দুখন দেশ – দুটা ৰায়

দুখন দেশ – আমেৰিকা আৰু ভাৰত ৷ দুটা ৰায় এই দুখন দেশৰ উচ্চতম ন্যায়ালয়ৰ ৷ দুটা সম্পূৰ্ণৰূপে ভিন্ন ধৰণৰ গোচৰত ৷ দুয়োটা ৰায়ৰ মাজত মিল কি ? দুখন দেশৰ, দুখন শীৰ্ষ আদালতে দিয়া দুটা ভিন্ন ৰায়ৰ মাজৰ একমাত্ৰ মিল হ’ল এয়ে যে এই দুয়োটা ৰায়ে ন্যায় আৰু অধিকাৰৰ ধাৰণাৰ ব্যাপ্তিক সংকুচিত কৰিলে ৷

ৰ’ বনাম ৱেড – সত্তৰৰ দশকৰ প্ৰাৰম্ভতে আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা এক ৰায় ৷ এই ৰায়ে স্বীকৃতি দিছিল আমেৰিকান মহিলাৰ গৰ্ভপাতৰ অধিকাৰক ৷ এই ৰায় আছিল ঐতিহাসিক কিয়নো ই মহিলাৰ নিজৰ শৰীৰৰ ওপৰত থকা অধিকাৰক স্বীকৃতি দিছিল ৷ ন্যায়ালয়ে গৰ্ভপাতৰ অধিকাৰক মহিলাৰ মহিলাৰ গোপনীয়তাৰ অধিকাৰৰ বা right to privacyৰ অংশৰূপে স্বীকৃতি দিছিল ৷ সেই সময়ৰ পৰিপ্ৰেক্ষিতত এই ৰায় আছিল ঐতিহাসিক ৷

এই ৰায় প্ৰদানৰ দ্বাৰা ন্যায়ালয়ে সামাজিক আৰু ব্যক্তিগত জীৱনত তথাকথিত নৈতিকতা আৰু ধৰ্মীয় বিশ্বাসৰ গুৰুত্বক বহুদূৰলৈ পিছুৱাই দিছিল ৷ কিন্তু সেই ৰায় প্ৰদানৰ পাঁচটা দশকৰ পাছত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সৌ সিদিনা দিয়া এটা ৰায়ৰ দ্বাৰা ৰ’ বনাম ৱেডক খাৰিজ কৰিলে ৷ মিচিচিপি ৰাজ্যৰ গৰ্ভপাত বিৰোধী আইনৰ সাংবিধানিক বৈধতাক স্বীকৃতি প্ৰদান কৰি প্ৰদান কৰা শেহতীয়া এই ৰায়ত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে কয় যে The Constitution makes no reference to abortion, and no such right is implicitly protected by any constitutional provision. এক আধুনিক ৰাষ্ট্ৰত ইতিহাস আৰু পৰম্পৰা নাগৰিকৰ অধিকাৰৰ আধাৰ হ’ব পাৰেনে?

ন্যায়ালয়ে আৰু কয় যে A right to abortion is not deeply rooted in the Nation’s history and tradition. দেশৰ ইতিহাস আৰু পৰম্পৰাৰ দোহাই দি সাংবিধানিক অধিকাৰক সংকুচিত কৰিলে ন্যয়ালয়ে ৷
জাকিয়া জাফ্ৰি ৷ দলবদ্ধ ঘাতকৰ সাম্প্ৰদায়িক জিঘাংসাত স্বামীক হেৰুওৱা এগৰাকী মহিলা ৷ ২০০২ চনৰ পৰা চলিছে তেওঁ ন্যায় প্ৰাপ্তিৰ বাবে কৰা সংগ্ৰাম ৷

তেওঁৰ অভিযোগ আছিল তদানীন্তন গুজৰাট চৰকাৰৰ মুৰব্বী সকল ২০০২ চনৰ ভয়ংকৰ হিংসাৰ ষড়যন্ত্ৰৰ অংশীদাৰ আছিল ৷ তেওঁৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়লয়ে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট আৰু সেই তদন্তকাৰী গোটে সেই সময়ৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক দোষমুক্ত কৰিছিল ৷ উচ্চতম ন্যায়ালয়ে জাফ্ৰীক বিশেষ তদন্তকাৰী গোটৰ চূড়ান্ত প্ৰতিবেদনৰ বিৰুদ্ধে প্ৰতিবাদী আবেদন দিয়াৰ অধিকাৰ দিছিল আৰু সেই মৰ্মেই নিম্ন আদালতত বিশেষ তদন্তকাৰী গোটে দিয়া চূড়ান্ত প্ৰতিবেদনৰ বিৰুদ্ধে প্ৰতিবাদী আবেদন দিছিল জাফ্ৰীয়ে ৷ তেওঁ বিচাৰিছিল অধিক তদন্ত. জাফ্ৰীৰ আবেদন অগ্ৰাহ্য কৰিলে নিম্ন আদালতে ৷ তাৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিল জাফ্ৰী ৷

কিন্তু তেওঁৰ প্ৰত্যাহ্বান উচ্চ ন্যায়ালয়েও খাৰিজ কৰিলে ৷ এই ৰায়ক প্ৰত্যাহ্বান জনাই জাফ্ৰী কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ ৷ দীৰ্ঘদিনৰ অন্তত উচ্চতম ন্যায়ালয়ে এই গোঁচৰৰ ৰায় দিলে আৰু বিশেষ তদন্তকাৰী গোটে নৰেন্দ্ৰ মোডীকে ধৰি অনান্য সকলক গুজৰাতত ২০০২ চনত হোৱা সাম্প্ৰদায়িক হিংসাৰ ষড়যন্ত্ৰত যুক্ত নহয় বুলি দিয়া প্ৰতিবেদনক সঠিক বুলি ঘোষণা কৰে আৰু জাফ্ৰীৰ আবেদন খাৰিজ কৰে ৷ সৰল ভাবে চালে এই গোটেই প্ৰক্ৰিয়াটোত দোষনীয় একো নাই ৷ জাফ্ৰীয়েও ন্যায় বিচাৰি আদালতৰ পাষ চাপিব পাৰে আৰু ন্যায়পলিকায়ো আবেদন খাৰিজ কৰিব পাৰে ৷ তথাপিও এই ৰায়ে বিতৰ্কৰ সূচনা কৰিছে ৷ কিয় ?

এইখনিতে দুটামান কথা উল্লেখ কৰা ভাল হ’ব ৷ জাফ্ৰীৰ আৱেদনৰ মূল ভিত্তিটো আছিল সেই সময়ৰ গুজৰাট আৰক্ষীৰ দুজন বিষয়া ক্ৰমে শ্ৰীকুমাৰ আৰু সঞ্জীৱ ভাটৰ বক্তব্য তথা বিজেপি দলৰ নেতা,প্ৰাক্তন মন্ত্ৰী হৰেন পাণ্ডিয়াৰ বক্তব্য ৷ দ্বিতীয় গুৰুত্বপূৰ্ণ দিশটো হ’ল ২০০২ৰ গুজৰাটৰ সাম্প্ৰদায়িক আক্ৰমণ সম্পৰ্কীয় গোচৰবোৰৰ অন্যতম বেষ্ট বেকাৰী গোচৰ সম্পৰ্কীয় এক আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে কৰা এক মন্তব্য ৷ সেই ৰায়ত উচ্চতম ন্যায়ালয়ে কৈছিল- the modern days Neros were looking elsewhere when Best Bakery and innocent children and helpless women were burning and were probably deliberating how the perpetrators of the crime can be saved or protected ৷ আনহাতে ২০০৩ চনৰ ১২ চেপ্তম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ভি এন খাৰেই কৈছিল I have no faith left in prosecution and the Gujarat Government. আৰু এটা কথা আমি মনত ৰখা ভাল যে এই জাফ্ৰীয়ে চলোৱা এই ন্যায়িক যুঁজত তেওঁক সহায় কৰিছিল তীষ্টা চিতলভাদে ৷

এইখিনিতে আৰু এটা কথা উল্লেখ কৰা ভাল যে বিশেষ অনুসন্ধান গোটৰ প্ৰতিবেদনৰ উচ্চতম ন্যায়ালয়ত হোৱা শুনানিৰ সময়ত ন্যায়ালয়ে নিযুক্তি দিয়া amicus curieবা আদালতৰ বন্ধুৱে স্পষ্ট ভাবে নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৫৩(ক),১৬৬ আৰু ৫০৫(ক) ত প্ৰাথমিক (prima facie) তথ্য প্ৰমাণ আছে বুলি ন্যায়ালয়ৰ আগত বক্তব্য আগবঢ়াইছিল ৷

এতিয়া পুনৰ আমি উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ প্ৰসংগলৈ ঘূৰি আহোঁ ৷ এটা গোচৰত ন্যায়ালয়ে সপক্ষেও ৰায় দিব পাৰে অথবা বিপক্ষেও দিব পাৰে ৷ সেইফালৰ পৰা জাফ্ৰীৰ গোচৰ খাৰিজ কৰি দিয়া ৰায় যদিহে কেৱল গোঁচৰৰ যোগ্যতাৰ ভিত্তিত হ’লহেঁতেন তেনেহ’লে ৰায়ক কেন্দ্ৰ কৰি বিতৰ্ক সৃষ্টিৰ অৱকাশ নাথাকিলহেতেন ৷ কিন্তু, ৰায়ত উল্লেখ কৰা কিছু আনুসাংগিক বক্তব্য আৰু এনে বক্তব্যৰ ভিত্তিত গুজৰাট আৰক্ষীয়ে তিস্তা চিতলভাদ আৰু প্ৰাক্তন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰা কাৰ্য্যই উচ্চতম ন্যায়ালয়ৰ বক্তব্যৰ যথাযোগ্যতা সম্পৰ্কে প্ৰশ্নৰ উত্থাপন কৰিছে ৷
ন্যায়ালয়ে ৰায়ত ক’লে “The present proceeding has pursued for last 16 years including with the audacity to question the integrity of every functionary involved in the process of exposing the devious stratagem adopted to keep the pot boiling obviously for ulterior design. এগৰাকী স্বামীহাৰা মহিলাই ন্যায় প্ৰাপ্তিৰ বাবে কৰা যুঁজক এনেদৰে হেয় কৰাৰ প্ৰয়োজন আছিলনে ?

বিশেষকৈ যেতিয়া জাফ্ৰীয়ে আইনে বান্ধি দিয়া প্ৰক্ৰিয়াৰে ভিতৰত থাকি ন্যায় বিচাৰিছে ৷উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়ত এয়াও ক’লে যে অসন্তুষ্ট আৰক্ষী বিষয়া দ্বয়ে ২০০২ সাম্প্ৰদায়িক হিংসাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন প্ৰশাসন প্ৰত্যক্ষভাবে জড়িত থকাৰ অভিযোগ মিছা তথা আবেদনকাৰী জাফিয়া জাফ্ৰীকো তিস্তা চিতলভাদে শিকাই বুজাই (tutored) ৰাজনৈতিক স্বাৰ্থত অভিযোগ বোৰক জীয়াই ৰাখিছে ৷ ন্যায়ালয়ে গোটেই প্ৰক্ৰিয়াটোক আদালতৰ প্ৰক্ৰিয়াৰ অপব্যবহাৰ (abuse of the process of the court) আখ্যা দি জড়িত সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ পোষকতা কৰে ৷ এই ৰায়ৰ পাৰ্শ্বক্ৰিয়া হিচাপে ইতিমধ্যে ৰায়ত উল্লেখ কৰা ব্যক্তি কেইজনক গ্ৰেপ্তাৰ কৰিলে গুজৰাট আৰক্ষীয়ে ৷

আমাৰ ফৌজদাৰী জুৰিচপ্ৰুডেন্সত ভুক্তভোগী বা victim এ খৰতকীয়াকৈ ন্যায় পোৱাৰ অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যাদা দিয়া হৈছে ৷ ফৌজদাৰী আচৰণ বিধি (criminal procedure code) ত অনা সংশোধনীৰ জৰিয়তে অভিযুক্তৰ দোষমুক্তিৰ বিৰুদ্ধে উচ্চ আদালতত আবেদন দাখিল কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে ভুক্তভোগীক ৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ- খেৰিত দেশৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ পুত্ৰৰ হাতত নিহত হোৱা কৃষকৰ হত্যাৰ অভিযুক্তৰ জামিন সম্পৰ্কীয় এক গোচৰত ভুক্তভোগীৰ এই অধিকাৰৰ কথা পুনৰ দোঁহাৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত জাকিয়া জাফ্ৰী ন্যায় বিচাৰি আদালতৰ কাষলৈ অহাটো তেওঁৰ অধিকাৰ ৷ তেনে অধিকাৰৰ প্ৰয়োগ ৰাজনৈতিক স্বাৰ্থত পাত্ৰ গৰম কৰি ৰাখিব খোজা কাৰ্য বুলি অথবা ইয়াক আদালতৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ বুলি কেনেদৰে আখ্যা দিব পাৰি সেয়া বোধগম্য ন’হল ৷ মহামান্য ন্যায়ালয়ে জাফ্ৰীৰ আবেদনত হস্তক্ষেপ কৰাৰ জোখাৰে তথ্য প্ৰমাণ নোপোৱাটো এটা বেলেগ বিষয় আৰু বিভিন্ন ধৰণৰ innuendosৰ প্ৰয়োগেৰে চকুৰ সন্মুখত স্বামীক ঘাতকৰ প্ৰাণঘাতী আক্ৰমণৰ বলি হোৱা এগৰাকী মহিলাৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামৰ ন্যাযতাক অস্বীকাৰ কৰিব বিচৰাটো আন প্ৰত্যক্ষ কৰা এক বিষয় ৷

ন্যায় আৰু অধিকাৰৰ ধাৰণাৰ পৰিসৰ বৃদ্ধি কৰাটো ন্যায়পালিকাৰ অন্যতম দায়িত্ব ৷ স্বাধীনতাৰ পাচৰে পৰা মাজে সময়ে দেখা পোৱা ব্যতিক্ৰম বাদ দিলে ভাৰতৰ ন্যায়পলিকাই প্ৰদান কৰা ৰায় সমূহে সংবিধানৰ আখৰবোৰক প্ৰাণ দিছে আৰু ন্যায় আৰু অধিকাৰৰ ধাৰণাক প্ৰসাৰিত কৰিছে ৷ এনে ৰায়বোৰ অবিহনে সংবিধান মাথো মৃত আখৰৰ সমষ্টি হ’লহেঁতেন ৷ আজি চৰকাৰৰ আগ্ৰাসী ভূমিকাৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰ অধিকাৰবোৰৰ সুৰক্ষাৰ প্ৰশ্নটো অধিক জৰুৰী হৈ পৰিছে ৷ এনেসময়ত ন্যায়ালয়ে নাগৰিক অধিকাৰবোৰৰ পৰিসৰ সংকুচিত কৰাটো আমাৰ বাবে অশনি সংকেত ৷ এই পৰিপ্ৰেক্ষিততে আমেৰিকা আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া শেহতীয়া এই দুটা ৰায় আমাৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু শংকাৰো কাৰণ হৈছে৷

     লেখক শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা তথা নিবন্ধকাৰ