• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত বিৰোধীৰ ভূমিকাই গণতন্ত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 5, 2024 8:54 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্টাদশ লোকসভা গঠন হোৱাৰ পিছত সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে যোৱা ২৭ জুনৰ দিনা দিয়া ভাষণ সন্দৰ্ভত হোৱা বিতৰ্কৰ কালি সামৰণি পৰিছে।নতুন এখন চৰকাৰ গঠন হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশনত বক্তৃতা দিয়াটো এটা দস্তুৰ। কিন্তু ই এক তাৎপৰ্যহীন কথা নহয়। ৰাষ্ট্ৰপতিৰ বক্তৃতাটো ৰাষ্ট্ৰপতিৰ বক্তৃতা নহয়। সেইটো চৰকাৰৰহে বক্তৃতা।ৰাষ্ট্ৰপতিয়ে কেৱল বক্তৃতাটো পাঠহে কৰে।এইবাৰৰ ৰাষ্ট্ৰপতিৰ বক্তৃতাটোও আগৰ দৰেই নিৰস আছিল।

কিন্তু বক্তৃতাৰ বিষয়ে হোৱা আলোচনা বেছ  সৰস আৰু উত্তেজনাপূৰ্ণ আছিল।নিৰ্বাচনী প্ৰচাৰৰ বিষয়বোৰেই যেন ৰাষ্ট্ৰপতিৰ ভাষণত হোৱা বিতৰ্কলৈ আকৌ ঘূৰি আহিছিল।যোৱা দহ বছৰৰ পিছত, এইবাৰেই প্ৰথম বাৰলৈ লোকসভাত এগৰাকী বিধিসন্মত বিৰোধী দলপতি নিৰ্বাচিত হৈছে।সেই পদত এতিয়া ৰাহুল গান্ধী।ৰাষ্ট্ৰপতিৰ ভাষণৰ বিষয়ে হোৱা আলোচনাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে দিয়া বক্তৃতাই, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে আৰু হিন্দুত্বৰ বিষয়ে তেওঁ কোৱা কথাই চৰকাৰী পক্ষক বেছ শ’লঠেকত পেলাইছিল।

তেওঁ কি কৈছিল অলপ শুনিবচোন।এইটো আছিল প্ৰধানমন্ত্ৰীৰ অজৈৱিক অস্তিত্বক কটাক্ষ কৰি কোৱা ৰাহুল গান্ধীৰ বক্তব্য।ভাবি চাওক ই কেনেকৈ প্ৰধানমন্ত্ৰী মোদীক বিন্ধিছিল। তাৰপিছত হিন্দু ধৰ্মৰ বিষয়ে কোৱা ৰাহুলৰ বক্তব্যই সদনত হুলস্থূল লগাইছিল।স্বয়ং প্ৰধানমন্ত্ৰীয়ে ৰাহুলৰ বক্তব্যত হস্তক্ষেপ কৰিছিল।প্ৰধানমন্ত্ৰীয়ে কি কৈছিল আৰু ৰাহুল গান্ধীয়ে কি বলিষ্ঠভাবে তাক প্ৰত্যাহ্বান জনাইছিল।গান্ধীয়ে হিন্দু ধৰ্মৰ গুৰু সকলৰ উদ্ধৃতি দি কৈছিল যে কোনোজন গুৰুৱে হিংসাৰ পোষকতা কৰা নাছিল।অথচ বিজেপি আৰ এছ এছে অনবৰতে পৰৰ বিৰুদ্ধে কেৱল ঘৃণা আৰু হিংসা বিয়পাবহে বিচাৰে।

Apply Now

ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত লোক সভাৰ অধ্যক্ষ ওম বিৰলাকো ৰেহাই দিয়া নাই। বিৰলা সম্পৰ্কে তেওঁ কি কৈছে শুনিবচোন। কথাটো জানো মিছা? যেতিয়া বিৰোধী পক্ষৰ বক্তাই চৰকাৰী পক্ষক চোকা ভাষাত সমালোচনা কৰে, বিৰলাৰ শৰীৰৰ ভাষা আৰু মুখাবয়ব চাবলগীয়া হয়।বিৰোধীৰ বক্তব্য আৰু ভাষাই চৰকাৰৰ লগতে যেন তেওঁকো আঘাত দিয়ে। তেওঁৰ ফালে চালে তেনে লাগে।চৰকাৰী পক্ষই কথা কোৱাৰ সময়ত তেওঁৰ মুখত কিন্তু মিচিকিয়া হাঁহি বিৰিঙে।

 ৰাহুল গান্ধীৰ পিছত মহুৱা মৈত্ৰই কোৱা কথাইও চৰকাৰী পক্ষক বৰ বিমোৰত পেলোৱা দেখা গৈছিল। যোৱা লোক সভাৰ শেষৰ ফালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে হোৱাই নোহোৱাই বিভিন্ন অভিযোগ আনি চৰকাৰে প্ৰতিশোধমূলকভাবে মহুৱা মৈত্ৰক লোক সভাৰ পৰা বহিষ্কাৰ কৰাই নহয়, তেওঁক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰাও উলিয়াই দিছিল। বিজেপিৰ প্ৰাধান্য থকা লোক সভাৰ ইথিক্স কমিটিয়ে সম্পূৰ্ণ ব্যক্তিগত কথা শুধি তেওঁক অপদস্থ কৰিছিল।সেই বিষয়ে মহুৱা মৈত্ৰই কি কৈছিল নিশ্চয় জানে।কি জ্বালামুখী কথা! মহুৱাৰ ভিতৰত ইমানদিনে উমি উমি জ্বলি থকা জুইকুৰা যেন সেইদিনা লোক সভাত ভমককৈ জ্বলি উঠিছিল।তেওঁ যে নিজৰ ইউটেৰাচ উঠোৱাৰ কথাটো লোক সভাত ৰাজহুৱা কৰিছিল সেইটো কিন্তু কম কথা নহয়।মই ইয়াত দুটা কথা দেখিছোঁ। যোৱা লোক সভাৰ ইথিক্স কমিটিয়ে নুশুধিবলগীয়া একান্ত ব্যক্তিগত কথা শুধি মহুৱা মৈত্ৰৰ ব্যক্তিগত জীৱনত অবাঞ্চিতভাবে হস্তক্ষেপ কৰিছিল। মহুৱাৰ যৌনতাত হস্তক্ষেপ কৰি মহুৱাক ৰাজহুৱাকৈ অপদস্থ কৰিছিল।কিন্তু নিজৰ ইউটেৰাচ উঠোৱাৰ কথা লোক সভাত উল্লেখ কৰি মহুৱাই যেন সকলোৰে আগত আকৌ নিজৰ যৌন স্বাধীনতাকে প্ৰতিষ্ঠা কৰিলে। মই নাভাবোঁ ইয়াৰ আগতে কোনো মহিলা সাংসদে নিজৰ ইউটেৰাচ উঠোৱা কথা এনেকৈ সংসদত সদৰি কৰিছিল। ই আছিল হিন্দুত্ববাদী সকলৰ সৰহ  সংখ্যকে মহিলাক যৌন দৃষ্টিৰে চোৱাৰ বিৰুদ্ধে এক নিৰ্ভীক আৰু বলিষ্ঠ প্ৰত্যুত্তৰ!

আন এক উল্লেখযোগ্য ভাষণ আছিল মণিপুৰৰ পৰা নিৰ্বাচিত হৈ অহা কংগ্ৰেছ সাংসদ আংগোমচা বিমল আকৈজামৰ ভাষণটো। কি অগ্নিবৰ্ষী ভাষণ? নিশ্চয় শুনিছে। এৰা আজি এবছৰ হ’বৰ হ’ল। প্ৰধানমন্ত্ৰী নীৰৱে ৰ’ল! বাকী অখিলেশ যাদৱ বা গৌৰৱ গগৈৰ ভাষণৰ কথা জানিবা নকওঁৱেই। কিন্তু বিৰোধীৰ আক্ৰমণৰ জবাব চৰকাৰী পক্ষই, বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে কেনেকৈ দিলে? একেই চৰ্বিত চৰ্বন। আৰু মানুহক বিপথে পৰিচালিত কৰাৰ কৌশল। ৰাহুল গান্ধীয়ে বিজেপি, আৰ এছ এছক কোনেও হিন্দু ধৰ্মৰ ঠিকা দি থোৱা নাই বুলি কোৱাৰ পিছতো আকৌ কংগ্ৰেছে হিন্দু ধৰ্মক অপমান কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰিছে। কিন্তু এই যে চাৰিওফালে পেপাৰ লিক হৈ আছে।অযোধ্যাত ৰাম মন্দিৰৰ মুধচ ফুটিছে।বিমান বন্দৰ, দলং খহি পৰিছে সেই সম্পৰ্কে তেওঁ নীৰৱ।

আচলতে হৈছে কি? চাৰিশ পাৰ হোৱাৰ শ্ল’গান দিয়া বিজেপি যে ২৪০ত থমকি ৰ’ব লগা হ’ল সেইটোৱে চৰকাৰ আৰু বিৰোধীৰ সমীকৰণটোৱেই সলনি কৰি দিলে। বিৰোধী শক্তিশালী হ’লে যে সংসদৰ ৰং বদলি যায়  তাক আমি এইবাৰৰ সংসদৰ প্ৰথম অধিৱেশনতে দেখা পালোঁ। ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীয়ে সমালোচনাৰে চৰকাৰক থকাসৰকা কৰি পেলালে। এইবাৰ বিৰোধী হৈ পৰিছে আক্ৰমণাত্মক আৰু চৰকাৰী পক্ষ বাধ্যহৈ পৰিব  লগা হৈছে নিজক বচোৱাত। মোদীক মোদীৰ সন্মুখত আৰু সকলোৰে সন্মুখত এনেদৰে ধৰাশায়ী কৰি পেলোৱাটো বিজেপি আৰু বিজেপিৰ সমৰ্থকৰ কাৰণে এটা নোহোৱা নোপোজা কথা। সংসদৰ ভিতৰৰ বিতৰ্কই বাহিৰৰ ৰাজনৈতিক পৰিস্থিতিও বাৰুকৈয়ে প্ৰভৱিত কৰিছে। ইতিমধ্যে শিৱসেনাৰ উদ্ধৱ থাকৰেই বিজেপিৰ হিন্দুত্বক সমালোচনা কৰি ৰাহুল গান্ধীৰ হিন্দুত্বক আদৰণি জনাইছে।সংসদৰ যুটীয়া অধিৱেশনত বিৰোধীৰ ভূমিকাই ভাৰতীয় গণতন্ত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd