কোকৰাঝাৰত সেনা চিকিৎসা বিষয়াৰ দ্বাৰা নিউমোনিয়া সজাগতামূলক ভাষণৰ আয়োজন
আজি বিশ্ব নিউমোনিয়া দিৱস উপলক্ষে কোকৰাঝাৰৰ কচুগাঁও হাইস্কুলত নিউমোনিয়া ৰোগ সজাগতামূলক আৰু স্বাস্থ্য সজাগতামূলক ভাষণ এটাৰ আয়োজন কৰা হয়। এই ভষণটোৰ আয়োজন কৰে ৰেড হৰ্ন ডিভিজনৰ য়ুনিটৰ সেনা চিকিৎসা বিষয়াগৰাকীয়ে।
সেনা চিকিৎসা বিষয়াগৰাকীয়ে নিউমোনিয়া ৰোগৰ কাৰণ, উপসৰ্গ, পাৰ্শ্বক্ৰিয়াৰ সম্পৰ্কত বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়।
সেনা চিকিৎসা বিষয়াগৰাকীয়ে ঘাইকৈ যুৱক-যুৱতীসকলক উপলক্ষ্য কৰি তেওঁৰ নিউমোনিয়া ৰোগ আৰু সামগ্ৰিক স্বাস্থ্য সজাগতামূলক বক্তব্য ৰাখে।
ভাৰতীয় সেনাই এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি দৈনন্দিন জীৱনত এটা সুস্থ দেহ আৰু সুস্থ মনসহ শাৰীৰিক যোগ্যতাৰ দৰ্শনক যে অনুসৰণ কৰে সেই বাৰ্তাই প্ৰকাশ কৰিছে। নিউমোনিয়া সজাগতামূলক ভাষণ অনুষ্ঠানটোত মুঠতে ২০০গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে অংশগ্ৰহণ কৰে।