• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ মন্তব্য

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 27, 2022 2:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে দিল্লীত ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশসকলৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল৷ এই সন্মিলনখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা, কেন্দ্ৰীয়  আইন মন্ত্ৰী কিৰেন ৰিজিজু, আইন বিভাগৰ ৰাজ্য মন্ত্ৰী এচ পি সিং ভাগেল, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ কেইগৰাকীমান আৰু আইন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷ দেশৰ আইন বিষয়ক ই এখন গুৰুত্বপূৰ্ণ সন্মিলন আছিল৷

এই সন্মিলনখনত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই কেইটামান মন্তব্য কৰিছিল৷ সেই মন্তব্য কেইটা কি আছিলঃ ১) ন্যায়ালয়ৰ ৰায় চৰকাৰে প্ৰায়ে  অৱজ্ঞা কৰে৷ তাক কাৰ্যকৰী নকৰে, ২) চৰকাৰে ল’ব লগা সিদ্ধান্ত ন্যায়ালয়লৈ ঠেলি দিয়ে ৩) কোনো এটা বিষয়ৰ গভীৰতালৈ নগৈ, জনসাধাৰণৰ ভাল-বেয়াৰ কথা নাভাবি যধেমধে আইন প্ৰণয়ন কৰা কাৰণে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু ৪) কোনেও কোনো সময়তে লক্ষণ ৰেখা অতিক্ৰম কৰা উচিত নহয় ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰামানাই কি পৰিস্থিতিত এই কথাবোৰ ক’ব লগা হৈছিল? এই মন্তব্যবোৰৰ তাৎপৰ্য কি? আমি তেওঁৰ মন্তব্যবোৰ অলপ ফঁহিয়াই চোৱা প্ৰয়োজন৷ আমি জানো যে সংসদীয় গণতন্ত্ৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংগ হৈছে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা৷ গণতন্ত্ৰ প্ৰকৃত পক্ষে কাৰ্যক্ষম আৰু সফল হ’বলৈ হ’লে ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা সম্পূৰ্ণভাবে মুক্ত হ’ব লাগিব৷ তাৰ কাৰণে এটা সুস্থ পৰিবেশ  লাগিব৷ কিন্তু, আমাৰ দেশৰ গণতন্ত্ৰ  যে সুস্থ, সবলহৈ থকা নাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মন্তব্যই তাৰেই ইংগিত দিছে নেকি?  ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি চৰকাৰে অৱজ্ঞা প্ৰদৰ্শন কৰাৰ অৰ্থ কি?

Apply Now

চৰকাৰে লোৱা কোনো এটা সিদ্ধান্তত অসন্তুষ্ট হৈ যেতিয়া কোনো ব্যক্তি বা সংস্থাই ন্যায়ালয়ৰ ওচৰ চাপে, আৰু ন্যায়ালয়ে যদি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰায়দান কৰে, সেই সিদ্ধান্ত চৰকাৰে মানি লোৱাটো হ’ল ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা৷ কিন্তু, তাৰ বিপৰীতে ন্যায়ালয়ৰ ৰায় যদি চৰকাৰে মানি নলয়, সেইটো  ন্যায়ালয়ৰ প্ৰতি অসন্মান কৰা হয়৷ ন্যায়ালায়ৰ ৰায় চৰকাৰে মানি নোলোৱা বাবে প্ৰতিপক্ষই আকৌ ন্যায়ালয়ৰ ওচৰ  চাপিব লগা হয়৷ এবাৰ এটা গোচৰত ৰায়দান কৰাৰ পিছত আকৌ সেই গোচৰটোতে ব্যস্ত হৈ থাকিবলগীয়া হোৱা বাবে ন্যায়ালয়ৰ অযথা সময় খৰচ হয়৷ ই কেৱল সময় খৰচৰ কথাই  নহয়, পৰোক্ষভাবে ই ন্যায়ালয়ৰ ওপৰত কাৰ্যপালিকাৰ অৰ্থাৎ চৰকাৰৰ এক ধৰণৰ হস্তক্ষেপো৷

দ্বিতীয় কথাটো হ’ল, চৰকাৰে ল’বলগীয়া সিদ্ধান্ত ন্যায়ালয়লৈ ঠেলি পঠিওৱাটো৷ ভাৰতৰ সংবিধানত বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্ব সুস্পষ্টভাবে নিৰ্ধাৰিত কৰা হৈছে৷ তেনেস্থলত, জনপ্ৰিয়তা হেৰুৱাৰ ভয়তে চৰকাৰে জটিল বিষয়ৰ সিদ্ধান্ত নিজে নলৈ তাৰ দায়িত্ব ন্যায়পালিকালৈ ঠেলি পঠিওৱাটো চৰকাৰৰ এক চূড়ান্ত দায়িত্বহীনতাৰ বাহিৰে অইন একো নহয়৷ চৰকাৰে সঘনাই এনে দায়সৰা কাম কৰাটো দুৰ্ভাগ্যজনক৷ আইন প্ৰণয়ন বিধানমণ্ডলৰ মূল কাম৷ বিধানমণ্ডল বুলি ক’লে দল-মত নিৰ্বিশেষে সংসদ বা বিধানসভাৰ সকলো সদস্যকে বুজোৱা হয়৷ আলাপ-আলোচনা, তৰ্ক- বিতৰ্কৰ যোগেদি সকলো সদস্যৰ সন্মতি লৈ আইন প্ৰণয়ন কৰাটোৱেই হ’ল গণতান্ত্ৰিক পৰম্পৰা৷

কিন্তু, যোৱা সময়ছোৱাত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত যেন কোনো ব্যৱধান নোহোৱাহৈ পৰিছে৷ সংসদ বা বিধানসভা সমূহত চৰকাৰী সদস্যৰ সংখ্যাধিক্যৰ বাবেই সংখ্যাগৰিষ্ঠতাৰ বলতে বিৰোধী সদস্যৰ মতামতক কোনো গুৰুত্ব নিদিয়াকৈ গাৰ বলতে কেৱল যান্ত্ৰিক আৰু নিয়মতান্ত্ৰিকভাবেই  বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে৷ বিৰোধী সদস্য সকলৰ মতক কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ, সাংবিধানিক প্ৰমূল্য আৰু দায়বদ্ধতা উপেক্ষা কৰি নানা ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে৷ যিবোৰ আইনক পিছত বিভিন্নজনে ন্যায়ালয়ত প্ৰত্যহ্বান জনাবলৈ বাধ্য হৈছে৷

কোনো এখন আইন প্ৰণয়ন কৰাৰ আগতে বিষয়টোৰ সকলো দিশ যথোপযুক্তভাবে বিচাৰ, বিশ্লেষণ কৰি চালি-জাৰি চোৱাটোৱেই নিয়ম৷ সেইটো নকৰি পক্ষপাতিত্বমূলকভাবে সংস্যাগৰিষ্ঠতাৰ বলতে আইন প্ৰণয়ন কৰিলে সেই আইন পক্ষপাতদুষ্ট হোৱাটোই স্বাভাবিক৷ তেনে আইন ন্যায়ালয়ত প্ৰত্যহ্বানৰ সন্মুখীন হ’ব যিটোৱে অনাহক ন্যায়ালয়ৰ কামৰ বোজা বঢ়াব৷ মুখ্য ন্যয়াধীশ ৰামানাৰ শেষৰ সতৰ্কীকৰণটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷

তেওঁ কৈছে যে সাংবিধানিক গণতন্ত্ৰৰ কোনোটো স্তম্ভই কেতিয়াও লক্ষণ ৰেখা অতিক্ৰম কৰা অনুচিত৷ এই লক্ষণ ৰেখা কি? ইতিমধ্যে উল্লেখ কৰা তিনিওটা কথাৰ লগত এই লক্ষণ ৰেখাৰ কথাটো সম্পৰ্কিত হৈ আছে৷ এই লক্ষণ ৰেখা একো নহয়, ই হ’ল আইনৰ শাসন, সাংবিধানিক সীমাৰেখা আৰু প্ৰমূল্যসমূহ৷ যেতিয়ালৈকে সেইবোৰ মানি চলা হয়, সেই সীমাৰেখা উলঙ্ঘন কৰা নহয়, তেতিয়ালৈকে সাংবিধানিক গণতন্ত্ৰ সুস্থিৰ আৰু সবলহৈ থাকে৷ যেতিয়াই সেই সীমাৰেখা উলঙ্ঘণ কৰা হয়, সাংবিধানিক গণতন্ত্ৰ বিপদাপন্নহৈ পৰে৷ বাৰে বাৰে চৰকাৰে সেই সীমাৰেখা অতিক্ৰম কৰাটো আমাৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে নিতান্তই উদ্বেগৰ কাৰণ৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd