ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শপত গ্ৰহণ কৰাৰ উপৰি আন ১৩জন মন্ত্ৰীয়েও শপত লয়।
নতুন মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ কোনে কি দপ্তৰ লাভ কৰিব তাৰ এখন প্ৰায় চূড়ান্ত তালিকা আহি পৰিছে।
সূত্ৰ অনুসৰি এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও পৰৱৰ্তী সময়ত সাল-সলনি ঘটিব পাৰে। অৱশ্যে ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰা এই তালিকাখনক লৈ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ এক ঘনিষ্ঠ মহলে। তেওঁলোকৰ মতে এইখন সম্ভাৱ্য তালিকা হ’ব পাৰে যদিও এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে তালিকা চূড়ান্ত কৰা নাই।
মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত গৃহ, বিত্ত, ৰাজনৈতিক পৰিক্ৰমাকে ধৰি বাকী মন্ত্ৰীসমূহক আৱন্টন নকৰা বিভাগসমূহ ৰাখিব বুলি জানিব পৰা গৈছে।
ইতিমধ্যে আমাৰ হাতত পৰা সম্ভাৱ্য তালিকা অনুসৰি মুখ্যমন্ত্ৰীৰ নতুন কেবিনেটত মন্ত্ৰীসকলে লাভ কৰা দপ্তৰ সমূহ হ’ল:-
- পীযুষ হাজৰিকা: জলসম্পদ, সংসদীয় পৰিক্ৰম, জনসংযোগ।
- অজন্তা নেওগ: সমাজ কল্যান, নগৰ উন্নয়ন।
- ডাঃ ৰণোজ পেগু: শিক্ষা।
- অতুল বৰা: কৃষি, পশুপালন আৰু পূৰ্বৰ দপ্তৰসমূহ।
- কেশৱ মহন্ত: স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি।
- অশোক সিংঘাল: গুৱাহাটী উন্নয়ন।
- পৰিমল শুক্লবৈদ্য: বন, আৱকাৰী।
- ইউ জি ব্ৰহ্ম: ভৈয়াম জনজাতি উন্নয়ন।
- বিমল বৰা: ক্ৰীড়া, খনি।
- যোগেন মহন: এতিয়াও দপ্তৰ চূড়ান্ত হোৱা নাই।
- চন্দ্ৰমোহন পাটোৱাৰী: পৰিবহন।
- ৰঞ্জিত দাস: জনস্বাস্থ্য কাৰিকৰী।
- সঞ্জয় কিষান: শ্ৰম, চাহ জনজাতি উন্নয়ন।
আনহাতে, ৰাজহ, গ্ৰামোন্নয়ন ইত্যাদি গুৰুত্বপূৰ্ণ বিভাগসমূহতৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিশেষ মনোযোগ দিব বুলি জানিব পৰা গৈছে।