ঐতিহাসিক জেমছ ৱেব দূৰবীণ : ক্ষমতাৰ অন্ধ প্ৰক্ষালনৰ যুগত মানৱীয় মহত্ত্বৰ বিজয়

James Webb Space Telescope

আহি আহি আমি ক’ত উপনীত হ’লো?এই স্থান-সময়ৰ পৰা ভৱিষ্যতৰ পথ কোন দিশে? এই যে কেন্সাৰৰ দৰে নানা লক্ষণ প্ৰকট কৰি তোলা ঘৃণা আৰু বিদ্বেষৰ ৰোগ এটি বিয়পিছে, সি মানুহক মানুহ কৰি ৰাখিব নে নাই? নে এদিন সকলো খহি পৰিব মহাজাগতিক সংঘৰ্ষত ধ্বংসপ্ৰাপ্ত কোনো অজান গ্ৰহ এটিৰ দৰেই? আমি কি আশা বুকুত বান্ধি লৈ জীয়াই থাকিম?

এদিন হয়তো মানুহে নতুন চেতনাৰে বিজুলীৰ দৰে গৰজি উঠিব! মানৱতাৰ প্ৰতি থকা এনে গভীৰ আশাবাদৰ বাবেই আজিও আমি আকাশলৈ মূৰ তুলি চাই সন্ধান কৰিছো বিশ্ব সৃষ্টিৰ সেই মহা ইতিহাসক, পৃথিৱী আৰু সূৰ্য্যৰ জন্মৰ পূৰ্বেই বিৰাজমান দৃশ্যমান মহাবিশ্বৰ সবাতোকৈ প্ৰাচীন কোনো তাৰকাৰাজ্য আৰু নক্ষত্ৰৰ আলোকক!

জেমছ ৱেব নামৰ বিশ্বৰ আটাইতকৈ শক্তিশালী দূৰবীণটোৱে যোৱা ডিচেম্বৰৰ শেষভাগত মহাকাশ অভিমুখে যাত্ৰা কৰিছিল। চন্দ্ৰতকৈও বহু লক্ষ কিঃমিঃ আতৰত প্ৰায় ১.৫ মিলিয়ন কিঃমিঃ দূৰৈৰ কক্ষপথেৰে দূৰবীণটোৱে পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ L2 নামৰ বিশেষ স্থানত উপনীত হৈ পৃথিৱীৰ পৰিৱৰ্তে সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিছিল।

বৰ্তমানে ৩০০ কিঃমিঃ দূৰৈত থাকি পৃথিৱীক প্ৰদক্ষিণ কৰি থকা হাবল দূৰবীণতকৈ ৫০০ গুণ শক্তিশালী জেমছ ৱেবক সূৰ্য্য, চন্দ্ৰ বা পৃথিৱীৰ পৰা নিৰ্গত কোনো বিকিৰণে স্পৰ্শ কৰিব নোৱাৰাকৈ দূৰবীণটোক প্ৰায় -২৩২ ডিগ্ৰী ছেঃ উষ্ণতাত ৰখা হৈছে, যাৰ ফলত সৃষ্টিৰ সবাতোকৈ প্ৰাচীন অথচ দৃশ্যমান অতীতৰ সময়ৰ পৰা দুৰন্ত বেগেৰে আতৰি যোৱা Galaxy সমূহৰ পৰা নিৰ্গত অৱলোহিত (Infra red ) বিকিৰণ জেমছ ৱেবে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব।

এনে বিকিৰণক দৃশ্যমান পোহৰ ৰশ্মি(visible light) ধৰা পেলোৱা দূৰবীণেৰে চাব পৰা নাযায়। সেয়েহে সন্দেহ নাছিল যে দৃশ্যমান পোহৰক প্ৰত্যক্ষ কৰিব পৰা হাব’লতকৈ Infra red জেমছ ৱেবৰ চকুৰে দেখা মহাবিশ্ব হৈ উঠিব অধিক ভয়াৱহ, ৰহস্যময় আৰু সুন্দৰ!

অৱশেষত ঐতিহাসিক জেমছ ৱেব দূৰবীণৰ প্ৰথম খন ছবি শেহতীয়া ১২ জুলাইত নাছাই প্ৰকাশ কৰে। SMACS 0723 নামৰ তাৰকাৰাজ্যৰ থূপ এটিৰ ৪.২ বিলিয়ন আলোকবৰ্ষ দুৰত্বত তোলা এইখনেই এই মুহূৰ্তৰ সবাতোকৈ সংবেদনশীল আলোকচিত্ৰ। পূৰ্বতে নেদেখা ৰঙা সৰণ যুক্ত(Red shifted) আমাৰ দৃষ্টিৰ পৰা চিৰদিনলৈ আতৰি গৈ থকা বহু ক্ষীণ পোহৰৰ তাৰকাৰাজ্য জেমছ ৱেবে প্ৰত্যক্ষ কৰিছে।

এইবোৰ আমাৰ দৃশ্যমান পোহৰ বৰ্ণালীৰে দেখাটো সম্ভৱ নহয়। তাৰকাৰাজ্যৰ থূপটিৰ সিপাৰে থকা দূৰৈৰ কোনো তাৰকাৰাজ্যৰ উৎসৰ পৰা অহা পোহৰক আৰু তাৰ নিকটৱৰ্তী স্থানক থূপটিৰ মহাকৰ্ষণে ভাজ লগাই দিয়াৰ ফলত দূৰৈৰ তাৰকাৰাজ্য সমূহৰ এক ধৰণৰ দীঘলীয়া Distorted গঠন প্ৰত্যক্ষ কৰা গৈছে। ই মহাকাশ বিজ্ঞানৰ আশ্বৰ্যজনক এক লেনছিং পৰিঘটনা।(Gravitational Lensing Effect) ইয়াৰ সহায়তে জেমছ ৱেবে দৃশ্যমান মহাবিশ্বৰ সৃষ্টিৰ একেবাৰে আদি ক্ষণৰ তাৰকাৰাজ্য সমূহ দেখিবলৈ সক্ষম হৈছে। ৱেব দূৰবীণে প্ৰকাশ কৰা আন কেইবাখনো ছবিৰ ভিতৰত উল্লেখিত ছবিখনেই সবাতোকৈ সংবেদনশীল, যিখন ছবি আমাৰ বিশ্বব্ৰহ্মাণ্ডীয় অতীতৰ ছবি, ছবিখনত থকা ৰঙচুৱা, দীঘলীয়াকৈ থকা তাৰকাৰাজ্য বোৰ আটাইতকৈ প্ৰাচীন; সেইবোৰ সেই সময়ৰ যিসময়ত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স আছিল মাথো কেইশ মান মিলিয়ন বছৰ। ইয়াতকৈ অতীতৰ ফালে ভুমুকি মাৰিলে হয়তো এক অন্ধকাৰ সময়ক পোৱা যাব,যি সময়ত তৰাবোৰৰ জন্মই হোৱা নাছিল!

 

চিত্ৰ: হাবল দূৰবীণ আৰু জেমছ ৱেবৰ দ্বাৰা তোলা SMACS 0723 তাৰকাৰাজ্য ৰ থূপটিৰ দুই ভিন্ন ৰূপ

 

চিত্ৰ: Stephan’s Quintet

আমাৰ বিৱৰ্তনৰ দৰেই তাৰকাৰাজ্য সমূহৰ বিৱৰ্তনৰো নিজস্ব ইতিহাস আছে,এই ইতিহাস কেবা বিলিয়ন বছৰৰ,আমাৰ হাটীপটিৰ বিৱৰ্তনৰ সৈতেও জড়িত হৈ আছে মিলিয়ন,বিলিয়ন বছৰ জুৰি ইয়াৰ প্ৰবল মহাকৰ্ষণ ক্ষেত্ৰত বন্দী হৈ পৰা সৰু বৰ বহু উপগ্ৰহীয় তাৰকাৰাজ্য(Satellite galaxy),যিবোৰে হাটীপটিৰ গঠনত সহায় কৰিছে। ৱেবে প্ৰত্যক্ষ কৰা Stephan’s Quintet হৈছে প্ৰৱহমান বিৱৰ্তনৰ পথত নৃত্যৰতা ৫ খন তাৰকাৰাজ্যৰ মহাজাগতিক মহামিলনৰ এক প্ৰতিচ্ছবি।

আমাৰ পৃথিৱীৰ পৰা ৭৬০০ আলোকবৰ্ষ দূৰৈত থকা Carina নেবুলাৰ অন্তৰ্গত NGC ৩৩২৪ নামৰ মহা জাগতিক গেছৰ ডাৱৰেৰে পৰিপূৰ্ণ অঞ্চলটি তৰাৰ জন্মস্থান। এই ডাৱৰ ফালি অহা অৱলোহিত বিকিৰণক ধৰা পেলাবলৈ সক্ষম হোৱা ৱেবে পূৰ্বতে নেদেখা বহু কেচুৱা তৰাই দুৰন্ত ৰূপত কৈশোৰ আৰু যৌৱন প্ৰাপ্ত হোৱা প্ৰত্যক্ষ কৰিছে। এই ডাৱৰৰ কেন্দ্ৰভাগত থকা নতুনকৈ যৌৱন প্ৰাপ্ত তৰাৰ পৰা নিৰ্গত অতি খঙাল আৰু উগ্ৰ ৰূপ বিশিষ্ট UV বিকিৰণ আৰু সৌৰ ধুমুহাই প্ৰচণ্ড বেগেৰে সৈতে অভ্যন্তৰৰ পৰা বাহিৰলৈ ওলাই আহি স্বৰ্ণখচিত পৰ্বতৰ শৃংগ (peaks)সদৃশ কেতবোৰ গঠন সৃষ্টি কৰাৰ দৃশ্য ৱেবৰ কেমেৰাত খোদিত হৈছে!

 

চিত্ৰ:Carina নেবুলাৰ অন্তৰ্গত গেছৰ ডাৱৰবোৰ,যাৰ অভ্যন্তৰত নতুন তৰা সৃষ্টিৰ মোহনীয় ৰূপ

সূৰ্য্যৰ দৰে মধ্যম ভৰৰ একোটা তৰাৰ অন্তিম পৰিণতি নিশ্চয় কোনো মহা বিষ্ফোৰণ বা ছুপাৰন’ভা নহ’বগৈ ,বৰঞ্চ সূৰ্য্যৰ বহিঃ গেছীয় আৱৰণ বোৰ বিস্তৃত হৈ ওলাই ঘূৰণীয়া বলয় সদৃশ এক বিশেষ গঠনৰহে সৃষ্টি কৰিব, এনে গঠনকেই Planetary নেবুলা বোলা হৈছে। পৃথিৱীৰ পৰা ২০০০-২৫০০ আলোকবৰ্ষ দূৰৈত অৱস্থিত Southern Ring Nebula এনে এক Planetary নেবুলা। পূৰ্বৰ কিছু গৱেষণাত ঠাৱৰ কৰা হৈছিল যে Ring Nebula আচলতে দুটা তৰাৰে গঠিত গেছৰ এক মহাবলয়, য’ত ক্ষীণ, অদৃশ্যমান তৰাটোৱে বহু হাজাৰ বছৰ জুৰি ক্ৰমাগত ভাৱে নিৰ্গত কৰি আহিছে গেছ আৰু মহাজাগতিক ধূলি। ৱেব দূৰবীণে এই অদৃশ্য ,মৃত্যু শয্যাত থকা তৰাটোক ইয়াৰ মধ্যৱৰ্তী অৱলোহিত বিকিৰণ মাপক যন্ত্ৰটোৰ (MIRI) সহায়ত ধৰা পেলাইছে।

 

চিত্ৰ: Ring Nebula. সোঁফালৰ ছবিখনত নতুনকৈ দৃষ্টি গোচৰ হোৱা জীৱনৰ অন্তিম অৱস্থা প্ৰাপ্ত তৰাটি

এনেদৰেই জেমছ ৱেব দূৰবীণে এক নতুন মহাকাশ যুগৰ পাতনি মেলিবলৈ সাজু হৈছে। অৰ্বাচীন সময় আৰু স্থানৰ ইতিহাসকো অনাগত দিনত আৰু নতুন ধৰণে লিপিবদ্ধ কৰিবলৈ সাজু হৈছে । যি ইতিহাসে মহাকাশৰ বুকুত মানুহৰ কেৱল এটাই পৰিচয় অংকিত কৰিব,মানৱ জাতি আন্তঃগ্ৰহীয় এক প্ৰজাতি মাত্ৰ! এই প্ৰজাতি বিষ্ময়কৰ, সম্ভৱ একক আৰু অনন্য। যি একেসময়তে শ্ৰেণীবিভক্ত, নিষ্ঠুৰ ক্ষমতাৰ দ্বাৰা পদানত আৰু আনফালে জ্ঞানৰ আলোকাংক্ষী, অন্ধ আসুৰিক প্ৰতিযোগিতাৰ বিপৰীতে সহযোগিতাৰে জ্ঞান আৰু সামগ্ৰিক কল্যাণৰ পথত খোজ দিব পৰাটোও ইয়াৰ এক অন্যতম, জৈৱিক, সামাজিক, ৰাজনৈতিক আৰু সাস্কৃতিক বৈশিষ্ট্য।

যিসকলে মানুহৰ সেই পৰিচয়ক কেৱল কেইহাজাৰ মান বছৰীয়া প্ৰাচীন একোটা শ্ৰেষ্ঠতম সভ্যতা, ৰাষ্ট্ৰ, ধৰ্ম আৰু একক সংস্কৃতিৰ চক্ৰাকাৰ স্থান সময়ৰ কাৰাগাৰত বন্দী কৰি ৰাখিব খোজে,তেওঁলোকে মানৱতাৰ এনে বহু বৈপৰীত্যক দেখা নাপাব, এনে বিজ্ঞান শিল্পৰ মহত্ত্বকো উপলব্ধি কৰিব নোৱাৰিব। আমি এনে এক বৈজ্ঞানিক যুগত বসবাস কৰিছো, য’ত বিজ্ঞান বহু মাত্ৰাত ক্ষমতাশালী পুঁজিৰ অধীন, যি পুঁজি আৰু ক্ষমতাৰ শাসনে গঢ়ি তোলা ভিত্তিমূলতেই ধৰ্মীয় আৰু সাংস্কৃতিক মৌলবাদৰ উপৰিসৌধ। এনে পৰিবেশত ধৰ্মীয় দেৱ দেৱী বা প্ৰফেটৰ ওপৰত ব্যক্তিগত আস্থা , বিশ্বাস-অবিশ্বাসতকৈও ৰাজনৈতিক ভাৱে নিৰ্মিত সন্মিলিত ‘ধৰ্মীয় অনুভূতি’ৰ প্ৰাবল্য অধিক।

ফলস্বৰূপেই বিজ্ঞান চৰ্চাই দাৰ্শনিকতা, মানৱীয় উৎকৰ্ষতা তথা এক ন্যায়নিষ্ঠ সমাজমুখী উদ্দেশ্যধৰ্মীতাৰ পৰা বিচ্যুত হৈ প্ৰযুক্তি আৰু পন্য সৃষ্টিত নিয়োজিত পুঁজিৰ নিয়ন্ত্ৰণাধীন হৈ পৰে, সম্ভৱ এনে ক্ষেত্ৰতেই বিজ্ঞানক এক উদ্দেশ্যধৰ্মীতা প্ৰদান কৰিবলৈ আৱিৰ্ভাৱ হয় নানান ধৰ্মীয় ছদ্ম বিজ্ঞানৰ। এনে ছদ্ম বিজ্ঞানৰ অচিলাৰে বৰ্তমানৰ সংকটক নেওচা দি প্ৰাচীন ধৰ্মীয় যুগৰ অদ্ভুত কিছু বৈজ্ঞানিক ‘পাৰদৰ্শিতাৰ ইতিহাস’ নিৰ্মাণ কৰি উলিওৱা হয়, অথচ এনে প্ৰাচীনত্বৰ গুণ গৰিমাই আধুনিক বিজ্ঞানৰ চৰ্চাৰ পৰিবেশ গঢ়ি তোলাত সহায় নকৰে , ওলোটাই এনে কুচকাৱাজৰ দ্বাৰা মানুহক পুনঃসংঘৱদ্ধ কৰা হয় আৰু নতুন ৰূপেৰে প্ৰাচীন ধৰ্মীয় পৰম্পৰা, শৈলী আৰু প্ৰতীকৰেই পুনৰ্নিমাণৰ দ্বাৰা কেৱল ক্ষমতাচক্ৰৰ ক্ৰীড়নকত পৰিণত কৰি ৰখা হয়।

সেয়েহে , সাম্প্ৰতিক সময়ৰ পটভূমিত ঐতিহাসিক আৰু যুগান্তকাৰী, জীৱন-জগত আৰু সৃষ্টি সম্পৰ্কে মানুহৰ চেতনাত মৌলিক পৰিৱৰ্তন আনিব পৰা গৱেষণাবোৰৰ গুৰুত্বক প্ৰতিষ্ঠা কৰাটো প্ৰয়োজন। জেমছ ৱেবে তেনে এক নতুন সম্ভাৱনাৰ বাৰ্তাকেই কঢ়িয়াই আনিছে।