সংবিধানত শ্ৰমণবাদৰ প্ৰভাৱ – দ্বিপেন কাকতি

আম্বেদকাৰে এঠাইত লিখিছিল– “[ভাৰতৰ] প্ৰথমজন সমাজ সংস্কাৰক আৰু তেনে লোকসকলৰ ভিতৰত সবাতোকৈ মহামতিজন আছিল গৌতম বুদ্ধ৷ সমাজ সংস্কাৰৰ যিকোনো ইতিহাস তেওঁক লৈয়েই আৰম্ভ হ’ব লাগিব আৰু তেওঁৰ কৰ্মৰাজিক বাদ দি ভাৰতত সমাজ সংস্কাৰৰ কোনো ইতিহাসেই সম্পূৰ্ণ হ’ব নোৱাৰে৷”

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই আৰম্ভণিৰ পৰাই ভাৰতীয় সংবিধানৰ বিৰোধিতা কৰি আহিছে৷ ১৯৫০ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক দেশ হিচাপে ঘোষণা কৰা হয়৷ তাৰ আগদিনা অৰ্থাৎ ২৪ জানুৱাৰী তাৰিখে আৰ এচ এচৰ মুখপত্ৰ “Organiser”ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শংকৰ চুব্বা আয়াৰৰ এটা নিবন্ধ প্ৰকাশ হৈছিল৷ তাৰ শিৰোনাম আছিল “Manu rules our hearts.” নিবন্ধটোত কোৱা হৈছিল যে সংবিধানত ভাৰতীয়ত্বৰ কোনো চাপ নাই; দৰাচলতে ইয়াৰ ভেটি হ’ব লাগিছিল মনুস্মৃতি৷ মনুস্মৃতি ব্ৰাহ্মণ্যবাদৰ মূল আদৰ্শ৷ আম্বেদকাৰৰ মতে, সাম্য, মৈত্ৰী আৰু স্বাধীনতা ব্ৰাহ্মণ্যবাদৰ সাৰকথা৷ আনহাতে এই তিনিটাই হৈছে ভাৰতীয় সংবিধানৰ মূল স্তম্ভ৷

অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় সমাজত দুটা বৈৰী ধাৰা প্ৰৱাহমান হৈ আহিছে৷ এটা হ’ল ব্ৰাহ্মণ্যবাদ আৰু আনটো হ’ল শ্ৰমণবাদ৷ বুদ্ধ, জৈন, নাথ, তন্ত্ৰ, সিদ্ধ, শৈৱ, সিদ্ধান্ত আৰু ভক্তি আদি শ্ৰমণ পৰম্পৰাৰ অন্তৰ্ভূক্ত আছিল৷ এই পৰম্পৰাই সমাজৰ সকলো লোককে সামৰি লৈছিল৷ ইয়াৰ বিধিবিধানবিলাকো ব্ৰাহ্মণ্যবাদৰ পৰিপন্থী আছিল৷ দুয়োটা ধাৰাৰ মাজত মূল বিৰোধ আছিল জাতপ্ৰথাক লৈ৷ ব্ৰাহ্মণ্যবাদৰ মূল পৰম্পৰা আছিল জাতপ্ৰথা, আনহাতে শ্ৰমণবাদ এনে প্ৰথাৰ উৰ্ধত আছিল৷

জাতপ্ৰথা আৰু নাৰী অৱদমনৰ বিধিবিধানেৰে ব্ৰাহ্মণ্যবাদৰ বাইবেল স্বৰূপ মনুস্মৃতি সমৃদ্ধ হৈ আছে; আনহাতে বুদ্ধৰ বাণীৰে শ্ৰমণ পৰম্পৰা সমৃদ্ধ৷ ভাৰতীয় সমাজ ব্যৱস্থাৰ আপাদমস্তক চাৰি বৰ্ণাশ্ৰম প্ৰথা বিস্তাৰিত হৈ আছিল৷ ইয়াৰ পৰাই ক্ৰমাৎ অগণন জাতপাতৰ সৃষ্টি হৈছিল৷ এনে পৰিস্থিতিতে বৌদ্ধ মতাদৰ্শই জাতপাতৰ বিৰুদ্ধে সাম্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল৷ সাধাৰণভাৱে শ্ৰমণ দৰ্শন আৰু বিশেষভাৱে বৌদ্ধ মতবাদে ভাৰতীয় সংবিধানক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে৷ কিছু লোকে অভিযোগ কৰাৰ দৰে ভাৰতীয় সংবিধান পশ্চিমীয়া সংবিধানৰ পৰা চান্দা তুলি আনি প্ৰস্তুত কৰা দলিল নহয়; দেশীয় ভূমিত ইয়াৰ শিপা প্ৰোথিত হৈ আছে৷ ইয়াৰ বুকুত দেশীয় ৰূপৰসগন্ধ আছে৷ সাম্যৰ কথাকে ধৰকচোন৷ ই আমাৰ সংবিধানৰ এক মৌলিক স্তম্ভ৷ সংবিধানৰ অনুচ্ছেদ ১৪ৰ পৰা ১৮লৈকে জনজীৱনৰ প্ৰায় সকলো ক্ষেত্ৰক সামৰি আছে৷ আইনৰ দৃষ্টিত সকলো সমান আৰু সকলোৰে বাবে সমভাৱে আইনৰ সুৰক্ষা লাভ, সামাজিক বৈষম্যৰ দূৰীকৰণ, সকলোৰে বাবে সমভাৱে ৰাজহুৱা সেৱা গ্ৰহণৰ সুযোগ লাভ, অস্পৃশ্যতাৰ অৱসান ঘটোৱা ইত্যাদি৷ সমতা পশ্চিমীয়া আদৰ্শ নহয়, এই আদৰ্শ আহিছে শ্ৰমণ পৰম্পৰাৰ পৰা৷

বৌদ্ধ ধৰ্মৰ পতন হৈছিল সাম্য বিৰোধী প্ৰতিবিপ্লৱী ষড়যন্ত্ৰৰ জৰিয়তে৷ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক, মৌৰ্য সাম্ৰাজ্যৰ শেষৰজন ৰজা বৃহদ্ৰথক হত্যা কৰি ব্ৰাহ্মণ সেনাপতি পুষ্যমিত্ৰ শূঙে এই প্ৰতিবিল্পৱৰ গুৰি ধৰিছিল৷ পুষ্যমিত্ৰ ৰজা হৈ বৌদ্ধ ধৰ্মক নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰিছিল৷ বৌদ্ধ ভিক্ষুৰ শিৰ কাটি আনিলে এশ স্বৰ্ণ মুদ্ৰাৰ পুৰস্কাৰ ঘোষণা কৰিছিল৷ সমাজ ব্যৱস্থালৈ মনুস্মৃতিক ওভতাই অনা হ’ল আৰু তাৰ জৰিয়তে জাতি ব্যৱস্থাক বিধিগত স্বীকৃতি দিয়া হ’ল৷ মনুস্মৃতিয়ে “পৰিস্থিতিৰ তাড়না”ত ৰজা হত্যাক অনুমোদন দিছিল৷ গতিকে সমাজৰ দৃষ্টিত পুষ্যমিত্ৰ ৰাজহত্যাৰ দোষৰ পৰা মুক্ত হৈ পৰিছিল৷ প্ৰজাই তেওঁক গ্ৰহণ কৰিছিল৷

আম্বেদকাৰে কৈছিল–“Buddhism was a revolution. It was as great a Revolution as the French Revolution. Though it began as Religious Revolution, it became more than a Religious Revolution. It became a social and political revolution.” তেখেতে ভাৰতীয় সংবিধানত বৌদ্ধৰ প্ৰাচীন ৰীতিনীতিবিলাকৰ সমাহাৰ ঘটাই গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰতিষ্ঠা কৰা হৈছে বুলি মুকলিকৈ ঘোষণা কৰিছিল ২৫ নৱেম্বৰ, ১৯৪৯ চনত অনুষ্ঠিত সংবিধান সভাৰ সভাত৷ আম্বেদকাৰে আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছিল যে গণতন্ত্ৰৰ ধাৰণাটো আন সূত্ৰৰ পৰা ধাৰ কৰা হোৱা নাই, বৰং বৌদ্ধ মতবাদৰ পৰাহে লোৱা হৈছে৷ কাৰণ গণতন্ত্ৰৰ ধাৰণা বৌদ্ধমতত আমজ্জা বিস্তাৰিত হৈ আছে৷ “Let no one, however, say that I have borrowed my philosophy from the French Revolution. I have not. I have derived them from the teachings of my master, The Buddha. I found that his teaching was democratic to the core.” উল্লিখিত সভাত আম্বেদকাৰে এই বুলিও কৈছিল যে বৌদ্ধ ভিক্ষু সংঘবিলাকৰ গঠন আৰু কামকাজ প্ৰকৃততেই গণতান্ত্ৰিক আছিল৷

আম্বেদকাৰে এঠাইত লিখিছিল– “[ভাৰতৰ] প্ৰথমজন সমাজ সংস্কাৰক আৰু তেনে লোকসকলৰ ভিতৰত সবাতোকৈ মহামতিজন আছিল গৌতম বুদ্ধ৷ সমাজ সংস্কাৰৰ যিকোনো ইতিহাস তেওঁক লৈয়েই আৰম্ভ হ’ব লাগিব আৰু তেওঁৰ কৰ্মৰাজিক বাদ দি ভাৰতত সমাজ সংস্কাৰৰ কোনো ইতিহাসেই সম্পূৰ্ণ হ’ব নোৱাৰে৷”

ভাৰতীয় সংবিধান সেয়েহে বুদ্ধই আৰম্ভ কৰা বিপ্লৱৰে ধাৰাবাহিকতা৷ মনুস্মৃতিৰ উপাসকসকলৰ বাবে এইখন সংবিধান স্বাভাৱিকতে গ্ৰহণযোগ্য নহয়৷ তাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো দূৰৰ কথা৷ সেয়েহে বিজেপি চৰকাৰে সুবিধা আৰু আৱশ্যক অনুযায়ী তাক উলংঘা কৰি থাকে৷

 

লেখকৰ দূৰভাস : ৯৪৩৫০৯০৮৯৯