সাম্প্রতিক সময়ত ৰাষ্ট্ৰই সার্বভৌম কর্তৃত্বক প্রতিনিধিত্ব কৰে। অতীতৰ পৰাই ৰাজনৈতিক দার্শনিকসকলে ৰাষ্ট্রৰ ভূমিকা কেনে হোৱা উচিত সেই বিষয়ে চিন্তা চর্চা কৰি আহিছে। Practices of the State: Muslims, Law and Violence in India নামৰ গ্ৰন্থখনত তনৱীৰ ফজলে এই পাৰস্পৰিক ক্ৰিয়া-কলাপসমূহ সমসাময়িক পৰিস্থিতিৰ পটভূমিত পর্য্যালোচনা কৰিছে। তেখেতৰ গুৰুত্বৰ কেন্দ্ৰবিন্দু দুটা: ৰাষ্ট্ৰই নাগৰিকক কেনেদৰে লয় আৰু নাগৰিকে ৰাষ্ট্ৰক কেনেদৰে লয়। আনহাতে, ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ সৈতে কেনেদৰে যোগাযোগ ৰক্ষা কৰে সেই বিষয়েও তেওঁ অনুসন্ধান কৰিছে।
ফজলৰ বিশ্লেষণে শ্ৰেণী আৰু জাতিৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰ-নাগৰিক পাৰস্পৰিক ক্ৰিয়াৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰকৃতিৰ ওপৰত আলোকপাত কৰে। প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে ৰাষ্ট্ৰই প্ৰায়ে নিজকে সুকীয়া ৰূপত উপস্থাপন কৰে। মুখ্য আধুনিকীকৰণকাৰী কাৰক হিচাপে ৰাষ্ট্ৰৰ ভূমিকা বিশ্লেষণ কৰা পণ্ডিতসকলে ইয়াৰ বৈষম্যমূলক পদ্ধতিসমূহ লক্ষ্য কৰিছে: প্রান্তীয় অঞ্চলত ৰাষ্ট্ৰই মূলতঃ আইন শৃঙ্খলা কার্য্যকৰী কৰা আৰু নিয়ন্ত্ৰণ কৰা শক্তি হিচাপে কাম কৰে, আনহাতে সেইবোৰ ঠাইত উন্নয়নৰ বাহক ৰূপে ইয়াৰ ভূমিকা বহুলাংশে অনুপস্থিত।
ফজলে উত্তৰ-ঔপনিৱেশিক ভাৰতৰ দীৰ্ঘ সময়ৰ বিশ্লেষণ আগবঢ়াই মূল আইনী কাঠামো আৰু ৰাজনৈতিক কাৰ্যৰ দৃষ্টিভংগীৰ জৰিয়তে ৰাষ্ট্ৰৰ ভূমিকা ভালদৰে পৰীক্ষা কৰিছে। তেওঁৰ মতে আধুনিক ভাৰতীয় ৰাষ্ট্ৰৰ ভিতৰত থকা অন্তৰ্নিহিত বৈপৰীত্যই হিন্দুত্বৰ উত্থানত সহায় কৰিছে। ৰাষ্ট্ৰই প্ৰথম অৱস্থাত ভাৰতৰ বহুত্ববাদী আৰু সৰ্বাংগীন দৃষ্টিভংগীক প্ৰসাৰিত কৰিলেও সময়ৰ লগে লগে এই দৃষ্টিভংগী অধিক বঞ্চনামূলক নীতিৰ দ্বাৰা স্থানচ্যুত হৈ পৰিল। যদিও ৰাষ্ট্ৰই নিজকে আধুনিকীকৰণ শক্তি হিচাপে চিত্ৰিত কৰিছিল, তথাপিও ই ৰক্ষণশীল সামাজিক গাঁথনিসমূহক—যেনে শিপাই থকা জাতিগত আধিপত্য—স্থায়ী হ’বলৈ দিছিল, যাৰ ফলত এই ন্যস্ত স্বাৰ্থৰ পৰা ৰাষ্ট্র আৰু ৰাজনৈতিক শক্তি নিজকে বিচ্ছিন্ন কৰিব নোৱাৰিলে।
গ্ৰন্থখনে উনুকিয়াই দিছে যে ৰাষ্ট্ৰৰ ধ্যান-ধাৰণা আৰু কৰ্মৰাজীয়ে কেনেদৰে বিশেষকৈ শেহতীয়াকৈ নাগৰিকত্বৰ স্তৰভিত্তিক ধাৰণা এটাৰ সৃষ্টি কৰিছে। যোৱা ২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বিষয়ে আলোচনা কৰি এই আইনী পৰিৱৰ্তনে ভাৰতত নাগৰিকত্বৰ ধাৰণাক পুনৰ সংজ্ঞায়িত কৰিছে বুলি লেখকে যুক্তি আগবঢ়াইছে। তেওঁ আলোকপাত কৰে যে কেনেদৰে CAA-ই নাগৰিকত্ব লাভৰ প্ৰক্ৰিয়াত ধৰ্মীয় মাপকাঠী নতুনকৈ প্ৰৱৰ্তন কৰিলে, জন্মগত অধিকাৰ আৰু উত্তৰাধিকাৰৰ শিপাই থকা ভাৰতীয় নাগৰিকত্বৰ পৰম্পৰাগত ধাৰণাক আওকাণ কৰি।
লেখকে যুক্তিআগবঢ়াইছে যে অসমত “অবৈধ মুছলমান বাংলাদেশী”ক ভাবুকি হিচাপে ৰাজ্যখনে চিত্ৰিত কৰাটোৱে হিংসাত্মক সংঘাতৰ ইন্ধন যোগাইছে। এই ধাৰণাটোৰ সহায়ত নিৰ্যাতনৰ বলি হোৱা মুছলমান লোকসকলৰ নাগৰিকত্ব অস্বীকাৰ কৰাটোক ন্যায্যতা প্ৰদান কৰা হৈছে আৰু CAA আইনখনে এই সংঘাতমূলক পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। নতুন আইনখনে ১৯৭১ চনৰ ২৫ মাৰ্চক নাগৰিকত্বৰ যোগ্যতাৰ শেষ সীমা হিচাপে নিৰ্ধাৰণ কৰা অসম চুক্তিখন কেনেদৰে উলংঘা কৰিছে সেই কথাটোও ফজলে সমালোচনা কৰিছে।
কিতাপখনত উল্লেখ কৰা আন এটা মূল বিষয় হ’ল গো হত্যাক কেন্দ্ৰ কৰি চলি থকা ৰাজনীতি। সংবিধান সভাত উত্থাপিত হোৱা বিতৰ্কসমূহ পুনৰ বিবেচনা কৰি ফজলে লক্ষ্য কৰে যে আলোচনাত প্ৰথম অৱস্থাত গৰুৰ ধৰ্মীয় তাৎপৰ্য্যৰ পৰিৱৰ্তে কৃষি অৰ্থনীতিত উপযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কিন্তু সমসাময়িকভাৱে গো হত্যাৰ ক্ষেত্ৰত আইনী নিষেধাজ্ঞা ক্ৰমান্বয়ে ধৰ্মীয় যুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ফজলে আইনখনৰ অস্পষ্টতাৰ কথা আঙুলিয়াই দিয়ে, যেনে হাৰিয়ানাত গৌৰক্ষা বাহিনীৰ দৰে অৰ্ধ-আইনী সংস্থা গঠন, যিয়ে কথিত গো সৰবৰাহকাৰীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্য সংঘটিত কৰিছে। এই উন্নয়নসমূহে গো হত্যাৰ ক্ষেত্ৰত চৰকাৰৰ পৰস্পৰ বিৰোধী স্থিতি প্ৰতিফলিত কৰে, কিয়নো বৃদ্ধি পোৱা গো-মাংসৰ ৰপ্তানি ধৰ্মীয় আৱেগক শান্ত কৰাৰ লক্ষ্যৰে নীতিৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। ফজলে যুক্তি আগবঢ়ায় যে হিংসাৰ ধৰ্মীয় ন্যায্যতা প্ৰদানৰ দিশত এই পৰিৱৰ্তনে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰি তোলে আৰু সামাজিক বিভাজন আৰু তীব্ৰতৰ কৰি তোলে। গো বধৰ বিৰোধিতাত আৰম্ভ কৰা প্রচাৰে উত্তৰ পুর্বাঞ্চলৰ ৰাজ্য যেনে অৰুণাচল প্রদেশ, মেঘালয়ত প্রতিক্রিয়াৰ সৃষ্টি কৰে আৰু আইন সৃঙ্খলা স্খলণৰ ভাবুকিও প্রদান কৰে। বহু স্থানীয় জনজাতিৰ মুখপাত্রই এনে ব্রাহ্মণ্যবাদী ধাৰণা জাপি দিয়াৰ বিৰোধিতা কৰে।
গোধৰাৰ ২০০২ চনৰ পিছৰ সংঘৰ্ষ আৰু বিহাৰৰ ভগলপুৰ সংঘৰ্ষ দৰে সামূহিক হিংসাৰ পৰিঘটনাৰ সময়ত ৰাজ্যখনৰ ভূমিকাও গ্ৰন্থখনত পৰীক্ষা কৰা হৈছে। ফজলে এই কাণ্ডসমূহত আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দৰে প্ৰতিষ্ঠানৰ সহযোগিতাৰ ওপৰত আলোকপাত কৰে, য’ত মুছলমান ব্যৱসায়ীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈছিল। এনে হিংসাৰ ন্যায় প্ৰায়ে তথ্য বিচাৰি উলিওৱা আয়োগৰ ফলপ্ৰসূতাৰ ওপৰত নিৰ্ভৰশীল, যিয়ে ফজলৰ মতে সঘনাই ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ যন্ত্ৰৰ পৰা দায়িত্ব বিচ্যুত কৰে, তাৰ পৰিৱৰ্তে অস্পষ্ট বা প্ৰমাণ কৰিব নোৱাৰা কাণ্ডৰ বাবে দোষাৰোপ কৰে তদন্তকাৰী অনুষ্ঠান আৰু বিষয়াসকলক। এই জবাবদিহিতাৰ অভাৱে জীৱিতসকলক ন্যায় পোৱাত বাধা দিছে, যাৰ ফলত সাম্প্ৰদায়িক হিংসাৰ অন্তৰ্নিহিত কাৰণসমূহ স্থায়ী হৈ পৰিছে।
ফজলে কৰা এটা বিশেষভাৱে উল্লেখযোগ্য তুলনা হৈছে বাবৰি মছজিদ ভাঙি পেলোৱা আৰু লাহোৰৰ স্বাধীনতাৰ পূৰ্বৰ শ্বাহিদগঞ্জ মছজিদৰ সৈতে জড়িত গোচৰৰ মাজত। আইনী প্ৰক্ৰিয়া চলি থকাৰ পিছতো সংঘটিত হোৱা বাবৰি মছজিদ ভঙাৰ বিপৰীতে লাহোৰৰ মছজিদ যাৰ চৌহদত এটা মন্দিৰ থিয় হৈ আছিল, তাৰ সপক্ষে আদালতৰ ৰায়দানৰ পিছত মছজিদ ভাঙি পেলোৱা হৈছিল। উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ ভাঙি পেলোৱা কাৰ্যক সহ্য নকৰিলেও দায়ীসকলক শাস্তি দিয়াতো ব্যৰ্থ হোৱাৰ ফলত ৰাষ্ট্ৰই এনে কাৰ্য্যৰ বাবে অপৰাধীক জবাবদিহি কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাটো আৰু অধিক স্পষ্ট হৈ পৰে।
কিতাপখনৰ শেষৰ অধ্যায়ত ফজলে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা অনুসূচিত জাতিসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ফালে দৃষ্টিপাত কৰে, বিশেষকৈ সামাজিক ন্যায়ৰ সুবিধাৰ পৰা বঞ্চিত হোৱা ক্ষেত্রত। তেওঁ অহিন্দুসকলক সংৰক্ষণ নীতিৰ পৰা বাদ দিয়াৰ কাৰণ হোৱা ঐতিহাসিক পৰিঘটনাসমূহৰ সন্ধান কৰে আৰু উনুকিয়াই দিয়ে যে এই প্ৰথাই কেনেকৈ এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ সন্মুখত থিয় কৰাই দিয়ে। একে সামাজিক আৰু অর্থনৈতিক স্থানৰ পৰা অহাৰ পিছতো ৰাষ্ট্রৰ কল্যাণকামী নীতিৰ দ্বাৰা সমানভাৱে লাভান্বিত নহয় এই সম্প্রদায়সমূহ। সাচাৰ সমিতিৰ প্ৰতিবেদনৰ পিনে ফজলে আঙুলিয়াই দি কয় যে ধৰ্মান্তৰকৰণে দৰিদ্ৰতা বা বৈষম্য দূৰ নকৰে।
সাম্প্রতিক সময়ৰ ৰাজনৈতিক প্রেক্ষাপটত লিখা এই গুৰুত্বপূর্ণ কিতাপখনত তনৱীৰ ফজলে প্ৰান্তীয় নাগৰিকৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰৰ সংযোগৰ বিশদ আৰু সমালোচনাত্মক আলোচনা আগবঢ়াইছে, এই পাৰস্পৰিক ক্ৰিয়া-কলাপসমূহ ৰাজনৈতিক পৰিবেশ আৰু নেতৃবৃন্দৰ প্রৰোচনাৰে কেনেদৰে গঢ় লৈ উঠে তাক দেখুৱাইছে। তেওঁৰ বিশ্লেষণে তাত্ত্বিক আলোচনালৈ সীমিত নাথাকি সামাজিক আৰু ৰাজনৈতিক স্তৰসমূহে বৈষম্যমূলক আইন আৰু পক্ষপাতদুষ্ট প্ৰতিষ্ঠানৰ ৰূপত প্ৰকাশ পোৱা ঘটনাবোৰ পৰিলক্ষিত কৰিছে। ভাৰতীয় ৰাষ্ট্ৰৰ বিৱৰ্তনশীল প্ৰকৃতিক সম্বোধন কৰি ফজলৰ কামে ইয়াৰ ক্ৰমান্বয়ে একনায়কত্ববাদী বৈশিষ্ট্যসমূহ বুজিবলৈ এক গুৰুত্বপূৰ্ণ সম্পদ আগবঢ়াইছে।