NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ইত্যাদি

March 1, 2022 5:13 pm · ড৹ হীৰেন গোহাঁই
Updated: March 4, 2022 6:48 pm

এতিয়া চাৰিওপিনে কেৱল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ খবৰ আৰু আলোচনা।

দুখন দেশৰ মাজত সংঘাতৰ চূড়ান্ত পৰ্যায় আৰু নিদৰ্শন হৈছে যুদ্ধ। ভাৰতৰ লগত পাকিস্তানৰ আৰু চীনৰ বৈৰিতা আছে। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধ পূৰ্ণ পৰ্যায়ৰ যুদ্ধই আছিল। সেই যুদ্ধত পাকিস্তান‌ পশ্চিমৰ ফালে কিছু সফল হ’লেও পূবত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। যুদ্ধৰ পৰিণতিত ৰাষ্ট্ৰপতিৰ সলনি হৈ ভূট্টো ৰাষ্ট্ৰপতি হৈছিল।

ইন্দিৰা গান্ধীৰ বিচক্ষণ বুজনিত চিমলাৰ চুক্তিৰ পিছত ভূট্টোৱে পাকিস্তানত প্ৰথম জনকল্যাণমুখী চৰকাৰ প‌্ৰবৰ্তন‌ কৰি “ৰুটি, কাপৰা ঔ’ৰ মকান”ৰ নীতি গ্ৰহণ কৰাত আমেৰিকাই ভয় খাইছিল। তাৰপিছত কিন্তু চি আই এ’ৰ চক্ৰান্তত সামৰিক চৰকাৰৰ পুনৰুত্থান হৈ ভূট্টোক ফাচি দিছিল।

ৰাছিয়াৰ একনায়কত্ববাদী ৰাষ্ট্ৰনায়ক পুতিনে যুদ্ধৰ পদ্ধতি গ্ৰহণ কৰাটো কিমান সমীচিন হৈছে, পৰৱৰ্তী সময়তহে বুজা যাব। কিন্তু এই যুদ্ধত যিসকল নিৰীহ ইউক্ৰেইনিয় নাগৰিকৰ মৃত্যু হ’ল, ইউক্ৰেইনৰ অৰ্থনীতিৰ যি ক্ষতি হ’ল, পুতিনে তাৰ দায়িত্ব এৰাই চলিব নোৱাৰে।

মন কৰিবলগীয়া কথা এয়ে যে ৰাছিয়াৰ ছবিয়েট যুগৰ যি ঐতিহ্যৰ বিষয়ে পূৰ্বে পুতিনে কিছু নিৰপেক্ষ অথবা নীৰৱ ভূমিকা লৈছিল, এতিয়া তাক কটু ভাষাত নিন্দা কৰিছে। লেনিনে হেনো ইউক্ৰেইনৰ সুকীয়া অস্তিত্বকে স্বীকাৰ কৰিব নালাগিছিল!! আমাৰ হিন্দু ৰাষ্ট্ৰবাদী সকলে যেনেকৈ অসম, বংগ, কেৰালা, ওড়িষা আদিৰ সুকীয়া পৰিচয় মানিবলৈ টান পায়, তেনেকুৱাই মনোভাৱ।

অৱশ্যে অন্তৰালৰ এটা কথা স্বীকাৰ কৰিব লাগিব। পুতিনৰ প্ৰধান মূৰৰ বিষ হৈছে মাৰ্কিন আধিপত্যবাদী সামৰিক জোঁটৰ (NATO) পৰা ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা। আমেৰিকাই পূৰ্বে ছভিয়েট ইউনিয়নৰ অন্তৰ্ভূক্ত, আৰু এতিয়া ৰাছিয়াৰ সীমান্তত স্বাধীন ৰাষ্ট্ৰ হিচাবে গঠিত দেশবোৰ NATO জোঁটৰ অন্তৰ্ভূক্ত কৰি তাত ছভিয়েট ইউনিয়নক বিপদত পেলাব পৰা NATO ৰ ক্ষেপনাস্ত্ৰ আৰু আন অস্ত্ৰ-শস্ত্ৰ মজুত ৰাখিছে। ৰাছিয়াৰ দক্ষিণে থকা বৃহৎ দেশ ইউক্ৰেইনটো NATO ৰ ঘাঁটি স্থাপিত হ’লে ৰাছিয়াৰ নিৰাপত্তা-সংকট তীব্ৰ হ’ব। অথচ কি আমেৰিকা, কি ইউক্ৰেইন, কোনেও ইউক্ৰেইনক NATO ৰ অন্তৰ্ভূক্ত কৰা নহ’ব বুলি লিখিত ভৰসা দিয়া নাই।

এপাত তাল নাবাজে। আমেৰিকাৰ পক্ষে এতিয়া অৰ্থনৈতিক শক্তিৰে পূৰ্বৰ আধিপত্য ৰক্ষা কৰা টান। বৰঙ যুদ্ধ বা যুদ্ধসদৃশ পৰিস্থিতি ৰচনা কৰি তাৰ দ্বাৰা পশ্চিমৰ বিভিন্ন দেশক নিজৰ প্ৰভাৱাধীন কৰি ৰাখে। সেই দেশবোৰে অৱশ্যে ৰাছিয়াৰ একাধিপত্য নিবিচাৰে।

হিমা, লাভলিনা ইত্যাদি

ঘুনুক-ঘানাককৈ শুনিবলৈ পাইছোঁ যে এইবাৰৰ অলিম্পিত যোগ দিয়াৰ পৰা দুৰ্বল ক্ৰীড়া প্ৰদৰ্শনৰ বাবে হিমা দাসক বাদ দিয়া হৈছে।

এসময়ত ধুমকেতূৰ দৰে উজলি হিমাই যি ক্ৰীড়ানৈপুণ্য আৰু জন্মগত উদ্যম প্ৰদৰ্শন কৰিছিল, প্ৰবাদ প্ৰতীম দৌৰবিদ পি টি উষায়ো তাৰ ভূয়সী প্ৰশংসা কৰি হিমা দাসৰ উজ্জল ভৱিষ্যতৰ ভৱিষ্যদবাণী কৰিছিল। এতিয়া তেওঁ বোধহয় ৰিলেই ৰেচতো অংশগ্ৰহণ কৰিব নোৱাৰিব।

জয়জয়তে অসমত তেওঁক যিদৰে ঘনে-ঘনে ৰাজহুৱা প্ৰশংসা আৰু অভিনন্দনেৰে বুৰাই দিয়া হৈছিল, এগৰাকী কিশোৰীক প্ৰচাৰ-বিমুগ্ধ কৰি পথভ্ৰষ্ট কৰিবলৈ সেয়ে যথেষ্ট আছিল। অভিজ্ঞ পৈণত ক্ৰীড়াবিদ “অৰ্জুন” ভোগেশ্বৰ বৰুৱাই তপতে-তপতে সতৰ্কবাণী শুনাইছিল যে ৰাইজে অভিনন্দন সামৰি তেওঁক ঐকান্তিক অনুশীলনৰ বাবে সময় আৰু সুবিধা দিয়া উচিত। হ’লগৈ তাৰ ওলোটাটো। ৰাজনৈতিক বক্তব্যও ফলত হিমাৰ মুখত শুনা গ’ল। আৰু এতিয়া এয়া পৰিণাম !! ঠোৰতে জনাওঁ, আমিও সময়ত সতৰ্ক কৰি দিছিলো।

লাভলিনাক লৈও একে খেলাই চলিছে। কাৰোবাক উচ্চ প্ৰশংসাৰে আপোন-পাহৰা কৰা কাৰবাৰ তেওঁক ধ্বংস কৰা আয়োজনৰ প্ৰথম অংক বুলি বুজা উচিত। সেই মানুহগৰাকীৰ পৰৱৰ্তী সাফল্য সীমিত বা হতাশাজনক হ’লে আকৌ সেই প্ৰশংসাকাৰী বিলাকেই ঘোৰ নিন্দুকত পৰিণত হয়। লাভলিনাক ৰেম্পত তুলি মডেলিং কৰিবলৈ যিয়েই নুঠাওক, উদেশ্য সৎ বুলিব নোৱাৰি।

অসমৰ পৰিৱেশৰ ভূত

আমাৰ মানুহৰ মাজত বদ্ধমূল বিশ্বাস আছে যে কোনো মৃত মানুহৰ প্ৰেতাত্মাই ভূতৰ ৰূপত সমাজৰ বাকী মানুহখিনিৰ অপায়-অমঙ্গল ঘটায়। অসমৰ গজ-বন, বন্যপ্ৰাণী এফালৰ পৰা ধ্বংস কৰাত সিহঁতৰ আত্মা নগদ টকাৰ ৰূপত ৰাজধানীৰ বেংকত জমা হৈছে, আৰু পিছত টকা হিচাবেই অসমলৈ উভতি ভূতৰ দৰে নতুন নতুন পৰিৱেশ-সংহাৰৰ অভিযান চলাইছে। যাৰ ফলত আমাৰ মানুহৰ জীৱন নানা প্ৰকাৰে সংকটত পৰিছে।

কিন্তু দিল্লীত চাৰিওপিনে সচেতনভাৱে পৰিৱেশৰ শ্যামলিমা বিয়পাই দিয়া হৈছে। আমি দিল্লীত পঢ়ি থকা কালত দিল্লীৰ পৰিৱেশ আছিল তেনেই মৰুময়। দুই এঠাইত কিছু কাঁইটিয়া জোপোহা গছ দেখা গৈছিল। এতিয়া খালি জাগা পালেই গছ ৰুই সযতনে আপডাল কৰি মহীৰূহত পৰিণত কৰা হয়, বা অন্ততঃ সুন্দৰ শ্যামল শোভা ৰচনা কৰা হয়।

আমি অসমীয়ামখাই দিল্লীৰ এই নতুন শোভাত মুগ্ধ হওঁ, তাক উপভোগ কৰোঁ, উচ্চ প্ৰশংসা কৰোঁ, কিন্তু নিজ ৰাজ্যৰ শ্যামল ঐশ্বৰ্য্য আসুৰিকভাৱে বিনাশ কৰাত একো বাধা নিদিওঁ। গুৱাহাটী মহানগৰীত শেষ জোপা গছ বোধহয় অনতিবিলম্বে কটা যাব। আমাৰ পৰিৱেশবিদ, প্ৰকৃতিপ্ৰেমী বহুতৰে ঘাই ধ্যান হ’ল বিদেশত অসমৰ আপুৰুগীয়া গছ-বন, বন্যপ্ৰাণীক লৈ “পেপাৰ” পঢ়া আৰু নাম কৰা। প্ৰকৃতি-পৰিৱেশ ভাল পাই একান্তমনে কাম কৰি যোৱা বিলাকৰ নামো নাই, প্ৰভাৱো সীমিত। “নামকৰা” ধাৰাটোৱেই আমাৰ বহুত মানুহক ফোঁপোলা কৰি তুলিছে। অসমত যে এতিয়া বন বিভাগৰ দুৰাচাৰী উদগনিত অসমৰ প্ৰকৃতি ধ্বংস হৈছে, জানিবলৈ কাৰো বাকী নাই। কিন্তু জানি-শুনিও ৰাইজ নিৰ্বিকাৰ। চকুৰ আগতে পাহাৰ টকলা হৈ ক্ষয় গৈছে, গছ-বনৰ মূঢ়াবোৰহে বাকী আছে, নৈ-জানৰ বালি খান্দি তাৰ স্বভাৱ-চৰিত্ৰও হয় হীনবল, নহয় আসুৰিক কৰি মাছ-পুঠি,কাছ নিৰ্বংশ কৰিছে, নৈপৰীয়া মানুহৰ জীৱন বিপন্ন কৰিছে নানাভাৱে। অন্যতম পৰিণাম নৈ-জান শুকাই যোৱা।

এগৰাকী বিশ্ববন্দিত প্ৰকৃতি বিশেষজ্ঞই কৈছে যে মৃত্যুমুখী বননী এখন পুনৰ সজীৱ কৰিবলৈ বেলেগে হিলৌ-হিচৌ কৰাৰ দৰকাৰ নাই। আমাৰ মাটি পানীৰ লগত নুশুজা বিদেশী গছ ৰুৱাৰ দৰকাৰ নাই। প্ৰকৃতিৰ নিজকে পুনৰুজ্জীৱিত কৰাৰ ক্ষমতা আছে। আমি মাত্ৰ আৰম্ভণিতে কিছু আপডাল কৰিব লাগে, বনদস্যুবোৰক টঙনিয়াই খেদিব লাগে। গছ-বন পুনৰ মূৰ দাঙি উঠিব, নৈ-জানেও প্ৰাণ পাব। অৱশ্যে পাহাৰ আকৌ তলৰ পৰা মূৰ দাঙি নুঠে।

বন বিভাগে এই আসুৰিক দস্যুবৃত্তিত ঢাকোন দিবলৈ এটা শব্দ উলিয়াইছে- “বহনক্ষম বিকাশ” (Sustainable development)। গাড়োৱানে তেনেই বুঢ়া, প্ৰায় অথৰ্ব হৈ পৰা ঘোঁৰাক নিৰ্মম চাবুক মাৰি কাবু কৰোৱাৰ দৰে নিশকতীয়া প্ৰকৃতিৰ ওপৰত বন বিভাগে জাপি দিছে বহন কৰিব নোৱাৰা নতুন নতুন বোজা। মাজে মাজে ভাবোঁ এনে দুষ্ট বনবিষয়াৰ কাৰ্যালয়ত বিৰামহীন ঘেৰাও কিয় কৰা নহয়, আৰু বালি-কাঠৰ ডকাইতবোৰক আজীৱন পাহৰিব নোৱাৰাকৈ পিটন কিয় দিয়া নহয় !!

Related News