• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home যুৱ-কণ্ঠ

জাতীয় অৰ্থনীতি হেৰুৱাই জাতীয় সংস্কৃতি ধৰি ৰখাটো সম্ভৱনে?

আচলতে এটা জাতিৰ সংস্কৃতিলৈ তেতিয়াই সংকট নামি আহে যেতিয়া এটা জাতি অৰ্থনৈতিকভাবে দুৰ্বল হৈ পৰে। যেতিয়া বজাৰ পথাৰ আৰু জাতীয় ৰাজনীতি হেৰুৱাই জাতি এটা নিস্ব হৈ পৰে তেতিয়া জাতিটোৰ সংস্কৃতি উৎসৱ পাৰ্বনবোৰ এক আন্ত:সাৰশূন্য বিনোদনধৰ্মী অনুষ্ঠান হৈ উঠেগৈ।

কোকিল শইকীয়া by কোকিল শইকীয়া
January 15, 2023 4:07 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমশ: হেৰাই আহিছে নেকি মাঘ বিহুৰ আনন্দ? পথাৰৰ মেজি আহি পাইছেহি বজাৰ। চিৰা-পিঠাৰ বাবে অসমীয়াই নিৰ্ভৰ কৰিবলগা হৈয় ছে বেপাৰীৰ ওপৰত। এসমত হেৰাই যাব নেকি বাপতিসাহোন বিহুটি? অথবা ভাবিব নোৱাৰাকৈ সলনি হৈ যাব নেকি বিহুৰ পৰম্পৰা?

অসমীয়াত এটা প্ৰবচন আছে। লোকৰ পিঠাৰে বিহু পতা। অৰ্থাৎ নিজৰ ঘৰৰ পিঠা নিজেই যোগাৰ কৰিব নোৱাৰাটো অসমীয়াৰ বাবে এটা সময়ত আছিল বৰ লাজৰ বিষয়। পুৱা জা-জলপান পিঠা-পনাৰে চাহ পিয়লাত চুমুক দিয়া অসমীয়াৰ পাকঘৰ দখল কৰিলে বিস্কুট ব্ৰেড বাটাৰ, লুচি পুৰী আদিয়ে। কিন্তু কিয়?

Apply Now

কেৱল অসমীয়া সংস্কৃতি বুলিয়েই নহয়, নব্য উদাৰতাবাদী বজাৰ অৰ্থনীতিয়ে ক্ৰমশ: সকলো জাতি তথা সাংস্কৃতিক উপাদানৰ প্ৰতি কঢ়িয়াই আনিছে সংকট।

আচলতে এটা জাতিৰ সংস্কৃতিলৈ তেতিয়াই সংকট নামি আহে যেতিয়া এটা জাতি অৰ্থনৈতিকভাবে দুৰ্বল হৈ পৰে। যেতিয়া বজাৰ পথাৰ আৰু জাতীয় ৰাজনীতি হেৰুৱাই জাতি এটা নিস্ব হৈ পৰে তেতিয়া জাতিটোৰ সংস্কৃতি উৎসৱ পাৰ্বনবোৰ এক আন্ত:সাৰশূন্য বিনোদনধৰ্মী অনুষ্ঠান হৈ উঠেগৈ।

আচলতে আমি ক’ব বিচৰা কথাটো হ’ল বিহুৰ লগত জড়িত হৈ থকা অসমীয়া জাতীয় উৎপাদন আৰু জাতীয় অৰ্থনীতিৰ কথাটোহে। যিয়ে জাতি এটাক সংস্কৃতিৱান কৰি ৰাখে। নিজৰ জাতীয় উৎপাদন বা জাতীয় অৰ্থনীতি হেৰুৱাই জাতি এটা সংস্কৃতিৱান হৈ থকাটো সম্ভৱ নে ?

এটা সময়ত অসমীয়াৰ নাছিল কি? ঘৰতে মাছ, ঘৰতে পুখুৰী, বাৰীৰ শাক পাচলি, গড়ালৰ মঙহ, পথাৰৰ ধান। সকলো আছিল অসমীয়াৰ। কেৱল নিমখ আৰু কেৰাচিনৰ বাহিৰে আন একো কিনিবলগীয়া নোহোৱা অসমীয়া জাতিটো এতিয়া উৎপাদনহীন হৈ পৰিল। নব্য উদাৰতাবাদী বজাৰ অৰ্থনীতি, ভোগবাদ, বৃহৎ পুঁজিবাদ আৰু পুঁজিবাদে পৰিচালিত কৰা ৰাজনীতিৰ মেৰপেচত লাহে লাহে ধৰি ৰখাৰ সলনি হেৰুৱাই পেলোৱাৰ পৰম্পৰা আৰম্ভ হ’ল অসমীয়া জাতিৰ মাজত।

যি মাঘ বিহুত গোটেই গাঁওখনে মিলি এটাই মেজি সাজিছিল,  গোটেই গাঁওখনে মিলি এটাই ভেলাঘৰ সাজিছিল, গোটেই গাঁওখনে বা চুবুৰীটোৱে একেলগেই খাইছিল মেজিৰ ভোজ। কিন্তু লাহে লাহে সেই ছবি যেন হেৰাই যাবলৈ ধৰিছে। এতিয়া দুই এক অঞ্চলৰ বাহিৰে মাঘ বিহু বুলি সকলোৰে পদূলিয়ে পদূলিয়ে মেজি, গাঁওখনত সকলোৰে ঘৰত বেলেগে বেলেগে ভোজ, আনকি একেটা পৰিয়ালৰ ককাই ভাইৰ ঘৰৰো বেলেগে বেলেগে ভোজভাত খোৱাৰ পৰম্পৰা আৰম্ভ হৈছে। কিন্তু অসমীয়াৰ আগৰ সেই সাতামপুৰুষীয়া একতাটো আজিকালি কিয় নোহোৱা হৈছে? কিয় মিলি থাকিব নোৱাৰা হৈছে মানুহবোৰ? ইয়াৰ কাৰণটোও অৰ্থনৈতিক।

নব্য উদাৰতাবাদী বজাৰ অৰ্থনীতি তথা পুঁজিবাদী সংস্কৃতি বিকশিত হোৱাৰ লগে লগে মানুহৰ মানুহৰ মাজত ধনী দুখীয়াৰ পাৰ্থক্যটো বাঢ়ি আহিছে। মানুহৰ সম্পত্তি , মাটি ভেটি, উপাৰ্জন কমি অহাৰ বিপৰীতে প্ৰয়োজন বাঢ়ি অহাৰ বাবেই সৰু সৰু কথা যেনে মাটিৰ সীমা ঠেলা ঠেলি, ককাই ভাইৰ মাজত সম্পত্তিৰ ভাগ বতৰা আদি কথাত আত্মিক সম্পৰ্কবোৰ দুৰ্বল হৈ আছিছে। লগতে জীৱন-জীৱিকাৰ তাড়না আৰু জীৱনৰ চিন্তা দুচিন্তাত ব্যস্ত জনগণে সামাজিক শৃংখলাটো বৰ্তাই ৰাখিবলৈ অসমৰ্থ হৈ পৰিছে। সেয়ে এতিয়া অসমীয়াৰ এনে অৰ্থনীতিক সংকটে সংস্কৃতিসমূক পণ্যলৈ ৰূপান্তৰিত হোৱাত অৰিহণা যোগাইছে।

এইটো কথা ঠিক যে নিজৰ অৰ্থনীতি নাথাকিলে নিজৰ স্বাভিমানো নাথাকে। ভোগালী বিহুটো হৈছে কৰ্মৰ লগত জড়িত এক কৃষিভিত্তিক কৰ্মোৎসৱ। খেতি সামৰি আনন্দ উল্লাসেৰে , উভৈনদী হৈ থকা ভঁৰালেৰে আয়োজন কৰা এক ৰং তামাছাৰ উৎসৱ ভোগালী বিহু। কিন্তু আজিৰ তাৰিখত অসমীয়া কৃষিজীৱি সমাজৰ ধান আৰু ধনৰ ভৰালটো টনকিয়াল নে ?

মাইক্ৰফাইনেন্সৰ ঋণ, আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, উৎপাদন আৰু উদ্যোগৰ শোচনীয় পৰিস্থিতি আৰু দাৰিদ্ৰতাৰ বাবে হিতাধিকাৰীৰ দুই এক সুবিধাৰ বিনিময়ত মতগৰ্বী জাতিধ্বংসী ৰাজনীতিকৰ ওচৰত সেও মানিবলগীয়া হোৱা অৱস্থা এটাত এটা স্বাভিমানী ভোগালী বিহু পতাটো সম্ভৱ নে?

আজি অসমীয়াৰ হাতত পথাৰ নাই, অসমীয়াৰ হাতত বজাৰ নাই। পুঁজিবাদ, ভোগবাদ, বজাৰ অৰ্থনীতি আৰু ৰাজনীতিয়ে এটা আলস্য জাতিলৈ পৰিণত কৰিছে অসমীয়াক। সেইবাবেই আজি অসমীয়া জাতিৰ সংস্কৃতিলৈ নামি আহিছে বিবিধ প্ৰত্যাহ্বান। সেইবাবেই আজি পথাৰৰ মেজি বজাৰত। সেইবাবেই আজি বিহুৰ দিনা হাজাৰ টকীয়া চিতল মাছৰ সোৱাদ লোৱাটো অসমীয়া দুখীয়া খেতিয়কৰ সপোনৰো অসাধ্য। সেইবাবেই অসমীয়াৰ বিহুটো ক্ৰমশ কৃষিকৰ্মৰ মাজেদি উদযাপিত হোৱাৰ সলনি কেৱল পৰম্পৰাৰ নামত বিনোদনৰ বাবে ‍আয়োজন কৰা অনুষ্ঠানলৈ পৰিণত হ’বলৈ ধৰিছে।

আমাৰ এই লেখনিৰ উদ্দেশ্য অসমীয়াক জাতিৰ পৰাজয় গাঁথা গোৱাৰ নহয়। আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য হৈছে অসমীয়া জাতিৰ অনাগত সংকটৰ কথাখিনি বিবেচনা কৰি জাতিটোক একত্ৰিত কৰি বজাৰ পথাৰ দখল কৰাৰ বাবে সজাগ কৰা। আমাৰ উদ্দেশ্য – আহক জাতীয় অৰ্থনীতিত গুৰুত্ব দিওঁ। উফৰাই দিও জাতিধ্বংসী অশুভ শক্তিক। আহক দখল কৰো বজাৰ আৰু পথাৰ।

কোকিল শইকীয়া

কোকিল শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd