দেশ এৰি পলায়নৰ চেষ্টা! বিমানবন্দৰত আটক ‘পলাতক’ খালিস্তানপন্থী নেতা অমৃতপলৰ পত্নী

বিমানবন্দৰত আটক অমৃতপলৰ পত্নী কিৰনদ্বীপ কৌৰ।

আৰক্ষীয়ে হাবাথুৰি খাই বিচাৰিছে যদিও তেওঁ এতিয়াও পলাতক। ইয়াৰ পূৰ্বে পলাতক খালিস্তানপন্থী নেতা অমৃতপল সিঙে ভিডিঅ’ বাৰ্তাযোগে আত্মসমৰ্পণ নকৰে বুলি কৈছিল। ইফালে, আজি অমৃতসৰ বিমানবন্দৰত অমৃতপল সিঙৰ পত্নীক সোধা-পোছাৰ বাবে আটক কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰে আজি লণ্ডনলৈ পলায়নৰ চেষ্টা কৰিছিল। সেই সময়তে তেওঁক সোধা-পোছাৰ বাবে আটক কৰি ৰখা হয়।

লগতে পঢ়ক: ঋণ লৈ দিয়া অৰুণোদয় ডাঙৰ নে দিল্লীত ৰাহি বাজেটেৰে দিয়া বিনামূলীয়া বিজুলী ডাঙৰ?-প্ৰশ্ন আপৰ

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক বৃহস্পতিবাৰে অমৃতসৰ বিমানবন্দৰত জেৰাৰ বাবে আটক কৰি ৰখা হয়। তেওঁৰ বিৰুদ্ধে দেশৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ অনা হৈছে। অমৃতসৰ বিমানবন্দৰৰ পৰা সোধা-পোছাৰ বাবে আটক কৰি ৰাখে তেওঁক।

আৰক্ষীয়ে জনোৱা মতে, লণ্ডনৰ বিমানখন দুপৰীয়া ১.৩০ বজাত যাত্ৰা কৰাৰ কথা আছিল। তাৰ ঠিক আগতে অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপক বিমানবন্দৰত আটক কৰি ৰখা হৈছিল। শুল্ক বিভাগৰ বিষয়াই তেওঁক সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে।

পঞ্জাৱ আৰক্ষীৰ সূত্ৰ অনুসৰি কিৰণদ্বীপ ব্ৰিটেইনৰ নাগৰিক আৰু তেওঁৰ হাতত সেই দেশৰ পাছপ’ৰ্ট আছে। পঞ্জাৱ বা দেশৰ আন কোনো প্ৰান্তত তেওঁৰ বিৰুদ্ধে কোনো গোচৰ নাই।

লগতে পঢ়ক: বয়স মাত্ৰ ২৫ বছৰ! ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কে-পপ তাৰকা মুনবিনৰ দেহ

অমৃতপলৰ পত্নী কিৰণদ্বীপ কৌৰ ব্ৰিটেইনত থকাৰ সময়ত ‘বব্বৰ খালছা ইণ্টাৰনেশ্যনেল’ৰ সক্ৰিয় সদস্য আছিল বুলি পঞ্জাৱ আৰক্ষী বা কেন্দ্ৰীয় সংস্থাৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ বা এফআইআৰ নাই।

পলাতক অভিযুক্তৰ পৰিয়াল আৰু চিনাকি লোকক জেৰা কৰা এক আইনী প্ৰক্ৰিয়াৰ অধীনত সতৰ্কতামূলক ব্যৱস্থা হিচাপে কিৰণদ্বীপ কৌৰক আটক কৰা হৈছে। যোৱা মাৰ্চ মাহত অমৃতপল সিঙক জল্লুপুৰ খেদা গাঁৱত তেওঁৰ কাৰ্যকলাপত বিদেশী পুঁজিৰ ব্যৱহাৰৰ অভিযোগত জেৰা কৰা হৈছিল।

লগতে পঢ়ক: মৰ্মান্তিক! সাহায্য বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ নিহত কমেও ৮৫ জন; আহত ৩০০ৰো অধিক

ফেব্ৰুৱাৰী মাহত অমৃতপলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত কিৰণদ্বীপ কৌৰে পঞ্জাৱলৈ গুচি আহে আৰু বৰ্তমান অমৃতপলৰ পূৰ্বপুৰুষৰ গাঁও জল্লুপুৰ খেদাত থাকে। কিৰণদ্বীপৰ পৰিয়ালটো জলন্ধৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।