• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ বিৰোধীক সমালোচনা কৰাৰ নৈতিক অধিকাৰ আছেনে?

তাপস মালী by তাপস মালী
March 7, 2022 5:22 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান পূৰ্বে সংসদৰ মজিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহক সমালোচনা কৰা দেখা গ’ল।ক’ভিড পৰিস্থিতিৰ সময়ত বিৰোধী দলসমূহে গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি ইয়াকলৈ ৰাজনীতি কৰা উচিত নাছিল বুলি তেওঁলোকক সমালোচনাৰে থকা-সৰকা কৰে।

কিন্তু প্ৰশ্ন হয় তেনে সমালোচনা কৰাৰ নৈতিক অধিকাৰ প্ৰধানমন্ত্ৰীৰ আছে নে?

Apply Now

ভাৰতবৰ্ষত ৩০ জানুৱাৰী ২০২০ত কৰোণা সংক্ৰমণৰ প্ৰথমটো ঘটনা কেৰেলাত ধৰা পৰিছিল।কিন্তু বিৰোধীক সমালোচনা কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দল তেতিয়া ব্যস্ত আছিল ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ আয়োজনত।

চব্বিশ আৰু পঁচিশ ফেব্ৰুৱাৰী তাৰিখে গুজৰাটত তেতিয়াৰ চৰ্দাৰ পেটেল (বৰ্তমানৰ নৰেন্দ্ৰ মোদী) ষ্টেডিয়ামত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ,য’ত যথেষ্ট সংখ্যক মানুহৰ সমাগম ঘটিছিল।

উল্লেখযোগ্য কথা যে সেই সময়লৈ আমেৰিকাত ৫৩ জন মানুহৰ শৰীৰত কৰোণা ধৰা পৰিছিল যদিও আমেৰিকাৰ পৰা অহা লোকসকলৰ বাবে কোনো ধৰণৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হোৱা নাছিল।ভাৰত চৰকাৰে ৪ মাৰ্চ,২০২০ তাৰিখৰ পৰাহে আনুষ্ঠানিকভাৱে পৰীক্ষাৰ ব্যৱস্থা মুকলি কৰিছিল।

সি যি কি নহওঁক,কৰোণাই বিশ্বৰ বহুকেইখন দেশত বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে ১৩ মাৰ্চ,২০২০ তাৰিখে ভাৰত চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে কৰোণাৰ বাবে ভাৰতত কোনো ধৰণৰ স্বাস্থ্যজনিত জৰুৰীকালীন পৰিস্হিতিৰ উদ্ভৱ হোৱাৰ আশংকা নাই।

এই ঘোষণাৰ কিছুদিন পিছৰ পৰাই ভাৰতৰ বহুকেইখন ৰাজ্যই আংশিকভাৱে ঠায়ে ঠায়ে তলাবন্ধ ঘোষণা কৰিবলৈ আৰম্ভ কৰিছিল।পিছপৰি নাথাকিল কেন্দ্ৰীয় চৰকাৰো।মাত্ৰ ১০-১১ দিন আগতে কৰোণাই “স্বাস্থ্যজনিত জৰুৰীকালীন পৰিস্থিতিৰ’ সৃষ্টি নকৰে বুলি কোৱা মোদী নেতৃত্বাধীন চৰকাৰে ২৪ মাৰ্চ,২০২০ তাৰিখে তলাবন্ধ ঘোষণা কৰে।কোনো ধৰণৰ পৰিকল্পনা আৰু আগজাননী নিদিয়াকৈ মাত্ৰ ৪ ঘন্টাৰ জাননী দি ঘোষণা কৰা অপৰিকল্পিত তলাবন্ধই গোটেই দেশখনতে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

নৰেন্দ্ৰ মোদীৰ এই অদূৰদৰ্শী সিদ্ধান্তৰ ফলত আটাইতকৈ বেছি প্ৰভাৱান্বিত হৈছিল বহিঃৰাজ্যত কাম কৰা শ্রমিকসকল।
অকস্মাতে ঘোষণা কৰা লকডাউনে তেওঁলোকক কৰ্মহীন কৰাৰ লগতে তেওঁলোকক নিজ ৰাজ্যলৈ উভতি যাবলৈ বাধ্য কৰোৱাইছিল।

যিহেতু লকডাউনৰ ফলত সকলো পৰিবহন ব্যৱস্থা,দোকান-পোহাৰ বন্ধ হৈ পৰিছিল,গতিকে তেনে সময়ত শ্ৰমিকসকলৰ বাবে ঘৰমুৱা হোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছিল।

ভাষণ কলাত পাৰ্গত নৰেন্দ্ৰ মোদীৰ হঠকাৰী সিদ্ধান্তৰ বাবেই স্বাধীন ভাৰতৰ ইতিহাসত আগতে নেদেখা বহুতো ছবিয়ে মানুহৰ অন্তৰাত্মা কঁপাই তুলিছিল।গৰ্ভৱতী মহিলাই খোজকাঢ়ি নিজ ৰাজ্যলৈ উভতি যোৱা,সৰু ল’ৰা-ছোৱালীয়ে ভাগৰতে ছুইটকেছৰ ওপৰতে টোপনি যোৱা,বয়সস্থ লোকসকলে একো নোখোৱাকৈ কেৱল খোজকাঢ়ি ঘৰমুৱা হোৱা,যাত্ৰা কৰি ভাগৰতে ৰে’ললাইনত শুই পৰা শ্রমিকক ট্ৰেইনে মহতিয়াই থৈ যোৱা আদি অলেখ ছবিয়ে সেই সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সংবাদমাধ্যমত স্থান লাভ কৰিছিল।

যাত্ৰাপথত এই লোকসকলৰ ওপৰত চলা আৰক্ষীৰ নিৰ্যাতনৰ কথা নকলোৱেই যেনিবা। মুঠৰ ওপৰত পৰিকল্পনাবিহীন তলাবন্ধই দেশখনক এক ভয়ানৰ পৰিস্থিতিৰ দিশে ঠেলি দিছিল।উল্লেখযোগ্য কথা যে চৰকাৰে কোৱাৰ দৰে তলাবন্ধৰ কথা বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা কোৱা হোৱা নাছিল।তলাবন্ধ সন্দৰ্ভত পূৰ্বে কোনো বিভাগৰ লগত কোনো ধৰণৰ আলোচনা-বিলোচনা কৰা হোৱা নাছিল।

কৰোণা মহামাৰীৰ বাবে ভাৰতত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল।দেশৰ পয়ালগা স্বাস্থ্যখণ্ডৰ বাবে বহুতো মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।কৰোণা মহামাৰীতকৈ অধিক মানুহে চৰকাৰৰ অদূৰদৰ্শী সিদ্ধান্ত আৰু অকৰ্মণ্যতাৰ বাবেহে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।

হাস্পতালৰ বিচনা,ডাক্তৰ,অক্সিজেনৰ অভাৱৰ বাবে মানুহৰ খুব কৰুণভাৱে মৃত্যু হৈছিল।

ইফালে আকৌ মৃত্যু হোৱাৰ পিছত লোকসকলৰ শেষকৃত্য সম্পন্ন কৰিবলৈও শ্মশানত ঠাই নোহোৱা হৈছিল।
‘অচ্ছে দিন’ৰ সপোন দেখুওৱা নৰেন্দ্ৰ মোদীৰ শাসনকালত শ্মশানত শ শ মানুহৰ চিতা একেলগে জ্বলোৱাৰ ভয়ানক ছবি মানুহে দেখিছিল,আকৌ ঠাই নোহোৱাৰ বাবে গংগা নদীত উটুৱাই দিয়া মৃতদেহবোৰৰ ছবিয়েও মানুহক চিঞৰি চিঞৰি কৈছিল ‘অচ্ছে দিন’ৰ দুৰাৱস্থাৰ কথা।

কোনোবাই কৰোণাৰ কথা ক’লেই বিনামূলীয়া ৰেচন,বেংক একাউন্টত টকা ট্ৰান্সফাৰ,বিনামূলীয়া ভেকচিন প্ৰদান আদি পদক্ষেপেৰ নিজৰ গুণগান কৰা চৰকাৰখনে বাৰু হিচাপ ৰাখিছেনে যে তেওঁলোকৰ অদূৰদৰ্শী সিদ্ধান্তৰ বাবে দেশৰ অর্থনীতি কিমান পিছুৱাই গ’ল,কিমান মানুহে নিজৰ কৰ্মসংস্থাপন হেৰুৱালে,কিমান ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ চিৰদিনৰ বাবে বন্ধ হৈ গ’ল?

কেৱল স্বাস্থ্যখণ্ডত উপযুক্ত আন্তঃগাঁথনি,সা-সুবিধা আৰু পৰ্যাপ্ত পৰিমাণৰ ডাক্তৰ-নাৰ্চ নথকাৰ বাবে কিমান ভাৰতীয়ই ধৰফৰাই নিজৰ প্ৰাণ হেৰুৱাব লগা হ’ল তাৰ প্ৰকৃত হিচাপ দিব পাৰিবনে চৰকাৰে?

সত্তৰ বছৰৰ কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কোৱা বিজেপি চৰকাৰে হিচাপ দিব পাৰিবনে প্ৰকৃততে কিমান টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজিত জমা হৈছিল? জনসাধাৰণৰ পৰা লোৱা দান-বৰঙণিবোৰ কেনেদৰে ব্যক্তিগত পুঁজি হ’ব পাৰে তাৰ কিবা উপযুক্ত বাখ্যা আগবঢ়াব পাৰিবনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

বিৰোধী পক্ষ বা চৰকাৰী পক্ষ কোনো সমালোচনাৰ উৰ্দ্ধত নহয়।
কিন্তু প্ৰধানমন্ত্ৰীৰ দৰে এটা দায়িত্বশীল পদবীত থাকি ৰাজনৈতিক দলৰ মুখপাত্ৰৰ দৰে কথা কোৱাটো নিশ্চয়কৈ সমীচিন নহয়।

কংগ্ৰেছৰ দুৰ্নীতি ,পৰিয়ালতন্ত্ৰ ইত্যাদি কথাৰ বাবেই জনসাধাৰণে বিজেপিক শাসনাধিষ্ঠিত কৰিছিল।এতিয়া যদি বিজেপিয়ে সকলো কাম বাদ দি কেৱল কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহকে সমালোচনা কৰি থাকি নিজে কৰা ভুলবোৰ ঢাকি ৰাখিবলৈ প্ৰয়াস কৰে,তেন্তে নিশ্চয়কৈ সেয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

গতিকে চৰকাৰে বোকা ছটিওৱাৰ ৰাজনীতি বাদ দি অর্থনীতিৰ পুনৰুত্থান,নিবনুৱা সমস্যাৰ সমাধান-স্বাস্থ্য-শিক্ষাখণ্ডৰ উন্নয়ন আদি দিশসমূহৰ বিষয়ত গুৰুত্ব দি দেশখনক আগুৱাই লৈ যাব পৰাকৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগে। সাম্প্ৰতিক পৰিস্থিতিত এয়া সময়ৰ আহ্বান।

তাপস মালী

তাপস মালী

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd