কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ নিৰ্বাচনৰ প্ৰচাৰৰ পৰা উভতি অহাৰ সময়ত এআইএমআইএমৰ মুৰব্বী তথা লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইচিৰ ওপৰত গুলী বৰ্ষণ সন্দৰ্ভত আজি লোকসভাত বক্তব্য প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।
নিজৰ বক্তব্যত অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ‘Z’ শ্ৰেণীৰ নিৰাপত্তা আৱৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আছাদুদ্দিন ওৱেইচিক আহ্বান জনায়।
“ওৱেইচিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে। চৰকাৰে ‘Z’ শ্ৰেণীৰ সুৰক্ষা সহ বুলেট-প্ৰুফ গাড়ী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে, কিন্তু ওৱেইচিয়ে এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে। মই সদনৰ সদস্যসকলৰ জৰিয়তে অনুৰোধ জনাইছো যে তেওঁ এই সেৱা গ্ৰহণ কৰক।” শ্বাহে সংসদত কয়।
“দুজন অচিনাক্ত লোকে ওৱেইচিৰ গাড়ীৰ ওপৰত গুলী চালনা কৰিছিল। তেওঁ সুৰক্ষিতভাৱে ওলাই আহিছিল যদিও তেওঁৰ বাহনখনৰ তলৰ অংশত তিনিটা বুলেটৰ চিহ্ন আছিল। ঘটনাটো তিনিজন সাক্ষীৰ দ্বাৰা প্ৰত্যক্ষ কৰা হৈছিল আৰু এজাহাৰ পঞ্জীয়ন কৰা হৈছে।” গৃহমন্ত্ৰীয়ে কয়।
মন্ত্ৰীজনে লগতে কয় যে এতিয়ালৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে দুটা পিষ্টল উদ্ধাৰ কৰাৰ লগতে এখন মাৰুতি এল্টো গাড়ীও জব্দ কৰিছে।
আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে আৰু অভিযুক্তসকলক কঠোৰ জেৰা কৰা হৈছে বুলি মন্তব্য কৰে শ্বাহে।
আনহাতে হাপুৰ জিলাত ওৱেইচিৰ অনুষ্ঠান সন্দৰ্ভত কোনো তথ্য জিলা নিয়ন্ত্ৰণ কক্ষলৈ তথা আৰক্ষীক প্ৰেৰণ নকৰাৰ বাবে ওৱেইচিক দোষাৰোপ কৰে অমিত শ্বাহে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ওৱেইচিয়ে কেন্দ্ৰীয় চৰকাৰৰ Z চিকিউৰিটী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ আক্ৰমণকাৰী অভিযুক্ত কেইজনৰ বিৰুদ্ধে UAPA ৰ দৰে কঠোৰ আইনৰ আওতাত গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছিল।
আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ এই ৰাজনৈতিক চৰিত্ৰই এক উল্লেখনীয় গতিভঙ্গী বহন কৰিছে।