• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয় হনু মেনৰ জয় : ৰিমলী বৰকটকী

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
October 19, 2024 7:29 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয় হনু মেন-এই ছবিখনৰ নাম এতিয়া প্ৰায় সকলো অসমীয়া দৰ্শক ৰাইজৰে বিদিত। গত ১৮ অক্টোবৰত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ কাহিনীভাগ লিখাৰ লগতে পৰিচালনাও কৰিছে হিমাংশু প্ৰসাদ দাসে। চিত্ৰনাট্য লিখিছে শান্তনু ৰৌমূৰীয়া,অধিৰাজ কাশ্যপ আৰু হিমাংশু প্ৰসাদ দাসে। ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহৰ লগতে ভাৰতৰ অন্যান্য চহৰতো চলি আছে।

ছবিৰ আৰম্ভণি হয় গুৱাহাটী ৰেলৱে’ ষ্টেচনৰ এটি দৃশ্যৰে। আৰম্ভণিৰ কিছুপৰৰ পিছতেই,উত্তেজনা আৰম্ভ হয়। গুৱাহাটীক পটভূমিৰূপে লোৱা ছবিখনৰ পৰৱৰ্তী অংশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত নৱাগতক পুৰণি আবাসীয়ে হাঁ‌হি-তামাচাৰ মাজেৰে নামাকৰণ কৰাৰ প্ৰক্ৰিয়া চলি থকা দেখুৱাই। হনুমেনৰ ভূমিকাত অভিনয় কৰা সিদ্ধাৰ্থ বড়োৰ নাম পৰে হনুমান। শাৰিৰীক শক্তিৰে বলবান জয়ৰ এই নামটোক লৈ তাৰ পৰম বিৰক্তি। এইবোৰ ঘটনাৰ সমান্তৰালকৈ হোষ্টেলৰ ভাওনাত পুনৰ হনুমানৰ ভূমিকা লোৱা জয় এক ন পৰিস্থিতিৰ সন্মুখীন হয়। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জে কে দা(জয় কাশ্যপ)য়ে জয়ক ছুপাৰহিৰ’ৰূপে(হনুমান নহয়,হনুমেন)সমাজত উশৃংখলতাৰ সৃষ্টি কৰা অপশক্তিবোৰক ৰোধ কৰাত লাগিবলৈ কৈ থাকে।

Apply Now

এইবোৰৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ লগতে অপৰাধজনিত কাৰ্যও চলি থাকে। কাহিনীয়ে গতি সলায় যেতিয়া এটি ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য অপৰাধ সংঘটিত হয় আৰু হোষ্টেলৰ কেন্টিনত কাম কৰি নিজৰ পঢ়া চলাই থকা জিতুক সেই কাহিনীৰ অপৰাধী সজাই এনকাউন্টাৰ কৰি হত্যা কৰা হয়। জয় আৰু জে কেৰ ঘনিষ্ঠ জিতুৰ নিৰ্দোষিতাক সিহঁত দুয়োৰে বাদে কোনেও বিশ্বাস নকৰে। আৰু জয় আৰু জে কেই সাংবাদিকৰ ভূমিকাত অভিনয় কৰা অমৃতা গগৈৰ সৈতে লগ হৈ কিদৰে জিতুৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ আৰু জিতুৰ মাতৃক ন্যায় প্ৰদান কৰিবলৈ প্ৰয়াস কৰে,তাকে লৈয়েই ছবিখনৰ বাকী কাহিনীভাগ আগবাঢ়ে।

কাহিনী গতিশীল,ক’তো আমনি লাগি ৰৈ যোৱাৰ অৱকাশ নাই। তিনিও লিখকৰে চিত্ৰনাট্যও সু-সংৰচিত হোৱৰ বাবে ছবিখন অধিক উপভোগ্য হৈ উঠিছে। যদিওবা কিছু সংবেদনশীল তথা সদায় প্ৰাসংগিকতা থকা গম্ভীৰ বিষয়ৰ উপস্থাপন কৰা হৈছে,কিন্তু ইয়াৰ লগতে মৃদু-মধুৰ হাস্যৰসৰো প্ৰয়োগ আছে। হাস্যৰসৰ লগতে ব্যংগৰ ব্যৱহাৰো আছে। অন্যায়,হত্যাৰ বিৰুদ্ধে কৰা আৱেগৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ। যিদৰে পৰিস্থিতি সাপেক্ষ ছবিখনৰ সামগ্ৰিক সংগীত ব্যৱস্থাপনা। সংগীত ব্যৱস্থাপনা বেছহলৰ।

হনুমান নামক হনু মেন(স্পাইডাৰমেন,ছুপাৰমেনৰ দৰে)কৰি থলুৱা ছুপাৰহিৰ’ৰ এনে ছবি পূৰ্বে অসমত নিৰ্মাণ হোৱা নাছিল। লগতে উল্লেখ কৰিব লাগিব ছবিখনৰ আন এটি ভাল লগা দিশ চন্দ্ৰ কুমাৰ দাসৰ চিত্ৰগ্ৰহণৰ কাম। উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাৰ কামো প্ৰশংসনীয়। সমৰকলাৰ প্ৰয়োগ ছবিখনৰ আন এটি উল্লেখনীয় দিশ। ছবিখন পৰিচালনাত পৰিচালক সফল। সংলাপৰ মাজেৰে কিছু শক্তিশালী বাৰ্তাও দিয়া হৈছে ছবিখনত।

জয় হনু মেনৰ অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব হনুমেনৰ চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ বড়ো আৰু জে কে ৰ ভূমিকাত অভিনয় কৰা জয় কাশ্যপৰ প্ৰশংশনীয় অভিনয়। লগতে অমৃতা গগৈ,বিভূতি ভূষণ হাজৰিকা,গীতাৱলী ৰাজকুমাৰী,ভাস্কৰ তামূলী,প্ৰণামী বৰাকে আদি কৰি প্ৰায় সকলোৰে অভিনয় স্বাভাৱিক। মুঠতে এক কথাত ক’বলৈ গ’লে জয় হনু মেনে আপোনাক নিৰাশ নকৰে।

-ৰিমলী বৰকটকী।
Mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd