• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IND vs SA 1st ODI: অথলে গ’ল চেমছন-শ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ! লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 7:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Sanju Samson’s unbeaten 86 in vain as South Africa beat India ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত তিনিখন এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হয়। টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই নিৰ্দ্ধাৰিত ৪০ অভাৰত ৪ টা উইকেট হেৰুৱায় আৰু ২৪৯ ৰাণ সংগ্ৰহ কৰে। বৰষুণৰ বাবে খেলখন ৫০ অভাৰৰ পৰিৱৰ্তে ৪০ অভাৰলৈ হ্ৰাস কৰা হয়।

প্ৰত্যুত্তৰত ভাৰতৰ ইনিংছ ২৪০ ৰাণতে সমাপ্ত হয়। টেম্বা বাভুমাৰ দলে শিখৰ ধাৱানৰ টীম ইণ্ডিয়াক ৯ ৰাণত পৰাস্ত কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে।

দক্ষিণ আফ্ৰিকাই খেলখনত প্ৰথম ২৩ অভাৰত ৪ টা উইকেট হেৰুৱাই ১১০ ৰাণ সংগ্ৰহ কৰিছিল। দলৰ হৈ জেনমেন মালান আৰু কুইন্টন ডি ককে ইনিংছ আৰম্ভ কৰে। মালান ২২ ৰাণত আউট হয়। তেওঁ শাৰ্দুল ঠাকুৰৰ বলত শ্ৰেয়াছ আয়াৰৰ হাতত কেচ তুলি দিয়ে। কেপ্টেইন বাভুমাক শাৰ্দুলে মাত্ৰ ৮ ৰাণত ক্লিন বোল্ড কৰে। ডি ককে আনটো মূৰত ইনিংছ ধৰি ৰাখিছিল। তেওঁ ৫৪ টা বলত ৪৮ ৰাণ সংগ্ৰহ কৰে। তেওঁ ৰবি বিষ্ণোইৰ বলত এলবিডব্লিউ হয়।

Apply Now

এডেন মাৰ্ক্ৰামক কুলদীপে কোনো ৰাণ কৰাৰ আগতে বোল্ড কৰে। ইয়াৰ পিছত হেনৰিক ক্লাসেন (৬৫ টা বলত ৭৪ ৰাণ) আৰু ডেভিদ মিলাৰে (৬৩ টা বলত ৭৫ ৰাণ) অপৰাজিত ইনিংছ খেলে। তেওঁলোকৰ দমনীয় প্ৰদৰ্শনৰ বাবেই দক্ষিণ আফ্ৰিকাই ৪০ অভাৰত এই ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ হৈ ধাৱান আৰু শুভমান গিল ইনিংছ মুকলি কৰিবলৈ আহে। কিন্তু দুয়ো অপেনাৰেই খেলখনত ব্যৰ্থ হয়। তেওঁলোকে আঠ ৰাণৰ ভিতৰতে আউট হৈ গৈছিল। ধাৱানে চাৰি ৰাণ সংগ্ৰহ কৰে। গিলে সংগ্ৰহ কৰে তিনি ৰাণ। তাৰ পিছত ৰিতুৰাজ গায়কোৱাড় (১৯) আৰু ঈশান কিষাণে (২০) বেছি ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে। ভাৰতে ৫১ ৰাণত চাৰিটা উইকেট হেৰুৱায়।  

শ্ৰেয়াছ আয়াৰে পাঁচ নম্বৰত বেটিং কৰিবলৈ নামি খহনীয়া প্ৰতিৰোধৰ লগতে ইনিংছ আগবঢ়াই নিয়াৰ কাম আৰম্ভ কৰে। সঞ্জু চেমছনে তেওঁক যোগ্য সহযোগ দিয়ে। তেওঁলোকে ৫৪ টা বলত ৬৭ ৰাণ যোগ দিয়ে। শ্ৰেয়াছে ৩৭ টা বলত ৫০ ৰাণ কৰি পেভলিয়নলৈ উভতি যায়। ইপিনে, চেমছনে শাৰ্দুল ঠাকুৰক লগত লৈ  আক্ৰমণাত্মক হৈ উঠে। তেওঁলোকে ৬৬ টা বলত ৯৩ ৰাণ যোগ দিয়ে। শাৰ্দুলে ৩১ টা বলত ৩৩ ৰাণৰ এটা বিস্ফোৰক ইনিংছ খেলি উভতি যায়।

আনহাতে, চেমছনে ৬৩ টা বলত ৮৬ ৰাণ কৰি অপৰাজিত থাকে যদিও দক্ষিম আফ্ৰিকাই বান্ধি দিয়া ৰাণ অতিক্ৰম কৰিব নোৱাৰিলে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় এদিনীয়া দেওবাৰে ৰাঁচীত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ তৃতীয় আৰু অন্তিম এদিনীয়া খন ১১ অক্টোবৰত (মঙলবাৰে) নতুন দিল্লীত অনুষ্ঠিত হ’ব। যদি বাভুমাৰ দলে ৰাঁচীত জিকিব পাৰে তেন্তে শৃংখলাটো তেওঁলোকেই জিকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd