-পূবালী ভাগৱতী
টাইলছৰ মজিয়াখনত ফেনযুক্ত পানী বৈ আহে। দুই -তিনিবাৰ পানী বৈ অহাৰ পিছত মজিয়াত প্ৰতিৱিম্বিত হোৱা দেখা পাওঁ আকাশেদি গৈ থকা এখন প্লেন। প্ৰায় দুই মিনিট সময়ৰ এই শ্বটটোৰ পিছত কেমেৰাই আমাক দেখুৱায় মজিয়া পৰিষ্কাৰ কৰি থকা গৰাকীক। এই গোটেই শ্বটটোত সময় লয় প্ৰায় তিনি মিনিট। ৯১ সংখ্যক অকাডেমি বঁটাৰ তিনিটা শিতানত বঁটা লাভ কৰা ‘ৰোমা’ চলচ্চিত্ৰখনৰ আৰম্ভণিৰ দৃশ্য এয়া। পৰিচালক আলফান্সো কুয়াৰণে(Alfonso Cuaron) নিৰ্মাণ কৰা স্পেনিছ ভাষাৰ চিনেমাখনৰ প্ৰায়বোৰ দৃশ্যই দৰ্শকক ধ্যানস্থ অৱস্থা এটালৈ লৈ যায়। চিনেমাৰ পটভূমি সত্তৰ দশকৰ মেক্সিকো চহৰখন, বিশেষকৈ মেক্সিকোৰ কাষৰীয়া ৰোমা চহৰ য’ত পৰিচালক আলফান্সো কুয়াৰণে নিজ শৈশৱ পাৰ কৰিছিল। কুয়াৰণৰ শৈশৱ আৰু তেওঁক মাতৃৰ দৰে চোৱা-চিতা কৰা লিবʼ নামৰ সহায়িকা গৰাকীৰ জীৱন পৰিক্ৰমা আমি চিনেমাখনত দেখা পাওঁ। কাহিনী উপস্থাপনৰ বাবে কুয়াৰণে wide shot ৰ বহুল প্ৰয়োগ কৰিছে। ফলত মূল চৰিত্ৰ ক্লেঅʼৰ জীৱনৰ আন মানুহবোৰ, তাইৰ চৌপাশটো দৰ্শকে নিজা ধৰণেৰে চাব পাৰে। ‘ৰোমা’ত সত্তৰ দশকৰ মেস্কিকো চহৰখনৰ সামাজিক, ৰাজনৈতিক অস্থিৰতাও পৰিলক্ষিত হৈছে।
ৰোমা চহৰৰ মধ্যবিত্ত পৰিয়াল এটাত সহায়কাৰী হিচাপে কাম কৰে ক্লেঅ’ই। কেৱল সহায়কাৰী নহয়, বহু সময়ত আমি দেখোঁ ক্লেঅʼ ঘৰখনৰ এজন সদস্যৰ দৰে। ক্লেঅʼৰ মালিক এন্টনিঅʼ পেছাত এজন চিকিৎসক আৰু বহু সময়ত ঘৰৰ পৰা আঁতৰত থাকে। মালিকনী ছিফিয়া আৰু তেওঁৰ মাতৃ ঘৰখনৰ মূৰব্বী। ছফিয়াৰ চাৰিটা সন্তান-পেপে, ছফী, টনিঅʼ আৰু পেকʼক স্কুললৈ অনা-নিয়া, ৰন্ধা-বঢ়া, ৰাতি বিচনাত নিচুকনী গীত গাই শুৱাই দিয়ালৈ সকলো দায়িত্ব ক্লেঅʼৰ। ক্লেঅ’ই কৰা আন এটা গুৰুত্বপূৰ্ণ কাম বৰাছ নামৰ পোহনীয়া কুকুৰটোৰ বিষ্ঠা চাফা কৰা। প্ৰথম দৃশ্যৰ লগতে কেবাটাও দৃশ্যত ক্লেঅʼই কুকুৰৰ বিষ্ঠা চাফা কৰা দেখা যায়। এগৰাকী সদস্য হিচাপে ক্লেঅ’ৰ পৰিয়ালটোৰ সৈতে থকা আত্মিকতা দৰ্শকে অনুভৱ কৰে যদিও বিভিন্ন সময়ত তাই যে এগৰাকী সহায়কাৰী সেই কথা সোঁৱৰাই দিয়া হয়। যেতিয়া তাই পৰিয়ালটোৰ সৈতে একেলগে টি.ভি. চাবলৈ বহে, তেতিয়া ছফিয়াই তাইক চাহ একাপ আনিবলৈ পঠিয়াই দিয়ে। এটা দৃশ্যত কুকুৰৰ বিষ্ঠা যʼতে-তʼতে পৰি থকাৰ কাৰণে ছফিয়াই তাইক কথা শুনায়। তথাপি ছফিয়াই ক্লেঅʼক মৰম কৰে। ক্লেঅʼ যেতিয়া অন্ত:সত্বা হোৱা বুলি ছফিয়াক জনায় আৰু তাইৰ প্ৰেমিক ফাৰ্মিনে ইতিমধ্যে পলায়ন কৰিছে বুলি কয়- ছফিয়াই তাইক সাৱটি লৈ সান্ত্বনা দিয়ে, নিজে ডাক্তৰৰ ওচৰলৈ ক্লেঅʼক লৈ যায়। পৰৱৰ্তী সময়ত সদ্যজাত সন্তানৰ মৃত্যু শোকত বিষাদগ্ৰস্ত ক্লেঅʼক তেওঁলোকৰ লগত ফুৰিবলৈ লৈ যায়। তাতো অৱশ্যে ক্লেঅʼই ছফিয়াৰ সন্তানৰ চোৱা- চিতাৰ দায়িত্ব লৈছে। নিজে সাঁতুৰিব নজনা স্বত্বেও ছফি আৰু পেকʼক সাগৰত ডুব যোৱাৰ পৰা ৰক্ষা কৰিছে। কেৱল সহায়িকা হিচাপে ক্লেঅʼই সিহঁতৰ দায়িত্ব নলয়; সন্তানকেইটাৰ লগত ক্লেঅʼৰ মমতাময়ী এক সম্পৰ্ক দেখা যায়। সহায়িকাতকৈ ক্লেঅʼৰ মাজত এগৰাকী মাতৃক বিচাৰি পোৱা যায়। সেইদৰে সন্তানকেইটাইও ক্লেঅʼক তেনেদৰে আবদাৰ কৰে। পৰিচালক কুয়াৰণে সচেতনভাৱে দুটা বিষয়ক গুৰুত্ব দিয়াৰ দৰে লাগিছে-মমত্ব আৰু পুৰুষতান্ত্ৰিকতা। আমি যি মমতাৰ কথা কৈছোঁ সেয়া ক্লেঅʼৰ চৰিত্ৰটোৰ জৰিয়তে প্ৰকাশ পাইছে। প্ৰেমিকৰদ্বাৰা প্ৰতাৰিত হোৱাৰ পিছতো গৰ্ভৰ সন্তানটো পৃথিৱীলৈ অনাৰ দায়িত্ব লৈছে ক্লেঅʼই। অপাৰেশ্যন ৰূমত চিকিৎসকে সন্তানটো পৰীক্ষা কৰি থাকোঁতে ক্লেঅʼৰ মুখত সেই উৎকণ্ঠা ফুটি উঠিছে। মৃত সন্তানটো যেতিয়া তাইৰ হাতত তুলি দিয়ে, ক্লেঅʼৰ চকু-মুখত ফুটি উঠা যন্ত্ৰণাও দৰ্শকে অনুভৱ কৰে।
ৰোমাৰ দুটা মূল নাৰী চৰিত্ৰ- ক্লেঅ’ আৰু ছফিয়া তেওঁলোকৰ জীৱনৰ পুৰুষ সংগীৰদ্বাৰা প্ৰতাৰিত হয়। ছফিয়াৰ স্বামী এন্টনিঅʼ পেছাত চিকিৎসক। গৱেষণাৰ কামত প্ৰায় ঘৰৰপৰা আঁতৰত থাকে। আমি দেখা পাওঁ মাত্ৰ এবাৰ এন্টনিঅʼ ঘৰলৈ আহে আৰু তেওঁ যোৱাৰ পিছত ছফিয়াৰ মাতৃৰ সৈতে কথোপকথনৰ পৰা বুজি পাওঁ স্বামীয়ে তেওঁৰ পৰা বিচ্ছেদ বিচাৰিছে। এন্টনিঅʼ যে এজন স্বাৰ্থপৰ, বস্তুবাদী মানসিকতাৰ ব্যক্তি সেয়া দুটা দৃশ্যৰ পৰা স্পষ্টকৈ বুজিব পাৰি। প্ৰথম -এন্টনিঅʼ যেতিয়া ঘৰলৈ আহে সন্তানসহ ছফিয়া আগ্ৰহেৰে ৰৈ থাকে । কিন্তু এন্টনিঅʼৰ তেওঁলোকক লগ পাবলৈ কোনো লৰালৰি নাই। তেওঁ গাড়ীখন কেইবাবাৰো আগ-পিছ কৰি যত্নেৰে থোৱাটোতহে গুৰুত্ব দিছে। দ্বিতীয়তে- ছফিয়া টাক্সপান চহৰ ভ্ৰমণৰ পৰা ঘূৰি আহি দেখে যে এন্টনিঅʼই কিতাপবোৰ এৰি মাত্ৰ ছেল্ফ কেইডাল লগত লৈ গৈছে। আন এটা দৃশ্যত ছফিয়াই ক্লেঅʼক সাৱটি ধৰি কৈছে -আমি নাৰীসকল সদায় অকলশৰীয়া।’
কাহিনী উপস্থাপনৰ ক্ষেত্ৰত আলফান্সো কুয়াৰণে ব্যৱহাৰ কৰিছে real time and real space টেকনিক। উদাহৰণস্বৰূপে চিনেমাখনৰ আৰম্ভণিৰ দৃশ্যটোত আমি দেখোঁ মজিয়াখনত ফেনযুক্ত পানী বৈ আহিছে দুই-তিনিবাৰ। বিষ্ঠাখিনি চাফা কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হৈছে পৰিচালকে কাট নকৰাকৈ কেমেৰা সেই ঠাইতে ৰাখিছে। আমনি লাগিলেও দৰ্শকে সেই দৃশ্যটো চাই থাকিবলৈ বাধ্য। বিষ্ঠা চাফা কৰি ক্লেঅʼ বাথৰূমত সোমায়। কেমেৰা সেই ঠাইতে ৰৈ যায়। ক্লেঅʼ বাথৰূমৰ পৰা ওলাই নহালৈকে দৰ্শকেও অপেক্ষা কৰি থাকে। বাথৰূমৰ বাহিৰত থকা চৰাইৰ সজাকেইটালৈ দৰ্শকৰ চকু যায়। চৰাইকেইটাৰ কিচিৰ-মিচিৰ শব্দ, কুকুৰৰ ভুকভুকনি, পানী পৰাৰ শব্দ নেপথ্যত শুনা যায়। আন এটা দৃশ্যত ক্লেঅ’ প্ৰেমিকৰ লগত হলত চিনেমা চাই থাকে। তাৰ মাজতে তাই অন্ত:সত্বা হোৱা বুলি প্ৰেমিকক জনায়। ফাৰ্মিন যেতিয়া বাহিৰলৈ যাওঁ বুলি উঠি যায় আৰু কিছু সময়লৈ নাহে, দৰ্শকে অনুমান কৰে যে প্ৰেমিকে ইতিমধ্যে তাইক প্ৰতাৰণা কৰি পলায়ন কৰিছে। কিন্তু কেমেৰা সেইখিনিতে কাট নহয়। হলত চলি থকা চিনেমাখন শেষ হোৱালৈ দৰ্শকেও ক্লেঅʼৰ সৈতে অপেক্ষা কৰিবলগীয়া হয়।
এতিয়া আহোঁ Real space ৰ কথালৈ। আমি দেখিছোঁ দৃশ্যসমূহৰ ৱাইদ শ্বট। যিফালে মন যায় সেইফালে চাবলৈ দৰ্শকক পৰিচালকে অবাধ স্বাধীনতা দিছে। চৰিত্ৰসমূহ যিফালে গৈছে কেমেৰা মাত্ৰ সেইফালে পেন হৈছে। আমি দেখিছোঁ ছফিয়া ৰাস্তালৈ ওলাই আহিছে, ইফালৰ পৰা সামৰিক বাহিনীৰ পেৰেড এটা আহি আছে। কোনো সময়ত ৰাস্তাৰে ফেৰিৱালা একোজন পাৰ হৈ গৈছে, সেয়াও কেমেৰাই ধৰি ৰাখিছে। নিউ ইয়েৰ পাৰ্টিটোত সন্তান চাৰিটাৰ সৈতে ছফিয়া এখন টেবুলত বহি আছে। দেউতাকে যে তেওঁলোকক ইতিমধ্যে এৰি গৈছে এই কথা সন্তানকেইটাৰ আগত ছফিয়াই স্বীকাৰ কৰিছে, আনফালে নাচ-গান চলি আছে। এফালে আমি দেখিছোঁ ক্লেঅʼ এখন বিছনাত প্ৰসৱ বেদনা আৰু উৎকণ্ঠাত শুই আছে, আনফালে চিকিৎসাকে সন্তানটো জীৱিত নে মৃত সেয়া পৰীক্ষা কৰি আছে। গোটেই শ্বটটো কাট নকৰাকৈ দেখুওৱা হৈছে যাৰ ফলত ক্লেঅʼৰ যন্ত্ৰণাৰ সৈতে দৰ্শক একাত্ম হ’ব পাৰিছে।
কুয়াৰণে শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অতি গুৰুত্ব দিছে। আকাশেদি প্লেন যোৱাৰ শব্দ, পানী পৰাৰ শব্দ, কুকুৰৰ ভুকভুকনি, বৰষুণৰ শব্দ, ড্ৰাম বজোৱাৰ শব্দ, সাগৰৰ ঢৌৰ শব্দ, যান-বাহনৰ শব্দ আদি। এই শব্দবোৰে দৃশ্যসমূহ অধিক প্ৰাণৱন্ত কৰি তুলিছে।
চিনেমাখনে বহু সময়ত দৰ্শকক ধ্যানমগ্ন অৱস্থা এটালৈ লৈ যায়। কুয়াৰণে পৃথিৱী আৰু আকাশ(স্বৰ্গ)ৰ মাজত এক সংযোগ দেখুৱাইছে। আৰম্ভণিৰ দৃশ্যটোত মজিয়াত প্ৰতিৱিম্বিত প্লেনখন আৰু শেষৰ দৃশ্যত আকাশেৰে গৈ থকা প্লেনখনে যেন স্বৰ্গ আৰু মৰ্ত্যৰ (heaven and earth) লগত এক সংযোগ স্থাপন কৰিছে। আমি যি দৃষ্টিৰে পৃথিৱীখন চাওঁ সেই সংকীৰ্ণতা মজিয়াত প্ৰতিবিম্বিত হোৱা প্লেনখন আৰু শেষত জীৱনটোক বহল দৃষ্টিৰে চাবলৈ দৰ্শকক শিকাইছে আকাশেদি গৈ থকা প্লেনখনে। ক্লেঅ’ই এই সংকীৰ্ণ পৃথিৱীৰ পৰা এক স্বৰ্গীয় অনুভূতিৰে মহীয়ান হ’ব যে পাৰিছে সেয়া শেষৰ দৃশ্যটোত পৰিচালকে বুজাইছে। ক্লেঅʼ চিৰিৰে ওপৰলৈ গৈ থাকে আৰু ইফালৰ পৰা আকাশেদি এখন প্লেন উৰি যায়। এই প্লেনখনৰ লগত ক্লেঅʼৰ স্বৰ্গীয় (heavenly) সংযোগ বুজা গৈছে। আন এটা দৃশ্যত আমি দেখোঁ ক্লেঅʼ যেতিয়া প্ৰেমিক ফাৰ্মিনক লগ কৰিবলৈ যায়। প্ৰফেচৰ জʼভেকে তেওঁলোকক প্ৰশিক্ষণ দি থাকে। তেওঁ এটা কৌশল সকলোকে কৰিবলৈ দিয়ে। ইয়াৰপূৰ্বে তেওঁ কয় যে সকলোৱে এই কৌশল কৰিব নোৱাৰে। কেৱল শাৰীৰিক শক্তিৰে নহয়,যাৰ মানসিক আৰু আধ্যাত্মিক সংযোগ স্থাপন হৈছে সেইসকলেহে পাৰে। সামৰিক কলাৰ অভিজ্ঞ ব্যক্তিসকলে আৰু আধ্যাত্মিক গুৰুসকলে এই কৌশল আয়ত্ব কৰিব পাৰিছে। আচৰিত ধৰণে চকু মুদি থকা অৱস্থাত এটা ভৰিত ভৰ দি হাত দুখন ওপৰলৈ কৰি থিয় হোৱাৰ এই কৌশল কেৱল ক্লেঅ’ই কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা বুজা যায় যে ক্লেঅ’ই সেই আধ্যাত্মিক স্তৰ লাভ কৰিছে। কিন্তু চকু মুদি থকাৰ কাৰণে ক্লেঅ’ক কোনেও দেখা নাপায়। তাই নিজেও হয়তো বুজি নাপায় সাধাৰণ হৈয়ো তাই আচলতে কিমান অসাধাৰণ!
ৰোমাত আকাশ আৰু পৃথিৱীৰ সংযোগৰ লগতে প্ৰবাহমান জীৱনৰ প্ৰতীক পানীৰ দৃশ্য দেখুওৱা হৈছে।মজিয়াত পানী বৈ অহা আৰম্ভণিৰ শ্বটটোৰ পৰা চাহৰ কাপ, বৰষুণ, সাগৰৰ ঢৌলৈকে পানীৰ দ্বাৰা এটা প্ৰবাহমান জীৱনৰ ইংগিত বহন কৰে। সেইদৰে প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিঘটনাসমূহো দেখুওৱা হৈছে। মননশীল কাহিনীৰ নান্দনিক উপস্থাপনেৰে ৰোমাই দৰ্শকক জীৱনটো বহল দৃষ্টিভংগীৰে চাবলৈ শিকাইছে। সংকীৰ্ণ চিন্তাৰ পৰা আকাশমুখী হ’বলৈ শিকাইছে।
২০১৯ চনত ৰোমাই শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক আৰু চিনেমাটʼগ্ৰাফীৰ বাবে অস্কাৰ বঁটা লাভ কৰে। ক্লেঅʼ চৰিত্ৰত অভিনয় কৰা নন-এক্টৰ ইয়ালিটা আপাৰিচিঅ’ (Yalitza Aparacio) ৰ বলিষ্ঠ অভিনয় চিনেমাখনৰ মূল সম্পদ। জীৱনত এবাৰ হ’লেও সকলোৱে এই চিনেমাখন চোৱা উচিত বুলি ভাবোঁ।