• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ হাজাৰ বিহুৱতী-বিহুৱাৰ বিহু নাচ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 11, 2023 4:17 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া অসম চৰকাৰ ব্যস্ত বিহু পতাত। চৰকাৰে ১১,০০০ যুৱক–যুৱতীক একেলগে বিহু নচুৱাই অভিলেখ সৃষ্টি কৰাৰ কাৰণে এটা অনুষ্ঠানৰ আয়োজন কৰিছে ১৪ এপ্ৰিলৰ দিনা। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। ইয়াৰ আয়োজনত ১০০ কোটিতকৈ বেছি টকা খৰচ হ’ব। চৰকাৰী মানুহ, চৰকাৰী পইছা খৰচ কৰি বিহু। চৰকাৰী পইছা মানে আপোনাৰ মোৰ পইছা। চৰকাৰী মানুহ মানেও আপোনাৰ মোৰ পইছাৰে দৰমহা দি ৰখা মানুহ। মোৰ নিজৰ পইছাৰে মই কি কৰোঁ কি নকৰোঁ সেইটো মোৰ কথা। তাত বেলেগৰ হকা–বাধা নচলে, কেৱল কামটো বেআইনী হ’ব নালাগে। কিন্তু, চৰকাৰী পইছা যিহেতু আমাৰ সকলোৰে পইছা, তাৰ প্ৰতিটো পইছাৰ হিচাপ ৰখাটো আমাৰ কৰ্তব্য। কিন্তু, এতিয়া আমাৰ গণতন্ত্ৰৰ এনে দশা হৈছেগৈ যে ভোট দি চৰকাৰ এখন পতাৰ পিছত, আমি যেন নিজেই আমাৰ সকলো দায়–দায়িত্ব চৰকাৰৰ ওচৰত বন্ধকত দিছোঁ। ভোটত জিকি তেওঁলোক যেহেতু চৰকাৰত বহিছে, তেওঁলোকে এতিয়া যি মন যায় তাকে কৰিব পাৰে। তাত আমাৰ মাত মাতিবলগীয়া একো নাই। এইটো গণতন্ত্ৰ নহয়।এইটো ভোটতন্ত্ৰহে, গণতন্ত্ৰৰ নামত এক ভেঁকো ভাওনা।

এই যে গুৱাহাটীত চৰকাৰে ১১ হাজাৰ বিহুৱতী–বিহুৱাৰ বিহু নাচৰ আয়োজন কৰিছে তাৰ অৰ্থ কি? বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহুৰ মূল বস্তুটো হৈছে ঋতু পৰিবৰ্তন আৰু কৃষি। আমি অতীজত আৰু এতিয়াও বহু পৰিমাণে কৃষিজীৱী সমাজ। শীতৰ অন্তত বসন্ত।চাৰিওফালে সেউজীয়া পৰিবেশ, মানুহৰ মন পুলকিত। কিন্তু, যেতিয়াই পথাৰৰ বিহু আহি চহৰৰ মঞ্চ পালে, লগে লগে বিহু এটা সাংস্কৃতিক সম্পদ হৈ পৰিল। তাৰ বাণিজ্যিকৰণ হ’ল। এতিয়া বিহুত কেৱল সুৰটোহে ৰৈছেগৈ। তাৰ পৰিবেশ, পৰম্পৰা নাই। ইমান দিনে বিহুৰ নামত ব্যৱসায় চলিছিল, এইবাৰ, প্ৰথম বাৰৰ বাবে চৰকাৰে বিহুক দলীয় ৰাজনীতিৰ আহিলা কৰি ল’লে।

Apply Now

এতিয়া সাধাৰণ মানুহৰ সমস্যা কি? আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে সংস্থানহীনতা, ল’ৰা–ছোৱালীৰ চাকৰি নাই। আৰু বেচৰকাৰী খণ্ডৰ যিবোৰ চাকৰিত বাধ্যত পৰি ল’ৰা–ছোৱালীয়ে মূৰ সুমুৱাই আছে, সেইবোৰ চাকৰি নহয়, দিন হাজিৰা কৰা গোলামীহে। দ্বিতীয় কথাটো হৈছে মূল্যবৃদ্ধি। গেচ আৰু পেট্ৰলৰ দাম অবিৰতভাবে বৃদ্ধি পাই আছে। ঠিক সেইদৰে, সকলো বস্তুৰে চৰকাৰী মাচুল বৃদ্ধি কৰা হৈছে। টোলগেটৰ সংখ্যা বৃদ্ধি পাই আছে। বিদ্যুতৰ পইছাও আজিকালি আগতীয়াকৈ দিব লাগে। মুঠৰ ওপৰত সকলো ফালৰ পৰা চৰকাৰে ৰাইজক চুচিছে। তিনি নম্বৰটো হৈছে– শাসন,যিটোক ইংৰাজীত governance বুলি কোৱা হয়। আমাৰ প্ৰশাসন কেনেকৈ চলিছে? উচ্ছেদ, পুলিচ এনকাউন্টাৰ, বাল্য বিবাহ – এইবোৰত প্ৰচলিত আইন–কানুন মানি সিদ্ধান্ত লোৱা হৈছিল নে কাৰোবাৰ মইমতালি মতে এইবোৰ কৰা হৈছিল? এতিয়া, ৰাইজক আস্থাত লৈ, ৰাইজক জবাবদেহী হিচাপে চৰকাৰী সিদ্ধান্তবোৰ লোৱা হয়নে? নাই, নহয়।

এনে পৰিস্থিতিত চৰকাৰে ১১ হাজাৰ বিহুৱতী–বিহুৱালৈ গুৱাহাটীত কিয় বিহু পাতিছে? আকৌ যিখন চৰকাৰে ব্যক্তি–স্বাধীনতা, প্ৰতিষ্ঠানিক স্বতন্ত্ৰতা আৰু আঞ্চলিক পৰিচয়ৰ প্ৰশ্নবোৰক, গুৰুত্ব নিদিয়ে, সেইখন চৰকাৰে আমাৰ বাপতিসাহোন বিহুটো কিয় ইমান যা–জোগাৰ কৰি পাতিছে? এই চৰকাৰখনৰ কামৰ কামত মতি নাই, কিন্তু তেওঁলোক হ’ল সাংঘাটিক ধৰণে প্ৰদৰ্শনকামী আৰু পৰিচয়কেন্দ্ৰিক। কা আনি, আজি ইটো কৰি কালি সিটো কৰি তেওঁলোকে অসমীয়া জাতীয় পৰিচয় নিশ্চিহ্ন কৰি সকলোকে হিন্দুত্বৰ সাঁচত ঢালিব বিচাৰিছে। তেওঁলোকে প্ৰথমে অগপক হাত কৰি আঞ্চলিক ৰাজনীতিৰ ভেটিটোকে নোহোৱা কৰিলে। তাৰ পিছত, তেওঁলোকে আছুক হাত কৰিছে, শংকৰ সংঘক হাত কৰিছে, সত্ৰ সমূহ হাত কৰিছে, অসম সাহিত্য সভা হাত কৰিছে। এই বোৰত যে তেনেকৈ কিবা সাংঘাটিক ধৰণে অসমীয়াৰ সাৰবস্তু ৰৈছিলগৈ তেনে নহয়। তথাপি নামত হ’লেও অসমীয়া আবেগ এটা জড়িত হৈ আছিল।চৰকাৰে সেইটোও শেষ কৰিলে।

যিমান যি হ’লেও, বাণিজ্যিকৰণ কৰাৰ পিছতো, বিহুৰ লগতো অসমীয়া জাতীয় পৰিচয় এটা জড়িত হৈ আছিল। এতিয়া বিহুটোকো হাত কৰি তেওঁলোকে তাকো আত্মসাৎ কৰি ল’ব বিচাৰিছে। বিচাৰিছে, মানে কৰিলেই। আজি কেইমাহমানৰ পৰা অসমৰ গাঁৱে–ভূঁয়ে অইন কথা নাই, কেৱল বিহু নাচৰ আখৰা। মানুহ বিহু পাগলহৈ আছে।এফালে আচল সমস্যাৰ পৰা মানুহৰ চকু আঁতৰাই আনি ফোপোলা পৰিচয়ত ব্যস্ত ৰখা আৰু আনফালে সেই পৰিচয়কো আত্মসাৎ কৰি হিন্দুত্ববাদৰ বহতীয়া কৰি লোৱা। আৰু এইবোৰ কি অভিলেখ গঢ়াৰ কথা কোৱা হৈছে! ইমানবোৰ চৰকাৰী পইছাৰ শৰাধ কৰি কৰা, এই অভিলেখটো আমাৰ কি কামত আহিব? আমি তাক খামনে পিন্ধিম? আমি জানো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কামবোৰ এনেকুৱাই। কিন্তু, চৰকাৰৰ বৰমূৰীয়া আমোলাবোৰৰ কি হ’ল? তেওঁলোকে এনে অদৰকাৰী কামত পইছা খৰচ কৰাটো কিয় সমৰ্থন কৰিলে? নে তেওঁলোকৰ কোনো দায়,দায়িত্ব নাই, কেৱল থম থম মদন গোপাল হৈ দিশপুৰত বহি আছে? এই সকলোবোৰে এইটোকে প্ৰমাণ কৰে যে অসমীয়া মধ্যবিত্তৰ মেৰুদণ্ড বোলা কোনো বস্তু নাই। সঁচাই, আমি বৰ অদ্ভুৎ, আচৰিত সময়ত বাস কৰা নাইনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd