• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

তেল-পানীৰ দৰে নহয়; ৰোগী-চিকিৎসকৰ যুগলবন্দী মধুৰ হোৱাৰ প্ৰয়োজন কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 9:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

(মই এজন চিকিৎসক নহওঁ। কিন্তু, মই ইয়াত লিখা কথাখিন ভুল বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিবনে?)

ৰোগৰ বিষয়ে ৰোগীতকৈ চিকিৎসকে বেছি জানে। কিন্তু, ৰোগীয়ে একো নাজানে নেকি? যাৰ বেমাৰ হৈছে, যি বেমাৰটো গাত লৈ ফুৰিছে, তিল তিলকৈ বেমাৰটো ভুগি আছে তেওঁৰ অভিজ্ঞতাৰ কোনো মূল্য নাই, সেইটো হ’বই নোৱাৰে। ৰোগৰ লগত কোনে প্ৰথমতে যুঁজখন দিয়ে? ৰোগীয়ে। ৰোগ নিৰাময় হোৱা মানে ৰোগীয়ে ৰোগটোক পৰাস্ত কৰা নহয় জানো?

বেমাৰত মানুহ এজন পৰিলে আমি কি কওঁ- তেওঁ বেমাৰটোৰ লগত যুঁজি যুঁজি হাৰি মানিলে। গতিকে ৰোগৰ লগত যুদ্ধখন কেনেকৈ আৰম্ভ হ’ব? প্ৰথম কথা হ’ল, ৰোগীয়ে জানিব লাগিব তেওঁৰ ৰোগটো কি? তেওঁক কোনে জনাব? কিয়  ৰোগটো হৈ থকা সময়ত তেওঁৰ যিবোৰ অশান্তি,অসুখ হৈ আছে সেইবোৰ কি? সেইবোৰ ৰোগটো সম্পৰ্কে তেওঁৰ জ্ঞান নহয়নে? মনত ৰাখিব, এই ক্ষেত্ৰত ৰোগীজনক আমি ছাত্ৰ এজনৰ লগত তুলনা কৰিব পাৰোঁ? ছাত্ৰ এজনে যেতিয়া কিবা এটা বস্তু শিকে, তেওঁৰ ভিতৰত প্ৰথমে কি হয়? কিবা এটা জনা-নজনাৰ উত্তেজনা আৰু অস্থিৰতাৰ সৃষ্টি নহয় জানো? শিক্ষকজনে কি কৰে? তেওঁ ছাত্ৰজনৰ সেই উত্তেজনা, অস্থিৰতা বুজিবলৈ, উপলব্ধি কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰে আৰু তাৰ অৰ্থ কৰাত ছাত্ৰজনক সহায় কৰে।ছাত্ৰজনৰ সমস্যা, সেই সমস্যাৰ উপলব্ধি, শিক্ষকজনে ছাত্ৰজনৰ লগত সমমৰ্মিতা উপলব্ধি কৰি তেওঁক পৰামৰ্শ দিয়ে, শিকায়।তাত পাঠ্যপুথি আৰু অনুশীলনৰ কথাও আহে। সেইদৰে ৰোগীৰ অভিজ্ঞতা, ৰোগীৰ অভিজ্ঞতাৰ প্ৰতি চিকিৎসকৰ সমমৰ্মিতা অতি জৰুৰী। গতিকে ৰোগী,চিকিৎসকৰ মাজত যুগলবন্দী হ’বই লাগিব আৰু তাৰ পিছতহে আহিব ঔষধ আৰু চিকিৎসা পদ্ধতিৰ কথা। কিন্তু, বাস্তৱত আমি কি দেখিছোঁ? ৰোগী আৰু চিকিৎসকৰ মাজত কিবা আন্তৰিক কথোপকথন সম্ভৱনে? ৰোগীৰ চিকিৎসকৰ প্ৰতি মনোভাব- তেওঁ আমাৰ মাই-বাপ, ভগৱান।চিকিৎসকে ৰোগীক কি বুলি ভাবে? মইনো কি ক’ম? আজিৰ পৰা এক দশক আগতে মাক জি এন আৰ চিত ভৰ্তি কৰোৱা সময়ত, মই হচপিটালত বহি থাকোঁতে কামৰূপৰ ফালৰ ছোৱালী এজনীয়ে  খটখটীৰে হচপিটালৰ  ওপৰ মহলাৰ পৰা  নামি আহোঁতে কোৱা কথা এষাৰ যেন আমাৰ প্ৰতিখন হচপিটালৰ পদূলিতে বন্ধাই থ’ব লাগে। তাই কৈছিল- “আমাৰ কথাগিলা শুনবা ইচ্ছাই নকৰে।সিহঁতোৰ কথাগিলাই বকি থাকে।” সমাধান কি? আমাৰ জনমুৰি চিকিৎসকৰ সংখ্যা  বাঢ়িব লাগিব, আৰু অন্যান্য।

Apply Now

এতিয়া আন কিছুমান কথালৈ আহিছোঁ। ৰণজিৎ গুহই ‘The Small Voice of History’ ত এখন হাতত চাবোন এটুকুৰা আৰু আনখন হাতত বাইবেলখন লৈ ইউৰোপে এচিয়া আৰু আফ্ৰিকা জয় কৰিছিল বুলি কৈছে।আধুনিক চিকিৎসাবিদ্যা যে পাশ্চাত্যৰ বস্তু তাত কোনো সন্দেহ নাই। পাশ্চাত্য চিকিৎসা বিজ্ঞান অৰ্থহীন বুলি আমি কেতিয়াও ক’ব নোৱাৰোঁ।কিন্তু, এটা মন কৰিবলগীয়া কথা হ’ল, চিকিৎসা গৱেষণা আৰু চিকিৎসা ব্যৱস্থাপনা একে নহয়। সেইকাৰণে, পাশ্চাত্য চিকিৎসা ব্যৱস্থাপনাৰ  সকলোখিনি আমি গোগ্ৰাসে গিলিব লাগে বুলিও মই নাভাবোঁ।ইয়াৰ লগত আধিপত্যৰ কথা এটা যে জড়িত হৈ আছে তাকো অস্বীকাৰ কৰিব নোৱাৰি।কিন্তু, অসমত, এসময়ত, প্ৰাক-আধুনিক যুগতে শংকৰদেৱে স্বাস্থ্যসেৱাৰ মৌলিক নিয়মাৱলীৰ কথা কৈছিল।শংকৰদেৱৰ শৰণ পদ্ধতিৰ লগত তাৰ এৰাব নোৱৰা সম্পৰ্ক আছিল। আচৰিত কথা, শংকৰদেৱৰ মৃত্যুৰ কেইবাশ বছৰৰ পিছত, তাৰেই যেন আমি প্ৰতিধ্বনি শুনিছিলোঁ গান্ধীৰ স্বাস্থ্য-বিধিত। এইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন।এইবোৰ লৈ কিয় আমাৰ মাজত কোনো গৱেষণা বা চিন্তা- চৰ্চা  হোৱা নাই? আৰু এটা কথা, স্বাস্থ্য-আন্তঃগাঁথনি সম্পৰ্কেও আমাৰ চিন্তা খেলিমেলিপূৰ্ণ।আমি স্বাস্থ্যকৰ্মী, স্বাস্থ্য বিষয়ক সজাগতা আৰু সেৱাতকৈ অট্টালিকা, আৰু যন্ত্ৰপাতিৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰি আহিছোঁ। মানুহ নাথাকিলে ঘৰ,যন্ত্ৰপাতিয়ে কি কৰিব? স্বাস্থ্যৰ লগত আমাৰ সংস্কৃতিৰো এটা সম্পৰ্ক আছে। সংস্কৃতিৰ লগত আকৌ জীৱন প্ৰণালীৰ সম্পৰ্ক।বিশ্বায়নে আমাৰ জীৱন প্ৰণালী কি কৰি পেলাইছে? আনহাতে প্ৰকৃতিৰ লগতো স্বাস্থ্যৰ কিবা সম্পৰ্ক আছেনে? এতিয়া উপাৰ্জনৰ বাবে গাঁৱৰ পৰা নগৰলৈ মানুহৰ সোঁত বৈছে। কিন্তু, নগৰবোৰৰ ভিতৰত গছ-বিৰিখ কিবা আছেনে? বা তাৰ চাৰিওফালে প্ৰকৃতিৰ আৱৰণ একোটা আছেনে?  প্ৰকৃতি বোলা কিবা আমি এৰিছোঁগৈনে? সকলো শস্য,মৎস্য, নদ-নদী, পথাৰ, হাবি-বননি আমি এফালৰ পৰা শেষ কৰি অনা নাইনে? ‘Prevention is better than cure’ বোলা কথা এটা আছে।আমি কি প্ৰতিৰোধমূলক ব্যৱস্থা লৈছোঁ? আমি এনে এটা পৰিবেশ সৃষ্টি কৰিছোঁ য’ত আমাৰ বেমাৰ হ’বই, আৰু আমি অট্টালিকা হচপিটালত সোমামেই।ধনীৰ ধন আছে। গৰীৱৰ উপায় নাই, মাটি বিক্ৰি কৰি হ’লেও অট্টালিকা হচপিটালত সোমাবই। এই হৈছে আজিৰ স্বাস্থ্য সেৱা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd