• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জুবিনৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড’ : চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2025 7:17 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ অসমক শোকস্তব্ধ কৰি ৰখাৰ সময়তে আজি তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছ’চিয়েল মিডিয়াত এক বিস্ফোৰক পোষ্ট যোগে শিল্পীজনৰ মৃত্যুক পোনপটীয়াকৈ ‘পৰিকল্পিত হত্যাকাণ্ড’ বুলি অভিহিত কৰিছে। আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)-এ যোৱা ১২ ডিচেম্বৰত দাখিল কৰা চাৰ্জশ্বীটৰ তথ্য সদৰী কৰি গৰিমা গাৰ্গে ঘটনাৰ অন্তৰালত থকা গভীৰ ষড়যন্ত্ৰ আৰু চৰম অৱহেলাৰ কথা উল্লেখ কৰিছে।

গৰিমা শইকীয়াই অভিযোগ কৰা মতে, ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বৰে পৰাই জুবিনৰ থকা-মেলাৰ ব্যৱস্থাক লৈ এক ৰহস্যজনক খেলিমেলি চলি আছিল। চাৰ্জশ্বীটত উল্লেখ থকা মতে, আয়োজক শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা তথ্য অনুসৰি জুবিনৰ বাবে প্ৰথমে অনুজ বৰুৱা নামৰ এজন ব্যক্তিৰ সৈতে এটা কোঠাৰ ব্যৱস্থা কৰা হৈছিল, যিটো জুবিনৰ দৰে এজন শিল্পীৰ বাবে এক অকল্পনীয় বিষয়। ইয়াৰ উপৰিও মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আয়োজকৰ ভাষ্যত থকা বিসংগতিয়ে ঘটনাটোৰ আঁৰত এক কু-অভিসন্ধি থকাৰ ইংগিত বহন কৰিছে বুলি তেওঁ দাবী কৰে।

Apply Now

আন এক চাঞ্চল্যকৰ তথ্য ফাদিল কৰি গৰিমা গাৰ্গে কয় যে মেনেজাৰ সিদ্ধাৰ্থই জুবিন বা তেওঁৰ পৰিয়ালৰ অজানিতে ‘One Last Tour’ নামেৰে জুবিনৰ অৱসৰৰ ভুৱা প্ৰচাৰ চলাইছিল আৰু তাৰ দোহাই দি বিভিন্ন কমিটিৰ পৰা অধিক মাননী সংগ্ৰহ কৰিছিল।

“জুবিনে অৱসৰৰ কথা কেতিয়াও ভবা নাছিল, মই গোটেই জীৱন তেওঁৰ নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ,”— আৱেগিক হৈ তেওঁ এইদৰে লিখে।

দুৰ্ভাগ্যজনক ঘটনাটোৰ দিনা জুবিনৰ প্ৰতি দেখুওৱা চৰম অৱহেলাৰ বৰ্ণনা দি তেওঁ কয় যে চিকিৎসা অবিহনে শিল্পীগৰাকীক প্ৰায় ৭৫ মিনিট সময় পেলাই ৰখা হৈছিল। ওচৰতে চিকিৎসাৰ সুবিধা থকা স্বত্বেও কিয় ইমান দেৰি কৰা হ’ল, সেই লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে মৃগীৰোগ (Seizure) থকা জুবিনক নিচাগ্ৰস্ত অৱস্থাত লাইফ জেকেট নোহোৱাকৈ সাগৰত সাঁতুৰিবলৈ দিয়াটো আছিল এক অপৰাধ। আনকি জুবিনক ভাগৰুৱা অৱস্থাত দেখিও মেনেজাৰ সিদ্ধাৰ্থই বাধা দিয়াৰ পৰিৱৰ্তে ‘যাব দে’ বুলি ইংগিত দিয়াৰ কথাও চাৰ্জশ্বীটত উল্লেখ থকা বুলি তেওঁ জানিবলৈ দিয়ে।

জুবিনৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰা পত্নী গৰিমাই এই সমগ্ৰ ঘটনাত জড়িত ব্যক্তিসকলক ‘মানুহৰূপী দানৱ’ বুলি আখ্যা দিছে। তেওঁ চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ওচৰত দাবী জনায় যে, এই গোচৰৰ বাবে এখন বিশেষ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হওক, য’ত দৈনিক শুনানিৰ ব্যৱস্থা থাকিব। তেওঁ লগতে এটা শক্তিশালী চৰকাৰী অধিবক্তাৰ দল গঠনৰো আহ্বান জনায় যাতে দোষীয়ে কোনোপধ্যেই সাৰি যাব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd