• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰসঙ্গঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ: “পদূলি মুখত শত্ৰুৰ শিবিৰ কাৰো কাম্য নহয়”

মাধুৰ্য বৰুৱা by মাধুৰ্য বৰুৱা
February 28, 2022 6:50 pm
Russia-Ukraine crisis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮১২ চনৰ ৰাছিয়া। সেই সময়ৰ ফ্ৰান্সৰ নেপ’লিয়ন বোনাপাৰ্টে আক্ৰমণ কৰিছিল দেশখন। আক্ৰমণৰ বাবে ৰাছিয়াৰ মূল ভূ-খণ্ডলৈ তেতিয়াৰ ৰাছিয়াৰ অংগ আৰু বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰ ইউক্ৰেইনৰ মাজেৰে প্ৰৱেশ কৰিছিল। সেইসময়ত এই ইউক্ৰেইন হৈ পৰিছিল উত্তপ্ত ৰণথলী। ১৮৭০ চনৰ ৰাছিয়া আৰু অটোমান তুৰ্কী সাম্ৰাজ্যৰ মাজৰ যুদ্ধখনতো ইউক্ৰেইন অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল আছিল সকলো দিশৰ পৰাই।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এডলফ্ হিটলাৰৰ জাৰ্মানীয়েও আক্ৰমণৰ বাবে দখলাকৃত পোলেণ্ড, শ্লভেকিয়া হৈ বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰ ইউক্ৰেইনৰ মাজেৰে লেলিনগ্ৰেড, ষ্টেলিনগ্ৰেড আৰু মস্কোলৈ সৈন্য প্ৰেৰণ কৰিছিল আৰু তেতিয়া ইউক্ৰেইনত বসবাস কৰা প্ৰায় ১৫ লাখ ইহুদীক জাৰ্মান সেনাই নৃশংসভাৱে হত্যা কৰিছিল।

Apply Now

পশ্চিমৰ ইউৰোপৰ দিশৰ পৰা যিকোনো আক্ৰমণ মস্কোগামী হোৱাৰ পথত এই ৰাষ্ট্ৰখন অতিক্ৰমিব লাগিব। বিগত ২১০ বছৰ ধৰি ভূ-ৰাজনৈতিক দিশৰ পৰা মস্কোৰ বাবে এই অংশটো অত্যন্ত গুৰুতত্বপূৰ্ণ ৰূপে চিহ্নিত। বৰ্তমান ইউক্ৰেইনৰ পশ্চিম সীমা অৰ্থাৎ দূৰৰ অংশৰ পৰা মস্কোলৈ দূৰত্ব আকাশী সীমাৰে প্ৰায় ১৬০০ কিঃমিঃ হোৱাৰ বিপৰীতে পূৱ সীমা অৰ্থাৎ বৰ্তমান ৰাছিয়াৰ লগত লাগি থকা সীমাৰ পৰা আকাশী সীমাৰে ৰাজধানী চহৰ মস্কোলৈ দূৰত্ব হৈ পৰে প্ৰায় ৪০০ কিঃমিঃ মাত্ৰ।

গতিকে ৰাছিয়াৰ প্ৰতিদ্বন্দী আমেৰিকা নিয়ন্ত্ৰিত নাটো বাহিনীক নিজৰ ৰাজধানীৰ প্ৰায় দুৱাৰ মুখতে ঘাটি স্থাপন কৰিবলৈ ৰাছিয়াই কেতিয়াও দিব নিবিচাৰে।

ৰাছিয়া-ইউক্ৰেইনৰ সম্বন্ধৰ ক্ষেত্ৰত দেখা যায় যে ৰাছিয়া বিপ্লৱৰ সফল নায়ক লেনিনৰ আমন্ত্ৰণ ক্ৰমে ১৯২২ চনত অধুনালুপ্ত চোভিয়েট ইউনিয়নৰ অংশ হৈ পৰে ইউক্ৰেইন। ১৯৯১ চনত চোভিয়েট ইউনিয়ন ভংগৰ পাছত ইউক্ৰেইনে স্বাধীন ৰাষ্ট্ৰ ৰূপে পুনৰ আত্মপ্ৰকাশ কৰে। স্বাধীন ৰাষ্ট্ৰ হ’লেও ৰাছিয়াৰ লগত “বন্ধুত্ব অটুট থাকক” নীতি গ্ৰহণ কৰিছিল ৰাষ্ট্ৰখনে।

কিন্তু ১৯৯৭ চনৰ পৰাই আমেৰিকা তথা পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক তেওঁলোকৰ সামৰিক সংঘ নাটোত অৰ্ন্তভূক্তিৰ চেষ্টা অব্যাহত ৰাখিছিল যাতে মস্কোৰ দুৱাৰ মুখতে সামৰিক ঘাটি স্থাপন কৰিব পাৰে যি সদায়ে ৰাছিয়াৰ বাবে মূৰৰ কামোৰণি হৈ থাকিবগৈ। ইউক্ৰেইনৰ মূলতঃ পূৱ অংশৰ বাসিন্দাসকল আৰু ৰাছিয়াৰ ভূ-খণ্ডৰ নাগৰিক একেই শ্লেডিক গোষ্ঠীৰ মানুহ। তেওঁলোকৰ সংস্কৃতি, সভ্যতা, ভাষা, সামাজিক বৈশিষ্ট্য ইত্যাদি অনুৰূপ।

কিন্তু পশ্চিমৰ অংশৰ লোকসকল ৰাছিয়ানসকলৰ পৰিৱৰ্ত্তে ইউৰোপিয়নসকলৰ লগতহে বহুক্ষেত্ৰত সামঞ্জস্য আছে। যেনেদৰে আমি একে ভাৰতীয় হোৱা সত্বেও বিহাৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ ইত্যাদি ৰাজ্যৰ বাসিন্দাসকলৰ বৈশিষ্ট্যৰ সামঞ্জস্য থকাৰ পৰিৱৰ্ত্তে উত্তৰ-পূৰ্বাঞ্চলৰ মংগোলিয়ান বংশোদ্ভৱ বাসিন্দাসকলৰ চীন আৰু দক্ষিণ-পূৱ এচিয়াৰ ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ লগতহে মুখাবয়ৱকে আদি কৰি অন্যান্য বৈশিষ্ট্যৰ মিল দেখা যায়।

সেয়ে ইউক্ৰেইনৰ পূৱ অংশৰ বাসিন্দাসকল ৰাছিয়াপন্থী হোৱাৰ বিপৰীতে পশ্চিম অংশৰ লোকসকল ৰাছিয়া বিৰোধী। গতিকে ৰাছিয়া বিৰোধীক দূৰ্বল কৰাৰ নীতিৰে ইউক্ৰেইনৰ পূৱৰ লুহাংক আৰু ডনেক্ট’ক ৰাছিয়াই স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰে।

অতীতলৈ লক্ষ্য কৰিলে দেখা যায় যে ২০০৪ চনৰ ১ মে’ দিনাখন চেক ৰিপাব্লিক, হাংগাৰী, পোলেণ্ড, শ্লভেকিয়াকে আদি কৰি ১০খন ৰাষ্ট্ৰ নাটোৰ নতুনকৈ অৰ্ন্তভূক্ত হৈছিল, যিবোৰ কিছুদিন পূৰ্বে চোভিয়েট ইউনিয়নৰ কাষৰ ৰাষ্ট্ৰ আৰু আন কিছু অনুগামী ৰাষ্ট্ৰ আছিল। তাৰে আকৌ ৮খন আছিল পূৰ্বৰ কমিউনিষ্ট ৰাষ্ট্ৰ। কুটনৈতিক আৰু ভূ-ৰাজনৈতিক দিশৰ পৰা এয়া আমেৰিকাৰ ওচৰত ৰাছিয়াৰ পৰাজয় আছিল।

বৰ্তমান ৰাছিয়াৰ মেপখনলৈ লক্ষ্য কৰিলে দেখা যায় যে পূৱে জাপানৰ পৰা পশ্চিমলৈ ফিনলেণ্ড পৰ্যন্ত সমগ্ৰ ইউৰোপৰ ফালৰ দিশটোত নাটো গোষ্ঠীৰ দেশসমূহে ঘেৰি পেলাইছে। ইউক্ৰেইনো নাটোৰ অৰ্ন্তভূক্ত হ’লে পদূলি মুখতে ৰাছিয়াৰ বাবে এক চিৰ ভাবুকি আহি পৰিব।

উল্লেখযোগ্য যে জাপান নাটোৰ অৰ্ন্তভূক্ত ৰাষ্ট্ৰ আৰু ফিনলেণ্ড সম্পূৰ্ণ ৰূপে নাটোৰ অৰ্ন্তভূক্ত নহ’লেও সহযোগী ৰাষ্ট্ৰ ৰূপে স্বীকৃত। তাৎপৰ্যপূৰ্ণ যে ২০১৪ চনত ইউক্ৰেইনৰ নাটো অৰ্ন্তভূক্তি প্ৰায় চূড়ান্ত হৈছিল যদিও ৰাছিয়াই বৃহৎ ঋণ, সাহায্য আদি প্ৰদানেৰে ইউক্ৰেইনক নাটোৰ পৰা আঁতৰাই অনাত সফল হৈছিল। সমান্তৰালভাৱে সেই সময়তে ৰাছিয়াই ক্ৰিমিয়া দখল কৰে যি ইউক্ৰেইনৰ স্বায়ত্ব-শাসিত অঞ্চল আছিল।

অধুনালুপ্ত চোভিয়েট ইউনিয়নত ইউক্ৰেইন অৰ্ন্তভূক্ত আছিল আৰু অংশটোক চোভিয়েট ইউনিয়নৰ হৃদপিণ্ড (Heart of USSR) বোলা হৈছিল। হৃদয়ত শত্ৰুৰ ঘৰ স্থাপন অসহ্যকৰ সদায়েই। যিদৰে বিগত শতিকাৰ ৬০ দশকত চোভিয়েট ৰাছিয়াই আমেৰিকাৰ নিচেই কাষৰ ৰাষ্ট্ৰ কিউবাত স্থাপন কৰা এটমিক ৱাৰহেড যুক্ত মিচাইল আমেৰিকাৰ বিৰোধিতাৰ বাবেই আঁতৰাই আনিবলৈ বাধ্য হৈছিল।

চোভিয়েট ৰাছিয়া এসময়ত বিশ্বৰ এক বৃহৎ শক্তি আছিল। ৰাছিয়াই বৰ্তমান সেই হেৰুৱা শৌৰ্য-বীৰ্য ঘূৰাই অনাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। চীন কৌশলগত ভাৱে ৰাছিয়াৰ সেই অভিযানৰ অংশীদাৰ হৈ আছে। কাৰণ বৰ্তমান আমেৰিকাকে ধৰি ইউৰোপৰ বেছিভাগ ৰাষ্ট্ৰৰে অৰ্থনৈতিক অৱস্থা ভাল নহয়। ইয়াৰ বেছিভাগেই নাটোৰ অৰ্ন্তভূক্ত ৰাষ্ট্ৰ।

সেই ৰাষ্ট্ৰসমূহতো নিবনুৱা, সংস্থাপনহীনতা ইত্যাদিয়ে সমস্যাৰ সৃষ্টি কৰিছে। তেনে অৱস্থাত যদি দেশৰ নাগৰিকৰ কোনো স্বাৰ্থ নথকা এখন যুদ্ধত অৱতীৰ্ণ হয়গৈ তেন্তে নিজ ৰাষ্ট্ৰতে সেই দেশৰ চৰকাৰসমূহ নাগৰিকৰ বিৰোধীতাৰ সন্মুখীন হ’ব। তদুপৰি যুদ্ধৰ বৃহৎ খৰচে ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিত বৃহৎ ক্ষতি কৰিব। যেনেদৰে ১৯৭৯-৮৯ লৈ অব্যাহত থকা ৰুছ-আফগান যুদ্ধই চোভিয়েট ৰাছিয়াৰ অৰ্থনীতি সৰ্বস্ৰান্ত কৰাৰ এক অন্যতম কাৰক আছিল।

গতিকে আমেৰিকা আৰু ইউৰোপৰ নাটো অৰ্ন্তভূক্ত ৰাষ্ট্ৰসমূহে টি.ভি. চেনেলত লেকচাৰ মাৰিয়েই ইউক্ৰেইনৰ প্ৰতি দায়িত্ব সামৰিলে। যুদ্ধত নিয়োজিত হৈ নিজকে ধ্বংস কৰিলে সকলো দিশৰ পৰা চীন “গ্ল’ৱেল লীডাৰ” হৈ পৰিব সেয়া নাটো অৰ্ন্তভূক্ত আমেৰিকাকে ধৰি আন আন ৰাষ্ট্ৰসমূহৰ অজানা নহয়।

সুদীৰ্ঘ ২০টাকৈ বছৰ যুদ্ধ কৰি আফগানিস্তানৰ দৰে সকলো দিশৰ পৰা অনগ্ৰসৰ দেশ এখনৰ তালিবানৰ দৰে সন্ত্ৰাসবাদী সংগঠনক নিঃশেষ কৰাত অক্ষম হৈছিল আমেৰিকা। চুক্তিসহকাৰ তালিবানক আফগানিস্তানৰ ভাগ্য-বিধাতা পাতি পলায়ন কৰা আমেৰিকাৰ দৰে দেশৰ ওপৰত কিয় ইউক্ৰেইনৰ ৰাষ্ট্ৰনায়কসকলে আশা কৰিছিল সেয়া তেওঁলোকহে জানে।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়চোৱাত আমেৰিকাই চিৰিয়া, ইৰাক, আফগানিস্তান, ভিয়েটনাম আদিৰ দৰে সৰু-সৰু ৰাষ্ট্ৰৰ বাহিৰে শক্তিশালী ৰাষ্ট্ৰৰ বিপক্ষে সামৰিক অভিযান চলোৱাৰ উদাহৰণ নাই।

মাধুৰ্য বৰুৱা

মাধুৰ্য বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd