলীয়াই হত্যা কৰিছিল। আনকি গুলীয়াই হত্যা কৰিছিল চেন ষ্টাফ’ৰ্ড নামৰ ১৭ বছৰীয়া কিশোৰগৰাকীক। আৰক্ষী গুলীয়ে বুকু ভেদ কৰি যোৱাৰ ফলত গুৱাহাটীৰ ৰাজপথত ধলি পৰিছিল প্ৰতিবাদকাৰীৰ ৰক্তাক্ত নিঠৰ দেহ।

বহু প্ৰতিবাদকাৰী আৰক্ষীৰ লাঠীৰ কোবত আহত হৈছিল। কাৰাৰুদ্ধ কৰা হৈছিল প্ৰতিবাদী সংগঠনৰ বহু নেতা কৰ্মীক।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ বিটু সোণোৱাল, মানস কোঁৱৰহঁতৰ দৰে নেতাক NIAৰ গোচৰ লগাই কাৰাৰুদ্ধ কৰা হৈছিল। কা বিৰোধী আন্দোলনক স্তিমিত কৰাৰ স্বাৰ্থতে অখিল গগৈক এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি আৰু পুৰণি গোচৰ উকটি কাৰাৰুদ্ধ কৰি ৰাখিছিল। এতিয়াও কাৰাৰুদ্ধ হৈয়ে আছে অখিল গগৈ।

ৰাজ্যখনৰ প্ৰতিখন সৰু-বৰ চহৰ, গাঁৱে-ভূঞে প্ৰতিবাদকাৰী জনতাই কা বিৰুদ্ধে প্ৰৱল প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল। উজনি-নামনি, উত্তৰ-দক্ষিণ আনকি বৰাক উপত্যকাকো কা বিৰোধী আন্দোলনে কঁপাই তুলিছিল। আন্দোলনৰ প্ৰাৱল্যত বন্ধ হৈ গৈছিল ৰাজ্য সকলো শিক্ষানুষ্ঠান, অফিচ-কাছাৰী। সম্পৰ্ণৰূপে স্তব্ধ হৈ গৈছিল যাতায়াত ব্যৱস্থা।

ইমানৰ পিছতো চৰম মিথ্যাচাৰেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বিজেপিৰ চৰকাৰৰ দিনত যোৱা পাঁচ বছৰে অসমত কোনো প্ৰতিবাদ হোৱা নাই, আৰক্ষীৰ গুলীত এজনো লোকৰ মৃত্যু হোৱা নাই আৰু এবাৰো সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি কৈ অসমৰ সাধাৰণ আৰু প্ৰতিবাদী জনতাক চূড়ান্তভাৱে অপমান কৰা নাই নে?

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd