NORTHEAST NOW (Assamese)

চচলত ভূমি ‘অধিকাৰ সমাবেশ’ৰ ভাষণবোৰ আছিল সাহসী আৰু আত্মপ্ৰত্যয়ৰে ভৰা

October 13, 2025 8:46 pm · পৰেশ মালাকাৰ

কালি চচলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ‍্যোগত আয়োজন কৰা প্ৰতিবাদী সমাবেশটোৰ এচুকত ময়ো বহি আছিলোঁ। কালি মোৰ এটা নতুন অভিজ্ঞতা হ’ল। সেইটো আছিল ভাষাৰ ব‍্যৱহাৰ। ভাষা এটা সাংঘাটিক বস্তু। ভাষাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰি। ভাষাৰে সঁচা কথা ক’ব পাৰি। ভাষাৰে মিছা মাতিবও পাৰি। ভাষাৰে জটিল চিন্তাও প্ৰকাশ কৰিব পাৰি। মানুহৰ জীৱনৰ অভিজ্ঞতাই ভাষাক নতুন ৰূপ দিয়ে। তাক সম্প্ৰসাৰিত কৰে। সেই কথাটোলৈ আমি ঘূৰি আহিম। কালি তালৈ ক’ৰ ক’ৰ পৰা মানুহ আহিছিল? অসমৰ যিবোৰ ঠাইত চৰকাৰে ৰাইজৰ মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে সেই সেই অঞ্চলবোৰৰ পৰা ৰাইজ আহি কালিৰ প্ৰতিবাদী সমাবেশটোত অংশগ্ৰহণ কৰিছিল।

এওঁলোকৰ কিছু সংখ‍্যক মোৰো চিনাকি। অসমত কি হৈছে? এফালে উজনি অসম উত্তাল কৰিছে মৰাণ, মটক আৰু আহোমে। নামনিত অসন্তুষ্ট হৈ পৰিছে কোঁচ ৰাজবংশী। সমগ্ৰ অসমতে অসন্তুষ্ট আদিবাসী সকল। কিন্তু  আটাইতকৈ বেছি অসন্তুষ্ট সংখ‍্যালঘু মিঞাসকল। কিন্তু তেওঁলোকৰ এতিয়া এনে মুক অৱস্থা যে তেওঁলোকে মাত মাতিলেও জগৰ লাগে। কালি তালৈ মানুহ আহিছিল পলাশবাৰীৰ বৰদুৱাৰ, কোকৰাঝাৰৰ পৰ্বতঝোৰা, নগাঁৱৰ মিকিৰ বামুণী গাঁও, আমাৰ ওচৰৰে শিলসাঁকো, কাছাৰৰ দুলু চাহবাগিছা, কাজিৰঙা, ধেমাজি আৰু কিমান ঠাইৰ পৰা। এই ঠাইবোৰত কি হৈছে? তাত খেতি কৰি থকা, ঘৰ-বাৰী পাতি বহি থকা মানুহক উচ্ছেদ কৰি চৰকাৰে সেই মাটি নিজৰ হাতলৈ আনিব বিচাৰিছে। এই কামটো তেওঁলোকে কৰিছে বসুন্ধৰা আঁচনিৰ যোগেদি। বহুদিন আগতে আই আই টি গুৱাহাটীৰ অধ‍্যাপিকা বসুন্ধৰা জয়ৰথে কৈছিল যে বসুন্ধৰা আঁচনি মাটিহীনক মাটি দিয়া আ়ঁচনি নহয়। ৰাজ‍্যখনৰ ক’ত কিমান মাটি আছে আৰু সেই মাটি কি অৱস্থাত আছে সেইটো উলিওৱা আঁচনিহে। এই আঁচনিৰ যোগেদি চৰকাৰে ধুনীয়াকৈ সেই জৰীপ কৰি ল’লে। যিবোৰ ম‍্যাদী পট্টাৰ মাটি তাত চৰকাৰে ইমান সহজে একো কৰিব নোৱাৰে। সেইকাৰণে চৰকাৰে আপোনাৰ মোৰ মাটিত সতকাই হাত দিব নোৱাৰে।আচলতে কথাটো কি? সমস‍্যাটো কি?  অসমত জনজাতীয় লোকসকলৰ মাটি সাধাৰণতে ব‍্যক্তিৰ নামত নাথাকে, সমূহৰ নামত থাকে, সম্প্ৰদায়ৰ নামত থাকে। জনজাতীয় সমাজৰ সেইচোৱেই চৰিত্ৰ আছিল। আনহাতে চাহ বাগান খুলিবলৈ চৰকাৰে এসময়ত বাগানৰ মালিকসকলক দীৰ্ঘদিনৰ বাবে বৃহৎ পৰিমাণৰ মাটি  লীজত দিছিল। মনত ৰাখিব সেইবোৰ বৃটিছে দিছিল মূলতঃ বৃটিছমালিকক। আৰু বাকী যিবোৰ মাটি আছিল সেইবোৰ আছিল খাচ মাটি। প্ৰাকৃতিক দুৰ্যোগ বা আন বিভিন্ন আৰ্থ-সামাজিক কাৰণত মানুহ ইঠাই সিঠাই হৈ থাকে। সাধাৰণতে সেইবোৰ গৰীৱ, দুখীয়া মানুহ। তেওঁলোকে কি কৰে? খাচ বা বনাঞ্চলৰ মাটিত বহে। এতিয়া চাওক, তেওঁলোক অসমৰে মানুহ, তেওঁলোকৰ বেছিভাগেই ভূমিপুত্ৰ, কালি অহা সৰহখিনি মানুহেই তেনেকুৱা মানুহ। তেওঁলোকৰ মাটিৰ আইনী স্থিতি যিয়েই নহওক তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনৰে পৰা সেই মাটি খাই আছে। এতিয়া যেতিয়া চৰকাৰে তেওঁলোকক তাৰ পৰা উঠাই তাত কিবা নগৰ পতাৰ কথা কয়, উদ‍্যোগ পতাৰ কথা কয় সেইটো তেওঁলোকে কেনেকৈ মানি ল’ব? আৰু এই নগৰ পতা, উদ‍্যোগ পতাৰ সিদ্ধান্ত কাৰ? তাৰ দ্বাৰা কোনো উপকৃত হ’ব? সেইবোৰ সিদ্ধান্ত চৰকাৰৰ। চৰকাৰে কেনেকৈ সিদ্ধান্ত লয় আমি দেখিছোঁ। অসমৰ মানুহে ৰামদেৱক হাজাৰ বিঘা মাটি দিবলৈ কৈছিল নেকি? অসমৰ মানুহে আদানীক বৰঝাৰ বিমান বন্দৰটো দিবলৈ কৈছিল নেকি? অসমৰ মানুহে ডিমা হাচাও, কাৰ্বি আংলঙত বহুজাতিকক হাজাৰ হাজাৰ বিঘা মাটি দিবলৈ কৈছে নেকি? তুমি চৰকাৰত আছা বুলিয়ে যি মন যায় তাকে কৰিবানে? অঁ, কিবা এটা ৰাইজৰ দহৰ কামৰ কাৰণে যদি মাটি লাগে মানুহে মাটি দিব। কিন্তু  সেইটো ঠিৰাং কৰিব ৰাইজেহে । আকৌ কৈছোঁ মাটিৰ আইনী স্থিতি যিয়েই নহওক পূৰ্বপুৰুষৰ পৰা খাই অহা মাটি, নিজৰ ঘৰ-বাৰী থকা মাটি চৰকাৰে উঠ বুলি ক’লেই তেওঁলোকে কিয় এৰি দিব? নিদিয়ে। মই যে প্ৰথমে ভাষাৰে আৰম্ভ কৰিছিলোঁ তাৰ কাৰণ এইটো। কালি ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অহা লোকসকলে যি ভাষাত বক্তৃতা দিছিল, যি ভাষাত নিজৰ অৱস্থাৰ বিষয়ে কৈছিল সেইটো আমি যি সকলে তেওঁলোকৰ কথা শুনিছিলোঁ এটা বেলেগ অভিজ্ঞতা আছিল। তেওঁলোকৰ ভাষা আছিল তেওঁলোকৰ অস্তিত্বৰ ভাষা। সেই ভাষা আছিল তেওঁলোকৰ জীৱনৰ ভাষা। সেই ভাষা পেছাদাৰী বক্তাৰ অৰ্থহীন শব্দৰ ফুলজাৰী  নাছিল। তেওঁলোকৰ জীৱনৰ খলা বমাৰ প্ৰতিধ্বনি আছিল সেই ভাষা। কিন্তু তাত কোনো ভয় ভীত নাছিল। তাত আছিল কেৱল সাহস আৰু আত্ম-প্ৰত‍্যয়ৰ স্ফুলিংগ। আৰু আছিল চৰকাৰৰ প্ৰতি ইতিকিং। সেইকাৰণে দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ আমনি নলগাকৈ মই তেওঁলোকৰ কথা শুনি আছিলোঁ। কালিৰ সমাবেশটো বৰ ডাঙৰ নাছিল। প্ৰায় দুহেজাৰমান মানুহহে হৈছিল। কিন্তু কালিৰ সমাবেশটো আছিল এক অপৰাজেয় আৰু অসীম সম্ভাৱনাৰ সমাবেশ। আহক, আমি সকলোৱে সমস্বৰে কওঁ, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ।

Related News