• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

দেশৰ সৰ্বোচ্চ ন্যায়ালয় চৰকাৰৰ বহতীয়া হৈ পৰিছে নেকি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 28, 2026 7:22 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে (ECI) বিহাৰৰ বাবে ‘এছ.আই.আৰ.’ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশদ সংশোধন (SIR) ঘোষণা কৰিছিল ২০২৫ চনৰ ২৪ জুনৰ দিনা। তেতিয়াই জুলাই মাহত ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল আৰু সেইমাহতে গোচৰটোৰ শুনানি আৰম্ভ হৈছিল। শুনানি চলি থকা সময়ত আদালতে নথি-পত্ৰ গ্ৰহণ (যেনে: আধাৰ কাৰ্ড গ্ৰহণ কৰা), কৰ্তন কৰা নামৰ তালিকা প্ৰকাশ আৰু আপিলৰ সন্দৰ্ভত কেতবোৰ অন্তৱৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছিল। এনেদৰে ২০২৬ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে, প্ৰায় ২৯ দিন ধৰি চলা যুক্তিতৰ্কৰ পিছত, বিষয়টো সম্পৰ্কে উচ্চতম ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখিছিল। কালি ২৭ মে’, ২০২৬ তাৰিখে এই সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে সংবিধানৰ ৩২৪ অনুচ্ছেদৰ অধীনত এছ.আই.আৰ. (SIR)-ৰ সাংবিধানিক বৈধতা বাহাল ৰাখে আৰু ইয়াক মুক্ত তথা নিকা নিৰ্বাচন নিশ্চিত কৰাৰ এক বৈধ প্ৰয়াস বুলি অভিহিত কৰে। ইয়াৰ লগতে আদালতে আবেদনকাৰীসকলে ইয়াক পিছদুৱাৰেদি নাগৰিকত্ব পৰীক্ষা কৰাৰ এক কৌশল বুলি কৰা দাবীকো খাৰিজ কৰে।

এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে ২০২৫ চনৰ শেষৰ ফালে এছ.আই.আৰ. (SIR) সম্প্ৰসাৰিত কৰাৰ লগে লগে অন্যান্য ৰাজ্যসমূহৰ (যেনে: পশ্চিম বংগ, তামিলনাডু) বাবেও পৃথকে  আবেদন দাখিল কৰা হৈছিল। ইতিমধ্যে আৰু বহু ৰাজ্যলৈ এছ আই আৰ  সম্প্ৰসাৰিত হৈছে। প্ৰথমে  এছ.আই.আৰ. প্ৰক্ৰিয়াৰ বিৰুদ্ধে আদালতত আবেদন কৰিছিল এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মচে (ADR)। তেওঁলোকক প্ৰশান্ত ভূষণৰ দৰে অধিবক্তাই প্ৰতিনিধিত্ব কৰিছিল। তাৰ পিছৰ আবেদনকাৰীসকল আছিল ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱ; আৰু  বিৰোধী দলসমূহৰ ৰাজনৈতিক নেতাসকলৰ পৰা আছিল মহুৱা মৈত্ৰ (টি.এম.চি. সাংসদ), মনোজ ঝা (আৰ.জে.ডি. সাংসদ), কে.চি. বেণুগোপাল (কংগ্ৰেছ সাংসদ), সুপ্ৰিয়া সুলে (এন.চি.প.-এছ.পি. সাংসদ), পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ (PUCL) আৰু অন্যান্য সমাজকৰ্মী/অনা-চৰকাৰী সংস্থা (NGO)। পিছলৈ ডি.এম.কে. (তামিলনাডু) আৰু পশ্চিম বংগ চৰকাৰৰ (মমতা বেনাৰ্জী/টি.এম.চি.) দৰে দলসমূহে নিজ নিজ ৰাজ্যত ইয়াৰ কাৰ্যকৰীকৰণক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। এই আবেদনকাৰীসকলে এছ.আই.আৰ. (SIR)ক স্বেচ্ছাচাৰী বুলি অভিহিত কৰিছিল। তেওঁলোকৰ মতে ই সংবিধানৰ ১৪, ১৯, ২১, ৩২৫ আৰু ৩২৬ অনুচ্ছেদ উলংঘা কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে এছ আই আৰৰ দ্বাৰা প্ৰমাণৰ বোজা অন্যায়ভাৱে জনসাধাৰণৰ ওপৰত জাপি দিয়া হৈছিল, ইয়াৰ ফলত এক বৃহৎসংখ্যক লোক, বিশেষকৈ প্ৰান্তীয় শ্ৰেণীৰ লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছিল।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ৰায়টো ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱ আৰু বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে তীব্ৰভাৱে সমালোচনা কৰিছে। যোগেন্দ্ৰ যাদৱে এটা আবেগিক টুইত কৰি কৈছে যে এজন গোচৰীয়া হৈও তেওঁ ৰায়দান শুনিবলৈ উচ্চতম ন্যায়ালয়লৈ যোৱা নাছিল, কিয়নো তেওঁ আগতে জানিছিল যে উচ্চতম ন্যায়ালয়ে এছ.আই.আৰ.ৰ সপক্ষেই ৰায়দান কৰিব। তেওঁ আগতীয়াকৈ তাৰ কেইবাটাও ইংগিত পাইছিল।তেওঁ কয় যে ন্যায়ালয়ে ‘এছ.আই.আৰ.’ (SIR)-ৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰাৰ সলনি কেৱল অভিযোগ প্ৰতিকাৰ ব্যৱস্থাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিলে। সংসদীয় অনুমোদন নোহোৱাকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ অধিকাৰ নিৰ্বাচন আয়োগে ক’ত পালে? তেওঁৰ গুৰুতৰ অভিযোগটো হ’ল— “আচল খবৰটো হ’ল এতিয়াৰে পৰা এইখন দেশত নিৰ্বাচনত কোনে ভোট দিব পাৰিব আৰু কোনে নোৱাৰিব, সেইটো ঠিক কৰিব বিজেপিয়ে।” যাদৱে এই ৰায়টোক ভাৰতীয় গণতন্ত্ৰৰ এক বিপৰ্যয় বুলি অভিহিত কৰে। তেওঁ দাবী কৰে যে এই ৰায়ৰ দ্বাৰা নিৰ্বাচন আয়োগৰ যোগেদি শাসকীয় দলৰ হাতলৈ ভোটাৰ তালিকাৰ নিয়ন্ত্ৰণ হস্তান্তৰ কৰা হৈছে। এয়া নাগৰিকৰ ভোটাধিকাৰৰ ওপৰত এক কুঠাৰাঘাত।গোচৰটোত আবেদনকাৰীসকলৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে যাদবৰ টুইটৰ কথাখিনি সম্পূৰ্ণ সমৰ্থন কৰিছে।তেওঁ  এই ৰায়টোক “ন্যায়পালিকাৰ বাবে এটা ক’লা দিন” বুলি আখ্যা দিয়ে। তেওঁ ইয়াক ৫০ বছৰ আগতে জৰুৰীকালীন অৱস্থাৰ সময়ত ব্যক্তিৰ মৌলিক অধিকাৰ খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে দিয়া ‘এ.ডি.এম. জবলপুৰ’ ৰায়ৰ লগত তুলনা কৰে। যোগেন্দ্ৰ যাদৱেও সেই কথা দোহাৰিছিল।সঁচা কথা, শুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত হোৱা উচিত। কিন্তু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনগাঁথনি চাই চাই লাখ লাখ লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অৰ্থ কি? যিসকল লোকৰ ভোটাধিকাৰ কৰ্তন কৰা হৈছিল, তেওঁলোকৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৈছিল— ‘ঠিক আছে, এইবাৰ ভোট দিব নোৱাৰিলেও আপোনালোকে পিছৰ বাৰ ভোট দিব পাৰিব।’ এইটো কেনে কথা! আমি মানি ল’লোঁ ভুল নাম ভোটাৰ তালিকাত থাকিব নালাগে। কিন্তু শুদ্ধ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাটো কেনেকৈ মানি ল’ব পাৰি? এই প্ৰক্ৰিয়াটো ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত নহ’লে তেওঁলোকে ইমান খৰখেদা কৰাৰ যুক্তি ক’ত? আকৌ, কিয় প্ৰায় সকলো ৰাজ্যতে মূলতঃ বিজেপিক ভোট নিদিব বুলি ধৰি লোৱা লোকৰ নামহে লাখে লাখে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে? আদালতে যে কৈছে— এয়া পিছদুৱাৰেদি নাগৰিকত্ব পৰীক্ষা কৰাৰ এক কৌশল নহয়, তেনেহ’লে ই কি? এই যে ৫/৬ কোটি মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ল, তাৰ সবিশেষ নিৰ্বাচন আয়োগে কিয় নিদিয়ে? পশ্চিম বংগত অকলে  কিমান লাখ মানুহৰ নাম বাদ দিয়া হৈছে। এতিয়ালৈকে তেওঁলোকক জনোৱা হোৱা নাই কিয় তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি পেলোৱা হ’ল। ইতিমধ‍্যে ভোটাৰ লিষ্টত নাম নথকা মানুহে চৰকাৰী সা-সুবিধা নাপাব বুলি বিজেপি শাসিত বিভিন্ন ৰাজ‍্য চৰকাৰে ঘোষণা কৰিছে।  তেনেহ’লে এইটো এছ আই আৰ নাগৰিকত্বৰ প্ৰশ্ন হৈ নপৰিলনে? শেষত এটা মৌলিক প্ৰশ্ন — যোৱা ১২ বছৰে উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বিৰুদ্ধে কেইটা ৰায়দান কৰিছে? কিয় সকলো বিতৰ্কিত বিষয়ত উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰায় সদায়ে চৰকাৰৰ সপক্ষে যায়? তাৰ মানে দেশৰ সৰ্বোচ্চ ন্যায়ালয় চৰকাৰৰ বহতীয়া হৈ পৰিছে নেকি? আমাৰ দেশত গণতন্ত্ৰ বুলিবলৈ কি বাকী আছে এতিয়া?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd