NORTHEAST NOW (Assamese)

বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

October 7, 2022 11:07 am · এন ই নাও নিউজ, নতুন দিল্লী
প্রতিনিধিত্বমূলক ফটো।

An 11-year-old girl allegedly gang-raped দিল্লীত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উচ্চ শ্ৰেণীৰ দুজন ছাত্ৰই বিদ্যালয়ৰ ৱাশ্বৰূমত নাবালিকা ছাত্ৰীগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে যে মঙলবাৰে এটা অভিযোগ দাখিল কৰাৰ পিছত তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: Lionel Messi: কাটাৰেই শেষ, আৰু বিশ্বকাপ নেখেলে বিশ্ব ফুটবলৰ ৰাজকুমাৰ, বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছিয়ে

আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী। দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰপৰাও এক তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে জুলাই মাহত এই দলবদ্ধ ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছিল। দিল্লী মহিলা আয়োগে ঘটনাটোক লৈ সৰৱ হোৱাৰ পিছত ভুক্তভোগীৰ পৰিয়ালে মঙলবাৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

বিষয়টো কিয় তাৎক্ষণিকভাৱে আৰক্ষীক জনোৱা হোৱা নাছিল তাৰ উত্তৰ বিচাৰি আয়োগে বিদ্যালয়খনৰ অধ্যক্ষক জাননী জাৰি কৰিছে।

লগতে পঢ়ক: Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি!

আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে কয়, “আমি এটা অভিযোগ পাইছো যে বিদ্যালয়ৰ ভিতৰত ৱাশ্বৰূমত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। নাবালিকাগৰাকীয়ে আমাক কৈছিল যে বিদ্যালয়ৰ শিক্ষকসকলেই বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক যে শিক্ষাৰ্থীসকল আনকি বিদ্যালয়তো সুৰক্ষিত নহয়।”

বিদ্যালয়খনে অৱশ্যে দাবী কৰিছিল যে অধ্যক্ষই ঘটনাটোৰ বিষয়ে একো নাজানে। ভুক্তভোগীৰ পৰিয়ালৰ পৰাও একো জনোৱা নাছিল। আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ পিছতহে তেওঁ এই বিষয়ে জানিব পাৰিছে।

বিদ্যালয়ৰ এজন বিষয়াই কয়, “বিদ্যালয়খনে নিজাববীয়াকৈও তদন্ত কৰি আছে। ঘটনাটোৰ বিষয়ে কোনেও অধ্যক্ষক জনোৱা নাছিল। বিষয়টো শিক্ষক আৰু অভিভাৱকৰ সভাতো উত্থাপিত হোৱা নাছিল।”

লগতে পঢ়ক:IND vs SA 1st ODI: অথলে গ’ল চেমছন-শ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ! লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই

ইপিনে, দিল্লী আৰক্ষীয়ে কয় যে এটা তদন্ত চলি আছে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শিক্ষক আৰু অভিযুক্ত ছাত্ৰ দুজনক সোধা-পোছা কৰা হৈছে।

Related News