নাৰীবাদ : এক চমু আলোচনা

নাৰীবাদ কি ?  নাৰীবাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে Feminism । ইংৰাজী Feminism শব্দটো আহিছে ফৰাচী শব্দ Femme ৰ পৰা । যাৰ অৰ্থ হৈছে  Women । উনবিংশ শতাব্দীৰ আৰম্ভণীতে ফৰাছী সমাজতান্ত্ৰিক Charles Fourier ৰে সৰ্বপ্ৰথম Faminism শব্দটি উদ্ভাৱন কৰে । তাৰপিছত ১৮৮০ চনমানৰ পৰা ফ্ৰান্সত নাৰীবাদৰ তাত্ত্বিক আলোচনা আৰু নাৰীবাদী চিন্তা চৰ্চাৰ প্ৰাসাৰ হয় ।  নাৰীবাদ শব্দটো যদিও নতুন কিন্তু ইয়াৰ বহু আগৰে পৰা অৰ্থাৎ প্ৰাচীন গ্ৰীচত নাৰী অধিকাৰৰ সপক্ষে বীজ ৰোপণ হৈছিল । প্লেটুৱে তেতিয়াই নাৰীয়ে যুদ্ধ আৰু শাসন কৰিব পৰা পৰিৱেশ এটাৰ কথা কৈছিল । ফৰাচী লেখক Christine de pisan ( ১৩৬৪- ১৪৩০) এ তেওঁৰ গ্ৰন্থ ‘ The Book of The City of Ladies’ ত নাৰীৰ সুষম অধিকাৰৰ কথা লিখিছিল । নাৰীবাদ মানে পুৰুষ বিৰোধী নহয় । নাৰীবাদ হৈছে পুৰুষতন্ত্ৰৰ বিৰোধী । নাৰীবাদ হৈছে নাৰী আৰু পুৰুষৰ মাজত থকা সকলো ধৰণৰ লিংগভিত্তিক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পাৰ্থক্য দূৰ কৰি সমতা স্থাপন কৰা ।  এই সামগ্ৰিক নাৰীবাদৰ বিকাশ ঘটিছিল পাশ্চাত্যৰ উদাৰ গণতান্ত্ৰিক ৰাজনৈতিক পৰিৱেশত । মূলত পাশ্চাত্যৰ ব্যক্তিস্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰেৰণাত নাৰীবাদৰ বিকাশ ঘটে ।

১৭৮৭ চনত স্বাধীন আমেৰিকাৰ সংবিধান গৃ্হীত হয় । স্বাধীনতা যুদ্ধৰ সময়ত মাৰ্কিন পুৰুষসকল যুদ্ধত ব্যস্ত থকাৰ সময়ত শিক্ষানুষ্ঠান, কল-কাৰাখানা, কাৰ্যালয় আদি কামত নাৰীসকলৰ অংশ গ্ৰহণৰ সুবধা আৰু দখল বৃদ্ধি পাইছিল । পিছলৈ পুনৰ নাৰীৰ পৰা এই অধিকাৰসমূহ কাঢ়ি লোৱা হৈছিল যদিও বহু অধিকাৰ আৰু স্বাধীনতা নাৰীৰ হাতত থাকি যায় ।  তেনেকৈয়ে নাৰীৰ অধিকাৰ আৰু স্বাধীনতাৰ সপক্ষে আমেৰিকাত নাৰীবাদী জাগৰণ চলি থাকে । আমেৰিকাৰ এই জাগৰণ দুটি প্ৰৱণতাৰ মাজেৰে আগবাঢ়িছিল । প্ৰথমটো আছিল পুৰুষ আধিপত্য আৰু নিপীড়নৰ বিৰুদ্ধে একধৰণৰ নৈৰাজ্যবাদী প্ৰৱণতা । দ্বিতীয়টো প্ৰৱণতা আছিল ভোটাধিকাৰ সপক্ষে । ভোটাধিকাৰ দাবীৰ প্ৰৱণতা আছিল কৃষাংগ তথা মধ্যশ্ৰেণীৰ নাৰীসকলে সন্মুখীন হোৱা শ্ৰেণী দ্বন্দ্বৰ ফলাফল । প্ৰথমতে নাৰী ভোটাধিকাৰৰ দাবীত হোৱা এক গণভোটত আমেৰিকাৰ ২৩ খন ৰাজ্যৰ মাত্ৰ দুখনত হে ভোটাধিকাৰৰ সপক্ষে সংখ্যাগৰিষ্ঠ ভোটদান হয় । এই নাৰী ভোটাধিকাৰৰ সপক্ষে ভোটদানৰ প্ৰধান বিৰোধী চক্ৰটো আছিল ব্যৱসায়ী আৰু সুৰা কোম্পানীসমূহ । কাৰণ সেই সময়ত দাস প্ৰথা আৰু মদ বিৰোধী আন্দোলনত নাৰীৰ যোগদা আছিল গুৰুত্বপূৰ্ণ ।  অৱশেষত ভোটাধিকাৰৰ দাবীত ১৯১০ চনত হোৱা গুৰুত্বপূৰ্ণ গণস্বাক্ষৰত এই দাবীয়ে নাৰী-পুৰুষসকলো শ্ৰেণীৰ মানুহৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হয় আৰু ১৯২০ চনৰ ভিতৰত সকলো মাৰ্কিন ৰাজ্যৰ নাৰীয়ে ভোটাধিকাৰৰ অধিকাৰ লাভ কৰে । ঠিক তেনেদৰে দীৰ্ঘকালীন সমযোগ্যতাৰ প্ৰমাণ আৰু আন্দোলনৰ পিছত ১৯১৮ চনত ইউৰোপ, ১৯১৯ চনত জাৰ্মান আৰু বিশ্বৰ বিভিন্ন দেশত নাৰীয়ে ভোটাধিকাৰ লাভ কৰিলে যদিও সমঅধিকাৰ, বেতনা, শিক্ষাৰ অধিকাৰ আৰু আৰ্থ-ৰাজনৈতিক দিশত নাৰী পুৰুষৰ পাৰ্থক্য থাকি গ’ল । ইয়াৰ মাজতে নাৰী ভোটাধিকাৰৰ বাবে প্ৰচাৰ চলোৱা জন ষ্টুৱাৰ্ড মিলে হেৰিয়েট টেইলৰ নামৰ বিধৱা মহিলা এগৰাকীৰ সৈতে বিবাহ সম্পন্ন কৰিলে । যি সময়ত বিধৱা বিবাহ সামাজিক নাছিল সেই সময়তে মিলে পুৰুষতান্ত্ৰিক ৰক্ষণশীলতাত চৰম আঘাত কৰিছিল । তদুপৰি ফৰাছী বিপ্লৱৰ সময়ত হোৱা নাৰীবাদী আন্দোলনৰ ফলত ফ্ৰান্সত নাৰীকলে বিবাহ বিচ্ছেদৰ অধিকাৰ লাভ কৰিছিল । কিন্তু পিছলৈ ফ্ৰান্সৰ নাৰীসকলৰ পৰা এই অধিকাৰ কাঢ়ি লোৱা হৈছিল ।

ৰুছ বিপ্লৱ আছিল বিশ্বৰ নাৰীবাদী জাগৰণৰ ইতিহাসৰ এক সোণালী অধ্যায় আৰু নাৰী মুক্তিৰ ফালে এজাক নতুন বতাহ । লেনিনে কৈছিল –“নাৰীসকলে পূৰ্ণ স্বাধীনতা অৰ্জন নকৰালৈকে সৰ্বহাৰাসকলে কেতিয়াও পূৰ্ণ স্বাধীনতা অৰ্জন কৰিব নোৱাৰে ।” ৰুচ বিপ্লৱৰ সকলো স্তৰতেই নাৰীয়ে অগ্ৰণী ভূমিকা লৈছিল ।  সমাজতান্ত্ৰিক আদৰ্শই  পুঁজিৰ দাসত্বৰ পৰা মুক্তিৰ লগতে পুঁজি আৰু পুৰুষতন্ত্ৰৰ পৰা নাৰী দাসত্বৰ মুক্তিৰ হকেও পণ লৈছিল । কমিউনিষ্টসকলে নাৰীক কেৱল অৰ্থনৈতিক দাসত্বৰ পৰা উদ্ধাৰ কৰায়েই নহয় আইনগত সমঅধিকাৰ আৰু সমমৰ্যাদাৰ ভিত্তিত নাৰী মুক্তিৰ কথা কৈছিল । পাৰ্টিৰ ইস্তাহাৰত লেনিনে নাৰীৰ ওপৰত চলা দমন আৰু নিপীড়ন বিলোপ কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছিল আৰু বিপ্লৱৰ পিছত ইয়াক কাৰ্যত পৰিণত কৰা হৈছিল । লেনিনে সমতাৰ বাবে ছোভিয়েট নাৰীক প্ৰদান কৰা সুবিধা আৰু অধিকাৰসমূহ আছিল এনেধৰণৰ-    (ক) প্ৰাপ্তবয়স্কৰ মাজত ধৰ্ম নিৰপেক্ষ আৰু প্ৰাপ্তবয়স্ক পঞ্জীয়নকৃত বিবাহৰ অধিকাৰ । (খ)  বিবাহৰ পিছত নাৰীয়ে উপাধি ব্যৱহাৰৰ স্বাধীনতা । (গ)  বৈধ আৰু অবৈধ সন্তানৰ পাৰ্থক্য বিলোপ । (ঘ)  গৰ্ভপাতৰ অধিকাৰ । (ঙ) বিবাহিত আৰু অবিবাহিত মহিলাক প্ৰসৱকালীন ছুটীৰ ব্যৱস্থা । (চ) বেশ্যা বৃত্তি নিষিদ্ধকৰণ ইত্যাদি । শাসনৰ মাত্ৰ তিনি বছৰৰ ভিতৰত এই অধিকাৰসমূহ ৰূপায়ন কৰা হৈছিল । অৱশ্যে ইয়াৰ পিছতো নাৰীৰ পৰিয়ালকেন্দ্ৰিক তথা গৃ্হদাসত্বৰ অৱসান নঘটিল । ঘৰৰ বাহিৰত জীৱিকা হিচাপে কাম কৰিও, অৰ্থনৈতিক সমতা আৰু স্বাৱলম্বীতাৰ সুবিধা লাভ কৰাৰ পিছতো নাৰীসকল পুৰুষৰ অধীন হৈ থাকিল ।

ইয়াৰ পিছতো নাৰীবাদী জাগৰণে বিভিন্ন স্তৰ পাৰ কৰিলে । নাৰীসকলে নিজৰ অধিকাৰ বাবে মাত মাতিয়েই আছে। নাৰীবাদৰ আৰম্ভণীৰ দুটা শতক হোৱাৰ পিছতো লিংগ বৈষম্য দূৰ হোৱা নাই । লাহে লাহে নাৰীবাদৰ পৰিসৰ বাঢ়ি আহিছে । লাহে লাহে নাৰীবাদে বহু বিষয় বাদ দিয়াৰ লগতে কেতবোৰ নতুন বিষয় নাৰীবাদৰ অন্তৰ্ভুক্তি কৰিছে । দীৰ্ঘদিন ধৰি আমাৰ ভাৰতবৰ্ৰষতো নাৰীয়ে অধিকাৰৰ বাবে যুঁজি আহিছে যদিও আন বহুতো দেশৰ তুলনাত ভাৰতবৰ্ষত নাৰীবাদী জাগৰণ বহু পিছপৰি আছে । নাৰীজনিত অপৰাধ , ধৰ্ষণ, লিংগ অসংবেদনশীলতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ শীৰ্ষত আছে ।

আজি কেইদিনমান আগতে অসমৰ এখন বিশ্ববিদ্যালয়ৰ কেম্পাছত চিগাৰেট বিক্ৰী বন্ধ কৰি দিয়া হোৱাৰ খবৰ পাইছিলোঁ । এখন শিক্ষানুষ্ঠানত চিগাৰেট বিক্ৰী বন্ধ কৰি দিয়া খবৰটোৱে আমাক আনন্দিত কৰাৰ লগতে একেসময়তে হতাশ কৰিলে । মনলৈ লৈ আনিলে বহুকেইটা সমাজ-ৰাজনৈতিক প্ৰশ্ন । কাৰণ বছৰ বছৰ ধৰি বিশ্ববিদ্যালয়ৰ চৌহদত চিগাৰেট বিক্ৰী কৰি অহা দোকানখনত হঠাৎ চিগাৰেট বিক্ৰী বন্ধ কৰি দিয়া কাৰণটোৰ আঁৰত সোমাই আছে এক পুৰুষতান্ত্ৰিক আগ্ৰাসন । ইমানদিনে সেইখন দোকানত কেৱল ছাত্ৰ আৰু অধ্যাপকসকলেহে চিগাৰেট সেৱন কৰিছিল । কিন্তু কিছু্দিনৰ পৰা সেই দোকানত দুই এগৰাকী ছাত্ৰীয়েও চিগাৰেট সেৱন আৰু ক্ৰয় কৰিবলৈ অহা কথাটো প্ৰচাৰ হোৱাৰ লগে লগে কৰ্তৃপক্ষই দোকানখনত চিগাৰেট বিক্ৰী বন্ধ কৰিবলৈ কাঢ়া নিৰ্দেশ জাৰি কৰিলে । সমাজৰ এক মৰাত্মক ব্যাধি হিচাপে আমি সকলো ঠাইতে চিগাৰেট বিক্ৰী বন্ধ হোৱাতো বিচাৰোঁ । কিন্তু এই বিশ্ববিদ্যালয়ত চিগাৰেট বিক্ৰী বন্ধ কৰাৰ কাৰক এইটো নহয় । ইয়াৰ কাৰণ নাৰীয়ে ইয়াত পূৰ্ব প্ৰতিষ্ঠিত ‘নাৰীত্ব’ ৰক্ষা কৰা নাই । সমাজৰ নীতি মতে নাৰী সদায় পবিত্ৰ হ’ব লাগিব । সমাজৰ কিছু প্ৰতিষ্ঠিত নীতি আছে । সেই নীতিত নিৰ্ধাৰিত আছে নাৰী কেনেকুৱা হোৱা উচিত আৰু পুৰুষ কেনেকুৱা হোৱা উচিত । সমাজৰ মতে সেই নীতি বা আৰ্হি মতেই পুৰুষ ‘পুৰুষ’ আৰু নাৰী ‘নাৰী’ হ’ব লাগে ।

নাৰী কি ? ইয়াৰ সংজ্ঞা ভাৰতৰ দৰে ঠাইত আজিৰ তাৰিখতো মনুস্মৃতি, লক্ষী চৰিত , মহাভাৰত আদিৰ দৰে চৰম সামন্তীয় আৰু পুৰুষতান্ত্ৰিক ধৰ্ম গ্ৰন্থই দিয়া নীতিবাদী ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত আৰু প্ৰচলিত । ইয়াৰ দ্বাৰা নিৰ্ধাৰিত নাৰীৰ সংজ্ঞা বা ধাৰণাক ওপৰে ওপৰে চালে ভাৰতীয় নাৰীত্ব পৰম পূজনীয়, পবিত্ৰ , সন্মানীয়, মহিয়সী, ত্যাগৰ প্ৰতীক হিচাপে দেখিবলৈ পোৱা যায় । কিন্তু দ’কৈ বিশ্লেষণ কৰিলে বা বাস্তৱিকতে চাবলৈ গ’লে দেখা যায় ধৰ্মগ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় ‘নাৰীত্ব’ৰ ধাৰণা নাৰী শোষণৰ কৌশলগত আহিলাহে মাত্ৰ । যাৰ সহায়ত নাৰীক অতি সহজে আৰু কৌশলেৰে সকলো স্থানতেই স্থায়ীভাবে তলত ৰখা হয় । আনকি নাৰীৰ কোনো ধৰণৰ ব্যক্তি স্বাধীনতা নাথাকে । দেখা যায় এই ধৰ্মগ্ৰন্থসমূহে নাৰীৰ সহজে বিশ্বাসৰ অযোগ্য হিচাপে দেখুৱাই আহিছে । মহাভাৰতৰ প্ৰতিটো পৃষ্ঠাতে নাৰী অৱদমিত । তাত নাৰীৰ কোনো ব্যক্তি স্বাধীনতা নাই । সদায় নাৰীয়ে সতীত্বৰ পৰীক্ষা দি আহিব লগীয়া হৈছে । কিন্তু পুৰুষে অধিক ৰমণীৰ লগত সংগম কৰি ফুৰিলেও পুৰুষৰ কোনো পাপ নহয় । মহাভাৰত আৰু মনুৱে এই কথাই বাৰে বাৰে মন মগজুত ভৰাই ৰাখিছে যে নাৰী পুৰুষৰ দাস । এই ক্ষেত্ৰত  নাৰীত্ব বা স্ত্ৰী লিংগৰ প্ৰচলিত যি পৰিচয় , সেই সম্পৰ্কে  বিশ্বখ্যাত নাৰীবাদী লেখক ছিম’ন দ্য ৱ’ভৱাৰে  THE SECOND SEX  গ্ৰন্থত মত আগবঢ়াইছে এইদৰে – One is not born , but rather becomes , a woman . It is civiulization as a whole that produces this creature.. which is decribed as feminine । অৰ্থাৎ নাৰীত্ব আৰু পুৰুষত্ব হৈছে এক সামাজিক নিৰ্মিতি । ই প্ৰাকৃতিক নহয় । সমাজখন পুৰুষ প্ৰধান গতিকে সমাজত এনে কিছুমান ধাৰণা প্ৰচলিত যে পুৰুষ সাহসী, পুৰুষ পবিত্ৰ, পুৰুষ প্ৰথম ইত্যাদি । তেনেকৈ নাৰীক বিশ্বাস কৰিব নালাগে, নাৰীৰ পেটত কথা নাথাকে, নাৰীয়েই নাৰীৰ শত্ৰু, নাৰী ভয়াতুৰ, আৱেগিক  আদি ধাৰণা কিছু প্ৰচলন কৰা হয় । এতিয়া বহুতে নাৰী আৰু পুৰুষৰ দৈহিক পাৰ্থক্যক লৈ পুনৰ অসমতাৰ সপক্ষে যুক্তি দাঙি ধৰিব । হয়,  নাৰী আৰু পুৰুষৰ প্ৰাকৃতিক দেহতাত্ত্বিক পাৰ্থক্য আছে ; তাত আমাৰ দ্বিমত নাই । কিন্তু এই দেহতাত্ত্বিক পাৰ্থক্যক পৰিবৰ্তন কৰি এক সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক লিংগ পৰিচয়লৈ লৈ যোৱা হয় , তাত আমাৰ আপত্তি আছে। য’ত দেখুওৱা হয় যে নাৰী পুৰুষতকৈ দুৰ্বল । অথচ বাস্তৱিকতে দেখা যায় যে দুৰ্বল বুলি কোৱা নাৰীয়ে নাৰীৰ ওপৰত আৰোপিত শ্ৰমৰ যোগেদি পুৰুষতকৈ দুৰ্বল নহয় বুলি সদায় প্ৰমাণ দি আহিছে ।

নাৰী শোষণৰ আন এক শক্তিশালী শেল হ’ল ভাৰ্জিনিটি । ভাৰতীয় সমাজ ব্যৱস্থাত সদায় যৌনতাত পুৰুষক আগস্থান দি অহা হৈছে । পুৰণি স্থাপত্যবোৰৰ ফালে যদি লক্ষ্য কৰা যায় তাত আমি দেখা পাওঁ যৌনতাত সদায় নাৰীগৰাকীৰ ওপৰত পুৰুষজন থাকে , আৰু এজনে পুৰুষে একেলগে একাধিক নাৰীৰ লগত সংগম কৰে । ভাৰ্জিনিটি এনে এক ধাৰণা যাৰ দ্বাৰা কেৱল পুৰুষৰ দ্বাৰাই নহয় নাৰী এগৰাকীয়ে নিজকে শোষণ কৰিবলৈ বাধ্য হৈ পৰে । ৰূপে গুণে সকলো থকাৰ পিছতো ভাৰ্জিনিটি নথকা ছোৱালী এজনী বিবাহৰ অনুপযুক্ত বুলি গণ্য কৰা হয় । নাৰী এগৰাকী ধৰ্ষিতা হ’লে এনেদৰে কোৱা হয় – তাইৰ সকলো শেষ হৈ গ’ল । ইয়াৰ পৰাই বুজা যায় যে নাৰীৰ ভাৰ্জিনিটিয়েই সৰ্বস্ব । ভাৰ্জিনিটি শেষ মানে নাৰীগৰাকীৰ সকলো শেষ । অৰ্থাৎ নাৰী হৈছে এটা উপভোগ্য শৰীৰ । সেয়ে উপায়ন্তৰ হৈ নাৰী এগৰাকীয়ে ফুলসজ্জা নিশাৰ বাবে বচাই ৰাখিব লগা হয় নিজৰ ভাৰ্জিনিটি । এনেদৰেই যুগ যুগ ধৰি ভাৰতীয় নাৰীয়ে নিজৰ যৌন স্বাধীনতা পূৰুষৰ হাতত তুলি দি যৌনদাসীত পৰিণত হৈ চলি আহিছে । সেয়ে ভাৰতীয়সকল যৌনতাক লৈ অতি ৰক্ষণশীল ।

আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে জনজাতীয় সমাজত নাৰী । বৰ্ণ হিন্দু বা ইছলাম ধৰ্মৰ সমাজতকৈ জনজাতীয় সমাজ যথেষ্ট ক’ম ৰক্ষণশীল । জনজাতীয় সমাজত ছোৱালীয়ে মদ খাব নালাগে, কিন্তু ল’ৰাই খালে খাব পাৰে ধৰণৰ বিশ্বাস নাই । জনজাতীয় সমাজত পৰিয়ালৰ বা গাঁৱৰ সকলো নাৰী-পুৰুষে একেলগে বহি মদ্যপান কৰে । গাভৰু ছোৱালীয়ে দিন দুপৰতে বুকুত মেথনি মাৰি নদীত গা ধোৱে । এনে সমাজত ধৰ্ষণৰ দৰে অপৰাধ নোহোৱাৰ সমান । এনে সমাজত নাৰী আৰু পুৰুষে একেলগে খেতি খোলা কৰে, একেলগে মস্য চিকাৰ কৰে । ইয়াত লিংগভিত্তীক শ্ৰম বিভাজন নাই । এই সমাজত নাই কোনো ধৰ্মীয় নীতিবাদী ৰক্ষণশীলতা ।  তদুপৰি যৌতুক আদিৰ কাৰণত নাৰীজনিত অপৰাধ নহয়েই । জনজাতীয় সমাজত ‘নাৰীত্ব’ৰ সামন্তীয় বা ধৰ্মীয় নিৰ্মাণ নাই । উত্তৰ-পূৱৰ বহু জনজাতীয় সমাজত বিবাহপূৰ্বক যৌনতাও সমাজ অস্বীকৃত নহয় । ইয়াত সকলো মুকলি । অথচ ব্ৰাহ্মণ্যবাদী সমাজৰ সতী, লক্ষ্মী , দেৱীৰ প্ৰতিক নাৰীতকৈ জনজাতীয় সমাজত নাৰীৰ মৰ্যাদা আৰু স্বাধীনতা অধিক ।

মই ভালকৈ ক’ব আৰু লেখিব পঢ়িব পৰা  ভাষা দুটা হ’ল অসমীয়া আৰু ইংৰাজী । দুয়োটা ভাষাতেই পুৰুষতান্ত্ৰিক চৰিত্ৰ সোমাই আছে যদিও ইংৰাজীৰ তুলনাত অসমীয়া ভাষাৰ পুৰুষতান্ত্ৰিকতা বেছি । অসমীয়া ভাষাত ল’ৰা এটাক – ‘মাইকী’ বুলি কৈয়ো গালি পৰা হয় । তদুপৰি অসমীয়া ভাষাৰ পুৰণি লোকগীত, ফকৰা-যোজনা আৰু প্ৰবচন সমূহো পুৰুষতন্ত্ৰ সৃষ্টি আৰু পুৰুষতান্ত্ৰিক চিন্তাৰ বাহক । এনে কিছুমান অসমীয়া ভাষাৰ প্ৰবচন উদাহৰণ হ’ল-  লাও সদায় পাতৰ তলত, চৰুক সুধি চাউল নাবাঢ়োঁ, ছোৱালীৰ মগজটো আঁঠুত থাকে, ছোৱালী কুৰিতে বুঢ়ী, যমে নিলেও নিয়া জোৱাইয়ে নিলেও নিয়া ইত্যাদি । তথাপিও অসমীয়া ভাষাত লিংগবাচক স্বামী, নাথ, গিৰিয়েক আদি শব্দবোৰৰ অৰ্থ হৈছে কোনো সম্পত্তিৰ মালিক বা গৰাকী । সঁচাকৈয়ে ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীগৰাকী পুৰুষজনৰ ব্যক্তিগত সম্পত্তি বুলিয়েই গণ্য কৰা হয় । তদুপৰি অসমীয়া নাৰীৰ মাসিক চক্ৰটোক বুজাবলৈ – চুৱা, অসুবিধা , অসূচী ইত্যাদি শব্দ ব্যৱহাৰ কৰা হয় । ঠিক তেনেকৈ বেশ্যা শব্দটো চৰমভাবে পুৰুষতান্ত্ৰিক এটা শব্দ । সাধাৰণতে বেশ্যা শব্দৰ কোনো পু-লিংগবাচক শব্দ বিচাৰি পোৱা নাযায় । (নাৰীবাদীসকলে বেশ্যা শব্দটো ব্যৱহাৰৰ সলনি যৌনকৰ্মী শব্দটো ব্যৱহাৰ কৰে । যৌনকৰ্ম কোনো অপৰাধ নহয় । ই এটা service বা সেৱা  । আন দহটা বৃত্তিৰ দৰে আমি ইয়াক স-সন্মানেৰে চোৱা উচিত বেশ্যা বুলি ক’লে কেৱল চৰিত্ৰহীন তথা অনৈতিক যৌনকাৰ্যত লিপ্ত হোৱা মহিলাক হে বুজোৱা হয় ।  যৌনকৰ্মী শব্দটো প্ৰযোজ্য কিয়নো ই পুৰুষ কৰ্মী আৰু মহিলা কৰ্মী উভয়কে সাঙুৰি লয় । এনেদৰে না না ধৰণৰ পুৰুষতান্ত্ৰিক ভাষিক দোষে অসমীয়া ভাষাটো আৱৰি আছে । গতিকে সময়ৰ লগে লগে ভাষাৰ পুৰুষতান্ত্ৰিক চৰিত্ৰসমূহ আঁতৰাব লাগে ।

পুৰুষতন্ত্ৰৰ চৰিত্ৰ নুবুজালৈকে আমি সহজে নাৰীৰ শোষণ ক’ত কেনেকৈ হৈছে ধৰিবই নোৱাৰোঁ । আমাৰ নাৰীসকল নিজৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাক লৈ সচেতন আৰু সাহসী হোৱা উচিত । নাৰীসকলে কেতিয়াও ধৰ্মীয় বা পুৰুষতান্ত্ৰিক সমাজে আৰোপ কৰা নাৰীত্বক প্ৰাকৃতিক নিয়ম বুলি পিন্ধি লোৱা উচিত নহয় । নাৰীসকল ৰাজনৈতিকভাবে পৰিপক্ক হোৱা উচিত । আমাৰ ছোৱালীবোৰে পঢ়া সামৰি পাটৰ কাপোৰ-গহণা পিন্ধি কইনা হৈ আন এঘৰৰ লখিমী বোৱাৰী হ’বলৈ সপোন দেখি থাকিলেই ন’হব । নাৰীসকল অৰ্থনৈতিকভাবে স্বাৱলম্বী হ’ব লাগিব যাতে পুৰুষ বা পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় ।  সকলো ক্ষেত্ৰ্ৰত নাৰীসকলে নিজৰ যৌন স্বাধীনতা আৰু জীৱন নিজৰ হাতত ৰাখিব লাগিব। সমাজে কোৱাৰ দৰে ‘লজ্জা’ বা ‘সতীত্ব’ নাৰীৰ অলংকাৰ নহয় ; সাহস, মুক্তচিন্তা আৰু প্ৰগতিশীল মানসিকতা আৰু স্বাধীনতাকামীতাহে নাৰীৰ অলংকাৰ হোৱা উচিত ।  সমাজৰ ৰক্ষণশীলতা আৰু পুৰণি জঠৰতাত হাতুৰি মাৰিব পৰাকৈ নাৰী-পুৰুষ উভয়ে উদ্যত হ’বই লাগিব । পুৰুষসকল হ’ব লাগিব লিংগ নিৰপেক্ষ আৰু লিংগ সংবেদনশীল । সকলো পুৰুষে ত্যাগ কৰিব লাগিব পুৰুষ ইগ’ আৰু ধৰ্ষণকামী (sadist) মানসিকতা । পুৰুষে সহযোগ নকৰালৈকে গাৰ্লছ হোষ্টেলত ছোৱালী সোমোৱা সময় বেলি ডুবালৈকেহে থাকিব । নাৰীসকলে তথাকথিত নাৰীৰ কোমলতাৰ ব্যক্তিত্ব আৰু দাসত্বৰ অভ্যাস ত্যাগ কৰিব লাগিব ।