• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথা: দ্য হুৱেল

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 25, 2023 7:36 pm
The Whale
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ ছবিখন বৰ্তমান সময়ত বিশ্বজুৰি চৰ্চাত থকা এখন ছবি। সদ্য অনুষ্ঠিত ৯৫ সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতাত দ্য হুৱেল ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে অভিনেতা ব্ৰেণ্ডন ফ্ৰেজাৰে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। একাডেমী বঁ‌টাৰ বাদেও,ফ্ৰেজাৰে ইতিমধ্যেই আন কেইবাটাও বিশেষ বঁ‌টাও লাভ কৰিছে। আনহাতে এই ছবিখনে শ্ৰেষ্ঠ মেক-আপ আৰু হেয়াৰষ্টাইলৰ শিতানতো আন এটি অস্কাৰ বুটলিছে। ২০২২ বৰ্ষৰ ছেপ্তেম্বৰ মাহত ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথম প্ৰদৰ্শনী হোৱা এই ছবিখন বৰ্তমান গুৱাহাটীত এটি হলত চলি আছে আৰু অতি শীঘ্ৰেই অ টি টি প্লেটফৰ্মত উপলব্ধ হ’ব। অতি সূক্ষ্ম মনস্তাত্ত্বিক বিষয়ৰ ভেটিত নিৰ্মিত ছবি “দ্য হুৱেল”-ৰ পৰিচালনা-ডেৰেন এৰনফস্কীৰ। ছবিখন নাট্যকাৰ চেমুৱেল ডি হান্টাৰৰ ২০১২ বৰ্ষৰ একে নামৰ নাটকখনৰ ভিত্তিত নিৰ্মিত হৈছে। চিত্ৰনাট্য লিখিছে-চেমুৱেল ডি হান্টাৰেই।

ছবিখনৰ আৰম্ভণি ঘটে- এক বিশাল বপু(চাৰ্লি-মূখ্য চৰিত্ৰ)ৱে হস্তমৈথুন কৰি থকা অৱস্থাতে সন্মুখীন হোৱা হৃদযন্ত্ৰৰ সমস্যাৰে। চাৰ্লি এজন শিক্ষক, যি অস্বাভাৱিক আৰু অস্বাস্থ্যকৰভাৱে মেদবহুল। দেহৰ অত্যধিক ওজনৰ বাবে চাৰ্লিৰ শৰীৰটো লৰাবলৈকে টান, সহায় লৈ হে থিয় দিব বা খোজ কাঢ়িব পাৰে। তেনে অৱস্থাৰেই চাৰ্লি এগৰাকী বান্ধৱী তথা নাৰ্ছৰ সাময়িক সহায় লৈ অকলশৰে নিজ গৃহত বাস কৰে। বেমাৰ হ’লেও, আনকি প্ৰাণবায়ু যোৱাৰ উপক্ৰম হ’লেও, চাৰ্লি পিছে হাস্পতেললৈ নাযায়। মুঠতে ঘৰটোৰ পৰা কোনো কাৰণতেই নোলায় চাৰ্লি। চাৰ্লিৰ এই মেদবহুলতা, অস্বাভাৱিক মানসিক আচৰণ আৰু জীৱনৰ আঁৰৰ কাহিনীক লৈয়েই ছবিখন আগবাঢ়ে। চিনেমাৰ আৰম্ভণিৰ ১৫ মিনিট নৌ হওঁতেই দৰ্শক একাত্ম হৈ পৰিব চিনেমা আৰু চাৰ্লিৰ চৰিত্ৰটিৰ সৈতে। পৰিচালক, কাহিনীকাৰ সফল এইখিনিতে।

Apply Now

কিছু লোকে মানসিক চাপ আৰু ৰোগত ভূগিলে অত্যধিক ভোজন কৰে। চাৰ্লিয়েও মানসিক উদ্বিগ্নতা বঢ়াৰ লগে লগেই আৰু প্ৰয়োজনাধিক অপুষ্টিকৰ খাদ্য খাবলৈ আৰম্ভ কৰে, যি চাৰ্লিৰ শৰীৰৰ বাবে অপকাৰী। আৰু ঠিক এইখিনিৰ পৰায়েই ছবিখনত চাৰ্লিৰ মানসিক উদ্বিগ্নতাৰ প্ৰতিফলন ঘটিবলৈ আৰম্ভ কৰে। চাৰ্লিৰ যুৱতী কন্যা এলী(চেদী চিংক)ঘৰলৈ আহিলে, এলীৰ সামান্য মনোযোগ পাবলৈ চাৰ্লিয়ে কৰা কামবোৰেই সূচাই, জীয়ৰীৰ লগত পুনৰাই সংযুক্ত হ’বলৈ বিচৰা চাৰ্লিৰ হাহাকাৰখিনিক। কাহিনীৰ সাৱলীল গতিৰ লগতেই ছবিৰ মধ্যমণি চাৰ্লিৰ চৰিত্ৰটিৰ পৰা আৰম্ভ কৰি, এলী, চাৰ্লিৰ বান্ধৱী নাৰ্ছগৰাকী, চাৰ্লিৰ প্ৰাক্তন পত্নী, চাৰ্লিৰ প্ৰয়াত পুৰুষ-সংগী-এই সকলোৰে আৱেগ আৰু আচৰণক গ্ৰহণযোগ্যতা প্ৰদান কৰিছে চিত্ৰনাট্যকাৰে।

মানসিক ৰোগগ্ৰস্ততাৰ লগতেই, সম্পৰ্কসমূহ আৰু এজন ব্যক্তিৰ নিজ যৌনতাক ন-কৈ আৱিষ্কাৰ কৰা আদি অতি সংবেদনশীল বিষয়বস্তুক ছবিখনত সামৰি লোৱা হৈছে। মেথিউ লিমাটিকৰ আলোকশিল্পৰ কাম খুবেই ভাল লগা। কাহিনীৰ ভাবগধুৰতাৰ লগত সংগতি ৰাখি, বন্ধ ঘৰটিৰ ভিতৰত সোমাই থকা চাৰ্লিৰ চৌপাশত অহৰহ ধূঃসৰ পোহৰৰ ব্যৱহাৰ কৰা হৈছে। নিশা কিবাকৈ বিছনাত পৰা ভাৰাক্ৰান্ত চাৰ্লিক এটি ডীম লাইটৰ পোহৰেৰে দেখুৱায়। একেদৰেই ৰব চিমেঞ্চনৰ আৱহ-সংগীতৰ ব্যৱহাৰ অতি প্ৰসংশনীয়। মধ্যান্তৰ বিৰতিৰ পূৰ্বৰ পৰাই ক্ৰমশঃ এক বিষাদবোধে আৱৰি ধৰে। কিমান জটিল আৰু যন্ত্ৰণাদায়ক হোৱাৰ লগতেই কিমান সুখকৰ হ’ব পাৰে সম্পৰ্ক-তাৰ সমুচিত প্ৰতিফলন ঘটে ছবিখনত। এটি সম্পৰ্কক কিমান সীমাবদ্ধ কৰি ৰখাব হয় আৰু ইয়াৰ প্ৰসাৰতা প্ৰকৃততে কিমান বেছি-এনে কথাকো তুলি ধৰা হৈছে। কিমান বেছি মানসিক যন্ত্ৰণাত এজন ব্যক্তিয়ে নিজকে শেষ কৰি নিয়াৰ বাটত অগ্ৰসৰ হয়-তাক প্ৰদৰ্শনৰ বাবে ইতিমধ্যেই মৃত্যুমুখী হৈ পৰা চাৰ্লিয়ে গোগ্ৰাসে খাদ্য ভক্ষণ কৰা দৃশ্যাংশ-সকলোৰে বাবে চোৱা সহজ নহয়। ছবিখনৰ সম্পাদনাৰ দিশটিও চকুতলগা।

ছবিখনৰ মূখ্য আকৰ্ষণ মূল চৰিত্ৰ- চাৰ্লি(ব্ৰেণ্ডন ফ্ৰেজাৰ)। দেহত অহৰহ প্ৰায় ১৫০ কেজি ওজনৰ প্ৰ’ষ্ঠেটিক মেক-আপৰ চুইট এযোৰ পিন্ধিও, চকু-মুখৰ অভিব্যক্তিতেই যি দুৰ্দ্দান্ত অভিনয় কৰিছে-সেয়া অতুলনীয়। এলীৰ চৰিত্ৰৰ লগতে বাকীকেইটা চৰিত্ৰও সহজ। শেষাংশৰ ফাললৈ কাহিনীয়ে দাবী কৰা অনুসৰি ভাঙি পৰিব দৰ্শক। অন্তিম দৃশ্যত ঘৰৰ মূল দৰজা খোল খাই এলী আৰু চাৰ্লি বাহিৰৰ পোহৰেৰে উদ্ভাসিত হৈ পৰাৰ দৃশ্যই প্ৰতীকাৰ্থত পিতৃ-কন্যাৰ সম্পৰ্কলৈ অন্তিম পোহৰ অহাকেই দৰ্শায়। চিনেমা শেষ হোৱাৰ পিছতো কিছুপৰলৈকে এক তীব্ৰ মানসিক জোঁ‌কাৰনি তুলি থাকিব ছবিখনে। থেকেঁচা-মোহৰা খাই চুচ্চূৰ্মৈ হৈ পৰা প্ৰতিটো চৰিত্ৰই পিছে আনৰ বাবে কিবা এটা ভাল কৰাৰ তাগিদাত থাকে- এইটো এটা খুবেই সুন্দৰ দিশ ছবিখনৰ।

(লেখকৰ মেইল- [email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd