“চুপা চুপি”- কিছু বছৰ আগতে একে নামেৰে এখন ছিৰিজ মুকলি হৈছিল ইউটিউবত। সেইখন ছিৰিজকে আলম হিচাপে লৈ নিৰ্মিত হৈছে নৱতম অসমীয়া ছবি চুপা চুপি। চুপা চুপিৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ প্ৰণৱ ভড়ালীৰ। যোৱা ১২ জুন, ২০২৬ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।
ছবিৰ আৰম্ভণি হয় চাৰিজন বন্ধুৰ মদৰ আড্ডাৰে। কাহিনীভাগ আৰম্ভণিৰে পৰাই মনোগ্ৰাহী নহয়। বিক্ষিপ্ত কিছুমান দৃশ্যৰে ছবিখন জোৰা-টাপলি মাৰি আগবঢ়োৱাৰ চেষ্টা কৰা হয়। এক কথাত ক’বলৈ গ’লে কাহিনী বুলিবলৈ একো নায়েই ছবিখনত। আৰম্ভণিৰ পৰাই মাথোঁ ব্যৰ্থ প্ৰেম, মদৰ আড্ডাৰ বাদে আন একোৱেই নাই চাৰিওৰে জীৱনত। একেবাৰেই লক্ষ্য আৰু উদ্দেশ্যহীন জীৱন কেইটামান। ছবিখনৰ বহু অংশতে হাস্যৰসৰ উপস্থাপন কৰিবৰ চেষ্টা কৰা দেখা গৈছিল, কিন্তু সেয়া সফল হৈ নুঠিল। তৃতীয় লিংগক লৈ আজিৰ তাৰিখতো কৌতুক কৰাটো এক দুখজনক তথা অতি গতানুগতিক কাৰবাৰ এটা। বাটত ছোৱালী চোৱা, প্ৰেম প্ৰস্তাৱ আগবঢ়াবলৈ যোৱা— প্ৰথমাৰ্ধ এনেদৰেই পাৰ হয়। আৰম্ভণিৰে পৰাই ছবিখনত হোৱাই-নোহোৱাই গানৰ পয়োভৰ ঘটিছে। গাঁওখনত জেলৰ পৰা ওলাই অহা তিনি বন্ধুৰ লগ লাগেহি বিল্লু বা বিলীন (কমল লোচন)। গাঁৱত দুই ফৈদৰ ৰাজনৈতিক দল তথা নেতা থাকে; যাৰ প্ৰভাৱত গাঁওখন চলি থাকে। লগতে আছে গাঁওবুঢ়া (অৰুণ নাথ)। প্ৰথমাৰ্ধ আমনিদায়কভাৱে পাৰ হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ আৰম্ভণিত মৃদু উৎকণ্ঠাৰ সূচনা হয় যদিও, পৰৱৰ্তী অংশ একেই ঠেৰুছিগা হৈয়েই থাকিল। আচলতে কাহিনীকাৰে যি দেখুৱাব খুজিছিল, সেয়া তেওঁৰ বাবেই অস্পষ্ট আছিল। সেয়ে ছবিখনো তেনেদৰেই অস্পষ্ট হৈয়েই থাকিল— কি দেখুৱাব খুজিছিল, কি প্ৰকাশ কৰিব বিচাৰিছিল, সেয়া স্পষ্ট নহ’ল। সম্পাদনাৰ দিশটো দুৰ্বল। এখন দুৰ্বল চিত্ৰনাট্যক সম্পাদনাৰ মেজেৰে নিখুঁত কৰি উলিওৱাটো সহজ নহয়। ছবিখনৰ চিত্ৰনাট্যখন সু-সংৰচিত হোৱা হ’লে আৰু ছবিখন প্ৰায় তিনি ঘণ্টীয়া নোহোৱা হ’লে, উপভোগ্য হৈ উঠাৰ থল থাকিলেহেঁতেন। পৰৱৰ্তী সময়ত চাৰি বন্ধুৱে হাঁহ চুৰি কৰিবলৈ গৈ কি হয়, তাক লৈয়েই কাহিনীভাগ আগবঢ়োৱাৰ চেষ্টা চলে।
অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব বিল্লুৰ চৰিত্ৰত কমল লোচন আৰু অৰুণ নাথৰ। দুয়োৰে অভিনয় পৰিপক্ব আৰু সফল। এক ব্যতিক্ৰমী চৰিত্ৰত অৰুণ নাথৰ অভিনয় প্ৰশংসনীয়। আনহাতেদি কমল লোচনৰ চৰিত্ৰটিক অলপ ভাল ট্ৰিটমেন্ট দিয়া হ’লে, তেওঁৰ অভিনয়ে ছবিখনকো উজলাই তুলিলেহেঁতেন। কৌশিক ভৰদ্বাজ আৰু জিন্তু কুমাৰ কাশ্যপৰ অভিনয়ো প্ৰশংসনীয়। এক কথাত ২ ঘণ্টা ৪১ মিনিট সময় চুপা চুপিৰ নামত অপব্যয় কৰিব নোৱাৰি।
-ৰিমলী বৰকটকী।
mail- [email protected]





