• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ

ভাৰতৰ বিৰোধী দলৰ বক্তব্যৰে ক'ত ক'ত মিল আছে আমেৰিকাৰ কংগ্ৰেছৰ চিঠিৰ? প্ৰাসংগিক প্ৰশ্ন

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 22, 2023 8:48 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ আগ মুহূৰ্তত, আমেৰিকাৰ কংগ্ৰেছৰ ৭৫ গৰাকী সদস্যই, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বিডেনলৈ লিখা চিঠিখনক লৈ ভাৰতত আৰু ভাৰতৰ বাহিৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। নৰেন্দ্ৰ মোদী ২০১৪ চনত প্ৰথম বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিছত, এতিয়ালৈকে তেওঁ পাঁচবাৰ আমেৰিকা ভ্ৰমণ কৰিছে। কিন্তু, প্ৰধানমন্ত্ৰী মোদীৰ এইবাৰৰ আমেৰিকা ভ্ৰমণৰ গুৰুত্ব সুকীয়া, কিয়নো তেওঁৰ এইবাৰৰ আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কূতনৈতিক মৰ্যাদাসম্পন্ন এক চৰকাৰী ভ্ৰমণ (State Visit)। ৰাজ্যিক ভ্ৰমণৰ অৰ্থ হ’ল, এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে নিজে ইচ্ছা কৰি আমেৰিকা ভ্ৰমণ কৰিবলৈ যোৱা নাই। আমেৰিকা চৰকাৰৰ দ্বাৰা নিমন্ত্ৰিত হৈয়ে তেওঁ আমেৰিকা ভ্ৰমণ কৰিবলৈ গৈছে।

 আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সময়ত তেওঁ সেই দেশৰ ৰাজ্যিক অতিথিৰ মৰ্যাদা লাভ কৰিব। তাত থকা সময়ত,তেওঁৰ ভ্ৰমণৰ দায়িত্ব আমেৰিকা যুক্তৰাষ্টৰ।স্বাভাৱিকতে প্ৰধানমন্ত্ৰী মোদীৰ এইবাৰৰ আমেৰিকা ভ্ৰমণ ভাৰত আৰু আমেৰিকা, দুয়োখন দেশৰ  কাৰণে তাৎপৰ্যপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰ, পৃথিৱীৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্ব বৃহৎ গণতন্ত্ৰ। সেইফালৰ পৰা দুয়োখন গণতন্ত্ৰৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ এক বিশেষ গুৰুত্ব আছে, বিশেষকৈ ব্যৱসায়িক আৰু প্ৰতিৰক্ষাৰ দৃষ্টিকোণৰ পৰা।

আমেৰিকাৰ চিনেটৰ সকলে ৰাষ্ট্ৰপতি বিডেনলৈ লিখা চিঠিখনত প্ৰথমে সেই কথাটো উল্লেখ কৰিছে। তেওঁলোকেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ  আদৰণি জনাইছে। কিন্তু তাৰ পিছত, তেওঁলোকে উল্লেখ  কৰিছে, আমেৰিকাৰ যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ বলিষ্ঠ সম্পৰ্কৰ দীৰ্ঘদিনীয়া সমৰ্থক হিচাপে তেওঁলোকে বিশ্বাস কৰে যে দুখন বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা দেশে নিজৰ মাজত থকা মতপাৰ্থক্য সমূহো মুকলিভাৱে আলোচনা কৰা উচিত। গতিকে, আমেৰিকা আৰু ভাৰতৰ উমৈহতীয়া স্বাৰ্থ জড়িত বিষয়বোৰৰ উপৰিও, ভাৰত সম্পৰ্কে আমেৰিকাৰ বহু ব্যক্তিৰ মনত উদয় হোৱা উৎকন্ঠাবোৰৰ বিষয়েও আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ লগত  মুকলি মনেৰে  আলোচনা কৰা উচিত।

Apply Now

তাৰ পিছত, তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীক সোঁৱৰাই দি লিখিছে- “আপুনি সঠিকভাৱেই কৈছিল যে আমেৰিকাই কেৱল নিজৰ শক্তি প্ৰদৰ্শনৰ দ্বাৰা নহয়, নিজৰ উদাহৰণ আৰু অনুশীলনৰ শক্তিৰেহে বিশ্বক বাট দেখুৱাব লাগিব। মানৱ অধিকাৰ, সংবাদপত্ৰৰ স্বাধীনতা, ধৰ্মীয় বিশ্বাসৰ অধিকাৰ আৰু বহুত্ববাদী চিন্তা আমেৰিকাৰ বৈদেশিক নীতিৰ মূল ভেটি। তদুপৰি এখন দেশৰ গণতন্ত্ৰৰ বাবে এই আদৰ্শবোৰ  অপৰিহাৰ্য। আমি আমাৰ দেশৰ দৰে, দেশৰ বাহিৰতো আমাৰ বন্ধু আৰু শত্ৰু – সকলোৰে মাজত সমানে এই নীতি আৰু আদৰ্শবোৰৰ পোষকতা কৰিব লাগিব।

এইখিনিৰ পিছত তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰি কোৱা কথাখিনি মই প্ৰত্যক্ষভাৱে ইংৰাজীতে তুলি দিছোঁঃ “A series of independent, credible reports reflect troubling signs in India toward the shrinking of political space, the rise of religious intolerance, the targeting of civil society organizations and journalists, and growing restrictions on press freedoms and internet access.” অৰ্থাৎ তেওঁলোকে কৈছে যে যোৱা সময়ছোৱাত প্ৰকাশিত ভালেমান  স্বতন্ত্ৰ, নিৰপেক্ষ আৰু  নিৰ্ভৰযোগ্য প্ৰতিবেদনৰ মতে সম্প্ৰতি ভাৰতত ৰাজনৈতিক বিতৰ্ক আৰু কাৰ্যকলাপৰ পৰিসৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে, দেশখনত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, নাগৰিক সমাজ আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ বাঢ়িছে। সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব কৰা হৈছে আৰু ইন্টাৰনেট ব্যৱহাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ পৰিমাণ বৃদ্ধি পাইছে।চিনেটৰ সকলে তেওঁলোকৰ বক্তব্যৰ সমৰ্থনত ভালেমান তথ্যপাতি দাঙি ধৰিছে।

আমেৰিকান চিনেটৰ সকলে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনলৈ চিঠি লিখি ভাৰতবৰ্ষ সম্পৰ্কে যি উদ্বিগ্নতা প্ৰকাশ কৰিছে, সেইবোৰ কথা ইমান দিনে ভাৰতৰ বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু ৰাজহুৱা বুদ্ধিজীৱী সকলে বাৰে পাৰে কৈ আহিছে। ভাৰতৰ মূলসূঁতিৰ সংবাদ মাধ্যম চৰকাৰৰ বহতীয়া হৈ পৰাৰ পিছতো ভাৰতৰ সামাজিক মাধ্যম এই বিষয়বোৰ লৈ অনবৰতে মুখৰ। এক কথাত ক’বলৈ হ’লে জৰুৰী অৱস্থাৰ পিছত আমাৰ দেশত ‘সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠান সমূহ’ কেতিয়াও এনে আক্ৰমণৰ সন্মুখীন হোৱা নাছিল। আনকি দেশৰ এতিয়াৰ অৱস্থা জৰুৰীকালীন অৱস্থাতকৈ বহুত বেছি বেয়াহে।

মোদী চৰকাৰৰ বিৰুদ্ধে দেশৰ ভিতৰৰ সমালোচনাই যেন একেটা সুৰতে ৭৫ জন আমেৰিকান চিনেটৰে ৰাষ্ট্ৰপতি বিডেনলৈ লিখা চিঠিখনত উল্লেখ কৰিছে। বিডেন আৰু মোদীৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ আলোচনাবোৰত এইবোৰ কথাই ঠাই পাবনে নাই আমি নাজানো।বোধহয় নাপাব।কিয়নো মোদীৰ লগত কথা পাতোঁতে স্বাভাৱিকতে আমেৰিকাৰ ব্যৱসায়িক স্বাৰ্থ আৰু সামৰিক স্বাৰ্থইহে অগ্ৰাধিকাৰ পাব।কিন্তু এটা কথা ঠিক চৰকাৰী আলোচনাৰ মেজত এই প্ৰশ্নবোৰ উত্থাপন নহ’লেও সামাজিক আৱৰ্তত( Social Sphere) যে এই প্ৰশ্নবোৰ উত্থাপিত হৈছে সেইটোও কম কথা নহয়। তাৰ নৈতিক প্ৰভাৱ যে চাৰিওফালে বিয়পি যাব তাত কোনো সন্দেহ নাই।

হয়, আমেৰিকাৰ চৰকাৰৰ বৈদেশিক নীতি প্ৰায়ে আগ্ৰাসী।কিন্তু, আমি মনত ৰখা দৰকাৰ যে গান্ধীৰ দৰ্শনত আমেৰিকান চিন্তাবিদ ৰালফ উল্ড ইমাৰচন আৰু হেনৰী ডেভিড থৰুৰ অৱদান অনস্বীকাৰ্য। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ আন্দোলনৰ স্মৰণীয় ব্যক্তি মাৰ্টিন লুথাৰ কিং জুনিয়ৰো গান্ধী চিন্তা আৰু দৰ্শনৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত আছিল। আজি ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ক্ষণত, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত আমেৰিকাৰ কংগ্ৰেছৰ ৭৫ জন সদস্যই ভাৰতত মানৱ অধিকাৰ উলংঘা, ধৰ্মীয় বিশ্বাসৰ অধিকাৰ খৰ্ব হোৱা আৰু ব্যক্তি স্বাধীনতা আৰু সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে উত্থাপন কৰা প্ৰশ্নবোৰ সেইকাৰণেই অতি তাৎপৰ্যপূৰ্ণ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd