এইটো একেবাৰে নতুন কথা নহয় যে সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰি বিভিন্ন শক্তি বা শ্ৰেণী বা চক্ৰই সৰ্বসাধাৰণক বিভ্ৰান্ত কৰি সংৰক্ষণ ব্যৱস্থাক এনে কিছু প্ৰশ্নৰ মাজলৈ লৈ আনে য’ত সংৰক্ষণ ব্যৱস্থাই সমতা ৰক্ষা কৰাত নহয় বৰঞ্চ এচাম লোকৰ অধিকাৰ কাঢ়ি নি তেওঁলোকৰ জীৱন-জীৱিকাৰ পথত হেঙাৰ হিচাবে থিয় দিয়াৰ লগতে ৰাজনৈতিক অধিকাৰ সংকোচিত কৰিছে৷ প্ৰতিভাৱান লোকৰ প্ৰতিভা বিকাশত বাধা প্ৰদান কৰা এই সংৰক্ষণ ব্যৱস্থাই যোগ্যজনক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহি এক বৈষম্যমূলক ব্যৱস্থা তৈয়াৰ কৰিছে৷
এই ধৰণৰ প্ৰশ্ন বা যুক্তি সংৰক্ষণ ব্যৱস্থা আৰম্ভ কৰাৰ দিনৰ পৰাই এই শক্তিসমূহে উত্থাপন কৰি আহিছে৷ বৃটিছে আৰম্ভ কৰা এই সংৰক্ষণ ব্যৱস্থাক স্বাধীন ভাৰতৰ সংবিধানত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰতো সংবিধান সভাত যথেষ্ট বাধা প্ৰদান কৰিছিল সেই একে ভাৱাদৰ্শৰ শক্তিসমূহে৷ সাধাৰণ মানুহক সংৰক্ষণ ব্যৱস্থাৰ সন্দৰ্ভত ভ্ৰান্ত ধাৰণা দি বা প্ৰকৃত উদ্দেশ্যৰ পৰা বিচলিত কৰি এনে কিছু প্ৰশ্ন অৱতাৰণা কৰা হয় যদিও সেই প্ৰশ্নৰ উত্তৰ তেনেই সহজ কিন্তু তাক অন্য এক ৰূপ দিয়াৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰতিভা বা যোগ্যতাৰ প্ৰশ্ন দোহাই বিষয়টোক জটিলতাৰ ফালে লৈ যোৱাৰ চেষ্টা কৰা হয়৷
এতিয়া আহো সংৰক্ষণ বিৰোধীসকলে কৰি থকা প্ৰশ্নটোলৈ; তেওঁলোকৰ প্ৰশ্নটো হ’ল যে জাতিৰ আধাৰত সংৰক্ষণ কিয়? প্ৰতিভাৰ ভিত্তিত আৰু এতিয়া অৰ্থনৈতিক দুৰ্বলতাৰ ভিত্তিত সংৰক্ষণ কিয় নহয়? এই প্ৰশ্নটোৰ উত্তৰলৈ যোৱাৰ আগতে আমি সংবিধানত সংৰক্ষণ ব্যৱস্থা কিয় অন্তৰ্ভুক্ত কৰা হ’ল আৰু ইয়াক কি ভিত্তিত প্ৰদান কৰা হৈছে তাক এবাৰ আলোকপাত কৰি ল’ব বিচাৰিছো৷ প্ৰাচীন কালৰে পৰা ভাৰতত বৰ্ণবাদী বা জাতি ব্যৱস্থাই এচাম লোকক চূড়ান্তভাৱে বঞ্চনা কৰি আহিছিল আৰু যি বৰ্তমানেও অব্যাহত আছে৷ শিক্ষাৰ দুৱাৰ সমূলি বন্ধ কৰি ৰখা সেই তথাকথিত নিম্ন জাতিসমূহক প্ৰতিভা থকাৰ পাছতো আৰ্থ-সামাজিক আৰু ৰাজনৈতিকক্ষেত্ৰখনত আগুৱাই যোৱাত ব্যৱস্থাগতভাৱে বাধা প্ৰদান কৰা হৈছিল৷
যুগ-যুগান্তৰ ধৰি শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত কৰি ৰখাৰ ফলত এই নিম্ন জাতিসমূহে সামাজিক আৰু ৰাজনৈতিক বঞ্চনাৰ সন্মুখীন হৈ প্ৰগতিমুখী বা পৰিৱৰ্তিত সমাজ ব্যৱস্থাত দুৰ্বল জাতি হিচাপে পৰিগণিত হ’ল৷ বৃটিছাধীন কালত আৰম্ভ হোৱা আধুনিক শাসন ব্যৱস্থাটোত এই নিম্ন জাতিসমূহে চামিল হ’ব পৰা নাছিল৷ তাৰ বিপৰীতে তথাকথিত উচ্ছ জাতিসমূহে আধুনিক শাসন ব্যৱস্থাৰ মোটামুটি অংশীদায়িত্ব লাভ কৰিছিল৷ পূৰ্বৰে পৰা শিক্ষা-দীক্ষাৰ লগতে ৰাজনৈতিকভাৱেও আগস্থান পোৱা এই উচ্ছ বৰ্ণৰ লোকসকলে বৃটিছে প্ৰৱৰ্তন কৰা ব্যৱস্থাত শিক্ষা আৰু সংস্থাপনৰ সুযোগসমূহ নিজে গ্ৰহণ কৰি বিভিন্ন কূট কৌশলৰে নিম্ন জাতিৰ লোকসমূহক সা-সুবিধাসমূহৰ পৰা বঞ্চিত কৰি সামগ্ৰিক বিকাশত এক প্ৰকাৰে হেঙাৰ হিচাপে থিয় দিছিল৷
গতিকে আধুনিক শাসন ব্যৱস্থাটোত ৰাজনৈতিক কাৰণতেই হওক বা সামাজিক কাৰণতেই হওক এই নিম্ন জাতিৰ লোকসমূহ পুনৰ বঞ্চিত হ’বলৈ ধৰিলে৷ কিন্তু কিছু সংগ্ৰামী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত প্ৰথমে দলিতসকলৰ শিক্ষা অধিকাৰ আন্দোলন আৰু পাছলৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ আন্দোলন গঢ়ি উঠে এই বৃটিছাধীন কালতে৷ নিম্ন জাতিসমূহৰ এনে ন্যায্য প্ৰাপ্তিৰ আন্দোলনে যথেষ্ট প্ৰত্যাহ৩ানৰ সন্মুখীন হয় যদিও বৃটিছ শাসকে ভাৰতৰ অৱদমিত জাতিসমূহৰ উন্নয়নৰ স্বাৰ্থত সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ কিন্তু এই অৱদমিত জাতিসমূহৰ বিকাশৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ৩ানসমূহৰ স্থায়ী সমাধান বৃটিছৰ কালত হোৱা নাছিল৷
গতিকে তেওঁলোকৰ আন্দোলন অব্যাহত আছিল৷ দেশৰ এই অৱদমিত জাতিসমূহৰ সৰ্বাঙ্গীন উন্নয়ন আৰু মৰ্যাদা সহকাৰে জীয়াই থকা অধিকাৰৰ যুঁজখনত বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ দৰে মহান ব্যক্তিয়ে স্বাধীন ভাৰতৰ সংবিধান সভালৈ লৈ যায়৷ য’ত প্ৰস্তুত হৈ আছিল স্বাধীন ভাৰত কোন দিশে আগুৱাই যাব তাৰ দলিল৷ আৰু দীঘলীয়া যুক্তি, তৰ্ক আৰু প্ৰত্যাহ৩ানৰ পাছত ভাৰতৰ সংবিধানত সংৰক্ষণ ব্যৱস্থাই ঠাই পালে৷ সম মৰ্যাদা আৰু জীয়াই থকাৰ সম অধিকাৰ৷ যিহেতু গণতান্ত্ৰিক এখন ৰাষ্ট˜ তথা আমাৰ সংবিধানৰ মূল স্তম্ভ সেয়ে এই সংৰক্ষণ ব্যৱস্থাই ন্যায্যতা লাভ কৰিলে৷
এতিয়া প্ৰশ্ন হ’ল কি কাৰণত কিছু নিম্ন জাতিক সংৰক্ষণ ব্যৱস্থা দিয়া হ’ল আৰু কি ভিত্তিত দিয়া হ’ল? জাতিৰ নামত হাজাৰ হাজাৰ বছৰ ধৰি বৈষম্যৰ বলি হৈ অহা যিসকল সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰি আছে তেওঁলোকক সামগ্ৰিকভাৱে আগুৱাই আনিবৰ বাবে ইতিবাচক কৰ্মসূচী [Affirmative Action]ৰ আধাৰত ভাৰতৰ সংবিধান সভাই সংৰক্ষণ ব্যৱস্থা প্ৰস্তুত কৰিলে৷ প্ৰণিধানযোগ্য যে যদিও অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত সংৰক্ষণ দিয়া হোৱা নাই তথাপিও এই সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা জাতি জনগোষ্ঠীসমূহেই তুলনামূলকভাৱে অন্য জাতি জনগোষ্ঠীতকৈ আৰ্থিকভাৱে দুৰ্বল৷ অন্যহাতে সংৰক্ষণৰ মূল তাৎপৰ্যটোয়েই হৈছে প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগ৷ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিকভাৱে পিছপৰা জাতি-জনগোষ্ঠীসমূহক ইতিবাচক কৰ্মসূচীৰ আধাৰত উল্লেখিত এই বিশেষ সুযোগ প্ৰদান কৰি সমাজখনক সমভাৱে আগুৱাই নিয়াই হৈছে সংৰক্ষণ ব্যৱস্থাৰ মূল উদ্দেশ্য৷
গতিকে যোগ্যতা আৰু আৰ্থিক আধাৰৰ প্ৰশ্নৰে সংৰক্ষণ ব্যৱস্থাক নস্যাৎ কৰাসকলে স্পষ্ট হোৱা উচিত যে প্ৰচলিত ব্যৱস্থাৰ সকলো ক্ষেত্ৰতে প্ৰতিভা বিকাশ বা যোগ্যতা অৰ্জনৰ বাবে অৱদমিত জাতিসমূহক এক বিশেষ প্ৰতনিধিত্বমূলক সুবিধা প্ৰদানেৰে যিহেতু ঐতিহাসিকভাৱে চলি অহা সামাজিক বৈষম্য দূৰ কৰি শৈক্ষিক আৰু সামজিকভাৱে পিছপৰি অহা জাতি-জনগোষ্ঠীসমূহক আগুৱাই নিয়াহে হৈছে, সংৰক্ষণ ব্যৱস্থাৰ উদ্দেশ্য আৰু লক্ষ্য, কোনো অৰ্থনৈতিক উন্নয়নৰ আঁচনি নহয়৷ অৰ্থনৈতিক বৈষম্য তথা অৰ্থনৈতিক অধিকাৰ প্ৰদানৰ বাবে চৰকাৰে অন্য কিছু আঁচনি তৈয়াৰ কৰি থৈছে৷
কিন্তু এই মৌলিকদিশবোৰক বাদ দি সংৰক্ষণ বিৰোধী শক্তিসমূহে বিষয়টো অন্য দিশলৈ লৈ নি দাবী কৰে যে জাতিৰ ভিত্তিত নকৰি সংৰক্ষণ অৰ্থনৈতিক আৰু যোগ্যতাৰ ভিত্তিত হ’ব লাগে৷ জাতি ব্যৱস্থা হৈছে ভাৰতৰ বৈষম্যমূলক সমাজ ব্যৱস্থাৰ মূল কাৰণ৷ জাতি ব্যৱস্থাৰ ভিত্তিতেই এচাম লোক শিক্ষা আৰু অন্যান্য সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ গতিকে জাতিৰ ভিত্তিতেই এই সকলক ব্যৱস্থাগতভাৱে বিশেষ সুবিধা প্ৰদান কৰা হয় যাতে তেওঁলোক প্ৰচলিত ব্যৱস্থাত আগুৱাই যাব পাৰে৷ যিহেতু ব্যৱস্থাগতভাৱেই তেওঁলোকক বঞ্চনা কৰি অহা হৈছে গতিকে সেই বৈষম্য ব্যৱস্থাগতভাৱেই দূৰ কৰিব লাগিব৷
ইতিবাচক কৰ্মসূচীৰ আধাৰত এই ধৰণৰ সুযোগ কেৱল ভাৰততে প্ৰদান কৰা হোৱা নাই সমগ্ৰ বিশ্বৰ লগতে আমেৰিকা, ইংলেণ্ডৰ দৰে প্ৰথম শাৰী দেশসমূহেও সংৰক্ষণৰ যোগেদি বিশেষ কিছু লোকক বিশেষ কিছু সুবিধা প্ৰদান কৰি আহিছে৷ পৃথিৱীৰ ভিতৰতে শক্তিশালী দেশ আমেৰিকাই ১৯৬০ দশকত ক’লা মানুহৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিছিল৷ যাৰ বাবে বাছ, বিশ্ববিদ্যালয় আৰু অনান্য সামূহিক অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ক’লা মানুহৰ প্ৰৱেশ নিশ্চিত হৈছিল, যি আজিও বাহাল আছে৷ অন্যহাতেদি সংৰক্ষণ কেৱল জাতি ভিত্তিতেই দিয়া হোৱা নাই, লিংগ ভিত্তিত আৰু লগতে শাৰীৰিক কাৰ্যক্ষমতাৰ ভিত্তিতো প্ৰদান কৰা হৈছে৷ উদাহৰণ স্বৰূপে মহিলা, তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে বিভিন্ন ঠাইত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷
অৰ্থাৎ তুলনামূলকভাৱে অন্য দহ জনতকৈ দুৰ্বল হিচাপে বিবেচিত লোকক সমভাৱে আগুৱাই নি সম-মৰ্যাদাৰে জীয়াই থকাৰ সুযোগ প্ৰদান কৰাটোৱেই হৈছে ইতিবাচক কৰ্মসূচী আৰু এই ইতিবাচক কৰ্মসূচীৰ ভিত্তিত সমগ্ৰ বিশ্বতে লিংগ, বৰ্ণ, জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰদান কৰা হৈছে৷ গতিকে দেশৰ এই সংৰক্ষণ ব্যৱস্থাৰ মূল উদ্দেশ্য বা তাৎপৰ্য একেবাৰে সহজ আৰু স্পষ্ট যে প্ৰত্যেকজন লোকৰ জীৱন-জীৱিকা আৰু অন্যান্য বিষয়ত মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে সকলোকে সমান সুযোগ প্ৰদান কৰি সাম্যৰ আধাৰত সমাজ ব্যৱস্থা নিৰ্মাণ কৰা৷
ঐতিসাহিকভাৱে এচাম লোক বিভিন্ন লঞ্চনা-বঞ্চনাৰ সন্মুখীন হৈ অহাৰ বাবে সামগ্ৰিক উন্নয়নৰ দৌৰত পিছপৰি ৰৈ যোৱাৰ বাবে স্বাভাৱিকতে আমি বাস কৰা সমাজ ব্যৱস্থাটো বৈষম্যমূলকভাৱে গঢ় লৈ উঠিল৷ আমি সভ্য, প্ৰগতিশীল আৰু মানৱীয় অনুভূতিশীল সমাজ ব্যৱস্থা বিচৰা প্ৰত্যেকজনে এনে বৈষম্যমূলক সমাজ ব্যৱস্থাটো শেষ হৈ যোৱাটো বিচাৰো যাতে সম-মৰ্যাদাৰে সকলো জীয়াই থাকিব পাৰে৷ ত্ৰুটিপূৰ্ণ সমাজ ব্যৱস্থাত মৰ্যাদাপূৰ্ণ জীৱন-জীৱিকাৰ সুযোগৰ সমান অধিকাৰ যাতে সকলোৱে লাভ কৰে, আৰু ই এক বিশেষ চিকিৎসাৰ যোগেদিহে হৈ উঠিব পাৰে৷ কিন্তু এনে এক যুক্তিক বৰ্ণবাদী সমাজ ব্যৱস্থাৰ সমৰ্থকসকলে খণ্ডন কৰি আৰ্থিক আৰু যোগ্যতাৰ আধাৰত হ’ব লাগে বুলি আমাৰ সন্মুখত বাৰে বাৰে প্ৰশ্ন তুলি দি ইতিবাচক কৰ্মসূচীকো নস্যাৎ কৰিব বিচাৰে৷
প্ৰকৃততে যোগ্যতানো কি আৰু এই যোগ্যতাৰ সন্দৰ্ভত ভাৰতৰ উচ্ছতম ন্যায়লয়ে দিয়া এক বক্তব্যলৈ মন কৰি লওঁ৷ যোগ্যতা, দক্ষতা আদি শব্দ আৰ্যসকলৰ আৱিষ্কাৰ যাৰ দ্বাৰা তেঁওলোকে সমাজত নিজৰ প্ৰতিপত্তি বাহাল ৰাখিৱ বিচাৰে৷ দেশৰ উচ্ছতম ন্যায়াþলয়ে এইবুলিও কৈছে যে সংৰক্ষণৰ প্ৰশ্ন আহিলেই সংৰক্ষণ বিৰো¸ধীসকলৰ মুখত তপৰাই এটাই শব্দ আহে সেইটো যোগ্যতা৷ যোগ্যতা কোনো মন্ত্ৰ নহয় যে গুৰুৱে শিষ্যৰ কাণত ফোৱাই দিব৷ দোণাচাৰ্য্য-একালব্যৰ দিন গ’ল৷ ইয়াৰ পাছতো যদি আমি চাওঁ দৰাচলতে যোগ্যতা কি আৰু যোগ্যতাক কি ধৰণে নিৰূপণ কৰা হৈছে? যোগ্যতা হৈছে নিজৰ বুদ্ধি সাহস আৰু কষ্টৰে কিমান জ্ঞান আহৰণ কৰিছে আৰু ইয়াক নিৰূপণ কৰিবলৈ হ’লে সেই সকলো সমলক বিশে¡ষণ কৰিব লাগে৷ কিন্তু প্ৰকৃততে যোগ্যতা কিদৰে নিৰূপণ কৰি থকা হৈছে?
যোগ্যতাক নিৰূপণ কৰা হয় পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি আৰু নিৰূপণ কৰা হয় কোনে কিমান ইংৰাজী জানে তাৰ ওপৰত ভিত্তি কৰি৷ যিয়ে অধিক নম্বৰ লাভ কৰে আৰু ভালকৈ ইংৰাজী জানে তেখেতেই হৈছে বৰ্তমানৰ প্ৰতিযোগিতামূলক ব্যৱস্থাত যোগ্য৷ যেতিয়াই সংৰক্ষণ প্ৰাপক কোনো জাতিৰ সন্তানে তুলনামূলকভাৱে কম নম্বৰ লাভ কৰি কোনো মহাবিদ্যালয়ত আসন লাভ কৰে, সংৰক্ষণ বিৰোধীসকলে যোগ্যজনক সংৰক্ষণ ব্যৱস্থাই বঞ্চিত কৰিছে বুলি আভিযোগ তোলে৷ অৱশ্যে এনে নহয় যে ST/SC ছাত্ৰ বা ছাত্ৰীয়ে সদায় তুলনামূলকভাৱে কম নম্বৰ লাভ কৰে, এনে বহুত ছাত্ৰ ছাত্ৰী আছে যি সদায় শীৰ্ষ স্থান দখল কৰে৷ আমি সামগ্ৰিকভাৱে ঘটি থকা বিষয়টো আলোচনাৰ মাজলৈ আনিছো৷ কেৱল পৰীক্ষা নম্বৰকে যোগ্যতাৰ মাপকাঠি হিচাপে লৈ যোগ্যতাক নিৰূপণ কৰা হয়৷
কিন্তু পৰীক্ষা নম্বৰ হৈছে এখন দৌৰ প্ৰতিযোগিতাৰ অন্তিম ৰেখা আৰু এই ৰেখাডাল কোনে প্ৰথমে অতিক্ৰম কৰিছে তাক চাইয়ে আমি যোগ্যতাৰ প্ৰমাণ পত্ৰ দিওঁ৷ কিন্তু যোগ্যতা নিৰূপণ সেই ভিত্তিত জানো হোৱাটো উচিত৷ প্ৰতিযোগিতাৰ আৰম্ভণি ৰেখা [Starting Point] ডালো জানো সকলোৰে বাবে সমান হোৱাটো উচিত নহয়৷ অৰ্থাৎ সংৰক্ষণ প্ৰাপক ST/SC লোকৰ তুলনামূলকভাৱে কম নম্বৰ পোৱা সেই ছাত্ৰ-ছাত্ৰী গৰাকী কোন পৰ্যায়ৰ পৰা এই যোগ্যতা নিৰূপণ প্ৰতিযোগিতাৰ দৌৰত অৱতীৰ্ণ হৈছে তাকো আমি লক্ষ্য কৰি ল’ব লাগিব৷ এজন ছাত্ৰ বা ছাত্ৰীয়ে কি পৰিৱেশত কি সুযোগ বা অসুবিধাত থাকি পঢ়া-শুনা কৰিছে তথা¸ কষ্ট কৰি এঢাপ আগুৱাই যাব বিচৰা এই পৰ্যায়টোৱে হৈছে প্ৰতিযোগিতাৰ আৰম্ভণি ৰেখা৷
ঐতিসাহিক আৰু তথ্যগতভাৱে পিছপৰা জাতি-জনগোষ্ঠী ST/SC লোকসকল শিক্ষা-দীক্ষাত পিছপৰা আৰু তেওঁলোকৰ অধিকাংশৰ ঘৰৰ পৰিৱেশত বৰ্তমানৰ প্ৰতিযোগিতামূলক ব্যৱস্থাৰ মূল সমলসমূহ শূন্য৷ বৃত্তিগতভাৱে সমাজৰ নিম্ন পৰ্যায়ৰ বৃত্তিৰ লগত জড়িত অধিকাংশই কৃষি আৰু একেবাৰে নিম্ন কৰ্ম বুলি বিবেচিত যেনে নলা চফা কৰা, আৱৰ্জনা চফা কৰা, মৃতকৰ সৎকাৰ, মাছৰ বেপাৰ, চামৰা শ্ৰমিক হিচাপে জড়িত, য’ত শিক্ষা-দীক্ষাৰ প্ৰয়োজন নাথাকে৷ ঘৰত ইংৰাজী কথা নকয় আৰু অন্যান্য দিশ; যেনে: স্বাস্থ্য, জীৱন-যাপন, কু-সংস্কাৰ আৰু আৰ্থিক দৈন্যতা আদি পৰিৱেশ৷ অন্যহাতেদি সমাজৰ আগবঢ়া জাতি বা উচ্ছ বৰ্ণ হিন্দুসকলে ঐতিসাহিকভাৱে এটা সামাজিক পুঁজি [Social Capital] লৈ আহিছে যি পুঁজিয়ে মন-মগজুত এটাই বিষয়ে ক্ৰিয়া কৰাই থাকে, যে আমি পঢ়িব লাগিব, শিক্ষিত হ’বই লাগিব, সমাজত আগস্থান ল’বই লাগিব৷
বিষয়টো অধিক স্পষ্টকৈ ক’বলৈ গ’লে উচ্ছ বৰ্ণ অধিকাংশই ঐতিসাহিকভাৱে এটা বৌদ্ধিক¸ পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰি সমাজখন নিয়ন্ত্ৰণ কৰি আহিছে৷ যেতিয়া ছাত্ৰজনৰ পিতৃ-মাতৃ শিক্ষিত হ’ব, সমাজৰ উচ্ছ খাপৰ বৃত্তি; যেনে- শিক্ষক, অধিবক্তা, চিকিৎসক আদি তেতিয়া সেই উচ্ছ শিক্ষিত পিতৃ-মাতৃয়ে নিজৰ সন্তান এজন উচিত শৈক্ষিক পথ প্ৰদৰ্শক হিচাপে থিয় দি এক শৈক্ষিক বাতাবৰণৰ মাজেৰে সন্তানক আগবঢ়াই লৈ যায়৷ কিন্তু যিসকলে হাজাৰ বছৰ ধৰি শিক্ষা-দীক্ষাৰ বঞ্চিত হৈ কেৱল জন্মৰ আধাৰতে এক কদৰ্য পৰিৱেশত ডাঙৰ হৈ সমাজৰ পৰা ঘৃণিত হৈ আহিছে তেওঁলোকে ইচ্ছা কৰিও নিজ সন্তানক আধুনিক শিক্ষাৰ শৈক্ষিক পথ প্ৰদৰ্শক হ’ব নোৱাৰে৷
তাৰ পাছতো যেতিয়া তেনে পিছপৰা জাতি-জনগোষ্ঠী ছাত্ৰই নিজৰ দক্ষতা, সাহস আৰু বুদ্ধিৰ বলত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ অৰ্থাৎ সেই দৌৰ প্ৰতিযোগিতাৰ আৰম্ভণি ৰেখাৰ বহু পাছৰ পৰা দৌৰ দি অন্তিম ৰেখা পাওঁতে, আৰম্ভণি ৰেখাৰ আগৰ পৰা দৌৰ দিয়া ছাত্ৰজনতকৈ কিছু পলম হয় বা পৰীক্ষাত কিছু নম্বৰ কম পালে যোগ্যতাৰ প্ৰশ্ন দোহাই দিয়া হয়৷ কিন্তু সেইসকলে এই কথা কেতিয়াও নকয় যে যোগ্যতা নিৰূপণৰ এই দৌৰ প্ৰতিযোগিতাৰ আৰম্ভণি ৰেখা সকলোৰে বাবে সমান হ’ব লাগে৷ ঐতিসাহিকভাৱে শিক্ষা-দীক্ষাত আগবাঢ়ি অহা জাতি সমূহ স্বাভাৱিকতে প্ৰতিষ্ঠিত ব্যৱস্থাৰ আধাৰত নিৰূপণ কৰা যোগ্যতাৰ প্ৰতিযোগিতাত আগবঢ়া হ’ব আৰু গোটেই ব্যৱস্থাৰ বাহিৰত ৰখা শৈক্ষিক আৰু সামাজিক দিশত পিছপৰা এটা জাতিসমূহৰ সেই যোগ্যতাৰ দিশত পিছপৰা হ’ব৷ আৰু সেইবাবে ব্যৱস্থাৰ সকলো ক্ষেত্ৰত সমানে আগবাঢ়ি প্ৰতিষ্ঠা, মৰ্যাদা সহকাৰে জীয়াই থকাত যোগ্য কৰি তুলিবলৈ সামগ্ৰিকভাৱে পিছপৰা লোকসকলক সংৰক্ষণ প্ৰদান কৰা হৈছে৷ এয়াই হৈছে সংৰক্ষণ ব্যৱস্থাৰ মূল উদ্দেশ্য৷
গতিকে আমি প্ৰথমে এইটো স্পষ্ট হ’ব লাগিব যে যিহেতু দেশত জাতিৰ নামত বৈষম্য বা বঞ্চনা হৈ আছে, গতিকে জাতিৰ আধাৰতে সংৰক্ষণ প্ৰদান কৰি বষম্য বলি হৈ শৈক্ষিক, আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা লোকসকলক আগবঢ়াই নিব লাগিব৷ আৰু এয়া এক ন্যায়সংগত বিষয়, কিন্তু সংৰক্ষণ বিৰোধীসকলে জাতিৰ আধাৰত বৈষম্যৰ বিষয়টো পোনচাতে নাকচ কৰি ক’ব যে জাতিৰ নামত ভেদাভেদ এতিয়া আৰু ইতিহাস৷ আমি দেখোন দলিত মানুহৰ ঘৰত গৈ খোৱা লোৱা কৰো৷ আমিটো কেতিয়াও অনুভৱ কৰা নাই যে আমি উচ্ছ জাতি বুলি আমাৰ মাজত ভেদাভেদৰ ভাৱ নাইয়ে দেখোন ইত্যাদি ইত্যাদি৷ এনে ধৰণে কৈ জাতিৰ ব্যৱস্থাৰ বৈষম্য বৰ্তমান শেষ হৈছে বুলি ধাৰণা এটা দিব বিচাৰে৷
প্ৰকৃততে সেইটো জানো সত্য/ দেশৰ বিভিন্ন অঞ্চলত প্ৰতি বছৰে বৰ্ণ বৈষম্যৰ বাবে কিমান অপৰাধজনিত ঘটনা সংঘটিত হয় তাক এবাৰ চকু ফুৰালে আমি বুজিম যে বৰ্ণ বৈষম্য কিমান জঘন্য ৰূপত সমাজত বৰ্তমানেও শিপাই আছে৷ অন্যহাতে আপুনি উচ্ছ জাতি হৈও তাক অনুভৱ কৰক বা নকৰক বা তথাকথিত নিম্ন জাতিৰ লোকৰ প্ৰতি সন্মান কৰক বা নকৰক তাৰ অৰ্থ এয়া নহয় যে উচ্ছ জাতি হোৱা পৰোক্ষভাৱে হ’লেও কেতিয়াও লাভ পোৱা নাই বা অন্য কোনোবাই উচ্ছ জাতিৰ পূৰ্বকলীয়া লাভালাভ গ্ৰহণ কৰি প্ৰতিপত্তি বাহাল ৰখাৰ স্বাৰ্থত আনক বঞ্চনা কৰা নাই৷ উদাহৰণস্বৰূপে কিছু পুৰুষ মহিলা আৰু মহিলা অধিকাৰৰ প্ৰতি যথেষ্ট সংবেদনশীল হয়, তাৰ অৰ্থ কিন্তু এহটো নহয় যে পুৰুষজনে পুৰুষ হোৱাৰ Advantage বা প্ৰাধান্য বা সুবিধা কাহানিও লাভ কৰা নাই তথা অন্যান্য পুৰুষ শ্ৰেণীয়ে মহিলাক অৱদমিত কৰি ৰখা নাই৷
যি দৰে আমি এখন পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত বাস কৰিছো, য’ত বিশেষ কিছু সুবিধা ঐতিহাসিক আৰু অৱধাৰিতভাৱে পুৰুষ সমাজে লাভ কৰি আহিছে, সি লাগিলে চেতনভাৱে হওক বা অৱচেতনভাৱে হওক সেয়া এক বাস্তৱিক সত্য৷ ঠিক সেইদৰেই ঐতিসাহিকভাৱে চলি থকা ভাৰতৰ বৰ্ণ বৈষম্যমূলক সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত এক বিশেষ শ্ৰেণীৰ লোকে বিশেষ সুবিধা লাভ কৰি সকলো দিশতে আগবাঢ়ি আহিছে ঠিক পুৰুষসকলৰ দৰে৷ অৱশ্যে পুৰুষতান্ত্ৰিকতাও বৰ্ণ ব্যৱস্থাৰ ফচল আৰু অন্যতম আধাৰ৷ যিহেতু হাজাৰ হাজাৰ বছৰ ধৰি বৰ্ণ হিন্দু উচ্ছ জাতিসমূহে জন্মগতভাৱে সকলো ক্ষেত্ৰত আগস্থান লাভ কৰি ব্যৱস্থাটোৰ প্ৰতিভু হৈ আহিছে সেয়ে এই ব্যৱস্থাই উদ্দেশ্যপ্ৰণোদিতভাৱে তৈয়াৰ কৰা মনস্তাত্তিক দিশসমূহকো মন কৰিব লাগিব, যি বৰ্ণ হিন্দুসকলৰ বিকশিত স্তৰক আপেক্ষিকভাৱে ন্যায্যতা প্ৰদান কৰে আৰু নিম্ন জাতিৰ অধিকাৰৰ বিষয়সমূহ সৰলীকৰণ কৰি আহিছে৷
গতিকে এই প্ৰতিষ্ঠিত ব্যৱস্থাটোত আগবঢ়া জাতিসমূহে কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰি আহিছে তাক তথ্যগতভাৱে বিশে¡ষণ কৰি ল’লে জাতি ব্যৱস্থাৰ আধাৰত সংৰক্ষণ দিয়া আৰু সংৰক্ষণ লাভ কৰিও ST/SC/OBC আদি লোকসকলৰ কি ধৰণৰ পৰ্যায়ত আছে সেই প্ৰশ্নসমূহৰ যুক্তিপূৰ্ণ উত্তৰ বিচাৰি পাম৷ সৰ্বপ্ৰথমে আমি দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত সংৰক্ষণ প্ৰাপক ST/SC/OBC আৰু সংৰক্ষণ নোপোৱা সৰ্বসাধাৰণ জাতিৰ সংখ্যাগত অনুপাতলৈ মন কৰি লওঁ৷ জনসংখ্যাৰ অনুপাতে দেশত বসবাস কৰা অনুসূচীত জনজাতি [ST] ৮.৬ শতাংশ, অনুসুচীত জাতি ১৬.৬ শতাংশ, অন্যান্য পিছপৰা জাতি ৪৪ শতাংশ আৰু সাধাৰণ জাতিৰ অনুপাত ৩০ শতাংশ৷ এই ৩০ শতাংশৰ ভিতৰত ২০ শতাংশ উচ্চ জাতিৰ লোক আৰু ১০ শতাংশ হৈছে শিখ, মুছলিম, খ্ৰিষ্টিয়ান আদি৷ অৱশ্যে বহু মুছলিম, শিখ OBC ৰ ভিতৰত ধৰা হয়৷ অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ ST, SC আৰু OBC লোক আৰু উচ্চ জাতিৰ হাৰ মাত্ৰ ২০ শতাংশ৷
এই জনসংখ্যাৰ হাৰ বা অনুপাত অনুসৰি দেশৰ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান শীৰ্ষ পদবী, সংবাদ গোষ্ঠীৰ মুখ্য পদবী, ব্যৱসায় বাণিজ্য আদিত ST, SC আৰু OBC আদিৰ লোকৰ সংখ্যা স্বাভাৱিকতে অধিক হ’ব লাগে আৰু তাৰ বিপৰীতে উচ্ছ জাতিৰ সংখ্যা কম যিহেতু তেওঁলোকৰ জনসংখ্যা মাত্ৰ ২০ শতাংশ৷ কিন্তু তেনে হয় জানো? বাস্তৱ ছবিখন ইয়াৰ সম্পূৰ্ণ বিপৰীত, সংখ্যাৰ অনুপাতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ST/SC লোকৰ নিয়োজিত হাৰ হিচাপত বহু যোজন আঁতৰত৷ আমি যিসকলে এই সংৰক্ষণৰ সম্বন্ধে মনত প্ৰশ্ন আছে তেওঁলোকে নিজাকৈও যদি মন কৰো যে দেশৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ উচ্চৰ পৰা নিম্ন বৰ্গলৈ থকা পদসমূহত কোন কোন জাতি, সম্প্ৰদায়ৰ লোক কৰ্মৰত হৈ আছে! তেতিয়া আমি দেখিম যে তাত অধিক সংখ্যকে উচ্ছ জাতি বা সাধাৰণ জাতিৰ লোক, য’ত জনসংখ্যাৰ হিচাপত ১০ জনৰ ভিতৰত ২ জন বা ৩ জন সাধাৰণ জাতিৰ লোক থাকিব লাগে তাত আছে ৫ ৰ পৰা ৬ জন৷ ইয়াৰ লগে লগে দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ গড় অনুপাতলৈ মন কৰিলে আমি বুজিম যে সংৰক্ষণৰ সুবিধা লাভ কৰা পাছতো কি দৰে ST, SC আৰু OBC লোক সকল শৈক্ষিক ভাৱে পিছ পৰি আছে৷
দেশৰ শীৰ্ষ উচ্ছ শিক্ষানুষ্ঠান যেনে চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান, তথ্য আৰু প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান সমূহত পিছপৰা জাতি জনগোষ্ঠী বা সংৰক্ষণ প্ৰাপক জাতি সমূহৰ সংখ্যা তেওঁলোকৰ জনসংখাৰ বিপৰীতে তেনেই নগণ্য৷ ভাৰত চৰকাৰৰ বাৰ্ষিক উচ্ছ শিক্ষা সমীক্ষাৰ প্ৰতিবেদন সমূহলৈ মন কৰিলে দেখা যাব যে ST/SC লোক সকল উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিমান পিছপৰি আছে৷ মেডিকেল, ইঞ্জিনীয়াৰিং, তথ্য প্ৰযুক্তি আৰু স্নাতকৰ ক্ষেত্ৰত বৰ্ণ হিন্দু ছাত্ৰৰ অনুপাত ৬৫ ৰ পৰা ৭০ শতাংশ আৰু বাকী ৩০ শতাংশ ST, SC, OBC ছাত্ৰ৷ য’ত কেতিয়াবা ST/SC ছাত্ৰৰ অনুপাত জনসংখ্যাৰ ফালৰপৰা নাই বুলিয়েই ক’ব পাৰি৷ এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে শৈক্ষিক নামভত্তিৰ্ৰ সংৰক্ষণৰ প্ৰসংগ আওতালে আমি কেৱল চৰকাৰী মাধ্যমৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ লৈকে আনিলে ভাল৷
ইয়াৰ দুটা কাৰণৰ প্ৰথমটো হৈছে দেশৰ গৰিষ্ঠসংখ্যক উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান এতিয়া ব্যক্তিগত খণ্ডৰ অধীন য’ত সংৰক্ষণ ব্যৱস্থা প্ৰযোজ্য নহয়৷ দ্বিতীয়তে ST, SC, OBC লোকৰ অধিক সংখকে আৰ্থ-সামাজিক কাৰণতে আধাতে শিক্ষা সামৰে৷ দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত মূলত আৰ্থিক কাৰণতে শিক্ষা জীৱন আধাতে সাং কৰিবলগীয়া হয়৷ আজিৰ তাৰিখত চৰকাৰিয়ে হওক বা বেচৰকাৰীয়ে হওক উচ্চ শিক্ষা এক ব্যয় বহুল প্ৰক্ৰিয়া৷ গতিকে আৰ্থ-সামাজিকে হওক বা ৰাজনৈতিক কাৰণতে আজি সাংবিধানিক বিশেষ সুযোগ লাভ কৰাৰ পাছতো শৈক্ষিক আৰু আৰ্থিক দিশত ST/SC লোকসকল পিছপৰি আছে৷ আৰু এওঁলোকৰ অগ্ৰগতি তথা বিকাশৰ দোৱাৰ ব্যৱস্থাগতভাৱে বন্ধ কৰি ৰখা চেষ্টা এহাতে কৰে আৰু আনহাতে শৈক্ষিক উত্তৰণৰ জখলাডালক টানি পেলাই দিব বিচাৰে৷
যিসকল জনসংখ্যাৰ ফালৰ পৰা তেনেই নগণ্য তেওঁলোক ব্যৱস্থাৰ ভিতৰত সংখ্যাগুৰু বা অনুপাতহীন প্ৰতিনিধিত্ব হৈ এক প্ৰকাৰে প্ৰভাৱশালী মনোভাৱে দেশ কিদৰে আগুৱাই যাব তাৰ ব্যৱস্থা তৈয়াৰ কৰে, ব্যৱস্থাগতভাৱে কাৰোবাক অধিকাৰ প্ৰদান কৰে আৰু কাৰোবাৰ অধিকাৰ লাভৰ দুৱাৰ বন্ধ কৰে৷ আজি দেশৰ লোকসভাত বৰ্ণ হিন্দুসকলৰ প্ৰতিনিধিত্ব ৪৮ শতাংশ, ৰাজ্যসভাত ৩৬ শতাংশ ৰাজ্যসমূহৰ ৰাজ্যপাল ৫০ শতাংশ প্ৰায়¸, বেংক খণ্ডত ৫১ শতাংশ চৰকাৰৰ সচিব পৰ্য্যায়ত ৫৪ শতাংশৰ অধিক৷ বিশ্ববিদ্যালয় উপাচাৰ্য ৫১ শতাংশৰ অধিক আৰু উচ্চ ন্যায়ালয়ত ৬০ শতাংশৰ অধিক৷ দেশৰ মূল এই ব্যৱস্থাসমূহতে তেওঁলোকৰ সংখ্যা অধিক আৰু এই ব্যৱস্থা সমূহ এক প্ৰকাৰে তেওঁলোকৰ চিন্তা চেতনাৰে পৰিচালিত হয়৷
ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয় যে দেশৰ এই ব্যৱস্থাসমূহ ঠিক মতে চলিছে নে নাই তাক আলোচনা বা সমালোচনা কৰা লগতে বিভিন্ন দিশত জনসাধাৰণৰ মনত চিন্তাৰ উদ্বেগ সৃষ্টি কৰি মনস্তাত্বিক দিশটোকো নিয়ন্ত্ৰণ কৰিব পৰা ক্ষেত্ৰসমূহতো উচ্চবৰ্ণ বা সাধাৰণ শ্ৰেণীৰ লোকেই সংখ্যাগৰিষ্ঠ৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ক্ষেত্ৰতো দেখা গৈছে যে ইয়াত উচ্চবৰ্ণ আৰু সাধাৰণ শ্ৰেণীৰ লোকৰে প্ৰভুত্ব চলি আছে৷ ব্যৱস্থাৰ বিৰুদ্ধে আৰু পক্ষে জনসাধাৰণৰ মাজত মত তৈয়াৰ কৰা বৰ্ণ হিন্দু প্ৰধান সংবাদ গোষ্ঠীয়ে তেওঁলোকৰ মাধ্যমৰ যোগেদি সংৰক্ষণৰ পক্ষে আৰু বিপক্ষেও মতামত প্ৰদান কৰি বিষয়টো চৰকাৰ আৰু সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰে, য’ত সংৰক্ষণৰ বিৰুদ্ধে ৰাইজৰ মত আছে বুলি বেছিকৈ দেখুওৱা হয় বা প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে৷
২০১৯ ৰ Oxfem ৰ এক সমীক্ষা অনুসৰি দেশৰ দূৰদৰ্শন সংবাদ গোষ্ঠীসমূহৰ সম্পাদককে আদি কৰি শীৰ্ষ কাৰ্যবাহী পদত থকা ব্যক্তি যি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বা যিজনে বাতৰি কি হ’ব আৰু কি ধৰণে পৰিবেশন হ’ব, তেনে পদত অধিষ্ঠিত৮৪ণ বৰ্ণ হিন্দু, যিসকলে সংবাদ মাধ্যমত গৈ ভিন্ন বিষয়ত মতামত দিয়ে যাক আমি পেনেলিষ্ট বুলি কওঁ তেওঁলোকৰ সংখ্যা ৭০ শতাংশ আৰু যি সকলে চপা মাধ্যমত প্ৰবন্ধ আদি লিখে তেওঁলোকৰ সংখ্যা ৭২ শতাংশৰ অধিক৷ এতিয়া স্বাভাৱিকতে সংৰক্ষণৰ বিষয়টো সন্দৰ্ভত বিশেষ বা সাধাৰণ মত আমাৰ সংবাদ মাধ্যমৰ যোগেদি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিলে তাত অধিকাংশই সংৰক্ষণৰ বিৰুদ্ধে মত তৈয়াৰ হ’ব, যিহেতু সংৰক্ষণ ব্যৱস্থাই বৰ্ণহিন্দুৰ শ্ৰেণীগত দিশটোক আঘাত কৰিছে গতিকে সংৰক্ষণৰ পক্ষত সেই বৰ্ণহিন্দু প্ৰধান সংবাদগোষ্ঠী ঠিয় নিদিয়ে, আৰু বাস্তৱিকতেও আমি দেখা পাইছো যে বহু সংবাদ গোষ্ঠীয়ে সংৰক্ষণ বিৰোধী স্থিতি গ্ৰহণ কৰি এনে কিছু মত তৈয়াৰ কৰে যি দেখাত গণতান্ত্ৰিকভাৱে কৰা যেন লাগে আৰু মনস্তাত্ত্বিকভাৱে মানুহৰ মনত সংৰক্ষণ বিৰোধী এটা চাপ বহুৱাই৷
কিন্তু প্ৰকৃততে সেই মতামত গণতান্ত্ৰিকভাৱে তৈয়াৰ নহয়, কিয়নো ২০ শতাংশ জনসংখ্যাৰ বৰ্ণহিন্দু সকলে সেই সংবাদ মাধ্যমত ৭০ শতাংশ পৰা ৮০ শতাংশ দখল কৰি সংখ্যাগুৰু হোৱাৰ সুবাদতে সংখ্যা খেল খেলি গণতান্ত্ৰিকতাৰ নামত নিজৰ একপক্ষীয় সংৰক্ষণ বিৰোধী মত মানুহৰ মাজত জাপি দিয়াৰ চেষ্ঠাহে কৰে৷ নিজৰ শ্ৰেণীগত চৰিত্ৰ অটুট ৰাখি খাটি খোৱা মেহনতি শ্ৰেণী ST/SC লোকৰ মৌলিক সমস্যাৰাজি সন্দৰ্ভতো এই সংবাদগোষ্ঠী সমূহ নিমাত হোৱাৰ বিপৰীতে ধনীক শ্ৰেণীৰ লোকৰ হাঁহি-কান্দোন, কোন শিল্পীয়ে কাক বিয়া পাতিলে, কেইবাৰ বিয়া কৰাইছে, মোকেশ আম্বানিৰ পত্নীয়ে কিমান দামী চেণ্ডেল পিন্ধে ইত্যাদি ইত্যাদি সন্দৰ্ভত এটাৰ পাছত এটা বাতৰি পৰিৱেশন কৰাত ব্যস্ত হৈ থাকে৷
দলিত-জনজাতি লোকৰ কত জনে আজিও বৰ্ণ-বৈষম্যৰ বলি হৈ মৃত্যুক সাৱটি ল’ব লগা হৈছে, কতই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব লগা হৈছে, বিভিন্ন অনুষ্ঠানত জন্মগত পৰিচয়ৰ বাবে সন্মুখীন হোৱা প্ৰতিষ্ঠানিক বৈষম্য আদি বিষয়সমূহ তথ্যগত আৰু সততাৰে দুই-এটা সংবাদ মাধ্যমৰ বাহিৰে অধিকাংশই বাতৰি পৰিৱেশন কৰাৰ পৰা বিৰত থাকে৷ যাৰ বাবে আমাৰ সাধাৰণ মানুহৰ দৃষ্টিত তেওঁলোকৰ দুৰৱস্থা চকুত নপৰে আৰু এয়া উদ্দেশ্যপ্ৰণোদিতভাৱে কৰি থকা হৈছে৷
জাতিগত ভেদাভেদ বা বৈষম্য এক কট্টৰ সামাজিক ব্যৱস্থাৰ ওপৰত আধাৰিত৷ এই কট্টৰবাদ বৰ্ণবাদীসকলৰ মূল চৰিত্ৰ৷ বৰ্ণহিন্দুসকলে বংশানুক্ৰমিক চেষ্টাক বিশ্বাস কৰে আৰু অৱধাৰিতভাৱে সমাজৰ ‘বিশেষাধিকাৰ’ক এক জন্মগত অধিকাৰ বুলি বিবেচনা কৰে৷ সমাজত সকলো ক্ষেত্ৰতে শীৰ্ষতম স্থান দখল কৰি অহা বৰ্ণহিন্দুৰ অধিকাংশই নিজৰ সেই বংশানুক্ৰমিক চেষ্টাক চলে-বলে অটুট ৰখাৰ চেষ্টা কৰে৷ এই ক্ষেত্ৰত দেখা যায় যে যিহেতু শিক্ষা-দীক্ষাত এওঁলোক ঐতিহাসিকভাৱে আগবাঢ়ি আছে আৰু শিক্ষাই হৈছে এটা জাতিৰ আগবাঢ়ি অহাৰ মূল হাতিয়াৰ, গতিকে অন্য কোনো জাতিয়ে শিক্ষাত তেওঁলোকতকৈ আগবাঢ়ি যাব নোৱাৰে তাৰ বাবে কেতবোৰ হেঙাৰ তৈয়াৰ কৰে৷
ঐতিহাসিক কালতসমাজৰ তথাকথিত নিম্ন বৰ্গৰ বাবে শিক্ষাৰ দুৱাৰ বন্ধ কৰি ৰাখিছিল আৰু ভুলতে হ’লেও যদি কোনোবাই শাস্ত্ৰ পুথি জ্ঞান লৈছিল তেওঁলোকৰ কাণত গৰম লোহা ভৰাই দিয়া হৈছিল৷ এতিয়া দিন সলনি হৈছে, সলনি হৈছে বঞ্চনাৰ পদ্ধতিও৷ আধুনিক শাসনব্যৱস্থাত জাতিৰ আধাৰত পোনপতীয়াকৈ বঞ্চনা কৰিৱ নোৱাৰে, গতিকে পন্থাও আধুনিক৷ পূৰ্বৰ তুলনাত এতিয়া শিক্ষাৰ ৰূপৰেখাৰো যথেষ্ট সলনি হৈছে৷ আধুনিক ব্যৱস্থাত কেৱল আখৰ লিখিব পঢ়িব পাৰিলেই ব্যৱস্থাগতভাৱে আগুৱাই যাব নোৱাৰে৷ শৈক্ষিক ক্ৰমণিকাৰ শীৰ্ষতম স্তৰ অতিক্ৰম কৰিব পাৰিলেহে প্ৰচলিত ব্যৱস্থাত যোগ্য বুলি বিবেচিত হয়৷ এজন সু-শিক্ষিত আৰু তথাকথিত যোগ্যতাৰ মাপকাঠিত যোগ্য বুলি বিবেচিত হ’বৰ বাবে অতিক্ৰম কৰিব লগা শিক্ষাৰ এই শীৰ্ষ স্তৰত যাতে কেৱল বৰ্ণ হিন্দু সকলে অতিক্ৰম কৰিব পাৰে আৰু ইয়াৰ বিপৰীতে সামাজিকভাৱে দুৰ্বল জাতিয়ে সেই স্তৰ অতিক্ৰম কৰিব নোৱাৰে তাৰ ব্যৱস্থাগত ব্যৱস্থা ইতিমধ্যে আমাৰ বৰ্ণ হিন্দু প্ৰধান ৰাজনৈতিক ব্যৱস্থাটোৱে কৰি লৈছে৷
স্মৰ্তব্য যে দেশৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ গুণগত মান তেতিয়ালৈকেহে উন্নত আছিল যেতিয়াৰ পৰা পিছপৰা জাতি-জনগোষ্ঠী লোকে শৈক্ষিক আন্দোলনৰ যোগেদি অধিকৰ পৰা অধিক লোক শিক্ষা গ্ৰহণৰ বাবে যাব ধৰিলে৷ তেতিয়াৰ পৰা এই ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ গুনগত মান ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ সমূহ উদাসিন হ’ব ধৰিলে৷ আৰম্ভ হ’ল শিক্ষা ব্যৱস্থাৰ বাণিজ্যিকীকৰণৰ আৰু লগে লগে প্ৰচণ্ড ব্যয়বহুল হৈ পৰিল উচ্চ শিক্ষা তথা মূল শিক্ষা ব্যৱস্থা৷ যিহেতু আমাৰ উচ্চ জাতিয়েই অৰ্থনৈতিকভাৱে উচ্চ শ্ৰেণী, গতিকে নিজৰ আৰ্থিক স্থিতিৰ বাবে ব্যয়বহুল শিক্ষা তেওঁলোকৰ বাবে সম্ভৱ আৰু সহজ, অন্যহাতে সমাজৰ নিম্ন জাতি লোকে নিম্ন শ্ৰেণীৰ বা আৰ্থিক দিশত পিছপৰা গতিকে ব্যয়বহুল উচ্চ শিক্ষা তেওঁলোকৰ বাবে এক প্ৰকাৰে অসম্ভৱ৷
ইয়াৰ পিছতো প্ৰশ্ন কৰে সেই সুবিধাবাদী মহলে যে, স্বাধীনতাৰ ৭০ বছৰৰ পাছতো সংৰক্ষণ ব্যৱস্থাই ST/SC সকলক আগবঢ়াই নিব পৰা নাই কিয়৷ কিন্তু এই প্ৰশ্ন কোনো নকৰে যে জাতি, বৰ্ণ, লিংগৰ নামত কোনেও কাকো বৈষম্য কৰিব নোৱাৰা বা অস্পৃস্যতা, বৰ্ণ-বৈষম্য এক অপৰাধ বুলি ধৰি এখন সংবিধান প্ৰণয়ন হোৱাৰ আজি ৭০ বছৰৰ পাছতো কিয় বৰ্ণ-বৈষম্যৰ বলি ST/SC সকল হৈ আহিছে? এনে জঘন্য সামাজিক অপৰাধ তথা বৈষম্যৰ বিৰুদ্ধে ইতিবাচক কৰ্মসূচীয়ে হৈছে এক শক্তিশালী চিকিৎসা যাক আমি সংৰক্ষণ বুলি কওঁ৷ অৱশ্যে ইতিবাচক কৰ্মসূচীৰ ভিতৰত সংৰক্ষণে একমাত্ৰ হাতিয়াৰ নহয় অন্য বহু মাধ্যম বা ব্যৱস্থাও আছে৷ শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰৰ শৈক্ষিক জলপানী বা বৃত্তি, অতিৰিক্ত নম্বৰ প্ৰদান, বিশেষ শৈক্ষিক প্ৰশিক্ষণ আদিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই ইতিবাচক কৰ্মসূচীৰ ভিত্তিতে অৱদমিত জাতিসমূহৰ বেলিকা৷
নিশ্চিতভাৱে আমাৰ সংবিধানে প্ৰদান কৰা সুযোগৰ সম অধিকাৰক যাতে সকলোৱে লাভ কৰে তাৰ বাবে এক উচিত ব্যৱস্থা চৰকাৰসমূহে গ্ৰহণ কৰিব লাগিব৷ ইতিমধ্যে হৈ থকা বৈষম্যমূলক সুযোগৰ সুবিধাক প্ৰকৃতাৰ্থত সমতামূলক কৰি তুলিবলৈ সংৰক্ষণ ব্যৱস্থাই বৰ্তমান এক উচিত পদক্ষেপ৷ কিন্তু পুনৰ কওঁ অৱদমিত জাতিসমূহৰ উত্তৰণৰ বাবে সংৰক্ষণ যদিও অনিবাৰ্য কিন্তু ই পৰ্যাপ্ত নহয়৷ সামাজিক বৈষম্যৰ লগে লগে ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ বাবেও অন্য বহু পদক্ষেপ চৰকাৰসমূহে নিশ্চিতভাৱে গ্ৰহণ কৰিব লাগিব৷ যিহেতু এই সকলো বৈষম্যৰ বলি এই অৱদমিত জাতিসমূহৰ লগতে দেশৰ গৰিষ্ঠসংখ্যকে খাটিখোৱা শ্ৰমিক-কৃষক শ্ৰেণীৰ লোক৷ কিন্তু এই ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ আগতে বাবা চাহেব আম্বেদকাৰে কোৱাৰ দৰে সামাজিক বৈৰ্ষম্য দূৰ কৰি দেশত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবই লাগিব৷
এই সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে প্ৰচলিত সংৰক্ষণ ব্যৱস্থাক অধিক কাৰ্য্যকৰী আৰু সংস্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে৷ সংৰক্ষণ ব্যৱস্থাৰ বাবে ST/SC সকলৰ মাজৰ পৰা কিছু লোক নিশ্চিতভাৱে আগুৱাই যাব সক্ষম হৈছে৷ কিন্তু দেখা গৈছে যে তেওঁলোকৰ মাজতো এনে কিছু বৰ্গ আছে, যি অতি পিছপৰা৷ এই অতি পিছপৰা লোকসকলে সংবিধান প্ৰদত্ত বিশেষ সুবিধা সমূহ তুলনামূলকভাৱে কম পাইছে বা পোৱা নাই বুলিয়ে ক’ব পাৰি৷ গতিকে সংৰক্ষণৰ মাজতে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকৰ বিকাশৰ বাট সুচল কৰি তুলিব লাগিব৷ যাতে শৈক্ষিক আৰু সংস্থাপনৰ দিশত তেওঁলোক আগবাঢ়ি এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে৷ ইয়াৰ উপৰিও, সংৰক্ষণ ব্যৱস্থাৰ পৰিধিকো কিছু পৰিমাণে বৃদ্ধি কৰিব লাগিব৷
বৰ্ত্তমান সংৰক্ষণ বুলি ক’লে চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্ত্তি আৰু চৰকাৰী চাকৰিতে সীমাবদ্ধ৷ কিন্তু বাস্তৱত আমাৰ দেশত চৰকাৰী চাকৰি আছে কিমান? ৰাজহুৱা খণ্ডৰ চাকৰি প্ৰায় দুই কোটি আৰু যি এতিয়া সংকুচিত হৈছে, অন্যহাতে ব্যক্তিগত খণ্ড বা বে-চৰকাৰী চাকৰি সংখ্যা প্ৰায় ৪৩ কোটি৷ বৃহৎ সংখ্যক নিয়োগৰ ব্যৱস্থা কৰা এই বে-চৰকাৰী খণ্ডত কোনো সংৰক্ষণৰ ব্যৱস্থা নাথাকে৷ গতিকে বে-চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে অৱদমিত জাতি সমূহৰ যি অৰ্থনৈতিক সমস্যা এই সমস্যা সমূহ কিছু পৰিমাণে হ’লেও সমাধান হ’ব বুলি আশা কৰিব পাৰি৷ এতিয়া এই প্ৰসংগ আনিলে নিশ্চিতভাৱে পুনৰ ক্ষুৰধাৰ সমালোচনা কৰিব সংৰক্ষণ বিৰোধীসকলে৷ পুঁজিপতি ব্যৱস্থাত এয়া সম্ভৱ নহয় বুলি কোৱা লগে লগে আধুনিক ব্যৱস্থাৰপৰিপন্থী বুলিও ক’ব৷ মুক্ত অৰ্থনীতি মুক্ত বজাৰ ব্যৱস্থাত ব্যক্তিগত খণ্ডৰ স্বাধীনতা খৰ্বকৰিব নোৱাৰিব বুলিও হাজাৰ যুক্তি আগবঢ়াব৷ তেওঁলোকে জনা উচিত যে আজি আমেৰিকাৰ দৰে আগশাৰীৰ পঁুজিপতি দেশেও এই সংৰক্ষণ ব্যৱস্থা সুন্দৰকৈ বাহাল ৰাখিছে৷
আমেৰিকাত ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহে প্ৰতিবছৰে নিজৰ কৰ্মচাৰীসকলৰ বৰ্ণ আৰু সাংস্কৃতিক বিভিন্নতা বা বৈচিত্ৰতা প্ৰফাইল বা পৰিলেখ বা খটিয়ান চৰকাৰক দাখিল কৰাৰ কঠোৰ নিদেৰ্শনা দি থৈছে৷ ইয়াৰ লগতে কোম্পানীত নিয়োজিত ক’লা মানুহৰ বিকাশৰ বাবে কি কৰিছে তাকো জনাব লাগে৷ গতিকে আমেৰিকাৰ দৰে পুঁজিপতি দেশত যেতিয়া এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেন্তে ভাৰতত দৰে সমাজতান্ত্ৰিক দেশত কিয় নোৱাৰিব? আজিকিছু বছৰৰ পূৰ্বে ভাৰত চৰকাৰে সমান সুযোগ আয়োগ গঠন কৰিছিল৷ এই আয়োগৰ অধীনত গঠন হোৱা কমিটিয়ে ওপৰত উল্লেখ কৰা উপদেশসমূহকে আগবঢ়াইছিল, কিন্তু কাৰ্যকৰীহে নহ’ল৷ এটা কথা স্পষ্ট যে সংৰক্ষণ এক সাংবিধানিক বৈধ প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ যোগেদি অৱদমিত জনসমূহক সমতাৰ অধিকাৰ প্ৰদান কৰি ইতিমধ্যে আত্মবিকাশ আৰু প্ৰতিষ্ঠাৰ সকলো অধিকাৰ ভোগ কৰি থকাসকলৰ পৰ্যায়লৈ অনাৰ এক চেষ্টা৷ এই কথাও আমি উল্লেখ কৰিব লাগিব যে সংৰক্ষণ আমাৰ দেশত অনাদি কাললৈ থকাটো আমাৰ কাম্য নহয় বা যি সকলে বৰ্ত্তমানৰ সংৰক্ষণ ব্যৱস্থাৰ সপক্ষে স্থিতি গ্ৰহণ কৰে তেওঁলোকে এই ব্যৱস্থাক বছৰৰ পাছত বছৰ বাহল থকাটো নিবিচাৰে৷
আমি এনে এখন দেশৰ কামনা কৰো য’ত ST/SC বাবে কোনো সংৰক্ষণৰ প্ৰয়োজনেই নাথাকক৷ অৰ্থাৎ দেশত এনে এক ব্যৱস্থা তৈয়াৰ হওক য’ত মৰ্যাদাপূৰ্ণ জীৱন-জীৱিকা আৰু প্ৰতিষ্ঠাৰ সমান অধিকাৰ লাভ কৰে তথা নিজৰ নিজৰ যোগ্যতা, প্ৰতিভা বিকাশ আৰু প্ৰমাণ কৰাৰ সমান সুযোগ লাভ কৰে৷ আমি নিশ্চিত এদিন সেয়া হৈ উঠিব যেতিয়া অৱদমিত জাতিসমূহৰ ওপৰত যুগ-যুগান্তৰৰ পৰা চলি অহা প্ৰাতিষ্ঠানিক বৈৰ্ষম্যসমূহ অন্ত পৰিব৷ অন্ত পৰিব লাগিব জাতিৰ নামত, ধৰ্মৰ নামত, লিংগৰ নামত চলা আচৰণ, মনোভাৱ তথা বৈৰ্ষম্যমূলক কাৰ্য্য৷ তাৰবাবে দেশত প্ৰচলিত হাজাৰ বছৰীয়া বৰ্ণ ব্যৱস্থাক ধ্বংস কৰি বৈজ্ঞানিক সমাজ গঢি তুলিবৰ বাবে কেতবোৰ কাৰ্য্যপন্থা হাতত ল’ব লাগিব আমাৰ শাসকীয় বৰ্গই৷ দেশৰ শাসক ব্যৱস্থাই জাতি-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে সম-মৰ্যাদা, অধিকাৰৰ বাবে পদ্ধতিগত ব্যৱস্থা তৈয়াৰ কৰি আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সমতাৰ আধাৰত নতুন ভাৰত নিৰ্মাণ কৰিব লাগিব যি ভাৰতৰ সপোন আম্বেদকাৰ গান্ধী আদি আমাৰ পূৰ্বসুৰীসকলে দেখিছিল৷