জুবিন গাৰ্গৰ ন্যায়ৰ যুদ্ধ: জাতীয় আৱেগ, ৰাজনীতি আৰু তদন্তৰ মেৰপাক
ধান খেৰৰ জুইৰ পৰা উৎপত্তি হোৱা জুই ফিৰিঙতিৰ দৰেই অসমীয়া মানুহৰ ‘পাব্লিক মেম’ৰি’ও অতি ক্ষণস্থায়ী। জাতীয় জীৱনৰ প্ৰতিটো জলন্ত আৰু গুৰুত্বপূৰ্ণ ঘটনাই অসমীয়া মানুহৰ ‘পাব্লিক মেম’ৰি’ত দীৰ্ঘকালৰ বাবে মজুত হৈ নাথাকে। ঠিক একেই অসমীয়া মানুহৰ আৱেগো। বাৰিষাৰ ধলৰ দৰে ধাহি মুহি আহে আৰু গুচি যায়। অসমৰ সমাজ-ৰাজনৈতিক জীৱনৰ প্ৰতিটো জলন্ত সমস্যা আৰু গুৰুত্বপূৰ্ণ বিষয়ো ক্ষণিকতে অসমীয়া মানুহৰ স্মৃতিপটৰ আঁতৰি যায়। তেনেদৰে এতিয়া জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু ন্যায়ৰ দাবীটোও অসমীয়া মানুহৰ স্মৃতিপটৰ পৰা ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে।
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ লাখ লাখ অনুৰাগীয়ে যিধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, সেয়া আছিল অভূতপূৰ্ব। কিন্তু আশ্চৰ্যজনকভাৱে, আজি সেই অনুৰাগীসকলৰ মাজৰ পৰাও ন্যায়ৰ দাবী যেন অন্তৰ্ধান হৈছে। ছ’চিয়েল মিডিয়াত কেৱল ফটো আপলোড কৰা বা গান শুনাৰ মাজতেই জুবিন প্ৰেম সীমাবদ্ধ হৈ ৰ’ল। চৰকাৰী মেকানিজিমৰ জটিলতা আৰু দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াক লৈ হতাশ হৈ অনুৰাগীসকলে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ পৰা বিৰত থকাটো দুৰ্ভাগ্যজনক।
নক’লেও হ’ব যে জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ অসমকে মাহৰো অধিক কাল শোকাগ্ৰস্ত কৰি ৰাখিছিল। প্ৰিয় শিল্পীজনাৰ মৃত্যুক সহজে গ্ৰহণ কৰিব পৰা নাছিল লাখ লাখ অনুৰাগীৰ লগতে ৰাজ্যৰ আবাল বৃদ্ধ-বনিতাই। ৰাজ্যৰ লাখ লাখ শোকাগ্ৰস্ত লোকৰ প্ৰতিজনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সজোৰে দাবী উত্থাপন কৰে, ৰাজপথত সমদল উলিয়ায়। তেওঁলোকৰ দাবী এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত সত্য উদ্ধাৰ হ’ব লাগে আৰু ৰহস্যজনক মৃত্যুৰ সমগ্ৰ ঘটনাৰে জড়িত সকলোকে যথোচিত শাস্তি দিব লাগে। কেৱল জুবিন গাৰ্গৰ অনুৰাগী বুলিয়ে নহয় প্ৰথমাৱস্থাত এই দাবীত ৰাজ্যৰ সকলো লোকেই একমত হৈছিল। তেতিয়া ভবা গৈছিল জুবিন গাৰ্গৰ মৃত্যুৱে ৰাজনীতিয়ে ভাগ ভাগ কৰি থান বান কৰা অসমীয়াক পুনৰ একত্ৰিত কৰিব। তেওঁৰ মৃত্যুৰ ন্যায়ৰ দাবীয়ে শাসকীয় পক্ষই জাতি-ধৰ্ম-বৰ্ণৰ নামত কৰা বিভাজনৰ ৰাজনীতিৰ উৰ্ধলৈ গৈ অসমীয়া সমাজখন পুনৰ সুস্থিৰ হ’ব। কাৰণ অসমৰ বাবে, অনুৰাগীৰ বাবে জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এটা আৱেগ। আছিল এটা সত্তা। জাতি-ধৰ্ম-বৰ্ণৰ উৰ্দ্ধত আছিল জুবিন গাৰ্গৰ সত্তা। তাতকৈ গুৰুত্বপূৰ্ণ আছিল এলিট শ্ৰেণীয়ে আগুৰি থাকিলেও জুবিন গাৰ্গ আছিল দৰিদ্ৰ, আৰ্তজনৰ বাবে দাতাকৰ্ণ। শাসকপক্ষৰ বিৰুদ্ধে এটা জলন্ত স্ফুলিংগ। সেয়ে জুবিন গাৰ্গৰ মৃত্যু তেওঁৰ লাখ লাখ অনুৰাগীৰ বাবে কেৱল এটা মৃত্যু নাছিল। আছিল জুবিন নামৰ সত্তাটোৰো মৃত্যু। সেয়ে তেওঁৰ মৃত্যুৰ পাছত যি জনজোৱাৰৰ সৃষ্টি হৈছিল, সেয়া আছিল অভূতপূৰ্ব। কিন্তু আশ্চৰ্যজনকভাৱে, যিমান জোৰেৰে ন্যায়ৰ দাবী উঠিছিল, সিমান সোনকালেই সেই দাবী যেন অন্তৰ্ধান হ’ল। লগতে তেওঁক হেৰুওৱাই আৱেগিক হোৱা অসমীয়াও আজি স্বভাৱিক হ’ল। আনকি জুবিন গাৰ্গে বেয়া পোৱা জাতি ধৰ্মৰ নিকৃষ্ট খেলখনো পুনৰ আৰম্ভ কৰিলে অসমীয়া নামৰ জাতিটোৱে। তাৰ বাবে আমি অসমীয়া মানুহৰ স্বভাৱজাত খন্তেকীয়া ‘পাব্লিক মেম’ৰি’কে দায়ী বুলি ভাবোঁ। অৱশ্যে সাধাৰণ মানুহৰ মাজত গঢ়ি উঠা এক নিৰাশাবোধো ইয়াৰ এটা অন্যতম কাৰক হ’ব পাৰে। চৰকাৰ কূট-কৌশল, ৰাজনৈতিক কাৰচাজি, মুখ্যমন্ত্ৰীৰ চতুৰালি, এছআইটিৰ তদন্তৰ প্ৰক্ৰিয়াক লৈ আশাহত হ’ব পাৰে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ লগতে সাধাৰণ লোক। কোনো শক্তিশালী নিৰ্ণায়ক ফলাফল নোলোৱাৰ বাবেও অনুৰাগীসকল এক প্ৰকাৰে হতাশাগ্ৰস্ততাৰ চিকাৰো হৈছে।
নক’লেও হ’ব যে যিকোনো ডাঙৰ শোকাবহ ঘটনাৰ দৰেই জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোও অতি সোনকালে ৰাজনৈতিক পশাখেলৰ ৰণক্ষেত্ৰলৈ পৰিণত হ’ল। শাসক পক্ষৰ বাবে এয়া আছিল এক অগ্নিপৰীক্ষা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰৱল গণ আৱেগ আৰু গণশোক দেখি চৰকাৰে ঠিকেই বুজিলে, এই সমগ্ৰ আৱেগক পাৰ্যমানে ভোটলৈ ৰূপান্তৰ কৰিব লাগে। তাৰবাবে চৰকাৰে অতি তৎপৰতাৰে তদন্তৰ আশ্বাস দিলে, এছআইটি গঠন কৰিলে। দিল্লীৰ বিমান বন্দৰত হাততে পাই এৰি থৈ অহা অভিযুক্তক অনুৰাগীৰ হেঁচাত পিছত গ্ৰেপ্তাৰো কৰিলে। এজন দুজনকৈ সাতগৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে। মাৰথান জেৰা চলালে। এছআইটিয়ে তিনি শতাধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি অহাৰ দৰেই নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত আদালত অভিযোগনামা দাখিল কৰিলে। গণৰোষত পৰা আশংকাত চৰকাৰে তাকে লৈ অতি তৎপৰ যেনো দেখুওৱালে। পৰিকল্পনা অনুসৰি মুখ্যমন্ত্ৰীয়ে কৈয়ে দিলে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। বহু বছৰৰ আগৰ পৰা জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল। অভিযুক্তক গ্ৰেপ্তাৰ কৰিয়েই জুবিন গাৰ্গক ন্যায় দিলো বুলিও ঘোষণা কৰিলে। এইদৰে জুবিন গাৰ্গৰ মৃত্যু আৰু ন্যায়ক লৈ মুখ্যমন্ত্ৰীয়ে সঘনাই ন ন নেৰিটিভ সৃষ্টি কৰি থাকিবলৈ ধৰিলে। সেই নেৰেটিভত মুখ্যমন্ত্ৰী সফল হ’ল। সেয়ে চাৰ্জশ্বিট দাখিল কৰিবৰ দিনা চিজিএম ক’ৰ্টত সাংবাদিকৰ বাহিৰে এজনো অনুৰাগীয়ে ভিৰ নকৰিলে। অনুৰাগীয়ে ভিৰ নকৰাত চৰকাৰে স্বস্তিৰে নিশ্বাস পেলালে। চৰকাৰে ভাবিলে ন্যায়ৰ পাশা সদৃশ খেলখনত তেওঁলোক বহু যোজন আগুৱাই গ’ল। কিন্তু অনুৰাগীৰ মনত, ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হ’ল ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামাত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰাকৈ অকাট্য প্ৰমাণ আছে নে? কিন্তু সেই প্ৰশ্ন অনুৰাগীৰ মনত উদয় হ’লেও খোদ অনুৰাগীয়ে অসমৰ আকাশ বতাহ কঁপাই সেই প্ৰশ্ন চৰকাৰক কৰাৰ সাহস কৰিব নোৱাৰা হ’ল।
জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা অগনন। তেওঁৰ মৃত্যুৰ পাছত যি গণ-আৱেগ দেখা গৈছিল, তাৰ জোৰত চৰকাৰে আঁঠু ল’বলৈ বাধ্য হ’লহেঁতেন। কিন্তু পৰিতাপৰ বিষয় যে, সেই একেই অনুৰাগীসকলে জুবিন গাৰ্গৰ ন্যায়কলৈ নিশ্চুপ হৈ বহি থাকিল। ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে। প্ৰথমতে, নেতৃত্বৰ অভাৱ। দ্বিতীয়তে, একপক্ষীয় তথ্যৰ প্ৰচাৰ। ছ’চিয়েল মিডিয়াৰ এই যুগত প্ৰতিদিনে নতুন নতুন ট্ৰেণ্ড আহে আৰু পুৰণি বিষয়বোৰ তল পৰে। জুবিনৰ অনুৰাগীসকলে তেওঁৰ গানবোৰ এতিয়াও শুনে, তেওঁক স্মৰণ কৰে, কিন্তু যি ন্যায়ৰ বাবে প্ৰশাসনক জবাবদিহি কৰিব লাগিছিল, সেই প্ৰবল ইচ্ছাশক্তিটো ক’ৰবাত যেন হেৰাই গৈছে। প্ৰথমাৱস্থাত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন কৰাৰ দুজনমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পোতাশালৈ নিক্ষেপ কৰে। তেওঁলোকক পোতাশাললৈ নিক্ষেপ কৰাৰ বাবে জেন-জি অনুৰাগীয়ে শংকিত হোৱা নাই বুলি নুই কৰিবও নোৱাৰি।
আনহাতে, বিৰোধী দলসমূহৰ বাবে এয়া চৰকাৰক লক্ষ্য কৰি লোৱাৰ এক ডাঙৰ সুযোগ আছিল। সেই সুযোগ তেওঁলোকে এৰি নিদিলে। ৰাজপথত প্ৰতিবাদ কৰিলে, মোমবাতি জ্বলালে, কিন্তু এই সকলোবোৰ যেন আছিল কেৱল নিৰ্বাচনী অংকৰ বা জনপ্ৰিয়তাৰ দৌৰ। এতিয়া তেওঁলোকেও নিহপালি দিছে। তাকে দেখি শাসকীয় বিজেপিৰ গা পুৰিল। তেওঁলোকে ক’লে, ‘ময়ো জুবিন, আমিও জুবিন’। প্ৰকৃত অনুৰাগীয়ে ওভতি ধৰাত তেওঁলোকে শ্ল’গান সলনি কৰি কৰিলে ‘মই জুবিন অনুৰাগী, ‘আমিও জুবিন অনুৰাগী’। শাসকীয় বিজেপি আৰু মুখ্যমন্ত্ৰী, তেওঁৰ সতীৰ্থ মন্ত্ৰী আদিয়ে ইমানতে ক্ষান্ত নাথাকিলে। তেওঁলোকে দাবী কৰিলে যে বিজেপিহে প্ৰকৃত অনুৰাগী, বাকী ৰাজপথত ন্যায়ৰ দাবী কৰাবোৰ হৈছে নকল অনুৰাগী। শাসক-বিৰোধীৰ এই কুকুৰ-নেচলীয়া খেলত আচলতে ‘ন্যায়’ বিষয়টো তল পৰিল। ৰাজনৈতিক স্বাৰ্থত বিষয়টোক জীয়াই ৰখাৰ প্ৰয়োজনীয়তা শেষ হ’ল। অসমীয়া জাতীয় স্বভাৱ পাহৰি যোৱাৰ যি পুৰণি সংস্কৃতি, তাৰেই বলি হ’ল জুবিনৰ ন্যায়ৰ যুদ্ধখন।
অসমৰ ইতিহাসত দেখা যায় যে কোনো এক ডাঙৰ ইছ্যু আহিলে আন এক নতুন ইছ্যুৰে পুৰণিটো ঢাকি দিয়াৰ এক পৰম্পৰা চলি আহিছে। অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিপ্ৰেক্ষিতত এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ জনতাৰ মনোযোগ আঁতৰাই নিয়াটো অতি সহজ হৈ পৰিছে। এই দিশত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী অতি সিদ্ধহস্ত। জুবিনৰ মৃত্যুৰ ন্যায়ৰ বাবে যি সময়ত এটা শক্তিশালী জনমত গঠন হৈছিল, ঠিক সেই সময়তেই ৰাজ্যত আন কিছুমান সাম্প্ৰতিক বিষয়— কেতিয়াবা সাম্প্ৰদায়িক মেৰুকৰণ, কেতিয়াবা উচ্ছেদ অভিযান, আকৌ কেতিয়াবা কোনো নতুন আঁচনিৰ চমক— আগবঢ়াই দিয়া হ’ল। সংবাদ মাধ্যমৰ হাইপ আৰু চৰকাৰী মেচিনেৰীৰ এনে কৌশলৰ বাবে সাধাৰণ জনতাৰ বাবে জুবিনৰ ন্যায়ৰ বিষয়টো ‘পুৰণি খবৰ’ত পৰিণত হ’ল। জুবিনৰ দৰে এজন বিশাল ব্যক্তিত্বৰ মৃত্যুৰ কাৰণ বিচাৰি উলিওৱাতকৈ দৈনন্দিন জীৱনৰ আন আন সংগ্ৰামবোৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে সমাজখনক বাধ্য কৰা হ’ল। ফলস্বৰূপে, যিটো বিষয়ৰ ওপৰত চৰকাৰক জবাবদিহি কৰিব লাগিছিল, সেই বিষয়টো লাহে লাহে বাতৰিৰ শিৰোনামৰ পৰা আঁতৰি গ’ল। মুখ্যমন্ত্ৰী চাতুৰালিয়ে যেন ভবা মতেই কাম দিলে!
আৰক্ষী আৰু তদন্তকাৰী সংস্থাৰ ভূমিকা এই ক্ষেত্ৰত আটাইতকৈ বেছি সন্দেহজনক বুলিও চৰ্চা চলিছে। আৰম্ভণিতে সাতজন লোকক গ্ৰেপ্তাৰ কৰি ৰাইজক শান্ত কৰা হ’ল। কিন্তু প্ৰশ্ন হয়— সেই সাতজন লোকনো কোন? তেওঁলোকৰ আঁৰত কোনো প্ৰভাৱশালী ব্যক্তি আছিল নেকি? তেওঁলোকৰ উদ্দেশ্য কি আছিল? এই সাতজনৰ পাছত তদন্তৰ গতি কিয় স্থবিৰ হৈ পৰিল? নে চৰকাৰে কেৱল কেইজনমান বলীৰ পাঠা সাজি আচল দোষীক সুৰক্ষা দিছে? জুবিনৰ দৰে এজন মানুহক হত্যা কৰিবলৈ যদি সঁচাকৈয়ে কোনো ষড়যন্ত্ৰ হৈছিল, তেন্তে সেই জালখন নিশ্চয় সাতজনতকৈ বহু প্ৰভাৱশালী লোকে পেলাইছিল। সমগ্ৰ তদন্তটো কেৱল এটা বিন্দুতে সীমাৱদ্ধ কৰি ৰখাটোৱে তদন্তকাৰী সংস্থাৰ সদিচ্ছাক লৈ প্ৰশ্নৰ উদয় কৰিছে।
ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া চলে অকাট্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি। কিন্তু জুবিন গাৰ্গৰ সন্দৰ্ভত দাখিল কৰা চাৰ্জশ্বীটত বহুতো সুৰুঙা থকাৰ অভিযোগ উঠিছে। ‘হত্যা’ বুলি প্ৰমাণ কৰিবলৈ যিধৰণৰ ফৰেনচিক ৰিপ’ৰ্ট, চাক্ষুষ প্ৰমাণ বা ডিজিটেল সাক্ষ্যৰ প্ৰয়োজন আছিল, অভিযোগনামাত তাৰ উল্লেখ অতি দুৰ্বল বুলি চৰ্চা চলিছে। বহু ক্ষেত্ৰত দেখা যায় যে আৰক্ষীয়ে এনেধৰণে চাৰ্জশ্বীট প্ৰস্তুত কৰে যাতে অভিযুক্তই আইনী সুৰুঙা ব্যৱহাৰ কৰি জামিন লাভ কৰিব পাৰে বা খালাচ পাব পাৰে। যদিহে চাৰ্জশ্বীটত হত্যাকাণ্ডৰ কোনো অকাট্য প্ৰমাণ নাথাকে, তেন্তে ভৱিষ্যতে এই সাতজন অভিযুক্তও দোষমুক্ত হৈ ওলাই অহাটো কোনো আচৰিত কথা নহ’ব। যদি জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটতো চৰ্চা চলাৰ দৰে এইটোৱে হৈছে তেন্তে এই ন্যায়ৰ যুদ্ধখন যে কৰুণভাৱে সমাপ্তি ঘটিব সেয়াও নিশ্চিত!
জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নাছিল, তেওঁ আছিল অসমীয়া সংস্কৃতিৰ এজন ধ্বজাবাহক। তেওঁৰ ন্যায়ৰ যুদ্ধ থমকি ৰোৱাৰ অৰ্থ হ’ল অসমৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা আৰু ন্যায় প্ৰাপ্তিৰ অধিকাৰ থমকি ৰোৱা। যেতিয়ালৈকে চৰকাৰক প্ৰশ্ন কৰাৰ সাহস আমি গোটাব নোৱাৰিম, যেতিয়ালৈকে ৰাজনৈতিক কাৰচাজিৰ পৰা আঁতৰি কেৱল ন্যায়ৰ বাবে ঐক্যবদ্ধ নহ’ম, তেতিয়ালৈকে জুবিন গাৰ্গৰ দৰে হাজাৰজনৰ মৃত্যুৰ ৰহস্য কেতিয়াও উন্মোচিত নহ’ব।জুবিন গাৰ্গৰ ন্যায়ৰ যুদ্ধখন এতিয়া আইনী নথি আৰু আদালতৰ চুকত পৰি ৰৈছে। শাসকৰ কৌশলী মৌনতা, বিৰোধীৰ সুবিধাবাদী স্থিতি আৰু জনতাৰ ক্ৰমান্বয়ে কমি অহা আৱেগ— এই সকলোবোৰে মিলি জুবিনৰ ন্যায়ক যেন এটা অন্ধগলিলৈ ঠেলি দিছে। কিন্তু মনত ৰখা উচিত যে, এজন শিল্পীৰ মৃত্যুৰ সঠিক বিচাৰ নোহোৱাটো এখন সভ্য সমাজৰ বাবে কলংক। এতিয়াও সময় আছে, জনতাই পুনৰ সাৰ পাই উঠিব লাগিব আৰু চৰকাৰক সোঁৱৰাই দিব লাগিব যে— “জুবিন আমাৰ আছিল, জুবিন আমাৰ আছে আৰু জুবিনৰ মৃত্যুৰ ন্যায় আমাক লাগিবই।”