• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ্ৰুৱ ৰাথীৰ পৰা কি শিকিবলগীয়া আছে আমাৰ সাংবাদিক সকলে ?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 11, 2024 9:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধ্ৰুৱ ৰাথীৰ বয়স কিমান? মাত্ৰ ২৯ বছৰ। এতিয়া ধ্ৰুৱ ৰাথীৰ কথা মানুহৰ মুখে মুখে। অযুত/নিযুত মানুহে তেওঁৰ ভিডিঅ’বোৰ চায়।ধ্ৰুৱ যেন এতিয়া ভাৰতীয় গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী, এক বলিষ্ঠ কন্ঠস্বৰ। ধ্ৰুৱৰ শেহতীয়া ভিডিঅ’ দুটাই দেশৰ ভিতৰে বাহিৰে খলকনি তুলিছে, শত সহস্ৰজনৰ অন্তৰ চুই গৈছে। কৰণ থাপাৰে ধ্ৰুৱ ৰাথীৰ সৈতে পৰহি লোৱা সাক্ষাৎকাৰটো আপুনি চাইছেনে?

এইটো এটা অসাধাৰণ সাক্ষাৎকাৰ। ধ্ৰুৱ ৰাথীৰ ব্যক্তিগত জীৱনৰ কথাৰে আৰম্ভ কৰা সাক্ষাৎকাৰটোত কোৱা নোকোৱাৰ মাজত কিমান যে কথা সোমাই আছে! থাপাৰৰ প্ৰশ্ন আৰু ৰাথীৰ উত্তৰে সাক্ষাৎকাৰটো আকৰ্ষণীয় কৰি তুলিছে! মই দেখাত চাৰিটা কথা সাক্ষাৎকাৰটোৰ পৰা ওলাই আহিছে। প্ৰথমটো হ’ল শিকাৰ আগ্ৰহ, দ্বিতীয়টো হ’ল তথ্য আৰু সত্যৰ ওপৰত আধাৰিত দৃষ্টিভংগী, তৃতীয়টো হ’ল এক ৰাজনৈতিক অৱস্থান আৰু চতুৰ্থটো হ’ল এক নান্দনিক বোধ।এই চাৰিটা ইটোৰ লগত সিটো সম্পৰ্কিত। আমি যদি প্ৰথমটোৰ কথা কওঁ, দেখিম যে ধ্ৰুৱই সদায় নিজৰ ভুলৰ পৰা শিকে। তেওঁ কৈছে তেওঁৰ এতিয়াৰ ভিডিঅ’বোৰৰ লগত আগৰ ভিডিঅ’বোৰৰ তুলনা কৰিলে সেইটো অতি পৰিষ্কাৰ হৈ পৰিব। ধ্ৰুৱ ৰাথীৰ ভিডিঅ’ বোৰত যাতে কোনো ভুল তথ্য নাযায় সেই বিষয়ে তেওঁ অতি সতৰ্ক। তাৰ কাৰণে দিনে ৰাতিয়ে ভাৰতৰ দহ/বাৰজনীয়া গৱেষকৰ দল এটাই কাম কৰি থাকে।ভিডিঅ’বোৰৰ নিৰ্মাণ কৌশলো অতি উন্নত। তাৰ কাৰণেও তেওঁৰ লগত বিশেষ দক্ষতা থকা লোক আছে। ছবিখন ক’ত যাব, নিৰ্দিষ্ট ক্লিপিং এটা ক’ত যাব, কিমান সময়ৰ কাৰণে যাব, তেওঁ কেতিয়া ওলাব সেইবোৰ যিমান পৰা যায় নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰা হয়। সেইকাৰণেই তেওঁৰ ভিডিঅ’ বোৰ এতিয়া ইমান আকৰ্ষণীয়।ধ্ৰুৱ ৰাথীয়ে সময়ে সময়ে তিনিখন জগতত বাস কৰে। সেই তিনিখন জগত হ’ল ভাৰত, জাৰ্মানী আৰু ইন্টাৰনেট।দ্বিতীয়টো হ’ল তেওঁৰ দৃষ্টিভংগী আৰু আদৰ্শ। তেওঁ তথ্য আৰু সত্যৰ দ্বাৰাহে পৰিচালিত, কোনো মতাদৰ্শৰ দ্বাৰা নহয়। সেয়ে তেওঁ সঁচাক সঁচা হিচাপে দেখে। এইটো এটা গুৰুত্বপূৰ্ণ কথা। সত্য আৰু তথ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কেৱল এক নিৰ্দিষ্ট আদৰ্শ আৰু মতাদৰ্শেৰে প্ৰভাবিত হ’লে আমি কোনো এটা পৰিস্থিতি সম্পৰ্কে সঠিক মূল্যায়ন কৰিব নোৱাৰোঁ। সেইকাৰণেই ধ্ৰুৱ ৰাথীয়ে কৈছে যে তেওঁ এতিয়া যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ বিৰোধিতা কৰিছে যদি এই চৰকাৰ যোৱাৰ পিছত অইন এখন চৰকাৰ আহি একে ধৰণৰ জনবিৰোধী কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে, তেওঁ সেই চৰকাৰৰো বিৰোধিতা কৰিব।

Apply Now

ধ্ৰুৱ ৰাথীৰ ৰাজনৈতিক অৱস্থানটো কি? তেওঁৰ ৰাজনৈতিক অৱস্থান সুস্পষ্ট। তেওঁ স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজত গণতন্ত্ৰক বাছি লৈছে।গণতন্ত্ৰক বাছি লৈছে বুলিয়ে মোদীৰ শাসনকালত ভাৰত ইতিমধ্যে ৮০ % স্বৈৰতন্ত্ৰলৈ ৰূপান্তৰিত হৈছে বুলি তেওঁ দৃঢ়ভাৱে কৈছে।চুইডেনৰ Variety of Democracyএ, যাক চমুকৈ V-Dem বুলি কোৱা হয়, ভাৰতক ‘নিৰ্বাচনী স্বৈৰতন্ত্ৰ’( Electoral Autocracy) বুলি কৈছে।তেওঁ এই কথাটো বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছে।নিশাটোৰ ভিতৰতে এখন দেশ স্বৈৰতন্ত্ৰ হৈ নপৰে। লাহে লাহে গণতান্ত্ৰিক দেশ এখন বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি গণতন্ত্ৰৰ পৰা স্বৈৰতন্ত্ৰলৈ গতি কৰে।ভাৰত কেনেকৈ গণতন্ত্ৰৰ পৰা স্বৈৰতন্ত্ৰলৈ ৰূপান্তৰিত হৈছে সেইটো তেওঁ ২,২০২৪ এপ্ৰিলৰ স্বৈৰতন্ত্ৰৰ বিষয়ে কৰা ভিডিঅ’টোত কুৰিটা ব্যাখ্যা দি অতি সুন্দৰকৈ বুজাই দিছে। ভাৰত যে এতিয়াও ১০০% স্বৈৰতন্ত্ৰ হোৱাগৈ নাই তেওঁৰ মতে তাৰ একমাত্ৰ কাৰণ ভাৰতৰ জনসাধাৰণ আৰু এচাম সচেতন ব্যক্তি। মোদী স্বৈৰতন্ত্ৰীনে? মোদী ৭০ শতাংশই স্বৈৰতন্ত্ৰী।মোদীৰ বিষয়ে বাহিৰৰ কাকতবোৰে কি কৈছে চালেই গম পোৱা যায় মোদী স্বৈৰতন্ত্ৰী হয় নে নহয়।বাহিৰৰ কাকতৰ কথাবোৰ কি শুদ্ধ ? কথাটো তেনে নহয়।সেইবোৰ কিছুমান লোকৰ মন্তব্য। মন্তব্য এটা ভুলো হ’ব পাৰে, শুদ্ধও হ’ব পাৰে। মূল কথাটো হৈছে মন্তব্যটো মুক্ত নে কোনো বাধ্যবাধকতাৰে কৰা হৈছে? যদি মন্তব্যটো মুক্ত, তেন্তে তেনে নানানটা মন্তব্য পঢ়ি আমি নিজে মোদী সম্পৰ্কে এটা মতামত তৈয়াৰ কৰি ল’ব পাৰোঁ। বাহিৰৰ কথা এইকাৰণেই কোৱা হৈছে যে ভাৰতৰ দৰে তেওঁলোকৰ ওপৰত, সেই সাংবাদিক আৰু সংবাদপত্ৰবোৰৰ ওপৰত কোনেও হেঁচা প্ৰয়োগ কৰা নাই। কিন্তু, মোদী এজন অতি ভয়াতুৰ ব্যক্তি। মোদী অনবৰতে অনিশ্চয়তাৰ মাজত ভীত, সন্ত্ৰস্ত্ৰ হৈ থাকে।সেইকাৰণেই মোদীয়ে এতিয়ালৈকে মুকলিকৈ সাংবাদিকৰ লগত কথা পাতিব পৰা নাই। আপুনি( কৰণ থাপাৰে) লোৱা সাক্ষাৎকাৰটোৱেই মোদীৰ শেষ মুকলি সাক্ষাৎকাৰ নাছিল জানো? মোদী যদি আকৌ শাসনলৈ আহে কি হ’ব? সেই বিষয়ে ভৱিষ্যৎবাণী কৰিবলৈ অসুবিধা।কিন্তু, এটা কথা নিশ্চয়কৈ ক’ব পাৰি- মোদী যদি আকৌ শাসনলৈ আহে, তেনেহ’লে আমাৰ দেশত গণতন্ত্ৰৰ যিখিনি অৱশেষ আছে সেইখিনিও শেষ হ’ব আৰু তাতোকৈ ডাঙৰ কথা, আমাৰ দেশৰ সাংস্কৃতিক বৈচিত্ৰ আৰু পৰিবেশৰ ভয়ংকৰ ক্ষতি হ’ব।দেশখন টুকুৰাটুকুৰ কৰি নিজৰ পছন্দৰ বনিয়াক মোদীয়ে গতাই দিব। এই চৰকাৰৰ বিষয়ে তুমি ইমান সাহসেৰে মাত মাতি আছা। এওঁলোকে তোমাৰ বা তোমাৰ পৰিয়ালৰ কিবা ক্ষতি কৰিব বুলি নাভাবানে? ভাবোঁ, কিয় নাভাবোঁ।কিন্তু, এতিয়া যদি মাত নামাতোঁ, কেতিয়া মাত মাতিম।দেখা যাওক কি হয়? মোৰ নিজৰ ওপৰত ভৰসা আৰু সাহস আছে বাবেই মই এনেদৰে আগবাঢ়ি গৈছোঁ। কাইলৈ কি হ’ব মই চিন্তা নকৰোঁ। আজি যিটো উচিত বুলি ভাবোঁ সেইটোৱেই কৰি যাওঁ। এইবাৰ চতুৰ্থ কথাটো কওঁ।ধ্ৰুৱ ৰাথীৰ ভিডিঅ’ বোৰত সত্যৰ লগতে সৌন্দৰ্যও নিহিত।তেওঁৰ কথা কোৱাৰ ধৰণ, শৰীৰৰ ভাষা, হাত-সঞ্চালন আৰু মুখ-মণ্ডলৰ অভিব্যক্তি কি আকৰ্ষণীয়! কৰণ থাপাৰৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ মাজে মাজে যে ধ্ৰুৱই হাঁহে, তেওঁ কেনেকৈ কিমান মৰম লগাকৈ হাঁহে দেখিছেনে? ধ্ৰুৱ যেন তথ্য, সত্য, আস্থা,আৰু সৌন্দৰ্যৰ প্ৰতীকহে! আমাৰ সাংবাদিক সম্প্ৰদায়ে ধ্ৰুৱ ৰাথীৰ পৰা শিকিবলগীয়া কিমান আছে! মোৰ নিজৰে এই ২৯ বছৰীয়া যুৱকজনৰ পৰা শিকিবলগীয়া কিমান আছে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd