NORTHEAST NOW (Assamese)

নতুন মুখ্যমন্ত্রীলৈ আগবঢ়ালে মাখন! হিমন্ত বিশ্ব শর্মাক আমূলৰ অভিনন্দন

May 11, 2021 9:37 am · এন ই নাও নিউজ

বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ কেইঘন্টামান পাছতে গুজৰাটৰ প্ৰসিদ্ধ ডেইৰী প্ৰতিষ্ঠান আমূলে ইয়াৰ এক ব্যতিক্ৰমী ভংগিমাৰে ৫২বছৰীয়া শৰ্মাক অভিনন্দন জনায়।

এটা টুইটত আমূলে কয়,’’ ইছপৰ বিশ্বাস কৰো! চাৰ, মাখন খাও’’ অৰ্থাৎ এইটো বিশ্বাস কৰক, চাৰ মাখন খাওক।

মুখ্যমন্ত্ৰী শৰ্মালৈ অভিনন্দন জনোৱা আমূলৰ এই টুইট ইন্টাৰনেটত ব্যাপক সমাদৰ লাভ কৰে।

বিজেপিৰ প্ৰভাৱশালী ৰাজনীতিকগৰাকীয়ে সোমবাৰে গুৱাহাটীত ৰাজ্যখনৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

আমূলৰ টুইটটোৱে মঙলবাৰে পুৱা ৮বজালৈ ১৬০৫টা লাইক পোৱাৰ লগতে ২৩৭গৰাকী য়ুজাৰে ইয়াক ৰিটুইট কৰিছে।

Related News