জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে মঙলবাৰে অসমৰ ১৩জন বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিব। আদালতত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত এই বৈঠক অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে এছ আই টিয়ে।
বিয়লি ৪ বজাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত তদন্তৰ তথ্য আৰু পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিছে। এছ আই টিয়ে এই বৈঠকলৈ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞক আমন্ত্ৰণ জনাইছে।
আমন্ত্ৰিতসকলৰ ভিতৰত আছে: মনোজ কুমাৰ গোস্বামী, ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, ডাঃ হিতেশ বৰুৱা, ৰাহুল গৌতম শৰ্মা, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, সঞ্জীৱ ফুকন, ৰামানুজ দত্ত চৌধুৰী, শ্যামন্তক গৌতম, উৎপল শৰ্মা, জৰিৰ হুছেইন, আৰু ৰাজদীপ বাইলুং বৰুৱা।
চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সাংবাদিকৰ আগত কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গোপনীয় হৈ থাকিব। তেওঁ আাৰু কয় যে, “এয়া কোনো ৰাজহুৱা নথি নহয়।” এছ আই টিয়ে বিশেষজ্ঞকসকলক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰিব যদিও সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ নকৰে।
উল্লেখ্য যে এই গোচৰত সঞ্জীৱ নাৰায়ণৰ নাম সাঙুৰখাই থকাৰ পিছত এছআইটিৰ বৈঠকলৈ
নাৰায়ণৰ মালিকানাধীন ‘দৈনিক জনমভূমি‘ কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকনক নিমন্ত্ৰণ কৰাক লৈ সামাজিক মাধ্যমত এতিয়া সৰৱ চৰ্চা দেখিবলৈ পোৱা গৈছে।





