• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী আৰু অসমবাসীৰ ভৱিষ্যত

দিলীপ ৰায়চৌধুৰী by দিলীপ ৰায়চৌধুৰী
November 22, 2025 3:46 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ অক্টোবৰত নিৰ্বাচন আয়োগে গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, তামিলনাডু, গোৱা, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ – এই ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এছ আই আৰৰ নিৰ্দেশ দিছিল। অসমত সুকীয়া আইনৰ অধীনত এন আৰ চিৰ কাম সম্পূৰ্ণ হ’বলৈ লোৱাৰ বাবে এই অনুশীলনৰ পৰা বাদ দিছিল। আচৰ্যজনকভাৱে এছ আই আৰৰ জৰিয়তে প্ৰস্তুত কৰা নতুন ভোটাৰ তালিকাৰ ভিত্তিত বিহাৰত অনুষ্ঠিত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ ব্যাপক জয়লাভৰ পিছমুহূৰ্ততে আয়োগে হঠাতে অসমত বিশেষ সংশোধনীৰ নিৰ্দেশ দিছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে বিশেষ সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে দুদিন পূৰ্বে অসমত কৰ্মসূত্ৰে বাস কৰিবলৈ অহা লোকেও ৰাজ্যখনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি জাৰি কৰা নিৰ্দেশনাই স্বাভাৱিকতে অসমবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নতুন নিৰ্দেশনা অনুসৰি এজন ব্যক্তি বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, গুজৰাট, বংগ, ৰাজস্থান আদি বহিঃৰাজ্যৰ পৰা যদি দুদিন আগতেও কৰ্মসূত্ৰে অসমলৈ আহে, তেওঁৰ নাম ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ সংশোধনীৰ যোগেদি অসমৰ ভোটাৰ তালিকাত সোমাব পাৰিব। এনেকুৱা ব্যক্তিয়ে ৮নং প্ৰ-পত্ৰ পূৰণ কৰি আবেদন কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে অৱশ্যে নিজ ৰাজ্যত নাম কৰ্তন কৰিলেহে অসমত ভোটাধিকাৰৰ সুবিধা পাব বুলি মন্তব্য কৰিছে যদিও অসমৰ বিভিন্ন দল-সংগঠনে অসমত ভোটাৰ তালিকাৰ ‘বিশেষ সংশোধনী’ৰ পদক্ষেপ লোৱাটোত অসন্তুষ্টি প্ৰকাশ কৰিছে। অসমত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া সমাপ্ত নোহোৱাকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধন ফলপ্ৰসূ হ’বনে সেইটোও এক ডাঙৰ প্ৰশ্ন। ভোটাৰ তালিকাৰ বিশেষ সংশোধন এন আৰ চি উন্নীতকৰণৰ মূল উদ্দেশ্যত বাধা হৈ থিয় দিব পাৰে। আয়োগৰ নতুন নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ সম্পন্ন হোৱা এই বিশেষ সংশোধনীৰ অন্তত অহা ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকা অনুসৰিয়েই অসমত আসন্ন বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। আয়োগে ‘বিশেষ সংশোধনী’ বুলি অভিহিত কৰিছে যদিও এই সংশোধনী ‘বিশেষ ব্যাপক সংশোধনী’ (এছ আই আৰ) ৰেই অন্য এক নাম যেন ধাৰণা হয়।

ভাৰতৰ নিৰ্বাচন আয়োগৰ বৰ্তমান বিতৰ্কিত ভূমিকা আৰু নিৰপেক্ষ ভূমিকাৰ অভাৱৰ বাবেই বহিঃৰাজ্যৰ ভ্ৰাম্যমাণ ভোটাৰক অসমৰ ভাগ্য নিয়ন্তা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি সন্দেহ ঘনীভূত হৈছে। অসমতো বিহাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি সন্দেহৰ সৃষ্টি হৈছে। বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু জে ডি (ইউ) য়ে বিহাৰলৈ আন ৰাজ্যৰ পৰা ৰে’লেৰে হাজাৰ হাজাৰ মানুহ আনি এছ আই আৰৰ জৰিয়তে বিহাৰৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ অভিযোগ উঠিছিল। এই প্ৰক্ৰিয়াৰে আন ৰাজ্যৰ পৰা অনা বিপুল সংখ্যক ভোটাৰেই বিহাৰত বিজেপি-জে ডি (ইউ)ৰ বিশাল জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলিও চৰ্চা চলি আছে। বিহাৰত ভোট দানৰ পূৰ্বে নিৰ্বাচন আয়োগে দিয়া ভোটাৰৰ সংখ্যা আৰু ভোটদানৰ পিছত ভোট দিয়া ভোটাৰৰ সংখ্যাৰ বৃদ্ধি প্ৰায় তিনি লাখ হোৱাৰ মূল কাৰণেই হ’ল ভোটাৰ তালিকাত বহিঃৰাজ্যৰ পৰা আহি নামভৰ্তি কৰা চলন্ত ভোটাৰ।

Apply Now

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা ৫ নৱেম্বৰত কৰ্ণাটকৰ মহাদেৱপুৰা সমষ্টিত ভাৰতৰ নিৰ্বাচন আয়োগৰ পৃষ্ঠপোষকতাত ভোটাৰ তালিকাত থকা বিভিন্ন খেলিমেলি সম্পৰ্কে প্ৰমাণসহ বিভিন্ন তথ্যৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ আনিছিল। হাৰিয়ানা, মহাৰাষ্ট্ৰ আদি ৰাজ্যত লাখ লাখ ভোটাৰ বৃদ্ধি আৰু বিজেপি বিৰোধী ভোট কৰ্তনৰ অভিযোগ সাংবাদিকৰ আগত প্ৰদৰ্শন কৰিছে। এগৰাকী ব্ৰাজিলিয়ান মডেলৰ ফটোক বিভিন্ন নামেৰে ভোটাৰ লিষ্টত ব্যৱহাৰ কৰি মিছা ভোটাৰ সৃষ্টিৰ প্ৰমাণসহ প্ৰদৰ্শন কৰিছে। এটা ঘৰৰ নম্বৰৰ বিপৰীতে কেইবাজনো ভোটাৰ, গৃহ নম্বৰ শূণ্যত বহুত ভোটাৰৰ নাম থকা, বিহাৰত জীৱিত ব্যক্তিক মৃত হিচাপে নাম কৰ্তন কৰা বহুতো উদাহৰণ সাংবাদিকক প্ৰদৰ্শন কৰা হৈছিল। শ্ৰী ৰাহুল গান্ধীয়ে স্পষ্ট ভাষাত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰ কৰা অভিযোগ আনিছে। শ্ৰী গান্ধীয়ে মন্তব্য কৰে যে ভোটাৰ ডিলিট, ডুপ্লিকেচন, ভুৱা ঠিকনা, মিল নোহোৱা ফটো, চিচিটিভি ফুটেজ নোহোৱা – এই সকলো অভিযোগে নিৰ্বাচন আয়োগে বিজেপি দলৰ হৈ ভোট চুৰি কৰাৰ প্ৰমাণ সাব্যস্ত কৰিছে।

এইখিনিতে এটা প্ৰশ্ন আহে। ইমান খেলিমেলি আৰু ভোট চুৰিৰ প্ৰমাণ যদি আছে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কিয় গোচৰ ৰুজু নকৰে? এই ক্ষেত্ৰত জানি থোৱা দৰকাৰ যে বিজেপি দলে নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে CLAUSE-16, CEC & EC BILL 2023 ৰ জৰিয়তে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়, দেৱানী, অপৰাধমূলক গোচৰ আদি ক’তো হ’ব নোৱাৰাকৈ ক্ষমতা দি থৈছে। বিধেয়কখন আকৌ ১৪১ জন সাংসদক নিলম্বন কৰি বিজেপিয়ে বলপূৰ্বকভাৱে সদনত গৃহীত কৰিছিল। আনহাতে, নিৰ্বাচনী আয়ুক্ত নিয়োগৰ ক্ষেত্ৰতো তিনিজনীয়া বাচনি কমিটিৰ পৰা মুখ্য ন্যায়াধীশক আঁতৰাই, তেওঁৰ সলনি এজন কেবিনেট মন্ত্ৰীৰ নাম ভৰাই বাচনি কৰা ব্যৱস্থাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে। বিহাৰৰ এন ডি এ চৰকাৰৰ বিৰুদ্ধে হোৱাৰ নিচিনা অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ ক্ষোভ বৃদ্ধি হৈ আছে। বিহাৰৰ এন ডি এ চৰকাৰেও মহিলা ভোটাৰৰ ভোট ক্ৰয় কৰিবলৈ প্ৰতিগৰাকী মহিলা ভোটাৰক ১০ হাজাৰ টকাকৈ দিয়া হিতাধিকাৰী আঁচনিৰ ব্যৱস্থা কৰিছিল! বিৰোধী দলে নিয়ম বহিৰ্ভূতভাৱে নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতে এই কাম কৰি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ আনিছিল যদিও আয়োগে পূৰ্বৰে পৰা চলি থকা আঁচনিৰ ভিতৰতে দহ হাজাৰ টকা দিয়া হৈছে বুলি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ নস্যাৎ কৰিছিল।

অসমত যোৱা দহ বছৰীয়া বিজেপিৰ কু-শাসন আৰু প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈ আছে। ছয় জনগোষ্ঠী, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠী আদিৰ জনজাতিকৰণৰ আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হৈ থকাৰ মাজতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক চৰকাৰী অনুষ্ঠান নৰ্থ-ইষ্ট ফেষ্টিভেললৈ নি ৰহস্যজনকভাৱে হত্যা কৰাৰ ঘটনাৰ ন্যায় বিচৰা আন্দোলনে হিমন্ত বিশ্ব শৰ্মাক ভালকৈয়ে বিপদত পেলাইছে। মুখ্যমন্ত্ৰী শৰ্মাই নিজে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে ৰাইজে এইবাৰ বিজেপিক ভোট নিদিয়ে!

এনে এক পৰিস্থিতিত বিহাৰৰ নিৰ্বাচনৰ ফলাফলত এন ডি এৰ বিপুল জয়ে অসমৰ বিজেপি দলৰ আশাৰ উন্মেষ ঘটাইছে! সেই উৎসাহতে মনোনয়ন দাখিল কৰাৰ দুদিন আগলৈকে বহিঃৰাজ্যৰ পৰা ভোটাৰ আমদানি কৰি অসমৰ ভোটাৰ তালিকাত নাম সুমুৱাই ভোট বৃদ্ধিৰে জয়ী হোৱাৰ বিহাৰ আৰ্হিৰ ৰণকৌশল বনোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি। যদি এইটো কৰিব দিয়া হয় তেন্তে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব। সেয়েহে ৰাজ্যখনৰ শুভাকাংক্ষী ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, নাগৰিকে এইক্ষেত্ৰত শুদ্ধ ভোটাৰ তালিকা এখন আৰু মুক্ত তথা স্বচ্ছ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগক বাধ্য কৰিব লাগিব।

চলন্ত ভোটাৰ প্ৰকৃত গণতন্ত্ৰৰ বাবে অভিশাপ স্বৰূপ। চলন্ত ভোটাৰে শাসক-শোষককহে সহায় কৰিব আৰু গণতন্ত্ৰক দুৰ্বল কৰিব। নিজ সমষ্টিৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ সময়ত ভোটাৰে বিগত পাঁচ বছৰৰ অভিজ্ঞতাৰ ভিত্তিত আৰু স্থানীয় আশা-আকাংক্ষা, প্ৰয়োজনীয়তাৰ ভিত্তিতহে ভোটদান কৰে। এজন চলন্ত ভোটাৰৰ ভোটদান আৰু ভোট ৰিগিংৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাথাকে। চলন্ত ভোটাৰক যিয়ে ভোট দিবলৈ আমদানি কৰে, ভোট দিবলৈ পঠিয়ায় বা নিজে ভোট দিবলৈ আহি ভোট দিয়ে, সেই ভোটে কোনো জনাদেশ নুবুজায়। বলপূৰ্বক ভোট দান কৰাহে বুজাব। এনেকুৱা ভোটে নিৰ্বাচন আৰু গণতন্ত্ৰৰ প্ৰহসনতহে পৰিণত কৰে। সেয়েহে বহিঃৰাজ্যত নিজৰ নাম কাটিলেও অন্তত পাঁচ বছৰ অতিক্ৰম কৰিলেহে নতুন ৰাজ্যৰ ভোটাধিকাৰ পোৱা দৰকাৰ। আঞ্চলিক স্বাৰ্থৰ কথা চিন্তা কৰা সকলো নাগৰিকে নিৰ্বাচন আয়োগে চলন্ত ভোটাৰ বা বহিঃৰাজ্যৰ পৰা মনোনয়নৰ দুদিন আগলৈ আহি ৮ নং প্ৰ-পত্ৰ পূৰণ কৰি ভোটাৰ হ’ব বিচৰা বহিঃৰাজ্যৰ ব্যক্তিৰ ক্ষেত্ৰত বিশেষ নজৰ ৰখা প্ৰয়োজন।

দিলীপ ৰায়চৌধুৰী

দিলীপ ৰায়চৌধুৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm
সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd