• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ মন্তব্য

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 27, 2022 2:51 pm
222
VIEWS
Share on FacebookShare on Twitter

অলপতে দিল্লীত ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশসকলৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল৷ এই সন্মিলনখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা, কেন্দ্ৰীয়  আইন মন্ত্ৰী কিৰেন ৰিজিজু, আইন বিভাগৰ ৰাজ্য মন্ত্ৰী এচ পি সিং ভাগেল, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ কেইগৰাকীমান আৰু আইন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷ দেশৰ আইন বিষয়ক ই এখন গুৰুত্বপূৰ্ণ সন্মিলন আছিল৷

এই সন্মিলনখনত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই কেইটামান মন্তব্য কৰিছিল৷ সেই মন্তব্য কেইটা কি আছিলঃ ১) ন্যায়ালয়ৰ ৰায় চৰকাৰে প্ৰায়ে  অৱজ্ঞা কৰে৷ তাক কাৰ্যকৰী নকৰে, ২) চৰকাৰে ল’ব লগা সিদ্ধান্ত ন্যায়ালয়লৈ ঠেলি দিয়ে ৩) কোনো এটা বিষয়ৰ গভীৰতালৈ নগৈ, জনসাধাৰণৰ ভাল-বেয়াৰ কথা নাভাবি যধেমধে আইন প্ৰণয়ন কৰা কাৰণে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু ৪) কোনেও কোনো সময়তে লক্ষণ ৰেখা অতিক্ৰম কৰা উচিত নহয় ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰামানাই কি পৰিস্থিতিত এই কথাবোৰ ক’ব লগা হৈছিল? এই মন্তব্যবোৰৰ তাৎপৰ্য কি? আমি তেওঁৰ মন্তব্যবোৰ অলপ ফঁহিয়াই চোৱা প্ৰয়োজন৷ আমি জানো যে সংসদীয় গণতন্ত্ৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংগ হৈছে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা৷ গণতন্ত্ৰ প্ৰকৃত পক্ষে কাৰ্যক্ষম আৰু সফল হ’বলৈ হ’লে ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা সম্পূৰ্ণভাবে মুক্ত হ’ব লাগিব৷ তাৰ কাৰণে এটা সুস্থ পৰিবেশ  লাগিব৷ কিন্তু, আমাৰ দেশৰ গণতন্ত্ৰ  যে সুস্থ, সবলহৈ থকা নাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মন্তব্যই তাৰেই ইংগিত দিছে নেকি?  ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি চৰকাৰে অৱজ্ঞা প্ৰদৰ্শন কৰাৰ অৰ্থ কি?

চৰকাৰে লোৱা কোনো এটা সিদ্ধান্তত অসন্তুষ্ট হৈ যেতিয়া কোনো ব্যক্তি বা সংস্থাই ন্যায়ালয়ৰ ওচৰ চাপে, আৰু ন্যায়ালয়ে যদি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰায়দান কৰে, সেই সিদ্ধান্ত চৰকাৰে মানি লোৱাটো হ’ল ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা৷ কিন্তু, তাৰ বিপৰীতে ন্যায়ালয়ৰ ৰায় যদি চৰকাৰে মানি নলয়, সেইটো  ন্যায়ালয়ৰ প্ৰতি অসন্মান কৰা হয়৷ ন্যায়ালায়ৰ ৰায় চৰকাৰে মানি নোলোৱা বাবে প্ৰতিপক্ষই আকৌ ন্যায়ালয়ৰ ওচৰ  চাপিব লগা হয়৷ এবাৰ এটা গোচৰত ৰায়দান কৰাৰ পিছত আকৌ সেই গোচৰটোতে ব্যস্ত হৈ থাকিবলগীয়া হোৱা বাবে ন্যায়ালয়ৰ অযথা সময় খৰচ হয়৷ ই কেৱল সময় খৰচৰ কথাই  নহয়, পৰোক্ষভাবে ই ন্যায়ালয়ৰ ওপৰত কাৰ্যপালিকাৰ অৰ্থাৎ চৰকাৰৰ এক ধৰণৰ হস্তক্ষেপো৷

দ্বিতীয় কথাটো হ’ল, চৰকাৰে ল’বলগীয়া সিদ্ধান্ত ন্যায়ালয়লৈ ঠেলি পঠিওৱাটো৷ ভাৰতৰ সংবিধানত বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্ব সুস্পষ্টভাবে নিৰ্ধাৰিত কৰা হৈছে৷ তেনেস্থলত, জনপ্ৰিয়তা হেৰুৱাৰ ভয়তে চৰকাৰে জটিল বিষয়ৰ সিদ্ধান্ত নিজে নলৈ তাৰ দায়িত্ব ন্যায়পালিকালৈ ঠেলি পঠিওৱাটো চৰকাৰৰ এক চূড়ান্ত দায়িত্বহীনতাৰ বাহিৰে অইন একো নহয়৷ চৰকাৰে সঘনাই এনে দায়সৰা কাম কৰাটো দুৰ্ভাগ্যজনক৷ আইন প্ৰণয়ন বিধানমণ্ডলৰ মূল কাম৷ বিধানমণ্ডল বুলি ক’লে দল-মত নিৰ্বিশেষে সংসদ বা বিধানসভাৰ সকলো সদস্যকে বুজোৱা হয়৷ আলাপ-আলোচনা, তৰ্ক- বিতৰ্কৰ যোগেদি সকলো সদস্যৰ সন্মতি লৈ আইন প্ৰণয়ন কৰাটোৱেই হ’ল গণতান্ত্ৰিক পৰম্পৰা৷

কিন্তু, যোৱা সময়ছোৱাত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত যেন কোনো ব্যৱধান নোহোৱাহৈ পৰিছে৷ সংসদ বা বিধানসভা সমূহত চৰকাৰী সদস্যৰ সংখ্যাধিক্যৰ বাবেই সংখ্যাগৰিষ্ঠতাৰ বলতে বিৰোধী সদস্যৰ মতামতক কোনো গুৰুত্ব নিদিয়াকৈ গাৰ বলতে কেৱল যান্ত্ৰিক আৰু নিয়মতান্ত্ৰিকভাবেই  বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে৷ বিৰোধী সদস্য সকলৰ মতক কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ, সাংবিধানিক প্ৰমূল্য আৰু দায়বদ্ধতা উপেক্ষা কৰি নানা ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে৷ যিবোৰ আইনক পিছত বিভিন্নজনে ন্যায়ালয়ত প্ৰত্যহ্বান জনাবলৈ বাধ্য হৈছে৷

কোনো এখন আইন প্ৰণয়ন কৰাৰ আগতে বিষয়টোৰ সকলো দিশ যথোপযুক্তভাবে বিচাৰ, বিশ্লেষণ কৰি চালি-জাৰি চোৱাটোৱেই নিয়ম৷ সেইটো নকৰি পক্ষপাতিত্বমূলকভাবে সংস্যাগৰিষ্ঠতাৰ বলতে আইন প্ৰণয়ন কৰিলে সেই আইন পক্ষপাতদুষ্ট হোৱাটোই স্বাভাবিক৷ তেনে আইন ন্যায়ালয়ত প্ৰত্যহ্বানৰ সন্মুখীন হ’ব যিটোৱে অনাহক ন্যায়ালয়ৰ কামৰ বোজা বঢ়াব৷ মুখ্য ন্যয়াধীশ ৰামানাৰ শেষৰ সতৰ্কীকৰণটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷

তেওঁ কৈছে যে সাংবিধানিক গণতন্ত্ৰৰ কোনোটো স্তম্ভই কেতিয়াও লক্ষণ ৰেখা অতিক্ৰম কৰা অনুচিত৷ এই লক্ষণ ৰেখা কি? ইতিমধ্যে উল্লেখ কৰা তিনিওটা কথাৰ লগত এই লক্ষণ ৰেখাৰ কথাটো সম্পৰ্কিত হৈ আছে৷ এই লক্ষণ ৰেখা একো নহয়, ই হ’ল আইনৰ শাসন, সাংবিধানিক সীমাৰেখা আৰু প্ৰমূল্যসমূহ৷ যেতিয়ালৈকে সেইবোৰ মানি চলা হয়, সেই সীমাৰেখা উলঙ্ঘন কৰা নহয়, তেতিয়ালৈকে সাংবিধানিক গণতন্ত্ৰ সুস্থিৰ আৰু সবলহৈ থাকে৷ যেতিয়াই সেই সীমাৰেখা উলঙ্ঘণ কৰা হয়, সাংবিধানিক গণতন্ত্ৰ বিপদাপন্নহৈ পৰে৷ বাৰে বাৰে চৰকাৰে সেই সীমাৰেখা অতিক্ৰম কৰাটো আমাৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে নিতান্তই উদ্বেগৰ কাৰণ৷

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd