• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

কংগ্ৰেছ-তৃণমূলৰ ‘দুৰ্নীতিগ্ৰস্ত’ নেতাই এতিয়া বিজেপিৰ কাণ্ডাৰী

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 25, 2026 8:43 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে হৈ যোৱা পাঁচখন ৰাজ্যৰ নিৰ্বাচনত আমি কি দেখিলোঁ? দক্ষিণ ভাৰতৰ কথাটো সুকীয়া— বিশেষকৈ কেৰেলা, তেলেংগানা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ। কৰ্ণাটকৰ পৰিস্থিতিটো সামান্য ব্যতিক্ৰম। দক্ষিণ ভাৰতৰ ৰাজনীতি ভাৰতৰ বাকী অংশৰ লগত নিমিলে। কিন্তু বাকী ৰাজ্যকেইখনত, বিশেষকৈ অসম আৰু পশ্চিমবংগত আমি কি দেখিলোঁ? অসমত বিৰোধীৰ ব্যৰ্থতাৰ কথাটো আলোচনা কৰি সময় খৰচ কৰি লাভ নাই, কিয়নো সেই বিষয়টোক লৈ ইতিমধ্যে বহু চৰ্চা হৈছে। কিন্তু অসম আৰু পশ্চিমবংগত বিজেপিয়ে যি পথ অৱলম্বন কৰি নিৰ্বাচন জিকিলে, সেইটো ৰাজনৈতিক সততা বা নৈতিকতাৰ দৃষ্টিৰে আমি কেনেকৈ চাম? নিৰ্বাচন গণতন্ত্ৰৰ এক অবিচ্ছেদ্য অংগ। কিন্তু নিৰ্বাচন নিকা আৰু ন্যায়সংগত হ’লেহে সি গণতন্ত্ৰ সমৃদ্ধ কৰে; তাৰ বিপৰীত ঘটিলে সি গণতন্ত্ৰক দুৰ্বলহে কৰে।

অসমত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দ্বাৰা কি কৰা হৈছে? এইটো সঁচা কথা যে সমষ্টি পুনৰ্নিৰ্ধাৰণ এক সাংবিধানিক ব্যৱস্থা, যাক ইংৰাজীত ‘ডেলিমিটেশ্যন’ (Delimitation) বুলি কোৱা হয়। ই হ’ল সময়ে সময়ে জনসংখ্যাৰ পৰিৱৰ্তনৰ ভিত্তিত সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণ কৰা এক প্ৰক্ৰিয়া। ইয়াৰ মূল উদ্দেশ্য- প্ৰতিটো নিৰ্বাচনী সমষ্টিত জনসংখ্যা যিমান সম্ভৱ সমানে বিতৰণ কৰি “এক ব্যক্তি, এক ভোট”ৰ নীতি প্ৰতিষ্ঠา কৰা। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৮২ আৰু ১৭০ অনুসৰি লোকপিয়লৰ পিছত ডেলিমিটেশ্যন আয়োগে এই কাম সম্পন্ন কৰে। কিন্তু এই কামটোকে উদ্দেশ্যপ্ৰণোদিত হিচাপেও কৰিব পাৰি। অৰ্থাৎ, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ যোগেদি বিৰোধীৰ সমৰ্থকসকলক একত্ৰিত কৰি তেওঁলোকক নিৰ্দিষ্ট সমষ্টি কেইটামানত আৱদ্ধ কৰি ৰাখিব পাৰি, বা তেওঁলোকৰ সমৰ্থকসকলক বিভিন্ন সমষ্টিত এনেদৰে ভগাই দিব পাৰি যাতে তেওঁলোকৰ ভোটৰ কোনো নিৰ্ণায়ক ভূমিকা নাথাকে। এনে কৰিলে শাসকদলে বাৰে বাৰে অনায়াসে নিৰ্বাচনত জয়ী হৈ থাকিব পাৰিব। এই প্ৰক্ৰিয়াটোক ইংৰাজীত ‘জেৰিমেণ্ডাৰিং’ (Gerrymandering) বুলি কোৱা হয়। এক কথাত, ই হ’ল গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়াক বিকৃত কৰি ক্ষমতাত বৰ্তি থাকিবলৈ ব্যৱহাৰ কৰা এক অনৈতিক কৌশল। অসমত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ যোগেদি ঠিক এইটোকে কৰা হৈছে। তাৰ ফলাফল অসমৰ কাৰণে অদূৰ আৰু দূৰ ভৱিষ্যতৰ বাবে কি হ’ব?

Apply Now

ঐতিহাসিক কাৰণতে অসমত এক বুজনসংখ্যক লোক বংগীয় মূলৰ মুছলিম। কিন্তু তেওঁলোক এতিয়া অসমৰ অবিচ্ছেদ্য অংগ। এই সম্পৰ্কত অসম চুক্তি আৰু এন.আৰ.চি.ৰ সিদ্ধান্ত আছে। এইখিনি মানুহ অসমৰ মানুহ। এই মানুহখিনিক যদি আমি অসমৰ বাকী অংশৰ জনসাধাৰণৰ পৰা চিৰদিনৰ বাবে পৃথক কৰি ৰাখিব বিচাৰোঁ, তাৰ পৰিণাম অসমৰ কাৰণে শুভ হ’বনে? অসমৰ জনসংখ্যাক আমি মূলতঃ মূলসুঁতিৰ অসমীয়া, আদিবাসী, জনজাতীয় আৰু অভিবাসী মুছলমান হিচাপে ভাগ কৰিব পাৰোঁ। ইয়াৰে আদিবাসীসকল আৰু অভিবাসী মুছলমানসকল পিছত অহা লোক। অৱশ্যে হিন্দু অভিবাসী লোকো অসমত বুজনসংখ্যক আছে। এতিয়া আমি কি কৰা উচিত? আমাৰ মাজত থকা এই জনগাঁথনিমূলক পাৰ্থক্য বৰ্তাই ৰখা উচিতনে তাক ক্ৰমান্বয়ে কমাই অনা উচিত? নিশ্চয় কমাই অনা উচিত। কেৱল সেইটো কৰোঁতে আমি চাব লাগিব যাতে কোনো জনগোষ্ঠী তেওঁলোকৰ সমানাধিকাৰৰ পৰা বঞ্চিত নহয়। কিন্তু কোনো এটা ৰাজনৈতিক দলৰ সুবিধাৰ কাৰণে যদি চিৰদিন এই পাৰ্থক্য বজায় ৰাখিবলৈ ব্যৱস্থা লোৱা হয়, সেইটো অসমীয়া জাতিৰ কাৰণে আৰু बृहত্তৰ অসমীয়া সমাজখনৰ কাৰণে এক ভয়ানক ষড়যন্ত্ৰ কৰা নহ’বনে? আমি আমাৰ মাজৰ ঐক্য-সংহতি বজায় ৰাখিবলৈ নে চিৰদিনলৈ বিভাজন জীয়াই ৰাখিবলৈ নীতি নিৰ্ধাৰণ কৰিম? ভাৰতীয় জনতা পাৰ্টীয়ে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দ্বাৰা দেখদেখকৈ আমাৰ মাজত বিভাজন জীয়াই ৰاখিবলৈ এই কাম কৰা নাইনে? ই কেনেধৰণৰ ৰাজনৈতিক নৈতিকতা?

ঠিক একেধৰণৰ কাম তেওঁলোকে পশ্চিমবংগত কৰা নাইনে? পশ্চিমবংগৰ মূল জনসংখ্যাৰ প্ৰায় ২৭-২৮% মুছলিম। নিৰ্বাচন আয়োগে এছ.আই আৰৰ (SIR—Special Intensive Revision of Electoral Rolls) যোগেদি অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বাৰা মুঠ জনসংখ্যাৰ প্ৰায় ১০-১২% ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে আৰু এওঁলোকৰ সৰহসংখ্যকেই হ’ল মুছলিম। হিন্দু-মুছলমানৰ মাজত উলম্ব বিভাজনৰ দ্বাৰা পশ্চিমবংগৰ সামগ্ৰিক উন্নয়ন সম্ভৱনে? পশ্চিমবংগত তৃণমূল কংগ্ৰেছে সকলো ঠিকেঠাকে কৰিছিল— কথাটো সেইটো নহয়। কিন্তু এছ.আই .আৰ. কৰি ৬০-৭০ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা আৰু কেন্দ্ৰীয় সংস্থাসমূহ নিয়োগ কৰি বলপূৰ্বক নিৰ্বাচনী ফলাফল বিজেপিৰ ফলীয়া কৰাটো এক অনৈতিক ৰাজনৈতিক পদক্ষেপ নহয়নে?

আৰু এতিয়া বিজেপিয়ে কি কৰি আছে? তেওঁলোকে আমাক সকলোকে তেওঁলোকৰ দৰে সাম্প্ৰদায়িক হোৱাটো বিচাৰিছে, যাতে দেশত হিন্দু-মুছলমানৰ বিভাজন স্থায়ী হয় আৰু তেওঁলোকে তাৰ ভিত্তিতে সদায় শাসনত থাকিব পাৰে। ভাৰতত এই হিন্দু-মুছলমানৰ বিভাজনৰ ৰাজনীতি কোনে আৰম্ভ কৰিছিল জানেনে? ব্ৰিটিছে, ১৯০৫ চনত বংগ বিভাজনৰ দ্বাৰা, ভাৰতৰ জাতীয়তাবাদী স্বাধীনতা সংগ্ৰাম মষিমূৰ কৰিবলৈ। এতিয়া বিজেপিয়ে তাৰ পুনৰাবৃত্তি কৰিছে— ভাৰতত মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ আৰু তাৰ বিৰোধিতা কৰাসকলৰ ব্যক্তিস্বাধীনতা হৰণ কৰিবলৈ। এইটো হ’ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ।

ইয়াৰ লগতে বিজেপিৰ অসাধু আৰু নৈতিকতাহীন ৰাজনীতিৰ আৰু দুটামান সৰু উদাহৰণ দিব বিচাৰিছোঁ। অসমত বিজেপিক কোনে নেতৃত্ব দিছে? হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এসময়ত ক’ত আছিল? কংগ্ৰেছত। দুৰ্নীতিৰ অভিযোগৰ বাবে তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিল। পশ্চিমবংগত কোনে ইয়াৰ নেতৃত্ব দিছে? শুভেন্দু অধিকাৰীয়ে। তেওঁ এসময়ত ক’ত আছিল? তৃণমূল কংগ্ৰেছত। কিয় বিজেপিলৈ আহিল? দুৰ্নীতিৰ অভিযোগত লিপ্ত হৈ থকাৰ পাছত। ৰাজনৈতিক অনৈতিকতাৰ কি চমৎকাৰ উদাহৰণ! আৰু আছে— ভূপেন আৰু প্ৰদ্যুতে গোটেই জীৱন কংগ্ৰেছ কৰি বিজেপিলৈ কিয় গ’ল? বিধায়ক হ’বলৈ। আগেয়ে বিজেপিয়ে তেওঁলোকৰ বিৰুদ্ধে কোৱা কথা আৰু তেওঁলোকে বিজেপিৰ বিৰুদ্ধে কোৱা কথাবোৰৰ এতিয়া কি হ’ব? ইয়াকে কয় অসাধু ৰাজনীতি। নৈতিকতাবিহীন ৰাজনীতি! আৰু আপুনি যদি বিজেপিৰ এই সাম্প্ৰদায়িক ৰাজনীতি আৰু অনৈতিক ৰাজনীতি সমৰ্থন নকৰে, তেন্তে আপুনি হ’ল ‘দেশদ্ৰোহী’। দেশত কি এক বিভাজনবাদী ৰাজনৈতিক বতাহ বলিছে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd