জয় হনু মেনৰ জয় : ৰিমলী বৰকটকী

জয় হনু মেন-এই ছবিখনৰ নাম এতিয়া প্ৰায় সকলো অসমীয়া দৰ্শক ৰাইজৰে বিদিত। গত ১৮ অক্টোবৰত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ কাহিনীভাগ লিখাৰ লগতে পৰিচালনাও কৰিছে হিমাংশু প্ৰসাদ দাসে। চিত্ৰনাট্য লিখিছে শান্তনু ৰৌমূৰীয়া,অধিৰাজ কাশ্যপ আৰু হিমাংশু প্ৰসাদ দাসে। ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহৰ লগতে ভাৰতৰ অন্যান্য চহৰতো চলি আছে।

ছবিৰ আৰম্ভণি হয় গুৱাহাটী ৰেলৱে’ ষ্টেচনৰ এটি দৃশ্যৰে। আৰম্ভণিৰ কিছুপৰৰ পিছতেই,উত্তেজনা আৰম্ভ হয়। গুৱাহাটীক পটভূমিৰূপে লোৱা ছবিখনৰ পৰৱৰ্তী অংশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত নৱাগতক পুৰণি আবাসীয়ে হাঁ‌হি-তামাচাৰ মাজেৰে নামাকৰণ কৰাৰ প্ৰক্ৰিয়া চলি থকা দেখুৱাই। হনুমেনৰ ভূমিকাত অভিনয় কৰা সিদ্ধাৰ্থ বড়োৰ নাম পৰে হনুমান। শাৰিৰীক শক্তিৰে বলবান জয়ৰ এই নামটোক লৈ তাৰ পৰম বিৰক্তি। এইবোৰ ঘটনাৰ সমান্তৰালকৈ হোষ্টেলৰ ভাওনাত পুনৰ হনুমানৰ ভূমিকা লোৱা জয় এক ন পৰিস্থিতিৰ সন্মুখীন হয়। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জে কে দা(জয় কাশ্যপ)য়ে জয়ক ছুপাৰহিৰ’ৰূপে(হনুমান নহয়,হনুমেন)সমাজত উশৃংখলতাৰ সৃষ্টি কৰা অপশক্তিবোৰক ৰোধ কৰাত লাগিবলৈ কৈ থাকে।

এইবোৰৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ লগতে অপৰাধজনিত কাৰ্যও চলি থাকে। কাহিনীয়ে গতি সলায় যেতিয়া এটি ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য অপৰাধ সংঘটিত হয় আৰু হোষ্টেলৰ কেন্টিনত কাম কৰি নিজৰ পঢ়া চলাই থকা জিতুক সেই কাহিনীৰ অপৰাধী সজাই এনকাউন্টাৰ কৰি হত্যা কৰা হয়। জয় আৰু জে কেৰ ঘনিষ্ঠ জিতুৰ নিৰ্দোষিতাক সিহঁত দুয়োৰে বাদে কোনেও বিশ্বাস নকৰে। আৰু জয় আৰু জে কেই সাংবাদিকৰ ভূমিকাত অভিনয় কৰা অমৃতা গগৈৰ সৈতে লগ হৈ কিদৰে জিতুৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ আৰু জিতুৰ মাতৃক ন্যায় প্ৰদান কৰিবলৈ প্ৰয়াস কৰে,তাকে লৈয়েই ছবিখনৰ বাকী কাহিনীভাগ আগবাঢ়ে।

কাহিনী গতিশীল,ক’তো আমনি লাগি ৰৈ যোৱাৰ অৱকাশ নাই। তিনিও লিখকৰে চিত্ৰনাট্যও সু-সংৰচিত হোৱৰ বাবে ছবিখন অধিক উপভোগ্য হৈ উঠিছে। যদিওবা কিছু সংবেদনশীল তথা সদায় প্ৰাসংগিকতা থকা গম্ভীৰ বিষয়ৰ উপস্থাপন কৰা হৈছে,কিন্তু ইয়াৰ লগতে মৃদু-মধুৰ হাস্যৰসৰো প্ৰয়োগ আছে। হাস্যৰসৰ লগতে ব্যংগৰ ব্যৱহাৰো আছে। অন্যায়,হত্যাৰ বিৰুদ্ধে কৰা আৱেগৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ। যিদৰে পৰিস্থিতি সাপেক্ষ ছবিখনৰ সামগ্ৰিক সংগীত ব্যৱস্থাপনা। সংগীত ব্যৱস্থাপনা বেছহলৰ।

হনুমান নামক হনু মেন(স্পাইডাৰমেন,ছুপাৰমেনৰ দৰে)কৰি থলুৱা ছুপাৰহিৰ’ৰ এনে ছবি পূৰ্বে অসমত নিৰ্মাণ হোৱা নাছিল। লগতে উল্লেখ কৰিব লাগিব ছবিখনৰ আন এটি ভাল লগা দিশ চন্দ্ৰ কুমাৰ দাসৰ চিত্ৰগ্ৰহণৰ কাম। উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাৰ কামো প্ৰশংসনীয়। সমৰকলাৰ প্ৰয়োগ ছবিখনৰ আন এটি উল্লেখনীয় দিশ। ছবিখন পৰিচালনাত পৰিচালক সফল। সংলাপৰ মাজেৰে কিছু শক্তিশালী বাৰ্তাও দিয়া হৈছে ছবিখনত।

জয় হনু মেনৰ অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব হনুমেনৰ চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ বড়ো আৰু জে কে ৰ ভূমিকাত অভিনয় কৰা জয় কাশ্যপৰ প্ৰশংশনীয় অভিনয়। লগতে অমৃতা গগৈ,বিভূতি ভূষণ হাজৰিকা,গীতাৱলী ৰাজকুমাৰী,ভাস্কৰ তামূলী,প্ৰণামী বৰাকে আদি কৰি প্ৰায় সকলোৰে অভিনয় স্বাভাৱিক। মুঠতে এক কথাত ক’বলৈ গ’লে জয় হনু মেনে আপোনাক নিৰাশ নকৰে।

-ৰিমলী বৰকটকী।
Mail- rimli.borkotoky1985@gmail.com