• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

হিমন্ত বিশ্ব শৰ্মা নাৰ্ভাছ হৈছে নেকি?

পৰেশ মালাকাৰ, মুখ্য সম্পাদক by পৰেশ মালাকাৰ, মুখ্য সম্পাদক
January 28, 2026 6:34 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনকচোন।শুনিলে? এতিয়া কওক, আমি এই বিষয়ে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত? এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে, মই  মোৰ মনলৈ অহা কথা এটা, অতি স্বাভাবিকভাৱে অহা কথা এটা কৈ থ’ব বিচাৰিছোঁ।আজি এই মুহূৰ্তত দুগৰাকী প্ৰবীন ৰাজনীতিবিদৰ ওপৰত মই মোৰ অসন্তুষ্টি ৰাজহুৱা কৰিব বিচাৰিছোঁ। তেওঁলোক দুজন হ’ল অসমৰ দুগৰাকী প্ৰাক্তন মুখ‍্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ ডাঙৰীয়া। এই দুগৰাকী ব‍্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাক আসৈ নিদিয়া হ’লে তেওঁ আজি যি দম্ভালি মাৰি আছে সেইটো কৰিব নোৱাৰিলেহেঁতেন। সি যি নহওক, হৈ যোৱা কথাটো নোহোৱা কৰিব নোৱাৰি। এতিয়া আহিছো মূল কথাটোলৈ।  কি প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই এইবোৰ বলকিছে? অসমৰ বিদেশী নাগৰিক সমস‍্যাটোৰ পটভূমিত। বিদেশী নাগৰিক বুলিলে আমি কাক বুজোঁ? যি সকল লোক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ আহিছিল সেই সকলক। জাতি, ধৰ্ম নিৰ্বিশেষে। হিমন্ত বিশ্বই যি সকলক মিঞা, মিঞা বুলি কৈ দিনে ৰাতিয়ে অপমান কৰি আছে, তেওঁলোকৰ সকলো বিদেশী নহয়। যি সকল ১৯৭১ চনৰ পিছত অসমলৈ আহিছে সেই সকলহে বিদেশী। গতিকে হিমন্ত বিশ্বই সকলো মিঞাক তুচ্চ-তাচ্চিল‍্য আৰু অপমান কৰাৰ কোনো অধিকাৰ নাই। হিমন্তবিশ্ব কংগ্ৰেছত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কৰি আছিল? তেওঁ যোৱা ১০ বছৰে বিজেপিত মন্ত্ৰী আৰু মুখ‍্যমন্ত্ৰী হৈ থাকোঁতে কি কৰি আছিল? আইন মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশী সকলক অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব‍্যৱস্থা কিয় নকৰিলে? তেওঁৰ চৰকাৰে কা আইনৰ যোগেদি বিদেশী অনাৰ বাট মোকলাই নিদিলেনে ?

হিমন্তবিশ্ব শৰ্মাই কোৱা এই কথাবোৰ আইনসিদ্ধ হয়নে? মই এই প্ৰাসংগিক প্ৰশ্নৰ মঞ্চৰ পৰা অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ মুখ‍্য ন‍্যায়াধীশলৈ প্ৰশ্ন কৰিছোঁ- আপোনালোকে অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মিঞাৰ বিৰুদ্ধে কোৱা এই বিদ্বেষ আৰু উচতনিমূলক কথাবোৰ আইনসিদ্ধ বুলি ভাবেনে? যদি নাভাবে, তেওঁৰ বিৰুদ্ধে ব‍্যৱস্থা নলয় কিয়? কি আইনৰ চকুত সকলো সমান নহয় নেকি? আৰু ভাৰতৰ নিৰ্বাচনী আয়োগ? অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাজহুৱাকৈ কোৱা, ঘোষণা কৰা এই কথাবোৰ কি? এই কথাবোৰ আপোনালোকে শুনিছে নে নাই শুনা? আমাৰ দেশৰ সংবিধান সংশোধন কৰি সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা “ভাৰতীয় সংবিধানে দেশখনক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ় দিয়াৰ লগতে সকলো নাগৰিকৰ বাবে সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক ন্যায়, চিন্তা-মতপ্ৰকাশ-বিশ্বাস- উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা, আৰু ভাতৃত্ববোধ (ব্যক্তিৰ মৰ্যাদা আৰু ৰাষ্ট্ৰীয় ঐক্য-অখণ্ডতা) নিশ্চিত কৰাৰ মহান আদৰ্শ প্ৰকাশ কৰে।” এই কথাখিনি আমাৰ সংবিধানৰ পৰা কেতিয়া আঁতৰাই দিয়া হ’ল? এতিয়ালৈকেতো দিয়া হোৱা নাই। তেন্তে হিমন্ত বিশ্বই মুখ‍্যমন্ত্ৰী হৈ এনে কথা কেনেকৈ ক’ব পাৰে? হিমন্তবিশ্ব শৰ্মাই কৈছে যে তেওঁ ডি চি সকলক মিঞাৰ বিৰুদ্ধে ব‍্যৱস্থা ল’বলৈ নিৰ্দ্দেশ দিছে। অসমত এজনো ডি চি নোলালনে হিমন্তবিশ্বক উভতি ধৰিবলৈ যে -“মুখ‍্যমন্ত্ৰী মহোদয় আপুনি দিয়া নিৰ্দ্দেশ বিধিসন্মত নহয়, আইন সিদ্ধ নহয়, ক্ষমা কৰিব আমি আপোনাৰ নিৰ্দ্দেশ মানিব নোৱাৰিম।”এজনো, এজনো নোলালনে তেনেকৈ ক’বলৈ? হায় সময়? আইনৰ ৰক্ষকে যেতিয়া ভক্ষক হয়,  দেখ দেখকৈ আইন অমান‍্য কৰে? তাতকৈ আৰু গৰ্হিত কথা কি থাকিব পাৰেনে? মই ভাৰতীয় জনতা পাৰ্টিৰ বিবেচনা থকা লোক সকলকো প্ৰশ্ন কৰিছোঁ- আপোনালোকেই কওকচোন? আপোনালোকে হিমন্ত বিশ্বৰ এই কথাবোৰ সমৰ্থন কৰে নে?

Apply Now

এইবাৰ মই মিঞা সকলক উদ্দেশ‍্য কৰি কৈছোঁ- হিমন্তবিশ্বই এই কথা বোৰৰ যোগেদি আপোনালোকৰ সকলোকে অপমান কৰিছেনে নাই কৰা? আপোনালোক হিমন্ত বিশ্বতকৈ কোনো গুণে কম ভাৰতীয় নহয়। অসমখন হিমন্ত বিশ্ব শৰ্মাই কিনি লোৱা নাই। ইয়াত আমাৰ সকলোৰে সমান অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাতকৈ আমাৰ সকলোৰে মৰ্যাদা অলপ হ’লেও ওপৰত। গতিকে হিমন্তবিশ্ব শৰ্মাৰ এই অপমানৰ প্ৰত্যুত্তৰ আপোনালোকে কি ধকণে দিব? মই ভাবোঁ আপোনালোকে দুই ধৰণে ইয়াৰ জবাব দিয়া উচিতঃ (এক) হিমন্তবিশ্ব শৰ্মাক আপোনালোকে আইনৰ কাঠগৰাত থিয় কৰোৱা উচিত আৰু (দুই) আপোনালোকে চিন্তা কৰক আগন্তুক নিৰ্বাচনত হিমন্তবিশ্বৰ এই অপমানৰ আপোনালোকে কেনেকৈ পোতক ল’ব? কিন্তু কোনো কাৰণতে আপোনালোক উত্তেজিত নহ’ব। আপোনালোকক প্ৰাকে-প্ৰকাৰে উত্তেজিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই এই উচতনিমূলক কথা বোৰ কৈ আছে। আপোনালোক যদি তেওঁৰ কথাত উত্তেজিত হৈ পৰিস্থিতি গৰম কৰি তোলে তাৰ দ্বাৰা আটাইতকৈ বেছি উপকৃত হ’ব হিমন্ত বিশ্ব শৰ্মা নিজে। গতিকে প্ৰত‍্যুত্তৰ আপোনালোকে দিব, জবাব আপোনালোকে দিব কিন্তু শান্ত, সমাহিতভাৱে।সেই জবাব ৰাজপথত নহয়। সেই জবাব আইনী জবাব। সেই জবাব ভোটৰ জবাব। সেই জবাব ৰাজনৈতিক জবাব।শেষত মই হিমন্ত বিশ্বৰ শৰ্মাই কোৱা কথা বোৰৰ জেৰ টানি এটা সিদ্ধান্তলৈ আহিছোঁ। সেইটো কি জানেনে? হিমন্তবিশ্ব শৰ্মাই অৰুণোদয় দিছে, হেন দিছে তেন দিছে, অমুক কৰিছে, ভচুক কৰিছে, দিনে ৰাতিয়ে কেৱল উন্নয়নেই কৰিছে। যদি ইমানেই দিছে, যদি ইমানেই উন্নয়ন কৰিছে তেন্তে কেৱল হিন্দু ভোটৰ ভৰসাতে তেওঁ  কিয় এইবোৰ বকি মৰিছে? নে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব নাৰ্ভাছ হৈছে? মিঞা আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বাহিৰে তেওঁৰ আৰু কোনো ইচু নোহোৱা হ’ল নেকি? ৰাইজে তেওঁৰ কথাত পাত্তা নিদিয়া কাৰণে তেওঁৰ  চটফটনি বেছি হৈছে নেকি?

পৰেশ মালাকাৰ, মুখ্য সম্পাদক

পৰেশ মালাকাৰ, মুখ্য সম্পাদক

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd