• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

AIৰ সীমাবদ্ধতাৰ আন এটা দিশ হ’ল নৈতিক সিদ্ধান্ত আৰু আনটো হ’ল আইনশাস্ত্ৰ!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 26, 2026 7:15 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ ভাৰত মণ্ডপমত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ  কৃত্ৰিম বুদ্ধিমত্তাৰ(A I) বিশ্ব শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল। তাত কি অথন্তৰ লাগিছিল সেই বিষয়ে ইতিমধ‍্যে প্ৰাসংগিক প্ৰশ্নত আলোচনা কৰা হৈছে। আজি সেই বিষয়ে মই আলোচনা কৰিব বিচৰা নাই। কৃত্ৰিম বুদ্ধিমত্তানো কি-সেই কথাটো বুজিবলৈহে এই আলোচনা। যি কোনো বিষয়ে কিবা এটা কথা জানিব বিচাৰিলে কেনেকৈ সকলো তথ‍্য পাতি এ আই আমাক সজাই পৰাই দিয়ে? সেইটো ইমান ডাঙৰ কথা নহয়, কিয়নো ই তৎক্ষণাত বহু তথ‍্য পাতি খোঁচৰি কোনো এটা বিশেষ সিদ্ধান্ত আমাৰ কাৰণে উলিয়াই দিব পাৰে।কিন্তু এ আয়ে আমি বিচৰা ধৰণে চিঠি এখন  বা প্ৰবন্ধ এটা কেনেকৈ লিখি দিয়ে বা শুধৰাই দিব পাৰে? এজন ব‍্যক্তিৰ চিন্তা চেতনাৰ লগত এ আইৰ মিল আৰু অমিল ক’ত? এ আই একক নে ব‍্যক্তি এজনৰ চিন্তা চেতনা একক?  এ আই এ কোনো এটা সমস‍্যাৰ সমাধান কেনেকৈ দিয়ে? প্ৰথম কথা অতীতত নঘটা ঘটনা সম্পৰ্কে এ আই এ আমাক কিবা ক’ব পাৰেনে? নোৱাৰে। অনথীভুক্ত ঘটনা সম্পৰ্কে এ আই এ আমাক একো ক’ব নোৱাৰে।যি হোৱা নাই, ঘটা নাই সেই সম্পৰ্কে এ আই অজ্ঞাত। কিন্তু যি ঘটিছে আৰু যি ডিজিটেল বিশ্বত নথীকৃত হৈছে সেই বিষয়েহে এ আই এ ক’ব পাৰে।কোনো এটা কথা যেতিয়া আমি এ আইক সোধো এ আই কি কৰে? সেই সম্পৰ্কে  ডিজিটেল বিশ্বত সংৰক্ষিত যিমান তথ‍্য আছে সেই আটাইবোৰ তথ‍্য পলকতে খোঁচৰি উলিয়াই, তাৰ ক্ষূক্ষ্মাতি ক্ষূক্ষ্ম বিশ্লেষণ কৰি আমাক আটাইতকৈ সন্তোষজনক সমাধানটো উলিয়াই দিয়ে।

Apply Now

কিন্তু এ আই আমাক কেনেকৈ চিঠি এখন, কবিতা এটা, গল্প এটা বা প্ৰবন্ধ এটা লিখি দিয়ে বা তেনে লেখা এটা শুধৰাই দিয়ে? এই ক্ষেত্ৰতো মূল সমল বা আকৰটো হ’ল ডিজিটেল তথ‍্য।চিঠি এখন কেনেকৈ লিখি দিয়ে? সেই বিষয়ে ডিজিটেল আৰ্কাইভত সংৰক্ষিত হৈ থকা অজস্ৰ চিঠি চলাঠ কৰি তাৰ গড়লৈ এটা লৈ এ আই আমাক আমি বিচৰা চিঠিখন লিখি দিয়ে।ঠিক তেনেদৰে, বিষয় এটা নিৰ্বাচন কৰি দিলে এ আই আমাক এটি গল্প,কবিতা বা প্ৰবন্ধ লিখি দিব পাৰে।যিটো প্ৰক্ৰিয়াৰে এই কামটো এ আই এ কৰে সেই প্ৰক্ৰিয়াটো কিন্তু বৰ আকৰ্ষণীয়। তাক এ আইৰ ভাষাত Large Language Models বা চমুকৈ LLM বুলি কোৱা হয়। এই এল এল এম বস্তুটোনো কি? ইয়াৰ ব‍্যাকৰণৰ লগত কিছু মিল আছে।ব‍্যাকৰণ হ’ল ভাষা এটা পৰিচালিত হোৱা কিছুমান নিয়ম। সৰুতে অৰ্থপূৰ্ণ শব্দ সমষ্টিয়ে  বাক‍্য বুলি যে আমি পঢ়িছিলোঁ বা বাক‍্যৰ যিটো সংজ্ঞা পাইছিলোঁ- সেইটোৱে হ’ল আচল কথা। এটা নিৰ্দিষ্ট শব্দ আৰ্হিৰ পৰা কিবা এটা অৰ্থ ওলাই আহে।এই শব্দ সজ্জাৰ লগত ব‍্যাকৰণৰ নিয়মৰ কথা আহে। এই বিন‍্যাস সহজৰ  পৰা জটিললৈ লৈ যাব পাৰি। তেনেকৈ হাজাৰ বিজাৰ বাক‍্য বিন‍্যাস পৰা যোগ বিয়োগ কৰি তাৰ পৰা অৰ্থ উলিওৱা প্ৰক্ৰিয়াটোৱে হ’ল এল এল এম। এই প্ৰসংগত আমি জৰ্জ বুলেৰ(George Boole(1815-65) The Laws of Thought কিতাপখনৰ কথা উল্লেখ কৰিব পাৰোঁ।এই কিতাপখনত যৌক্তিক চিন্তা কেনেকৈ আগবাঢ়ে, তাত বীজগণিতৰ ভূমিকা কি সেইবোৰ ধুনীয়াকৈ ব‍্যাখ‍্যা কৰা হৈছে। তৰ্কশাস্ত্ৰ বা লজিকত বা গণিতত কি কৰা হয়? আমি ভৌতিক জগতখনৰ এক ব‍্যাখ‍্যা কৰিবলৈ চেষ্টা কৰোঁ। এই যাত্ৰা হৈছে জনাৰ পৰা অজনাৰ যাত্ৰা।সেই কাৰণেই সৰুতে যে আমি খালী ঠাই পূৰণ কৰিছিলোঁ তাৰ লগতো বীজ গণিতৰ এটা সম্পৰ্ক নথকা নহয়। নজনাটো হ’ল এক্স ফেক্টৰ। ফলাফল আৰু জনাটোৰ বিভিন্ন সমন্বয়ৰ যোগেদি আমি এই এক্স ফেক্টৰটো বিচাৰি উলিয়াওঁ।কিন্তু সেইটো আছিল আৰম্ভণিহে। আজি কি সি গৈ বৰ্তমানৰ এ আই পৰ্যায় পাইছে গৈ। সেইকাৰণেই  এ আই এ লিখা পাঠ এটা মশ্ৰিণ ইমান মশ্ৰণি। পৃথিৱীৰ বিখ‍্যাততকৈও বিখ‍্যাত লেখক সমালোচক, চিন্তাবিদ, দাৰ্শনিক, বিজ্ঞানীৰ সৃষ্টি আৰু ৰচনা এ আইৰ নখ দৰ্পনত। সেয়ে আমি বিচৰা যি কোনো কথা তৎক্ষণাৎ এ আই আমাক যোগান ধৰিব পাৰে।কিন্তু ডিজিটেল আৰ্কাইভত অসংৰক্ষিত কথা এ আই আমাক কেতিয়াও ক’ব নোৱাৰে।কিন্তু আমাৰ ৰুচি অভিৰুচি সম্পৰ্কে এ আই এ কেনেকৈ জানে? ইয়াতেই আহে এলগৰিথিমৰ কথা যাক কোনো কোনোৱে অসমীয়াত কলনবিধি বুলিও কয়। আমাৰ ৰুচি অভিৰুচি সম্পৰ্কে এ আই তেতিয়াহে জানিব যেতিয়া আমি ডিজিটেল দুনীয়াত প্ৰবেশ কৰোঁ।এই ক্ষেত্ৰত ইয়াক আমি ফ্ৰয়েদীয় মনোবিশ্লেষণৰ (Psychoanalysis) ৰ লগত তুলনা কৰিব পাৰোঁ। কেনেকৈ? মনোবিশ্লেষণৰ দ্বাৰা কি কৰা হয়? মানুহৰ মনৰ অন্ধ কুথৰিত, অৱচেতনত আবদ্ধহৈ থকা বা চেপি খুণ্ডি ৰখা কথাবোৰ বাহিৰলৈ উলিয়াই অনা হয়, বা তাক ধৰা পেলাই, তাৰ নিৰাময়ৰ উপায় উলিওৱা হয়। সেইটো কেনেকৈ কৰা হয়? কোনো এজন ব‍্যক্তিৰ লগত ব‍্যক্তিজনৰ লক্ষিতে অলক্ষিতে কথা পাতি।তাৰমানে কি হ’ল? চিকিৎসক জনে প্ৰত‍্যক্ষ বা পৰোক্ষভাবে ব‍্যক্তিজনৰ মনোজগতত প্ৰবেশ কৰিছে বুলিহে তেওঁ ৰোগীজনৰ অৱচেনত  আবদ্ধ কথা বোৰ জানিব পাৰিছে। এ আই কি কৰে? এলগৰিথিম ব‍্যৱহাৰ কৰি আমাৰ ডিজিটেল দুনীয়াৰ লগত থকা সম্পৰ্কৰ পৰা, অৰ্থাৎ আমি কি চাও কি নাচাও, কি ভাল পাও কি বেয়া পাও তাক যুক্ত( Associate) আৰু অযুক্ত(Dissociate ) কৰি আমাৰ ৰুচি অভিৰুচি সম্পৰ্কে এটা সম‍্যক ধাৰণা কৰিব পাৰে। সেয়ে আমি বিচৰা ধৰণৰ বস্তুহে আমি ডিজিটেল দুনীয়াত দেখা পাওঁ। মই কিতাপৰ কথা কওঁ বাবে মোৰ ফেচবুক কিতাপৰ বিজ্ঞাপনেৰে ভৰ্তি। কিন্তু এ আই আৰু মোৰ মৌলিক চিন্তাৰ মাজত প্ৰভেদ বা পাৰ্থক‍্য কি? দুটা প্ৰধান পাৰ্থক‍্যঃ এটা হৈছে মোৰ নীতিবোধ আৰু আনটো হৈছে স্বকীয় চিন্তা- এই দুটা বিষয়ত এ আএ আমাক বিশেষ সহায় কৰিব নোৱাৰে। নৈতিক প্ৰশ্নৰ আলোচনাৰ সময়ত ই উদাহৰণ দি হয়তো আমাক সহায় কৰিব পাৰে। কিন্তু মৌলিক চিন্তাৰ কথাটো অতি গুৰুত্বপূৰ্ণ। ব‍্যক্তিৰ মৌলিক চিন্তা অবহনে এ আইৰ সংবৰ্দ্ধন অসম্ভৱ।কোনেও একো নতুন কথাৰ সম্ভেদ নিদিলে এ আই য’ত আছে তাতেই থাকিব।এই মৌলিক চিন্তাত এ আইৰ কোনো ভূমিকা নাই তেনে নহয়। এ আই এ সমগ্ৰ তথ‍্য পাতি গতাই দিছে। আনকি সাম্ভব‍্য পথৰো ইংগিত দিছে। তাৰ পিছৰখিনি আমাৰ অনুমান, প্ৰকল্প আৰু অন্তৰ্দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰিব। এ আইৰ সীমাবদ্ধতাৰ আন এটা দিশ হ’ল নৈতিক সিদ্ধান্ত আৰু আনটো হ’ল আইনশাস্ত্ৰ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd