• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঋণ লৈ দিয়া অৰুণোদয় ডাঙৰ নে দিল্লীত ৰাহি বাজেটেৰে দিয়া বিনামূলীয়া বিজুলী ডাঙৰ?-প্ৰশ্ন আপৰ

ধনী-দুখীয়া সকলোৰে বাবে বিনামূলীয়া চিকিৎসা সেৱা দিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 4:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আম আদমি পাৰ্টীৰ উত্থানত ভীষণ ভয় খাইছে। শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথা প্ৰতিপন্ন কৰে। দুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক টুইটাৰত আক্ৰমণ কৰে।

দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ বুলি এক গোকাট মিছা মাতিলে মুখমন্ত্রী হিমন্ত বিশ্ব শর্মাই। অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে ১২৫০ টকাকৈ লাভ কৰে। দিল্লীত ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া আৰু পৰৱৰ্তী ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুলত ৫০ শতাংশ ৰেহাই দিয়া হয়। অসমত প্ৰতি ইউনিট বিদ্যুত গড় দাম ৭ টকা বুলি ধৰিলে ২০০ ইউনিটৰ দাম হয়গৈ ১৪০০ টকা। গতিকে দিল্লীৰ প্ৰতি ঘৰ লোকে মাহে নূন্যতম ১৪০০ টকাকৈ সকাহ পাই আছে। কোনটো পৰিমাণ বেছি? ১২৫০ টকা নে ১৪০০ টকা?

লগতে পঢ়ক: মৰ্মান্তিক! সাহায্য বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ নিহত কমেও ৮৫ জন; আহত ৩০০ৰো অধিক

Apply Now

মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিপথে পৰিচালিত নকৰিবলৈ আম আদমি পাৰ্টীয়ে সকীয়াই দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিজুলী বিনামূলীয়া কৰাৰ যে সামৰ্থ নাই, সেই কথা স্বীকাৰ কৰক। লগতে দিল্লীত যিদৰে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হয়, অসমতো কৰি দেখুৱাওক। এই দাবী আম আদমি পাৰ্টীৰ।

আনহাতে, অৰুণোদয় আঁচনি সকলোৰে বাবে নহয়। কিন্তু দিল্লীত ধনী-দুখীয়া সকলোৱে বিনামূলীয়া বিজুলী লাভ কৰে। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে। কিন্তু দিল্লীৰ বিনামূলীয়া বিজুলী হৈছে এখন দক্ষ চৰকাৰে নিজৰ লাভসমূহ জনতালৈ হস্তান্তৰ কৰা এক আঁচনি। মুখ্যমন্ত্ৰী শৰ্মাই ঋণ লৈ অৰুণোদয় চলাই আছে। এফালে অসমৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত সা-সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে। ৰাইজে ত্ৰাহি-মধুসূদন দেখিছে। দিল্লীত বিনামূলীয়া বিজুলী দিয়া হৈছে ৰাহি বাজেটত।

মুখ্যমন্ত্ৰী শর্মাই আৰু এষাৰ কথা কৈছে যে আজিৰ সময়ত AIIMS স্থাপনৰ কথা ক’ব লাগে, মহল্লা ক্লিনিক নহয়। মুখ্যমন্ত্ৰীক সোঁৱৰাই দিওঁ যে দিল্লীত AIIMS কেতিয়াবাই স্থাপন কৰা হৈছিল আৰু বহুত ছুপাৰস্পেছিয়েলিটী হাস্পতাল আছে। আম আদমি পাৰ্টীয়ে গুৰুত্ব দিয়ে জনতাই বিনামূলীয়াকৈ স্বাস্থ্যসেৱা লাভ কৰিছে নে নাই। পানীলগা-জ্বৰ বা আন সৰু অসুখ হ’লে মানুহে এইমছলৈ নাযায়, ঘৰৰ ওচৰতে উন্নত মানৰ চিকিৎসা বিচাৰে। সৰু সৰু ৰোগৰ বাবে ডাঙৰ চিকিৎসালয়লৈ ৰোগীসকল নগ’লে ডাঙৰ ডাঙৰ হাস্পতালত ভিৰ কম হয় আৰু যি উদ্দেশ্যৰে ডাঙৰ ডাঙৰ হাস্পতালসমূহ স্থাপন কৰা হৈছে, সেই উদ্দেশ্যও সফল হয়।

লগতে পঢ়ক: বয়স মাত্ৰ ২৫ বছৰ! ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কে-পপ তাৰকা মুনবিনৰ দেহ

হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা ভাল যে প্ৰতিটো স্তৰৰ হাস্পতাল বা ক্লিনিকৰ নিজ নিজ স্থানতে গুৰুত্ব আছে। দিল্লী চৰকাৰে ধনী-দুখীয়া সকলোৰে বাবে যেনেকৈ ডাঙৰ-সৰু সকলো ৰোগৰ চিকিৎসা বিনামূলীয়া কৰিছে, অসম চৰকাৰে তেনে সুবিধা অসমবাসীক দিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে।

আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ সংবাদমেলত অংশ গ্ৰহণ কৰে আপ-অসমৰ উপ-সভাপতি লক্ষ্মীকান্ত ডুবে আৰু ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকন আৰু ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd