জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক পণ্ডিত ওমৰ খালিদ বিনা বিচাৰে আজি পাঁচ বছৰ জেলত আৱদ্ধ হৈ আছে। প্ৰখ্যাত ইতিহাসবিদ আৰু লেখক ৰামচন্দ্ৰ গুহই এক নৱেম্বৰৰ দিনা ‘The Telegraph’ৰ সম্পাদকীয় পৃষ্ঠাত ওমৰৰ বিষয়ে এটা অতি সুন্দৰ প্ৰবন্ধ লিখিছে। তেওঁ ওমৰৰ পিএইচডি গৱেষণাপত্ৰখনত কি আছে সেই বিষয়ে আলোচনা কৰিছে। এই গৱেষণাপত্ৰখনত বৃটিছ শাসনৰ সময়ত ঝাৰখণ্ডৰ সিংভূম অঞ্চলত আদিবাসী সমাজত কি কি পৰিৱৰ্তন হৈছিল সেই বিষয়ে আলোচনা কৰা হৈছে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অঞ্চলটো প্ৰথমে সামৰিক, আৰু পিছলৈ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ নিয়াৰ পিছত, ঔপনিবেশিকতাবাদে, কেনেকৈ সিংভূম অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ, ন্যায় ব্যৱস্থা, অৰ্থনীতি আৰু ৰাজনীতি সলনি কৰি পেলাইছিল, সেই কথাবোৰ গৱেষণাপত্ৰখনত বিশদভাৱে আলোচনা কৰা হৈছে। বৃটিছৰ বন নীতিৰ বাণিজ্যিক চৰিত্ৰ কি আছিল আৰু স্থানীয় লোকসকলৰ ওপৰত তাৰ কি প্ৰভাৱ পৰিছিল, সেইবোৰ ওমৰে সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে। সেইটো কৰিবলৈ যাওঁতে, তেওঁ বৃটিছ অফিচাৰ আৰু ভাৰতীয় নৃতত্ত্ববিদসকলৰ লেখাৰ বুদ্ধিদীপ্ত ব্যাখ্যা আগবঢ়াইছে। গুহই গৱেষণাপত্ৰখনৰ ছটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে।
প্ৰথম, নিজৰ গৱেষণাৰ বাবে ওমৰে আদিবাসী সমাজৰ বিষয়ে লিখা প্ৰখ্যাত আৰু অখ্যাত প্ৰায় সকলো লেখকৰ কিতাপ খৰচি মাৰি পঢ়িছে। দ্বিতীয়, তেওঁ বিভিন্ন পুৰালেখাৰ পৰা, মানে আৰ্কাইভৰ পৰা বিস্তৃতভাৱে প্ৰাথমিক তথ্য আৰু সমল সংগ্ৰহ কৰিছে। তৃতীয়তে, তেওঁ নিজৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে সমগ্ৰ অঞ্চলটো ঘূৰি ক্ষেত্ৰ অধ্যয়নৰ যোগেদি প্ৰচুৰ তথ্য-পাতি আৰু সমল সংগ্ৰহ কৰিছে। চতুৰ্থতে, নিজৰ যুক্তিৰ সত্যতা প্ৰমাণ কৰিবলৈ তেওঁ উপযুক্ত উদ্ধৃতিৰ ব্যৱহাৰ কৰিছে। পঞ্চমটো হৈছে তেওঁৰ ভাষা। সাধাৰণতে গৱেষণা পত্ৰত কৰাৰ দৰে কোনো টান আৰু নিৰস পৰিভাষা তেওঁৰ লেখাত নাই। তেওঁৰ ভাষা প্ৰাঞ্জল আৰু স্বচ্ছ। ষষ্ঠ, তেওঁৰ যুক্তি সৰলৰৈখিক নহয়। তেওঁ ঔপনিবেশিক ঐতিহাসিক আৰু আদিবাসীসকলৰ মাজত কাম কৰি থকা এক্টিভিষ্টসকলৰ দৰে পৰিচিত অনৈতিহাসিক ব্যাখ্যাৰ সলনি যিমানদূৰ সম্ভৱ এক সত্যনিষ্ঠ আৰু বস্তুনিষ্ঠ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিছে। গুহই ওমৰৰ গৱেষণাৰ দুটা/এটা সীমাবদ্ধতাৰ কথাও নোকোৱাকৈ থকা নাই। তেওঁৰ মতে ওমৰে মৌখিক পৰম্পৰা আৰু লোক সাহিত্যৰ ওপৰতো আৰু অধিক গুৰুত্ব দিয়া উচিত আছিল, আৰু তেওঁ বিশেষকৈ ত্ৰিলোকী নাথ মদন আদিৰ দৰে নৃতত্ত্ববিদৰ কিতাপবোৰ পঢ়া হ’লে আৰু বেছি উপকৃত হ’লহেঁতেন বুলি তেওঁ মন্তব্য কৰিছে। তেওঁ আৰু কৈছে যে ওমৰে প্ৰাথমিক উৎসবোৰৰ পৰা দিয়া দুটা/এটা উদ্ধৃতি অনাৱশ্যকীয়ভাৱে দীঘলীয়া।
কিন্তু এই সীমাবদ্ধতা সত্ত্বেও, ওমৰৰ গৱেষণা পত্ৰখনক গুহই, তেওঁ যোৱা সময়ছোৱাত পঢ়া গৱেষণাপত্ৰবোৰৰ ভিতৰত এখন উৎকৃষ্ট গৱেষণা পত্ৰ বুলি অভিহিত কৰিছে। তেওঁ মন্তব্য কৰিছে যে সামান্য শুদ্ধৰণিৰে সৈতে প্ৰকাশ কৰিলে ই এখন মূল্যৱান গ্ৰন্থ হিচাপে পৰিগণিত হ’ব। তেওঁ নিৰ্দ্ধিধাই ওমৰৰ গৱেষণাক নন্দিনী সুন্দৰৰ Subalterns and Sovereigns আৰু মহেশ ৰংগৰাজনৰ Fencing the Forest ৰ লগত আৰু তেনে অন্য লেখকৰ গ্ৰন্থৰ লগত তুলনা কৰিছে।
তাৰপিছত তেওঁ কি লিখিছে মই তেওঁৰ ভাষাতে ইয়াত তুলি দিছোঁ : “পৰিতাপৰ কথা এইটোৱেই যে ২০১৮ চনতে দাখিল কৰা এই গৱেষণাপত্ৰখন এতিয়াও কিতাপ আকাৰে প্ৰকাশ পোৱা নাই। তাৰ কাৰণ হ’ল গৱেষকজনৰ নাম ওমৰ খালিদ। মই প্ৰবন্ধটো লিখাৰ সময়ত এক নিষ্ঠুৰ ৰাষ্ট্ৰ আৰু দীৰ্ঘসূত্ৰী ন্যায়পালিকাৰ কাৰণে এই প্ৰতিভাৱান গৱেষকজন বিনা বিচাৰে কোনো অভিযোগনামা নিদিয়াকৈ আজি পাঁচ বছৰ জেলত আৱদ্ধ হৈ আছে।”
তাৰপিছত, ৰামচন্দ্ৰ গুহই তেওঁৰ প্ৰবন্ধটোত আৰু এটি মৰ্মান্তিক কথা উল্লেখ কৰিছে। তেওঁৰ ভাষাতে মই সেই কথাটোও ইয়াত তুলি দিছোঁ : “মই ২০১৯ ৰ CAA আন্দোলনত বাংগালোৰত অংশগ্ৰহণ কৰিছিলোঁ আৰু ওমৰ খালিদে দিল্লীত অংশগ্ৰহণ কৰিছিল। মোৰ প্ৰথম নাম ৰামচন্দ্ৰ কাৰণে মই এতিয়াও গৱেষণা আৰু অন্যান্য লিখা-মেলা কৰি থাকিব পাৰিছোঁ। কিন্তু তেওঁৰ প্ৰথম নামটো ওমৰ কাৰণে তেওঁ জেলত দিন কটাবলগীয়া হৈছে।”
এইখিনি লিখি উঠাৰ পিছত ৰামচন্দ্ৰ গুহই লিখা কথাখিনি আমাৰ সকলোৰে কথা। ওমৰ এজন ঐতিহাসিক। ওমৰৰ দৰে লেখক, গৱেষক আৰু তেনে অজস্ৰ সমাজ কৰ্মী আছে যিসকলৰ লগত বৰ্তমান চৰকাৰৰ মত নিমিলে বুলিয়ে তেওঁলোকক চৰকাৰখনে বছৰ বছৰ ধৰি জেলত আৱদ্ধ কৰি ৰাখিছে। এই ক্ষেত্ৰত আমাৰ ন্যায়পালিকাৰ কৰিবলগীয়া একো নাইনে? সকলোৱে কয়- “Bail is the rule and jail is the exception” অৰ্থাৎ জামিন নিয়ম জেল ব্যতিক্ৰম। তেন্তে জেল কিয় এতিয়া নিয়ম হৈ পৰিছে আৰু বেই’ল কিয় ব্যতিক্ৰম হৈ পৰিছে? ন্যায়পালিকাই আমাক আজি এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। আজি উচ্চতম ন্যায়ালয়ত ওমৰৰ জামিনৰ শুনানি আছিল। কিন্তু আজিও ওমৰৰ জামিনৰ শুনানি অমীমাংসিত হৈ ৰ’ল? আমাৰ ন্যায় ব্যৱস্থা এটা ভেকোভাওনাত পৰিণত হোৱা নাইনে?





